সমললৈ যাওক

পৃষ্ঠা:গোপীৰ বস্ত্ৰ হৰণ.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
গোপীৰ বস্ত্ৰ হৰণ ৷

নেদেখাে মেখলা এক নাহি ওপৰত ৷
এন হেন কাৰ্য্য কোনে কৰিলে ইয়াত ৷৷
লক্ষ্মী বোলয় ইটো নহয় কোন জন ৷
অবশ্য আহিছে আত দৈবকী নন্দন ৷৷
এহি বুলি সব সখী চৌপাশে চাহিলে ৷
লক্ষ্মী দেখা পালে কৃষ্ণ কদম্বৰ ডালে ৷৷
কৃষ্ণক দেখিয়া সবে আতি লাজ পায়া ৷
এতিক্ষণে আমি কৈত পড়িবাে উড়িয়া ৷৷
কুন্তি অতি লাজে যােনি ধাকে হাত দিয়া ৷
লক্ষ্মী তল মুৰ কৰি থাকে চাপৰিয়া ৷৷
ভানুমতী লাজ পায়া থাকে জলে পড়ি ৷
সৰস্বতী লাজ পায়া বহে আঠুকাঢ়ি ৷৷
ৰাধিকা লাজ পায়া কৰি কাওঁ বাওঁ ৷
ভগৱতী লাজ পায়া সাবটিলে গাৱ ৷৷
আতুৰ হইয়া সবে লাজক এড়িল ৷
এক হাত মেলি সব কাকুতি কৰিল ৷৷
নানা ভঙ্গি ভাৱ কৰি বুলিবে লাগিলা ৷
হে প্রভু ! ক্ষমা কৰা নকৰো এনে খেলা ৷৷
কৃষ্ণ চাই থাকে বসি কদম্বৰ ডালে ৷
কাকুতি মিনতি কৰি বুলিবে লাগিলে ৷৷
হে প্রভু! তােমাৰ থাকো দাসীক হুইয়া ৷
আমাৰ মেখলা সব দলিমাৰি দিয়া ৷৷