সমললৈ যাওক

পৃষ্ঠা:গোপীৰ বস্ত্ৰ হৰণ.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গোপীৰ বস্ত্ৰ হৰণ ।
 

ভুষিতা বোলয় সখী! নেযাবা এড়িয়া।
মোকো তোমাৰ লগে দেখাইবক নিয়া॥
ৰজনী বোলয় শুনা কোকিলৰ মাত।
তাৰ মাত শুনি মোৰ হিয়া কৰে সাঁত॥
মন্দাকিণী বোলে তই পাগলীকে হলি।
ভুষণা বোলয় যোৱা কৃষ্ণ পাসে চলি॥
নিবুিধ বোলে সখী নহবা উত্ৰাৱল।
এহিক্ষণে পাইবা গৈ নহবা বাতুল॥
অবলা বোলয় মোৰ জীৱ ধৰা মিছা।
কান্তী বোলে সুমথিৰা মোৰ এই দশা॥
সুৰুচী বোলয় মোৰ জুই জলে গাত।
পানমাহী বোলে তই নেথাকিবি তাত॥
ধুনুচা বোলে নুমলী তুমি কৈত যোৱা।
বনৰ্বাহি মুখে মুখে কিনো কথা কোৱা॥
নাগেশ্বৰী পৰিলেক লক্ষ্মীৰ গাৱত।
মোৰ প্ৰাণেশ্বৰ তুমি এড়ি গৈলা কৈত॥
নাগেশ্বৰী মহা শোকে চিত্ত নোহে থিৰ।
কাপিবে লাগিলা দেবী ঘামিলা শৰীৰ॥
কৈক যাওঁ কৈত থাকোঁ থিৰ মোহে মন।
সুমলী বোলয় কিনো বাতুল লক্ষণ॥
বালীমাহি দাত কামুৰিয়া আহে বাতে।
গৌৰাঙ্গা মইনা দুযো ধৰিলেক হাতে॥