পৃষ্ঠা:গোপীৰ বস্ত্ৰ হৰণ.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
গোপীৰ বস্ত্ৰ হৰণ
 

মনে ভাবি বসি থাকে গছতে হাওলি ৷
লক্ষ্মীক পাইলো বুলি ধৰে আঙ্কোৱালী ৷৷
ছয় সখী যায় মিলি পানী আনিবাক ৷
কাযত কলহ লই যমুনা ঘাটক ৷৷
সখী সবে দুই সাৰি হই যায় বাটে ৷
মহানন্দে লই আহে কলসি কাষতে ৷৷
অতি সুললীত গীত গায় সবে খায় ৷
কৃষ্ণ হৰষিত হুয়া পাছে পাছে ধায় ৷৷
সব সখী গৈয়া পায় যমুনা ঘাটক ।
লাহে লাহে কৰি থৈল সব কলহক ৷৷
এবে সখী আহা সবে গাৱক ধুইবাে ৷
তাৰ পাছে কলহে পানী ভৰাই নিবাে ৷৷
এহি বুলি সবে চায় ইফালে সিফালে ৷
লাহে লাহে কৰি সবে মেখলা খহালে ৷৷
তাৰ পাছে জলক নামিয়া গৈল সবে ৷
লক্ষ্মী বােলে বুড় মাৰো দেখাে কোনে চুবে ৷৷
এহি মতে নানা ৰঙ্গ কৰে জল কেলি ৷
কৃষ্ণ আসি সবাৰ মেখলা লৈল তুলি ৷৷
কৃষ্ণ মহা ৰঙ্গ কৰি লইয়া চলিল ৷
কদম্বৰ গাচে গিয়া তেখনি উঠিল ৷৷
গােপী সব জল কেলি হৈয়া সমাপত ৷৷
একে একে সব উঠি আইল পাড়ত ৷৷