পৃষ্ঠা:গোপীৰ বস্ত্ৰ হৰণ.djvu/১২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
গোপীৰ বস্ত্ৰ হৰণ।
 

সুভদ্ৰা, নিলপতী, ৰামপতী, সাবিত্ৰী ৷
মৃণালীনি, চন্দ্ৰাৱলী, টগৰ, ৰেৱতী ৷৷
কেতেকী, চম্পা, গোলাপী, মালতী, বন্দুলী ৷
ভদ্ৰা, উমা, সোণপাহী, মাণিকী, সেৱালী ৷৷
জানেকী, চেনেহী, যজ্ঞোমতী, স্বৰ্ণকান্তী ৷
সুপ্ৰভা, কুতিলা, মহেশ্বৰী, পুৰ্ণকান্তী ৷৷
পদ্মীনি, বোলে পাৰলী গাত ধৰি যাওঁ ৷
নেৱালী বোলে কণকা কৃঞ্চ দেখা পাওঁ ৷৷
ইথানত গোপীগণ সবে মিলি বসে ৷
আজি জুয়ী, পদুমী, নাহিল কৃষ্ণ পাশে ৷৷
কদমী, বোলয় সখী উঠা শীঘ্ৰ কৰি ৷
অবশ্যে দেখিব লাগে আমাৰ শ্ৰীহৰি ৷৷
তেওঁৰ ৰূপকে মই কেনেকৈ বৰ্ণাওঁ !
হৰিণীয়া চকুজুৰি মোহনি যেন পাওঁ ৷৷
চুলিকেনো কি চাবা মিছমিছিয়া কলা ৷
সেউজীয়া বৰণৰে সবাকে মোহিলা ৷৷
হে প্ৰভু! তোমাৰনো কি দেখো মই ৰূপ ৷
সংসাৰৰ মাজে দেখো অতি অপৰূপ ৷৷
কিয়নো নাহিব চাপি কাষে গোপীগণ ৷
তেওঁৰ মোহনী ৰূপে মোহে গোপী মন ৷৷
উত্তম পুৰুষ তেওঁ রূপে বিতোপন ৷
অভিনৱ সুন্দৰ যুবত সুশোভন ৷৷