গল্পাঞ্জলি

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
গল্পাঞ্জলি
লেখক শৰৎ চন্দ্ৰ গোস্বামী

[  ]


গল্পাঞ্জলি






 

শৰৎচন্দ্ৰ গোস্বামী

[  ]

 প্ৰকাশক
 শ্ৰীমুনীন্দ্ৰনাৰায়ণ দত্ত বৰুৱা, এম-এ
 দত্ত বৰুৱা
 নলবাৰী



দ্বিতীয় প্ৰকাশ—১৯৫৫

মূল্য—১॥০




 মুদ্ৰাকৰ
 শ্ৰীতীৰ্থনাথ পাল
 নৱজীৱন প্ৰেছ
 ৬৬ গ্ৰে ষ্ট্ৰীট্, কলিকতা-৬ [  ]


নিবেদন

 লিখকৰ দুটা এটা গল্প মাজে মাজে মাহিলি অলোচনী কেইখনত প্ৰকাশ হৈছিল। সেইবোৰৰপৰা এঘাৰটা গল্প বাছি কিতাপ আকাৰত প্ৰকাশ কৰা হ’ল। ই পাঠকসকলৰ তৃপ্তিপ্ৰদ হলেই লিখকৰ পৰিশ্ৰম সাৰ্থক হব।

শ্ৰীশৰৎচন্দ্ৰ গোস্বামী

[  ]

সোদৰোপম

শ্ৰীযুক্ত কুলধৰ চলিহাৰ

 কৰকমলেষু। [  ]

 
সূচী
দেখাদেখি ... ...
তাৰা...
ঘুনুচা... ১৫
সুভা... ২২
পখী... ৩০
নৈৰ দাঁতিত ৩৫
সন্ন্যাসিনী ৪৪
অদৃষ্ট... ৫১
পশুপতিৰ বিয়া ৫৮
পুনৰ্জন্ম... ৬৪
মালিনী ৭১

_____

[  ]

গল্পাঞ্জলি

দেখাদেখি


( ১ )

 সেইদিনা আহাৰৰ আঠ দহ দিন মান গৈছে। ঝিপ্ ঝিপ্ ঝুপ্ ঝুপ্‌কৈ পুৱাৰেপৰা বৰষুণ৷ আবেলি ক’লৈকে যাবও নোৱাৰি, একো কামো কৰিব নোৱাৰি। নবীনে শোৱনি ঘৰৰ ছালপীৰাৰ ওপৰতে বহি হাৰমনিয়মটো লৈ কোঁ-কোঁ-গোঁ-গোঁ কৰি আছিল, এনেতে দেখিলে বাটত ভাল কাপোৰ পিন্ধা মানুহ এজন। তেওঁৰ পাচত বাকচ এটা আৰু বিছনা এখন ভাৰ বান্ধি লৈ আৰু এটা মানুহ। দুয়ো নবীনৰ ঘৰৰ ফালেই আহিছিল। পদূলি পাওঁতেই নবীনে তেওঁক চিনি পালে। “এ ধৰণী! কলিকতালৈ যাবলৈ আহিলা?” নবীনে আথেবেথে উঠি সমপাঠী বন্ধুক আদব অভ্যৰ্থনা কৰি আনি কলে, “আজি ইমান বৰষুণ, তুমি নাহিবা বুলিহে ভাবিছিলোঁ! বন্ধ শেষ হবলৈকো আৰু সাত দিন আছে।” ধৰণীয়ে উত্তৰ দিলে, “হাতী কা দাঁত, ভাই! বতাহ বৰষুণ কি আছে? আহিব খুজিছিলোঁ আহিলোঁ৷” নবীনে মিচিকীয়াই অলপ হাঁহিলে। [  ]

( ২ )

 ধৰণীৰ এই “হাতীকা দাঁত” ওলোৱাৰ বহু দিন হল বুলি কোনোৱে কব নোৱাৰে। স্কুলত দুই বন্ধুৱে একেলগে পঢ়াত এনে দিন গৈছে, যেতিয়া ধৰণীয়ে নবীনৰ ঘবলৈ কিবাকিবি খাবলৈ আহিব বুলি নিশ্চয়কৈ কৈয়ো আহা নাছিল, আৰু নবীনে বাট চাই চাই খঙত অভিমানত কান্দি পেলাইছিল। এনে দিন গৈছে যেতিয়া নবীনে ধৰণী আহিব আহিব বুলি শনিবাৰৰ ৰাতি বাৰ বজালৈ উজাগৰে আছিল, অথচ ধৰণী নাই। কলেজতে এনে দিন গৈছে যেতিয়া কোনো সভালৈ বা “চিৰিয়াখানা” বা “যাদুঘৰলৈ যাবৰ কাৰণে নবীনে কাপোৰ পিন্ধি সাজু হৈ আছিল, অথচ ধৰণী নোহোৱাত তেওঁৰ পিন্ধা কাপোৰ পিন্ধাই থাকিছিল, আৰু সেই খঙতে এসপ্তাহলৈ ধৰণীক তেওঁ ভাল ৰূপে মাতা নাছিল। অথচ সেই ধৰণীৰে এতিয়া মুখত “মৰ্দ্দা কা বাত,হাতীকা দাঁত” হৈ উঠিল। কথাটি শুনিবলৈ বিষম, কিন্তু অনেক বিষম কথা সংসাৰত ঘটে।

 জহৰ বন্ধত ঘৰলৈ অহাত ধৰণীয়ে নবীনব কথা এৰাব নোৱাৰি তেওঁৰ ঘৰত এৰাতি থাকিব বুলি আহিছিল। পাচে তেওঁলোকে চাহ খোৱাত এনে এটি ঘটনা ঘটিল, যে ধৰণীয়ে, সেই এৰাতিৰ ঠাইত নবীনৰ ঘৰত তিনি দিন খাকিহে তাৰপৰা ঘৰলৈ গল।

 নবীনৰ মাক নাই; ভনীয়েক পাৰ্ব্বতীৰ জন্ম হোৱা মাত্ৰকে মাকব মৃত্যু হয়। পিতাকে আৰু বিয়া কৰোৱা নাই। বহুতে [ ১০ ] বহুত কৈছিল; বুঢ়া খুড়াকে ঘৰৰ বেমেজালিব, বন্ধু-বান্ধৱে নিজৰ অসুবিধাব আৰু আনবিলাকে সকলো ফালৰপৰা নানাবিধ অসুচলৰ কথা দেখুৱাই বুজাইছিল যে তেওঁ বিয়া নকৰালে কি জানি প্ৰলয়েই ঘটিব৷ তথাপি সুবিধাই অসুবিধাই ভালে বেয়াই তেওঁ আৰু বিয়া নকৰালে আৰু তথাপিতো বুঢ়া সংসাৰ আগৰ দৰেই লাখুটিত ভৰ দি বুঢ়া ভাৱেই চালি থাকিল; কাৰো দুখ বা কাৰো সুখে সংসাৰৰ গতিত বাধা দিব নোৱাৰিলে।

 সেই বাবে আজি এবছৰমান হল, নবীন কলিকতালৈ যোৱাৰ পৰা, ঘৰত পাৰ্ব্বতী আৰু পিতাকত বাজে আৰু আন কোনো নাই। পিতাক কছাৰিত থকাত ঘৰৰ আচল গৃহিণী আৰু কৰ্ত্ৰী পাৰ্ব্বতীয়েই।

 সেইদিনা কলিকতাৰপৰা অহাত পাৰ্ব্বতীয়ে নবীন আৰু ধৰণীক চাহ দিলে।

 সংসাৰৰ কিছুমান কথা অতি বিচিত্ৰ। আন্ধাৰত খপিয়াই জপিয়াই ফুৰোঁ, অথচ কি যে বিচাৰোঁ নাজানো। হয়তো যাকে লাগে তাকেই শ বাৰ ধৰি শ বাৰ এৰি দিওঁ; অথচ নাজানোঁ যে সেয়ে আমাৰ সাধনাৰ ধন। হঠাৎ এচাটি বিজুলীৰ পোহৰ চকুত পৰি বিশ্ব তেনেই জলমলীয়া উজ্জ্বল হয়, আৰু তেতিয়া দেখিবলৈ পাওঁ-“যিহকে বিচাৰিছোঁ সি হাততে।

 ধৰণীয়ে চাহ লৈ অহা পাৰ্ব্বতীৰ ফালে চালে। সাৰেঙৰ টন্‌টনীয়া তাঁৰত এবাৰ হাত পৰিলেই যেনেকৈ জন্‌জনাই উঠে, তেওঁৰ গোটেই শৰীৰ সেইদৰে জন্‌জনাই এবাৰ কঁপি উঠিল। [ ১১ ] আজিতো নহয়, সৰুৰেপৰা তেওঁ পাৰ্ব্বতীক দেখি আহিছে; কিন্তু আজি ই নতুন পোহৰ। বিচিত্ৰ সজ্জা! এনিমিষমান তেওঁ চাই ৰল। এনেতে নবীনে হাঁহি দিলে, ধৰণীব চেতন হল, আৰু ধৰণীয়ে তলমূৰ কৰিলে। ইয়াৰ পিচত ধৰণীয়ে অলপ হাঁহি চাহৰ বাটিটো মুখত দি এসোহা দুসোহাকৈ খাবলৈ ধৰিলে। ধবণীৰ “হাতীকা দাঁত” গজিবব ইতিহাসৰ, বুলিব লাগিলে, এয়ে আৰম্ভ; সেই কাৰণে ধৰণীয়ে কথাষাৰ কোৱাত নবীনে মিচিকাই অলপ হাঁহিলে।

( ৩ )

 কলেজৰ পাঠ্যজীৱন অতি বিচিত্ৰ কাল। সেই কালত বিশ্ব পুলকত ভৰি পৰে, সংসাৰে তিৰবিৰাই নাচি থাকে। তপত বতাহৰ মাজেদি বস্তুবোৰ যেনে কঁপি থকা দেখি, সংসাৰ সেইদৰে আনন্দ আৰু সৌন্দৰ্য্যত কঁপি থাকে। কি সুন্দৰ! কি মতলীয়া! এনে জীৱনৰ ভিতৰত সোমাই, নবীনে ধৰণীয়ে কি কলে, কি আলাপ কৰিলে, আমি নাজানিলেও এইটো জানো, যে দুয়ো বন্ধুৱে নবীনৰ ঘৰত সেই সপ্তাহ থাকি, কলিকতাৰ কলেজত হাজিৰ হোৱাত দুদিনৰ পলম কৰিলে।

 ইয়াৰ অলপ দিনৰ পাচতে নবীনে পিতাকলৈ যিখন চিঠি লিখিলে তাত কলিকতাৰ কথা, তেওঁবিলাকৰ মেছৰ কথা, ধৰণীৰ লগত একেলগে থকাৰ কথা ইত্যাদি বিলাক লিখি ইয়াকো লিখিলে বুলি প্ৰকাশ, যে পাৰ্ব্বতী লাহে লাহে ডাঙৰ [ ১২ ] হলেই, পাৰ্ব্বতীক ধৰণীলৈ বিয়া দিয়াই ভাল। ধৰণী এনে সজ লৰা, তেওঁৰ এনে ভাল চবিত্ৰ, পঢ়া শুনাতো এনে ভাল, ইত্যাদি।

 কলেজৰ মানৱ-জাতিৰ সকলো সমান, জাতি-ভেদ মিছা, বংশ-গৌৰৱ অহঙ্কাৰৰহে চিন, ইত্যাদিবিলাক উচ্ছৃংখল কথাৰ মাজত বুৰি থকা নবীনৰ মনত নহল যে, ধৰণী কোচৰ লৰা আৰু তেওঁবিলাক কায়স্থ মানুহ। কিন্তু পিতাকৰ কছাৰীৰ নথি আৰু আলাপৰ ভিতৰত জাতি আৰু বংশৰ কথাৰ বব চাট্ নাথাকিলেও, সংসাৰৰ ঠেলা-হেঁচাত পৰি দ-বাম চিনি পোৱা মনত সকলো সমান যেন নালাগিছিল৷ সংক্ষেপতে তেওঁ উত্তৰ দিলে, যে নবীনে নাভাবি নিচিন্তি ইমান দায়িত্বৰ কথা এই দৰে লিখা অন্যায় হৈছে।

 ডেকা তেজত সৌন্দৰ্য্যৰ মোহ বা বাসনাৰ বলকে অনেক সময়ত প্ৰেম বুলি বলিয়া হোৱা যায়৷ কিন্তু সংসাৰৰ ঠেলাত পৰি যাৰ মন ভিজিছে আৰু যি জানিছে, যে মোহ দুদিনীয়া আৰু বাসনাৰ উত্তেজনা তৃপ্তি হোৱা মাত্ৰকতে চেঁচা পৰে, সি জানে যে প্ৰেম বা ভালপোৱা কেৱল সৌন্দৰ্য্যৰ মোহ বা আকাঙ্ক্ষাৰ তৃষ্ণা নহয়। সেই দেখি এই কথাত বাপেক-পুতেক দুইৰো অমিল হল। ডেকা আৰু বুঢ়াৰ ভিতৰত, ভোগাভিলাষিণী তৃষ্ণা আৰু ভোগ-বিৰক্ত বৈৰাগ্যৰ ভিতৰত যিমান দিন প্ৰভেদ থাকে, এনে কথাত সিমান দিনলৈ মতৰ মিল হবলৈ আশা কৰাও অন্যায়। [ ১৩ ]

( ৪ )

 অনেক দিন গল। এদিনাখন দুপৰীয়া ধৰণী আৰু নবীনে দুয়ো দুখন চিঠি পালে,—পাৰ্ব্বতীৰ বিয়া৷ নবীন যাব লাগে; পাৰিলে ধৰণীও। দুয়ো দুইৰো চকুৰ ফালে চালে। একো কথা নহল; কিন্তু দুয়ো বুজিলে দুয়োৰো কি কবব ইচ্ছা। হৃদয় যেতিয়া ভাবত গভীৰ হয়, তেতিয়া চকুৰ এই ভাষাই মুখৰ অতি ওজস্বিনী বক্তৃতাকো ছেৰ পেলায়।

( ৫ )

 সংসাৰ চক্ৰ কুমাৰব চাকতকৈও বেচি বিচিত্ৰ। এই চক্ৰৰ ঘূৰণিত ধৰণী আৰু নবীনব কোন কলৈ গল বিশেষ খবৰ নাথাকিল। কলেজৰপৰা ওলাই অহাৰ তিনি চাৰি বছৰলৈ তেওঁলোকৰ ভিতৰত দুখন এখন চিঠি চলাচল কৰিছিল। তাৰ পাচত কোন ক’ত থাকিল, সেয়ে জনাজনি নাথাকিল গৈ। দুয়ো নিজ নিজ বাটেদি গৈ বাটত কত কি লগ পালে, কত কি হেৰুৱালে! ইয়ো এক মায়াৰ খেলা! আজি যাৰ অভাৱত সংসাৰ অন্ধকাৰ আৰু জীৱন স্বপ্নময় বোধ হয়, দুদিনৰ পাচত তাৰো বিৰহ সহ্য হয় গৈ! বুঢ়া সংসাৰ বুঢ়া ভাৱেই লাখুটিত ভৰ দি চলে; দিনৰ পোহৰ বা ৰাতিৰ আন্ধাৰৰপৰা তাৰ সুবিধা অসুবিধা একো নহয়।

 ধৰণীয়ে কলেজৰ এটা নে দুটা পৰীক্ষা পাছ কৰি আহি মাষ্টৰী কামত সোমাইছিল। তাহানিৰ প্ৰেম, ভাল-পোৱা, [ ১৪ ] পাৰ্ব্বতীক বিয়া কৰাবলৈ নাপালে চিৰকুমাৰ ব্ৰত লৈ জীৱন নিওৱা, বিৰহৰ দুঃসহ বেদনা বৰ্ণাই কবিতা লিখা আদি কথাবিলাক তেতিয়া তেওঁৰ মনত সপোন যেন হে লগা হৈছিল; ভাবিলেও কেতিয়াবা মনতে হাঁহি উঠে আৰু কেতিয়াবা বা হৃদয়-তন্ত্ৰীৰ একোডালি তাঁৰ বিষাদৰ সুৰত কঁপি উঠে ৷

 এদিন লৰা এজনে তেওঁৰ ওচৰলৈ আহি ছুটী খুজিলে, কাৰণ তাৰ মাকৰ নৰীয়া৷ অনেক লৰাৰ মাকৰ নৰীয়া হয়, অনেকক ধৰণীয়ে ছুটী দিয়ে৷ সেই দিনা—কোনে জানে কিয়— তেওঁৰ কেইটামান কথা সেই লৰাটোক সুধিবৰ ইচ্ছা হল; আৰু সুধি জানিলে যে, লৰাৰ বাপেকে ৰেলৰ অফিচত কিবা এটা কাম কৰে৷ মাকৰ জ্বৰ সেই দিনা বেচি হোৱাত বাপেকে পুতেকলৈ স্কুললৈ আহিয়েই ছুটি লৈ যাবলৈ কৈছে৷

 ধৰণী আবেলি ফুৰিবলৈ ওলালত, কোনে জানে কি সকামত তেওঁৰ ৰেলৰ অফিচৰ ফালে যাবৰ মন গল৷ ৰেলৰ অফিচ পাই তেওঁৰ সেই লৰাটো আৰু তাৰ মাকৰ নৰীয়াৰ কথা মনত পৰিল৷ কোনে জানে কিয়, তেওঁৰ তাৰ খবৰ লবলৈ মন গল৷ তেওঁ খবৰ কৰি লৰাৰ ঘৰ উলিয়ালে; আৰু বাহিৰৰপৰা তাৰ নাম কাঢ়ি মাতিলে৷ এজন ভদ্ৰলোক ওলাই আহিল,—কোন আহিছে চাবলৈ৷ “আ! নবীন দেখোন! তুমি ক’ৰপৰা ইয়াত ওলালা নবীন?” ধৰণীয়ে আচৰিত হৈ সুধিলে৷ দুয়ো বন্ধুৰ বহুত দিনৰ মূৰত দেখাদেখি; চকুৱে-চকুৱে হাঁহিয়ে[ ১৫ ] হাঁহিয়ে যি কথা নিমিষত হল,দুদিন কলেও তাৰ ওৰ নপৰে৷ নবীনে কলে “পাৰ্ব্বতীৰ জ্বৰ!” “পাৰ্ব্বতী! এইটো জানো পাৰ্ব্বতীৰ ঘৰ!" ধৰণী আচৰিত হল! নবীনো আচৰিত হল, একে ঠাইতে থাকি ইমান দিন এওঁলোকে খবৰ নাপায়!

 পাৰ্ব্বতীৰ গিৰিয়েকক ধৰণীৰ চিনাকী কৰি দি নবীনে ধৰণীক ভিতৰলৈ লৈ গল৷ যি সৌন্দৰ্য্য দেখি ধৰণী ডেকা বয়সত এদিন মোহ গৈছিল, সেই সৌন্দৰ্য্য অস্থি-কঙ্কাল-সাৰ হৈ পৰি আছে৷ দেখি ধৰণীৰ চকু চলচলীয়া হৈ উঠিল৷ পাৰ্ব্বতীয়ে দাদাকক আঙুলিৰ ইঙ্গিতেৰে মাতি নি মুখ লৰাই সুধিলে,“কোন?” নবীনে ভঙ্গা মাতেৰে “ধৰণী, আইটি৷ ধৰণী” বুলি কোৱাত ধৰণীও বিছনাৰ ওচৰলৈ গল৷ পাৰ্ব্বতীৰো চকুৰ লো বৈ গল৷ সেইদিনা ৰাতি বহুতলৈ বহি থাকি, পাচদিনা পুৱাই আহিব বুলি কৈ ধৰণী উঠিল৷

 ধৰণীয়ে পাচদিনা পুৱাই আহিয়েই নবীনক দেখা পালে, নবীনৰ মুখ মলিন; চকুত পানী৷ নবীনে ধৰণীক সাৱট মাৰি ধৰিলে৷ দুয়ো বন্ধুৱে আকৌ আগৰ নিচিনা গলাগলি কৰি, আগেয়ে এদিন যেনেকৈ হাঁহিছিল আজি তেনেকৈ কান্দিলে৷ বুঢ়া সংসাৰ আগৰ দৰেই লাখুটিত ভৰ দি বুঢ়া ভাৱেই চলি থাকিল৷ দিনৰ পোহৰ বা ৰাতিৰ আন্ধাৰৰপৰা তাৰ একো সুবিধা বা অসুবিধা নহল৷

————

[ ১৬ ]
 

তাৰা

 গোপাল এজন চিকণ ডেকা৷ তেওঁৰ মুখৰ ছবিখন চিকণ, কথা বাৰ্ত্তাতো তেওঁ চিকণ আৰু চিকণ ডেকাসকলৰ নিচিনা তেওঁৰ হিয়াখনো চিকণ, চিকণ কবিতাময় ভাববোৰেৰে পূৰ৷ গতিকে, তেওঁক চিকণ বোলাত কাৰো ওজৰ আপত্তি নাখাটে৷

 এদিনাখন গোপাল তেওঁৰ এজনা বন্ধুৰ ওচৰলৈ গৈছিল৷ তেওঁ যিদৰে গৈছিল, যদি সেইদৰেই ঘূৰি আহে, তেন্তে আমাৰ একো লেঠাই নাথাকে,—বহুত আগেয়ে মুখৰ কেপ্‌কেপনি মাৰি, কাপৰ চিয়াঁহিখিনি কপালৰ আগৰ দীঘল চুলিত মছি, কাকতৰ বিৰহ-সন্তপ্ত “পবিত্ৰ” হিয়াখনক কলমৰ প্ৰথম প্ৰেমাশ্ৰু-নীৰপূৰ্ণ মুখখনৰ লগত মিলন কৰাই দি জুৰ নেপেলালেই পাৰিলোঁহেঁতেন৷ কিন্তু এনে চিকণ ডেকাবোৰৰ এটি দোষ আছে,—বোধকৰোঁ সিও চিকণ৷ তেওঁলোকৰ কবিতাময় হৃদয়ৰ প্ৰভাৱত কি যেন কি এটি লাগে বুলি ফুৰোঁতে এটিক মুঠি মাৰি ধৰি কৈ বহে,“ইয়াকে হে লাগে”৷ ৰমিওই এইদৰে জুলিয়েটৰ কথা কৈছিল; দুষ্যন্তয়ো শকুন্তলাৰ কথা কৈছিল এইদৰে; আৰু জগতসিংহই তিলোত্তমাৰ কথা, কমলেও লাহৰীৰ কথা কৈছিল এইদৰেই৷ সেই দেখি আমাৰ গোপালেও তাৰাৰ কথা এইদৰেই কলে৷ তেওঁৰ হৃদয়ৰ শূন্য সিংহাসনত বহুৱাবলৈ তাৰাকেহে লাগে; তাৰায়েহে তেওঁৰ অসম্পূৰ্ণ জীৱন সম্পূৰ্ণ কৰিব পাৰে৷ গোপালে ভাবিলে, [ ১৭ ] মোৰ সুখ বা দুখ যেই নহওক, এই যে সুখ সৌন্দৰ্য আৰু মাধুৰ্য্য পাইছোঁ ইয়াকেহে লাগে৷

 ফুলৰ সৌন্দৰ্য্য আৰু সৌৰভ দেখি, পাৰিলে ওচৰতে সেই ফুল গছজুপি থাপিবলৈ ইচ্ছা হয়৷ লাহতে হালি জালি পৰা জোনৰ পূৰ্ণ আবেগৰ মাধুৰ্য্য দেখি, পাৰিলে শোৱা কুঠৰিৰ মুখত জোনক বহুৱাবলৈ বাঞ্ছা জন্মে। সৌন্দৰ্য্যৰ প্ৰতি আকৃষ্ট হোৱাটো মানুহৰ স্বাভাৱিক ধৰ্ম্ম; নিজৰ আন্তৰিক ভাৱবোৰে বিচাৰি লোৱা সৌন্দৰ্য্যত মানুহ মুগ্ধ হবলৈ বাধ্য। গোপালো তাৰাৰ সৌন্দৰ্য্যত আকৃষ্ট হল। ই তেওঁৰ ৰূপ-লালসা নহয়; সৌন্দৰ্য্য লালসা, নিজৰ অন্তৰে বাছি লোৱা সৌন্দৰ্য্যৰ বাসনা বা প্ৰেম। গোপালে তাৰাৰ মুখখনি নিজৰ কৰিবলৈ আৰু তাকে ওচৰত ৰাখি বিশ্বসংসাৰক প্ৰেমৰ সোঁতত উটাই দিবলৈ বৰ বাঞ্ছা কৰিছিল। কিন্তু মানুহৰ ইচ্ছা পূৰ্ণ নহয়; পূৰ্ণ হয় ইচ্ছাময়ৰ ইচ্ছা—বিধাতাৰ ইচ্ছা। বিধি বিধানত নাছিল, যে তাৰা গোপালৰ হয়। সেই দেখি তাৰা গোপালৰ নহল, যাৰ হবলগীয়া আছিল তাৰে হল। সেই দেখিয়েই গোপালেও প্ৰেমৰ অতৃপ্ত বাসনা এটি লৈ পৃথিবীত ঘূৰি ফুৰিব লগীয়াত পৰিল। ইয়াত দুখ নাই। ফুলৰ সৃষ্টি দেৱতা পূজা আৰু সজ্জনৰ শিৰত স্থিতিৰ অৰ্থে; সেই ফুলো বিলাসিনী নৰ্ত্তকীৰ বেশ-ৰচনাৰ উপকৰণ হয়৷

 কিন্তু, আশাৰ সিপাৰে ঘন আৰু গহীন আন্ধাৰ-নিৰাশা দুখেৰে পূৰ; আশাতেই সুখৰ জিলিকনি৷ সেইবাবে গোপালে [ ১৮ ] তাৰাৰ আশা এৰিব নোৱাৰিলে৷ গোপালে ভাবিলে, আজি তাৰা মোৰ নহল, আৰু এদিন হব৷ এই জনমত তাৰা মোৰ নহল, এই জনমত মোৰ বাসনাৰ তৃপ্তি নহল, আৰু এজনমত, যিমান দূৰৈয়েই নহওক, আৰু এজনমত নিশ্চয় তাৰা মোৰ হব, মোৰ এই বাসানাৰ অতৃপ্তি মিটিব৷ তেওঁ দুদিনীয়া জীৱনৰ সীমা পাৰ হৈ অনন্তৰ ফালে চাই ভাবিলে, জন্ম-জন্মান্তৰ কিমান দিনৰপৰা এই দুটি আত্মাই মিলন ইচ্ছাৰে অনন্ত-বাহিনী দুখনি নৈৰ নিচিনা বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি ফুৰিব লাগিছে! যিদিনা এই দুই আত্মাৰ মিলন হব, যিদিনা দুয়োখন নৈ মিলি শান্তিৰ শীতল বতাহৰ কঁপনিত কুল কুল কৈ সুখৰ মৃদু মধুৰ গীত ধৰিব, সেই দিন কেনে মধুৰ! সেই দিন কেনে সুন্দৰ! গোপালৰ চকুৰ আগত অতীতৰ আৱৰণী খহি পৰিল, অনন্তৰ ভিতৰত ভবিষ্যতৰ সেই সুন্দৰ আৰু মধুৰ দিনৰ ছাঁয়া দেখি তেওঁ তবধ লাগি চাই ৰল৷

 চণ্ডীদাসে বিৰহিণী ৰাধিকাৰ মুখেৰে কৈছিলঃ—

“পীৰিতি বলিয়া এ তিন আখৰ
 ধৰায় আনিল কে?
মধুৰ বলিয়া ছানিয়া খাইনু
 তিতায় তিতিল দে!”

 আমাৰ গোপালেও চাগৈ সেইদৰেই ভাবিছিল, কিন্তু আমি এই কথা সঠিক নাজানোঁ—পৃথিৱীৰ কোনো আখ্যানে নিলিখে, সেই সময়ত গোপালৰ মনত সুখ আছিল নে দুখ আছিল৷ [ ১৯ ] মুঠতে ইয়াকে কব পাৰোঁ, যে যেতিয়াই গোপালে তাৰাৰ কথা মনত কৰিছিল, আৰু যেতিয়াই গোপালে তাৰাৰ মাধুৰী-সনা মুখখনিৰ কথা ভাবিছিল, তেতিয়াই তেওঁৰ মনত এটি যন্ত্ৰণাময় সুখ ভাবৰ উদয় হৈছিল;—সেই স্মৃতি, সেই বিমোহন স্মৃতি আৰু এই বিফল আশা দুয়ো মিলি সুখ-দুখৰ মিহলি এই ভাবেৰে গোপালৰ বুকুখন তোলপাৰ লগাইছিল। আৰু এই সময়ত গোপালৰ মনত এটি অদমনীয় আকাঙ্ক্ষাই দেখা দিছিল, এই আকাঙ্ক্ষা তাৰাক এবাৰ চাবলৈ।

 যাক তেওঁ ইমান দিনৰপৰা হৃদয়ৰ আৰাধনীয়া কৰি তুলি লৈছে আৰু যাৰ স্মৃতিয়ে প্ৰত্যেক মুহূৰ্ত্ততে তেওঁক বলিয়া কৰি তোলে, সেই সকলোৰে সাৰ তাৰাক চাবলৈ গোপালৰ মনত ইচ্ছা উপজিছিল৷ এতিয়া চাগৈ তাৰা—মধুৰতকৈয়ো বেচি মধুৰ হৈ পূৰ্ণিমাৰ জোনটি হে হৈছে! তেওঁৰ বুকুখন অলপ কঁপি উঠিল। মন আবেগেৰে পূৰ্ণ হল। গোপালে ভাবিলে কেৱল চোৱা; এবাৰ চোৱাত দোষ কি! চোৱা মাথোন হে, চোৱাত বাদে একো নাই। কথা! কথা পাতিব পাৰিলে, সেই মুখৰ এটি মধুৰ কথা শুনিলে! আহা, তাত কৈয়ো গোপালৰ সুখ হব পাৰে নে? গোপালৰ তেনে কপাল কল্পনাও কৰিব নোৱাৰি। কিন্তু গোপালৰ কেৱল চোৱা হে যে উদ্দেশ্য তাত বাজে একো নাই, সি সমূলি মিছা নহলেও গোটেই সঁচা নহয়৷ গোপালে অতি মনে মনে ভাবিছিল—কি জানি তেৱোঁ সেই ভাবৰ কথা নাজানেই—তা্ৰাৰ মনটি জানিব পাৰিলে! তাৰাই [ ২০ ] নো মােক ভাবে নে নাভাবে জানিব পাৰিলে ! যাক মই দিন ৰাতি নােবাৱাকৈ অবিৰত ভাবিছোঁ, যাৰ সোঁৱৰণি মােৰ সাৰ সম্পত্তি, সেই তাৰাই নাে মােক নাভাবে নে? নাভাবে বুলি ভবাটোতে যেন গােপালৰ হিয়া ফাটি যায়, জীৱন অৱলম্বনহীন হৈ পৰে! সেই স্বর্গীয় বুকুৰ ভিতৰত থাকিব পাৰিলে, সংসাৰৰ পাপ তাপ শােক মোহ সকলােৱে মােক ডুবাই ৰাখক, অনন্ত কাল ভীষণ নৰকত পৰি থাকোঁ সিও ভাল, সিও সুখ−বৰ সুখ! সকলােতকৈ তাৰাৰ ভাবনা হােৱা, তেওঁৰ বুকুৰ ভিতৰত আসন লােৱা মােৰ অনন্ত সুখ অপাৰ আনন্দ! গােপালে ভাবিলে তাৰাক এবাৰ চাম।

 পূর্ণিমাৰ জোনৰ অমৃতময় কিৰণ পাব বুলি চকোৰে আকাঙ্ক্ষাপূর্ণ চকুৰে চাই আছিল; জোনৰ সুধা-সনা কিৰণৰ সলনি বিজুলীৰ চকমকনি আহি চকোৰক পুৰি পেলালে ! তৃষ্ণাতুৰ চকোত পাখীটিয়ে “ফটিকজল ফটিকজল” বুলি মেঘৰ ফালে চাই আছিল; শীতল জলে পিয়াহ গুচোৱাৰ সলনি প্রখৰ তাপে সেই পিয়াহ বেচি কৰি দিলে। ই জোনৰ ইচ্ছা নহয়; মেঘৰ ইচ্ছা নহয়; চকোৰৰো নহয়; কেৱল বিধাতাৰ ইচ্ছা, সকলােৱে নিয়ন্তাৰ ইচ্ছা। বিধাতাৰ ইচ্ছাক্রমে গােপালৰ এই ইচ্ছাও পূৰ নহল। তাৰা এতিয়া আনৰ; তেওঁক চাবলৈ গােপালৰ কোনাে স্বত্ব নাই। যাক এনিমিষাে চকুৰ আঁতৰ হব নিদিব বুলি ভাবিছিল, যাৰ লগত অলপমানো অমিল হব বুলি ডিঙিৰ [ ২১ ] হাৰ সোলোকাব খুজিছিল, তাৰ লগত ইমান অন্তৰ, তাক দেখাপোৱাও হৈ নুঠিল! হাঁয় বিধাতা, হাঁয় নিৰাশাৰ চৰম সীমা! গোপালে তথাপি তাৰাৰ আশা এৰিব নোৱাৰিলে, তাৰাৰ স্মৃতি পাহৰিব নোৱাৰিলে, তেওঁৰ সুন্দৰ মুখৰ মধুৰিমা গোপালৰ মনৰ পৰা নগল। তেওঁ ভাবিলে, মূৰৰ মুকুট, হৃদয়ৰ মণি, প্ৰাণৰ ধন, তাক আনৰ হাতত দেখি কি সুখ পাম! নিজাকৈয়ো মই তাৰাক চাৰিওফালে দেখিবলৈ পাইছোঁ, যি ফালে চাওঁ সেই ফালেই তাৰাৰ সুখময় স্মৃতিৰ চানেকী পাইছোঁ। মই দেখিছোঁ, ফুলৰ গোন্ধত তাৰা, জোনাকৰ মাধুৰীত তাৰা, কুলিৰ মাতত তাৰা, ৰামধনুৰ ৰঙত তাৰা। মই পাইছোঁ, বসন্তৰ ফুলত তাৰা, শৰতৰ জোনত তাৰা, শিশুৰ হাঁহিত তাৰা, যুৱতীৰ লীলাত তাৰা, এই বিশ্বত যি সুন্দৰ সেয়ে তাৰা! যি মধুৰ সেয়ে তাৰা! তাৰায়ে সকলো সৌন্দৰ্য্য আৰু মাধু্ৰ্য্যত লীলা কৰে!

—————

[ ২২ ]
 

ঘুনুচা

( ১ )

 বাৰিষাৰ দিন। মনে মনে সূৰ্য্যদেৱে কেতিয়া বুৰ মাৰিলে ভালকৈ কোনোৱে কবই নোৱাৰিলে! কেন্‌কেনীয়া বৰষুণ পৰিছে—ঝাপ্ ঝাপ্ ঝুপ্ ঝুপ্। বাটৰ কাষৰ সৰু সৰু বন আৰু গছৰ জোপবোৰত শব্দ হৈছে—ঝাপ্ ঝাপ্ ঝুপ্ ঝুপ্। আকাশ মেঘেৰে ঢাকা, তলত ভিজা মাটি, মাজে মাজে বা পানী, মাজে মাজে বা বোকা। নৈৰ ওচৰৰ সৰু বাটটিয়েদি এজনী তিৰোতা যাব লাগিছে৷ মূৰত আঁচলৰ এক লোচ দি বৰষুণৰ বিৰুদ্ধে যুদ্ধত সাজু হৈছিল; কিন্তু বৃষ্টি-দেৱতাই তিৰোতাজনীৰ এনে ধৃষ্টতা দেখি অত্যন্ত কুপিত হৈ তেওঁৰ গোটেই কাপোৰ-কানি তিয়াই পেলাইছে। খোজ দিছে খৰকৈ, যেন কোনো বিশেষ কাজ আছে। প্ৰথম দেখাত এওঁক ৩০/৩৫ বছৰীয়া যেন দেখি, কিন্তু অলপ ভালকৈ চালে বুজিব পাৰি মানুহজনীৰ বয়স ২৫/২৬ৰ ভিতৰতে; হয়তো কিবা কষ্ট বা বেমাৰত এনে অৱস্থা পাইছে। দেখাত যে বৰ ধুনীয়া এনে নহয়, কিন্তু ভাল অৱস্থাত থাকিলে মুনিজন-মনো-মোহিনী নহওক, বিশেষণ-বিহীন-সুন্দৰী আখ্যাৰ উপযোগ্যা। নদীৰ পাৰে পাৰে গৈ তেওঁ এটি সৰু খেৰৰ ঘৰ পালে; নৈৰ ওচৰতে, চাৰিওফালে বাৰীৰ নিচিনা অলপ হাবি-বন। খাবনোপোৱা মানুহৰ হাতৰ নিচিনা, ঘৰটিৰ ছালৰ কামিবোৰ ওলাইছে৷ লেপিদিয়া বটাৰ বেৰবোৰৰ তলৰ ভাগটি মাটিয়ে [ ২৩ ] খোৱা, প্ৰায় মাটিয়েই বতাহ-বৰষুণ আৰু পোক-পৰুৱাৰ অত্যাচাৰত খঁহি পৰিছে। চোতালখন সৰু, অপৰিষ্কাৰ, শেলাইৰে ভৰা। এটি কোণত চাৰিটি তাঁত-শালৰ খুতা পোতা। তিৰোতাজনী আহি এই চোতালত থিয় দিলে, আৰু কাতৰ স্বৰে মাতিলে,“উঃ ৰাম! বাপ ঐ!” ঘৰৰ ভিতৰৰপৰা পোহৰৰ ক্ষীণ ৰেখাৰ লগত ৰোগীৰ বেদনা-সূচক এটি অস্ফুট ধ্বনি শুনা গল।

( ২ )

 এই ঘৰটি তিৰোতাজনীৰ। তেওঁৰ সংসাৰৰ একমাত্ৰ সম্বল, ৫/৬ বছৰীয়া পুতেক মণিৰাম। আজি ১২ দিন পুতেকৰ জ্বৰ, প্ৰথমতে দুই চাৰি দিন অলপ এৰা-পৰা কৰিছিল, কিন্তু আজি ৮/৯ দিন লৰাটিক একেটা জ্বৰে পুৰি মাৰিব ধৰিছে। একো দিহা নাপাই দুখুনী বিধবা মাকে আজি কবিৰাজৰ ওচৰলৈ গৈছিল৷ কবিৰাজক ঘৰলৈ আনে, এনে সম্বল তেওঁৰ নাই; কাবৌ-কাকূতি কৰি যদি এটি বৰী আনিব পাৰে, এই আশা। কবিৰাজবিলাক যে দুখীয়াৰ প্ৰতি কেনে সদয়, তাক তেওঁৰ ভাল জনা আছিল; সেই দেখি হাতৰ খাৰু চাৰিপাত বেচি সিকি এটি দিহা কৰি নিছিল; আৰু আহোঁতে ৰাতি হব জানি ঘৰত চাকিটি জ্বলাই থৈ গৈছিল।

( ৩ )

 মানুহজনীৰ নাম ঘুনুচা। ঘুনুচা্ৰ ভাগ্য চিৰদিনে এনে নাছিল। অতীতত তেওঁ ধনীৰ জীয়েক, ধনীৰ বোৱাৰীয়েক আৰু [ ২৪ ] ধনীৰ ঘৈনীয়েক আছিল; কিন্তু “নীচৈৰ্গচ্ছত্যুপৰি চ দশা চক্ৰনেমিক্ৰমেণ”-ৰথৰ চকৰিৰ নিচিনা ভাগ্য কেতিয়াবা ওপৰলৈ উঠে, কেতিয়াবা বা তললৈ নামে। সংসাৰত সুখীৰো দুখ হয়, দুখীৰো সুখ হয়, ধনীয়ো নিৰ্ধন হয়, নিৰ্ধনো ধনী হয়। সৰু কালত সুখত লালিত-পালিত হোৱা ঘুনুচাৰ উপযুক্ত বয়সত উপযুক্ত স্বামীৰ লগত বিয়া হয়; তেতিয়া তেওঁৰ সুখ আৰু সৌভাগ্য দহজনৰ ঈৰ্ষাৰ বিষয় আছিল। কিন্তু কালচক্ৰে তেওঁৰ পিতৃ আৰু শ্বশুৰকুলৰ সকলোকে মৃত্যুৰ তলত পেলাই, তেওঁকে দুখৰ বোজা বৈ থাকিবলৈ এই সংসাৰৰ ওপৰত তুলি থৈ গল। যেতিয়া তেওঁৰ স্বামীৰ মৃত্যু হয়, তেতিয়া ঘুনুচা গৰ্ব্ভৱতী। সময়ত তেওঁৰ এটি পুত্ৰসন্তান ভূমিষ্ঠ হল; ঘুনুচাই দুখৰ ভিতৰতো মেঘৰ ভিতৰত বিজুলীৰ নিচিনা এটি সুখৰ ৰেখা দেখা পালে; দূৰৈত এটি আশাৰ দীপ জিলিকিল।

 কিন্তু হিংসা আৰু লোভৰ প্ৰৱল বতাহে সেই আশা-দীপটিক অকালতে নুমাই পেলাবৰ উপক্ৰম কৰিলে। ঘুনুচাৰ এজন দেৱৰ আছিল—তেওঁ ঘুনুচাৰ খুড়া-শহুৰেকৰ পুতেক। যেতিয়া ঘুনুচাৰ আপোনাৰ বুলিবৰ সকলো জহনী ৰোগত মৰি গল, তেতিয়া এৱেঁই তেওঁৰ সম্পত্তিৰ প্ৰথম চৰিক হল। সম্পত্তিৰ লোভত প্ৰথমতে কিছুমান দিন ঘুনুচাক বৰ আদৰ যত্ন কৰিলে ৷ কিন্তু বৌৱেকক গৰ্ব্ভৱতী জানি তেওঁৰ শান্তি নোহোৱা হল,— গৰ্ব্ভত থকা শিশু যদি সম্পত্তিৰ উত্তৰাধিকাৰী হয়, ভূমিষ্ঠ হোৱাৰ অগেয়ে সেই শিশু নষ্ট কৰিবলৈ প্ৰথমতে বহুত যত্ন কৰিও [ ২৫ ] কৃতকাৰ্য্য নহল। তেতিয়াও আশা আছিল—যদি ছোৱালী হয়। কিন্তু যেতিয়া দুৰদৃষ্টক্ৰমে ঘুনুচাই পুত্ৰ সন্তান হে প্ৰসৱ কৰিলে, তেতিয়া সুগুণসম্পন্ন দেৱৰৰ মনত যেন জুই হে জ্বলিল। গাৱঁৰ মেলেকীসকলৰ লগলাগি ঘু্নুচা দুশ্চৰিত্ৰা আৰু তেওঁৰ পুত্ৰ জহৰা, তাক প্ৰমাণ কৰিবলৈ চেষ্টা কৰিবলৈ ধৰিলে। টকা পালে মেলেকীসকলৰ অসাধ্য কাম জগতত একো নাই; গতিকে প্ৰমাণ হল, ঘুনুচাৰ পুত্ৰ জহৰা, তেওঁ দুশ্চাৰিণী, সুতৰাং সকলো সম্পত্তি তেওঁৰ দেৱৰৰ। চব-ডেপুটী চাহাবৰ ওচৰত নামজাৰিৰ দৰখাস্ত পৰিল, খাটিৰ আৰু ভেটিৰ জোৰত নামজাৰি হল। সহায়-সম্পদ-বিহীনা ঘুনুচা লাঞ্ছিতা, বঞ্চিতা আৰু পৰিত্যক্তা হৈ নৈৰ পাৰত এই ঘৰটিত দুবছৰৰ শিশু সন্তান মণিৰামক বুকত বান্ধি লৈ বাস কৰিবলৈ ধৰিলে। আইন অনুসৰি পাব লগীয়া সম্পত্তি নাপালে! দুখীয়াৰ নো আইন-কানুন কি!

( ৪ )

 লাহে লাহে তিনটি বছৰ অনন্ত কাল-সাগৰত ঢৌৰ নিচিনাকৈ বিলয় হল। তাৰ লগে লগে সুখী দুখী হল, দুখী সুখী হল, ৰোগী আৰোগ্য হল, নিৰোগীৰ ৰোগ হল, কিন্তু ঘুনুচাৰ হলে দুখৰ অন্ত নপৰিল। এই তিন বছৰ খুজি মাগি শিশু সন্তানটিক পোহ পাল দি আছিল,—এতিয়া তাৰ জ্বৰ হল। হাতৰ কাণৰ যি আছিল, সকলো খৰচ কৰি সেই জ্বৰ এৰুৱালে। কিন্তু জ্বৰৰ পিচত সুপথ্য আৰু উপযুক্ত চিকিৎসাৰ [ ২৬ ] অভাৱত, সেই জ্বৰ নাড়ীত বহি জীৰ্ণজ্বৰ হল। ইফালে খাবৰ যোগাৰ ঘৰত নাই; ঘুনুচাই এমুঠি খুজি নানিলেও নহয়। যেতিয়া খুজিবলৈ ঘুনুচা বাহিৰলৈ যায়, তেতিয়া মণিৰামে গাঁৱৰ আন আন লৰাৰ লগ লাগি আম, কাঠাল, তিয়ঁহ প্ৰভৃতি কুপথ্যৰ শ্ৰাদ্ধ কৰে। কাজে কাজেই সেই জীৰ্ণ জ্বৰ, কলা-জ্বৰত পৰিণত হল৷ পেটত প্লীহা-যকৃতে দেখা দিলে। দিনে দিনে পেট ওলাই, হাত-ভৰি ডিঙি চিচা হৈ আৰু চকু গাঁতত বহি যাবলৈ ধৰিলে। বেয়া বস্তু খাবৰ ইচ্ছা হল; শৰীৰৰ বৰণ ক’লা হল। সংক্ষেপতে কলাজ্বৰৰ সকলো লক্ষণে দেখা দিলে। দেখোঁতে দেখোঁতে মণিৰাম নদন বদন লৰাটি গুচি পিশাচৰ নিচিনা অতি ভয়ঙ্কৰ আকৃতিৰ হৈ পৰিল। পুতেকৰ এনে ভয়ানক অৱস্থা দেখি ঘুনুচাৰ ধাতু উৰিল। আগৰ দিনৰ পাটৰ ৰিহা-মেখলা দুজোৰ মান আৰু স্বামীৰ প্ৰথমসন্মিলনত পোৱা সোণৰ আঙঠি এটি আছিল। স্বামীৰ সোঁৱৰণী বুলি এই বস্তুখিনি ঘুনুচাই প্ৰাণান্তিকেও ৰাখিছিল। কিন্তু এতিয়া সকলো ফালে নিৰুপায় হৈ ওচৰৰ কবিৰাজ এটিক সোপাই সমৰ্পণ কৰি চিকিৎসা কৰিবলৈ খাটিলে। এমাহমান ঔষধ-পাতি খুৱাই কবিৰাজ ডাঙৰীয়াৰ বেচ আৰু বেজালি দুয়ো সাঙ্গ হল। তেওঁ এদিন আহে, এদিন নাহে, এনেকৈ আৰু দহ দিনমান থাকি, এদিনাখন ঘুনুচা তেওঁৰ ওচৰলৈ যাওঁতে কৈ পঠিয়ালে যে, ঘু্নুচাৰ আঙঠি এটিৰ বানচত তেওঁ কিমান দিন দৰব দিব; তাৰ মূল উঠি গৈছে; নতুন ঔষধ খুৱাব লাগিলে নতুন বেচ লাগিব। কবিৰাজৰ ভাব আছিল, ধনীৰ ঘৈণীয়েক ঘুনুচাৰ আৰু কিবা [ ২৭ ] আছে। ঘুনুচাই মূৰে কপালে হাত দি নিজৰ কপালকে সকলো দোষৰ ভাগী কৰি উলটি আহিল।

( ৫ )

 মণিৰামৰ বেমাৰ দিনক দিনে বেচি হৈ গৈছে; ইফালে ঘুনুচাৰো খাব-লবলৈ নাপাই শৰীৰ দিনক দিনে ক্ষীণাই আহিল। এনেতে এদিন নৈৰপৰা গা ধুই আহোঁতে, তেওঁলোকৰ কুল-গুৰুক গা ধুই অহা দেখা পালে। ঘুনুচাই তেওঁৰ দুৰ্ভাগ্যৰ সময়ৰপৰা গুৰুৰ লগ পোৱা নাছিল; আজি দেখা পাই কিবা উপায় পাব বুলি তেওঁৰ চৰণত দীঘল দি পৰিল। প্ৰথমতে গুৰুদেৱে ‘ব্যভিচাৰিণীক” দেখি ৰাম-বিষ্ণু স্মৰণ কৰি কাষ কাটি যাব খুজিছিল, কিন্তু ঘুনুচাৰ কাবৌ-কাকূতিত অলপ থিয় দিলে। ঘুনুচাই দুখৰ কাহিনী কলত, গুৰুদেৱে তেওঁৰ দুশ্চৰিত্ৰ আৰু সেই পাপৰ প্ৰতিফল সম্পৰ্কে এটি দীঘল বক্তৃতা শুনাই দিলে। ঘুনুচাই লাজ-অপমানৰ ওপৰত অপত্য-স্নেহকে আসন দি সকলো সহি থাকিল। পাচত উপায় স্বৰূপে গুৰুৱে কলে যে, দেৱ-দ্বিজ–ভক্তিত বাজে সংসাৰত কি আছে? “হৰিনামে কৰে সবাকো সুসঙ্গ,”—সংসাৰত হৰি-ভক্তি গুৰু-বামুণৰ প্ৰতি শ্ৰদ্ধায়ে হৈছে আচল বস্তু। সেয়ে হলে সংসাৰৰ ৰোগ-শোক, পাপ-তাপে আৰু কি কৰিব পাৰে? ঘুনুচাই নাম-কীৰ্ত্তন পাঠ-স্বস্ত্যয়ন কৰক; গুৰু-ভকতক ভক্তি কৰক, তেনেহলে মণিৰাম দুদিনতে ভাল হব। সৰল ঘূনুচাই গুৰু-বাক্যকে সাৰোগত কৰি লৈ দেৱতা[ ২৮ ] গুৰু-বামুণকো পূজা-পাটল দি চাব খুজিলে। ঘুনুচাৰ দুখৰ কথা শুনি এজন বিদেশী পথিকে তেওঁক এটি টকা দি গৈছিল; তেওঁ সেই টকাটি আনি গুৰুৰ চৰণত সমৰ্পণ কৰিলে। গুৰুদেৱে বাৰিষাৰ বৰষুণৰ নিচিনা আশীৰ্ব্বাদৰ অজস্ৰ ধাৰ পেলাই প্ৰস্থান কৰিলে।

 কিন্তু দুখুনী ঘুনুচাৰ কতো দুখৰ অন্ত নপৰিল। খুজি মাগি আনি কিমান নৈবেদ্য, কিমান কল-গাখীৰ দেৱতা-গুৰু-বামুণক খুৱালে, তথাপি দুখুনীৰ কামনা নুপূৰিল। পাঠৰ মন্ত্ৰ, নৈবেদ্যৰ প্ৰসাদ, গুৰু-বামুণৰ উচ্ছিষ্ট, কাৰো মণিৰামৰ জ্বৰ ভাল কৰিবৰ শক্তি নহল। চাই থাকোঁতে থাকোঁতে এদিন পুৱা মণিৰামে দুখুনী মাকক দুখ-সাগৰত তল পেলাই এই সংসাৰৰপৰা বিদায় ললে। হায় ঘুনুচা! সংসাৰৰ শেষ সম্বল একেটি ৰতন, সিও তোমাৰ ভাগ্যত নাই।

( ৬ )

 এতিয়া ঘুনুচা নাই, মণিৰামো নাই; ঘুনুচা বা মণিৰামৰ কোনো আত্মীয়জনো নাই। কিন্তু নৈৰ পাৰৰ সেই ঠাইখিনিত এজনী পাগলী বহি বহি মাটিৰ দেৱতা-বামুণ গঢ়ি তাৰ ওপৰত নানা প্ৰকাৰ অত্যাচাৰ কৰা বহু বাটৰুৱাই দেখিছে; আৰু মাজে মাজে নৈশ নিস্তব্ধতা ভেদ কৰি কান্দোনৰ কাতৰ স্বৰ আকাশ ছানি উঠাও বহুতে শুনিছে।

[ ২৯ ]
 

সুভা

( ১ )


 দৰুৱা নামৰ একো অৰ্থ নাই। ডাক্তৰৰ ছোৱালী সুপ্ৰভা আৰু কাছাৰীৰ বৰ-মহৰীৰ লৰা হৰমোহনক তেওঁবিলাকৰ মাক-বাপেকে সুভা আৰু হেমো বুলি মাতিছিল। কিয় মাতিছিল, তাৰ একো কাৰণ নাই; মাক-বাপেকৰ আদৰে মাথোন সেই কাৰণ জানিলে জানিব পাৰে।

 ডাক্তৰৰ আৰু বৰমহৰীৰ ভিতৰত মিল আছিল। সেই দেখি তেওঁলোকৰ ঘৈণীয়েক দুজনীৰ ভিতৰত, লৰা-ছোৱালীৰ ভিতৰত, চাকৰ-নাকৰৰ ভিতৰত, এনেকি ঘৰ দুটাৰ ভিতৰতো মিল আছিল, দুয়োৰো আগফালে মূখ-ঘৰ থকা দুটা বঙলা ঘৰ, নিচেই ওচৰা-ওচৰি।

 হেমো আৰু সুভাই একেলগে ৰং-ধেমালি কৰিছিল; আৰু দুইকো একেজন মাষ্টৰে (অৰ্থাৎ প্ৰাইভেট্ টিউটৰে) একেলগে, একে ঠাইতে, একে পঢ়াকে পঢ়াইছিল,—কেতিয়াবা বৰমহীৰৰ ঘৰত, কেতিয়াবা ডাক্তৰৰ ঘবত।

( ২ )

 বাল্যকাল গ’ল। তেতিয়াৰ সেই ৰং ধেমালি, সেই গলা-গলি আৰু লৰা-ঢাপৰা তাৰ লগে লগে গল। সুভাই স্কুলৰ [ ৩০ ] পঢ়া আৰু “প্ৰাইভেট্ টিউটৰ” এৰি, কাপোৰ-বোৱা, ভাত-ৰন্ধা আদি বনবিলাক মাকৰ কাষত বহি বহি শিকিবলৈ ধৰিলে৷ হেমোৱেও সৰু কালৰ লৰা-ঢপৰা, হাঁহি খিকিন্দালি আৰু ধূলা-লোৱা-লুৱি এৰি ক্ৰীকেট, ফুটবল, লগৰীয়াব লগত ভাল সাজ-পাৰ পিন্ধি আলিবাটেদি ফুৰা আৰু চুৰট হোত মন দিলে। তেতিয়া হেমো ওঠৰ বছৰীয়া, হাই স্কুলৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ; আৰু সুভা চৈধ্য বছৰীয়া, গৃহস্থালীৰ স্কুলত সোমাইছে মাথোন।

 বৰমহৰীৰ লৰা, অলপ ডাঙৰ হবৰেপৰা হেমোৱে জোতা-মোজা, চোলা ৰকমে ৰকমে সলাবলৈ ধৰিলে। তাৰ পাচতে চিগাৰেট্ চিগাৰ হুপিবলৈ ধৰিলে; তাৰ পাচতে হাতত লাঠি লৈ লগৰীয়াৰ লগত বাটে বাটে ফুৰিবলৈ ধৰিলে; আৰু তাৰ পাচতে পঢ়া বা খেলাৰ ছলতে আনুষঙ্গিক দুষ্টালিবোৰত যোগ দিবলৈ ধৰিলে।

 কিছুমান দিনৰ পাচত স্কুলত “টেষ্ট্” পৰীক্ষা হল। হেড মাষ্টৰে বৰমহৰীৰ খাটিৰতে হক বা কাৰ্য্যানুৰোধতেই হক বা পৰীক্ষাৰ ফল চায়ে হক, হেমোক “এণ্ট্ৰেঞ্চ” পৰীক্ষা দিবলৈ “এলাও” কৰিলে৷ হেমো “এণ্ট্ৰেঞ্চ” পৰীক্ষা দি ঘৰলৈ আহিল৷ নিয়মমতে এতিয়া হেমোৰ বিয়া হোৱা উচিত!

( ৩ )

 ডাক্তৰনী আৰু বৰমহৰীয়নী দুয়োৰো বৰ ইচ্ছা, এই বিয়াখন হেমো আৰু সুভাৰ ভিতৰতে হব লাগে। ইফালে ডাক্তৰৰ ইচ্ছা, [ ৩১ ] তেওঁ এজন “গ্ৰ্যাজুৱেট” জোঁৱাই পালে ভাল৷ ববমহৰীৰৰো আকৌ চকু মুঞ্চুপব জীয়েকত হে। তেওঁ হেনো মনে মনে প্ৰতিজ্ঞাকে কৰিছিল যে মুঞ্চুপৰ জীয়েক নহলে তেওঁ লৰালৈ বিয়াকে নকৰায়। সেই অৰ্থে তেওঁ ঢেৰ “যোগাব-যন্ত্ৰ”ও কৰিছিল।

 বিয়াৰ কথা উলিয়ালে, বিয়া হবখোজা আমাৰ দৰা-কন্যাৰ কথা নোকোৱাহে ভাল; কাৰণ তেওঁবিলাক বিয়া কৰাবৰ বা সোমাবৰ হে পাত্ৰ। বাদ-বিচাৰ বা ইচ্ছা-অনিচ্ছাৰ বিষয়ে বিবাহ-আইন অনুসৰি তেওঁলোকৰ একো স্বত্ত্ব নাই। তথাপি যদি নগণ্য সেই পুতলী দুটিৰ কিবা কথা কোনোবাই শুনিব খোজে, তাত নো আমাৰ নিচিনা সভ্য-ভব্যৰ আপত্তি কি?

 হেমোৱে হলে কেতিয়াবাৰেপৰা ভাবিছিল, সুভাৰ লগতে তেওঁৰ বিয়া হ’ব। সুভায়ো যে এই কথা ভাবিছিল, তেনে কথা ডাঠি কব নোৱাৰি। দুয়ো ডাঙৰ হোৱাত হেমোক দেখি সুভা কেতিয়াবা ৰঙা পৰি উঠা, আৰু বাটেদি যাওঁতে হেমোৰ ফালে নেদেখাকৈ বেৰৰ সুৰঙ্গাই দি চাই থকা প্ৰভৃতি কেতবোৰ কথা লৈ সমনীয়া ছোৱালীবিলাকে প্ৰায় হাঁহি-তামচা কৰিছিল বুলি কোৱা শুনা যায়। আগৰ কথা যি হক, যেতিয়া ডাক্তৰনী আৰু বৰমহৰীয়নী দুয়ো ঠিক একে তালে, একে চেৱে। একে কথাকে লৈ তোল পাৰ লগাবলৈ ধৰিলে, তেতিয়া অকল হেমো-সুভায়েই নহয়, ওচৰ-চুবুৰীয়া জ্ঞাতি-কুটুম সকলোৱে মনতে ভাবিলে যে, এই বিয়াখন হলেই; মুঠতে মন্ত্ৰ কেই-আষাৰি মাতিব আৰু হোমৰ আম-খৰি কেইডালি পুৰিবলৈ হে বাকী আছে। [ ৩২ ]  ডাক্তৰনী আৰু বৰমহৰীয়নীৰ কথাত তেওঁলোকৰ স্বামী দুজন ঘূৰিলেই বুলিব লাগে। মাজে মাজে তেওঁলোক দুয়ো এই বিষয় আন্দোলন কৰিবলৈ ধৰিলে। হওঁতে হওঁতে বিয়াৰ দিন আদি ঠিক কৰিবলৈ এদিন এজন পণ্ডিতক মাতিলেই।

( ৪ )

 কালৰ কি লীলা। ইয়াৰ ভিতৰতে আকৌ কেবাটাও কথাই বৰ মেৰ পাক লগাই দিলে। এদিনাখন পুৱা, দুটামান ডেকা লৰাই লৰা-ঢপৰা কৰি একোবাৰ টেলিগ্ৰাফ অফিচলৈ গৈছে আৰু আহিছে। হেমোৰ সেই দিনা এণ্ট্ৰেঞ্চ পৰীক্ষাৰ খবৰ আহিব; কোনোবা এজনে পালেই। লাহে লাহে এটা এটাকৈ Reply prepaid টেলিগ্ৰাম দি সকলোবিলাকে খবৰ আনিলে। হেমোৰ ইমান সময় সাহ হোৱা নাছিল; ভাবিছিল আন কাৰবাৰ খবৰতে আহে যদি আহক। শেহত কাৰো খবৰত একো নিষ্পত্তি নোহোৱা দেখি, পয়চা বাৰ অনা খৰচ কৰি নিজেই তেওঁ এখন টেলিগ্ৰাফ দিলে। উত্তৰত আৰু যি হবলগীয়া সেয়ে হল।

 হৰমোহন “ফেইল” হোৱা কথাতো নগৰৰ গোটেইখনতে ওলাই গল। ডাক্তৰে শুনি নাক কোঁচালে, ডাক্তৰনী তেতিয়াই বৰমহৰীয়নীৰ ঘৰলৈ আহিল; আৰু সুভাৰ চকুত কোনে জানে কিয়, এটোপা চকুলো বিৰিঙিছিল।

 তাৰে তিনি দিনৰ মূৰত ডাক্তৰৰ মৰম আৰু টেলিগ্ৰাম আহিল;— তেওঁ যেনে আছে, তেনে তেতিয়াই আন এখন জিলালৈ [ ৩৩ ] বদলি হল। নগৰ গোটেই খনত সেই বাতৰি বিয়পি পৰিল আৰু ডাক্তৰৰ ঘৰত বই-বস্তু বন্ধা-ছটাৰ গোলমাল লাগি পৰিল।

 এইবিলাক ঘটনাৰ ফল হল, ডাক্তৰৰ আৰু বৰমহৰীৰ লগত এখন মেল। তাৰ ফল হল এয়েই—যে সম্প্ৰতি সুভা আৰু হেমোৰ হব-খোজা বিয়াখন হব নোৱাৰে; সি কিছুদিনলৈ পিচ হোঁহকক। ডাক্তৰনী আৰু বৰমহৰীয়নীয়ে কিবা গুন্-গুনালে; কিন্তু ৰাতি তামোলৰ বটা আগত লোৱা সেই গুন্-গুননি ডাক্তৰ আৰু বৰমূহৰীৰ কিবা কথাতে নোহোৱা হল।

(৫)

 ইয়াৰ তিনি দিনৰ পিচত ডাক্তৰ যাবলৈ ওলাল। জাহাজৰ ঘাটলৈকে তিনি মাইল মান বাট; তাত গৈ মাইকী মানুহ দুজনীক তুলি বই-বস্তু তোলা বহুতে আহুকাল হব বুলি ভাবি জাহাজত উঠোতে সহায় কৰিবলৈ ডাক্তৰে এজন মানুহ বিচাৰিছিল। ওচৰত হেমোৱেই “ফেল” হৈ এই কেই দিন মিছাতে হে বহি আছে দেখি বৰমহৰীয়ে হেমোকে যাবলৈ ক’লে।

 ৰং মনেৰে হক, খং মনেৰে হক, বাইছিকোল খনত উঠি হেমো জাহাজ ঘাটলৈ গৈ ডাক্তৰক সপৰিবাৰে জাহাজত তুলি দিলে। অলপ পাচতে জাহাজ এৰি দিলে।

 হেমোৱে ঘাটত থিয় হৈ জাহাজ খনৰ ফালে অলপ পৰ চাইছিল, সকলোৱে চায়। দুটি চকু তেওঁৰ চকুত পৰিল, আৰু দুয়ো অলপমান পৰ চকুৱে চাই ৰল৷ সুভাই যেন এবাৰ [ ৩৪ ] চকু মোহাৰিলে, এনেতে জাহাজেও পাক ঘূৰিলে, দুয়ো নেদেখা নেদেখি হ’ল।

 উভতি আহোঁতে হেমোক বাটত বুঢ়া বৰুৱা ডাঙৰীয়াই লগ পাই বৰ বিমন দেখি কলে, “ফেল হলে বোপা, ইমান দুখ কৰিব পায় নে? এই বাৰ ভালকৈ পঢ়, পাছ হবি।”

( ৬ )

 ইয়াৰ পাছত বহু দিন গল। হেমো সেইবাৰ ‘ফেইল’ হলেও, তাৰ পাছত ভালেমান বছৰ ঘঁহি পিঁহি বি, এ লৈকে পাছ কৰি তেওঁ জীৱনৰ মহৎ উদ্দেশ্য সাধিলে। বৰ মহৰীৰো বহুদিনৰ আশা পূৰ হ’ল; তেওঁ বংশীধৰ মুঞ্চুপৰ জীয়েকক হেমোলৈ বিয়া কৰাই আনিলে; আৰু বৰ-চাহাবৰ অনুগ্ৰহত হেমোক পোনতে চবডিপুটিৰ কামটোতে সুমাই দিলে। কপালীৰ কপাল!

 ডাক্তৰৰ হলে আমি আৰু খবৰ নাপালোঁ,—তেওঁ বদলি হৈ তাৰপৰা আৰু কলৈ গল আমি তাৰ ভু ৰাখিব নোৱাৰিলোঁ।

( ৭ )

 হৰমোহনক সকলোৱে হাকিম বুলি মাতে। ‘আদব কায়দাও’ তেওঁৰ হাকিমী—তেওঁ তেওঁতকৈ নীহ পদৰ কোনো মানুহৰ ঘৰলৈ নগৈছিল; কাৰো ঘৰত চাহ এটোপাকে নুছুইছিল; এনেকি, পদত তেওঁতকৈ নীহ এনে কোনো মানুহৰ লগত [ ৩৫ ] ভালকৈ কোনো কথা-বাৰ্ত্তাকে নাপাতিছিল; কথা কলেও কেতিয়াবা অ-ঠাইত জোৰ দি অলপ ‘হাকিমী কায়দা’ খটাই ধীৰে সুস্থে কৈছিল। এইবিলাক স্বত্ত্বেও কিবা এখন চাহ-বাগিচাৰ ২০ টকা কি ২১ টকা ৰূপ দৰমহা পোৱা কোনোবা এজন কেৰানীৰ লগত কিবা কাৰণত তেওঁৰ বৰ মিল হৈছিল। সেই কেৰানীজনৰ ঘৰলৈ তেওঁ যায়ো, তাত খায়ো। কোনে জানে, ‘হাকিমী মিজাজ’ৰ কথা? শাস্ত্ৰয়ো কৈছে—

“লোকোত্তৰাণাং চেতাংসি কো নু বিজ্ঞাতুমৰ্হতি।”

 আৰু আচৰিত কথা;—এদিনাখন এই কেৰানীজনৰ ঘৰলৈ গৈ হৰমোহনে তেওঁৰ ঘৰতে খালেও, আৰু ৰাতিটোও কটালে। পাছ দিনা পুৱা তেওঁ আহিলত, কেৰানী আৰু তেওঁৰ ঘৈণীয়েকজনীৰ ভিতৰত এনে কথাবাৰ্ত্তা হৈছিল বুলি শুনা যায়:—

 ঘৈণীয়েকঃ—আমাৰ ইয়ালৈ হাকিম ইমান ঘনাই বা কেলেই আহে?

 কেৰানীঃ—কি নো বেয়া পালা? তেওঁ আন কাৰো নঙলাৰ মূৰতে ভৰি নিদিয়ে। আমাৰ ইয়ালৈ আহিল কি হল?

 ঘৈঃ—আমি দুখীয়া মানুহ, খৰচ পত্ৰ বহুতো হয়। নহায়েহে ভাল।

 কেঃ—এ, কি খৰচৰ কথা কোৱা ! আমাৰ ইমান খাতিৰ দেখা নাই নে?

 ঘৈঃ—এৰক খাতিৰ দেও হে! হাকিম আৰু আহিব [ ৩৬ ] নেলাগে। আপুনি যি প্ৰকাৰেই হক হাকিমক বুজাই দিব যে তেওঁ আহিলে আমি ভাল নেপাওঁ।

 কেঃ-এইবোৰ কি মায়াহে তোমাৰ? তেনে কথা কিয় কোৱা?

 ঘৈঃ-মোৰ কথামতেনো আপুনি এটা কামো নকৰে নে? মই কৈছোঁ বুলিয়েই কব।

 কেঃ—তোমাক হলে তেতিয়া বৰ ভাল বুলিব নহয়?

 ঘৈঃ—তেওঁ বেয়া বোলাটো বাৰু থৈ দিয়ক, কওকচোন আপুনি কব নে নকয়? নেমাতি থাকিল দেখোন? মোৰে শপত কব।

 শেহৰ কথা আষাৰ যেন কান্দোনৰ সুৰত বাজি আহিল, আৰু তেওঁ একেচাবে উঠি গৈ ঘৰৰ পিৰালিত ফেকুৰিবলৈ ধৰিলে। কেৰানীয়ে “ও আই, এইটোও কিবা দায় লগা কথা হল নে? আহাঁ সুভা! আহা! কম বাৰু, তুমি নেকান্দিবা।” এই বুলি ঘৈণীয়েকক হাতত ধৰি ভিতৰলৈ লৈ আহিল।

____

[ ৩৭ ]

পখী

 আদি দৰশনৰে পৰা মই জগতৰ সৌন্দৰ্য্যত মোহ গলোঁ। যেতিয়া পূব পিনে ভঙা ভঙা মেঘৰ ভিতৰেদি ৰঙা জেউতিয়ে ভুমুকনি মাৰে, আৰু সেই ভুমুকনিৰ উদগণিতে পখীয়ে সুমধুৰ সুৰেৰে গীত ধৰে, তেতিয়া দেখোঁ জগত সৌন্দৰ্য্যেৰে ভৰপূৰ; সৌন্দৰ্য্যতে পৰাণ নাচি উঠে। যেতিয়া সন্ধিয়া আলসত ভাহি জোনটিয়ে নিজনি পানীত নিজৰ ছবিটি চাই নিজে অধীৰ হয়, আৰু তৰাবোৰে স্বৰ্গব দুৱাৰেদি তেওঁক চাই থাকে, তেতিয়াও দেখোঁ সৌন্দৰ্য্যৰে জগত ভৰপূৰ; সৌন্দৰ্য্যত পৰাণ মতলীয়া হয়। যেতিয়া বহল শ্যামবৰণীয়া আকাশৰ গম্ভীৰ সৌন্দৰ্য্য বিয়পি পৰে আৰু সেই সৌন্দৰ্য্যৰ আভাস পাই মুকলিমূৰীয়া পখীবোৰে আকাশত নানাভাৱে উৰি ফুৰে, তেতিয়া দেখোঁ সৌন্দৰ্য্যেৰে জগত ভৰপূব, জগত সৌন্দৰ্য্যময়। অনন্তৰ পিনে উৰি-ফুৰা এই পখীবোৰে মোক মুগ্ধ কৰিব পাৰে; অনন্ত আকাশৰ তলত সিহঁতৰ অনন্ত উদ্দেশি গান শুনি মোৰ বৰ ভাল লাগে। সদায় তেনে গীত শুনিবলৈ পাম, এই আশাৰে এটি পখী পুহিবলৈ বৰ মন গল। এটি সুন্দৰ সোণৰ সজা কৰালোঁ। পখীৰ লাগতিয়াল সকলো বস্তু তাত বৰ শুৱলাভাৱে সজালোঁ। নিতৌ নীল আকাশৰ তলত বনৰ ওচৰত বহি বহি পখীক মাতোঁ, “পখি! মোৰ মৰমৰ পখি! তোমালৈ এই সোণৰ। [ ৩৮ ] সঁজাটো সজাইছোঁ; ইয়াত সদায় তোমাক বননিত পাবলৈ নাইকিয়া সোৱাদ ফল মূল খাবলৈ দিম। মোৰ মৰমৰ পখি! তুমি ইয়ালৈ আহা; মই তোমাৰ গীত শুনি শান্ত হওঁ।” কিন্তু এদিনো এটি পখীও মোৰ ওচৰলৈ নাহিল। দিনে দিনে মাতোঁ, আৰু দিনে দিনে দেখিবলৈ পাওঁ, পখীবোৰে মোৰ মাত শুনি দীঘলকৈ এটি শুহৰি মাৰি হাঁহি গুচি যায়। নিতে উদাস মনেৰে ঘৰলৈ উলটি আহোঁ।

 বাতি শুই থাকোঁতে এদিনাখন এটি সপোন দেখিলোঁ। দেখিলোঁ,—কুমলীয়া পাতেৰে শুৱনি এজুপি ফুলৰ গছ। বাতি জোনৰ কিৰণ আৰু নিয়ৰৰ টোপাল পৰাৰ বাবে ফুলকেইটি চকচকীয়া হৈ উঠিছে। তাতে বহি এটি শুৱনি পখীয়ে শুৱলা তানেৰে গীত ধৰিছে। গান শুনি বৰ ভাল লাগিল। সাৰ পাই শুনিলোঁ, যেন দূৰৈত ললিত সুৰৰ গীত; খিৰিকীৰ মুখেৰে কেছাটিমান জোনাকৰ ৰেখা আহি ধপধপীয়া বিছনাত পৰিছে। লাহেকৈ উঠি খিৰিকীৰ ওচৰলৈ আহিলোঁ; আহি দেখিলোঁ, দেখি তবধ মানিলো। দেখিলোঁ,-সৰু বৰ গছেৰে ভৰা ফুলনি ওপৰত দিগন্ত-প্ৰসাৰিত সুনীল গগন; তাতে ৰূপহী জোন; চাৰিওপিনে অসংখ্য তৰাৰ থুল; লাহে লাহে সমীৰণে পুখুৰীৰ পানীত ললিত হিল্লোল তুলি ফুলৰ কোমল শৰীৰ অলপকৈ কঁপাই দিয়াত, ৰূপালী কিৰণৰ আলিঙ্গনত অৱশ হৈ নিয়ৰ পৰি চিকণ হৈ থকা ফুলে জিকিমিকি মৰাৰ ছলতে এটি অফুট হাঁহি মাৰি লৈছে; [ ৩৯ ] চাৰিওপিনে মধুৰ শোভা, চাৰিওপিনে সৌন্দৰ্য্য; চাই চাই বৰ ভাল লাগিল। তাতে আকৌ শুনিলোঁ এটি গীত পুৱতি জোনাক নিশা দূৰৈৰ বননিত শুনা বাঁহীৰ সুৰৰ নিচিনাকৈ লাহে লাহে বায়ু বিকম্পিত কৰি বতাহৰ সুৰে সুৰে নাচি নাচি উঠি অনন্ত আকাশত সুমধুৰে বিলীন হৈ গৈছে। চাৰিওপিনে মধুৰ তান, চাৰিওপিনে সৌন্দৰ্য্য, শুনি শুনি বৰ ভাল লাগিল। প্ৰকৃতিৰ সুখোন্মাদি সৌন্দৰ্য্যত মানৱ মন ডুবি গল। আকৌ যেতিয়া চেতনা পালোঁ, শুনিলোঁ মোৰ ওচৰতে সেই শুৱলা সুৰ, ললিত তান, সেই মধুৰ গীত। লাহেকৈ চকু মেলিলোঁ; দেখিলোঁ মোৰ পখী, যাক ইমান দিনে বিচাৰি পোৱা নাছিলোঁ, যাক মাতি মাতি অনিব নোৱাৰিছিলোঁ, মোৰ সেই পখী মোৰ ওচৰতে বহি মধুৰ তানেৰে গীত ধৰিছে। দুই হাতেৰে পখীটিক সাবটি ধৰি কলোঁ, “পখি! মোৰ আদৰৰ ধন! তোমাক ইমান দিন বিচাৰি ফুৰিছোঁ; ইমান দিন পিছে পিছে খেদিছোঁ; এতিয়া আৰু তোমাক যাবলৈ নিদিওঁ, এই সোণৰ সজাত সুমাই থম।” মোৰ কথা শুনি পখীয়ে আকৌ মধুৰ তানেৰে দীঘলকৈ সুৰ এটি মাৰিলে। কলে যেন, “মৰমৰ বিত! তোমাক এৰি মই কলৈ। যাম!”

 তেতিয়াৰপৰা যেতিয়াই সংসাৰৰ হাই-উৰুমি সহিব নোৱাৰা হওঁ, যেতিয়াই সংসাৰৰ বেমেজালিৰ ভিতৰত পৰি মূৰৰ ঘিউ ধুনাধুন হয়, তেতিয়াই পখীৰ এটি সুমধুৰ গীত শুনো; আৰু সুকলোপিনে দেখিবলৈ পাওঁ—স্নিগ্ধ সৌন্দৰ্য্য; নতুন উৎসাহত [ ৪০ ] কামত ধৰোঁ। যেতিয়া শোকে দুখে মন কাতৰ হয়, তেতিয়া পখীৰ এটি মধুৰ গীত শুনো, শুনো আৰু তাতে মোহ যাওঁ। এদিনাখন পখীটিক লগত লৈ মনৰ উদগণিতে পৰ্ব্বতলৈ গলোঁ। দূৰৈৰপৰা প্ৰকৃতিৰ গাম্ভীৰ্য্যৰ প্ৰতিকৃতি দেখি মূৰ দোৱালোঁ। মনে মনে কলোঁ, “পৰ্ব্বত! তুমি ধন্য।” ঘূৰণি-মেৰণি থকা সুৰসুৰীয়া বাটেৰে পৰ্ব্বতৰ ওপৰলৈ উঠিলোঁ, আৰু এড়োখৰ শুৱনি ঠাই পাই তাতে বহিলোঁ। চাৰিওপিনে ঘন বননিৰ মাজতে দূবৰিৰ কোমল দলিচা পতা। ওপৰত আকাশ-ছুই-থকা গছৰ শান্ত গম্ভীৰ মূৰতি; অলপ দূৰৈত অম্বৰ-চুম্বি গিৰি-শৃঙ্গ ডুব- যাওঁ ডুব-যাওঁ হোৱা বেলিৰ একতীয়া কিৰণৰ ৰক্তিম ৰাগেৰে ৰঞ্জিত। ওচৰেদি কুল কুল গীত গাই নিজৰা অবিৰাম গতিৰে বৈ গৈছে। তাৰে ওচৰতে ঘনপতীয়া লতাৰ নিকুঞ্জৰ তলতে বহিলোঁ। এনে ঠাইত পখীৰ গীত শুনিবলৈ বৰ ইচ্ছা হল। পৰ্থীক কলোঁ, ‘পখি, মোৰ সোণ, এটি গীত গোৱা।” পখীয়ে গীত ধৰিলে,-- সেই গীত মধুৰভাৱে নিজৰাৰ কুলুকুলু গীতৰ লগত মিহলি হৈ অপাৰ আকাশ ভেদি অনন্তত মিলি গল; অনন্ত সেই গীতৰ প্ৰতিধ্বনি তুলি মুখৰিত হল। পৰ্ব্বতৰ টিঙে, পাটত বহা চকাই, সেই গীত শুনি শুনি মোহন আবেশত বিভোৰ হৈ বিলীন হল। কৃষ্ণা তৃতীয়াৰ আন্ধাৰে সেই গীত শুনি শুনি তমোগুণ এৰি শুৱনি জোনাকৰ বখলাৰ নিচিনা হৈ যেন লাহে লাহে ঘূৰি ঘূৰি ওপৰলৈ উঠি গল। গহীন গছৰ শ্যামল পাতৰ মাজেদি, শুৱনি লতাৰ কোমল পল্লবৰ ভিতৰেদি, মিঠা জোনাকৰ ৰেখা আহি [ ৪১ ] চাৰিওপিনে বিয়পি পৰিল। মৃদুমন্দ বতাহৰ চুমা পাই কিৰণ- বেখাৰে হাঁহি নিজৰাৰ জল চেৱে চেৱে কঁপি উঠিল। পখীয়ে আকৌ এটি গীত ধৰিলে,-গীতৰ সুৰ চেৱে চেৱে বতাহত ঢৌ খেলাই আকাশ ভেদি ওপৰলৈ উধালে, উধাই উধাই কিৰণো- দ্ভাসিত নীল জগতত পমি গল। গীত শুনি মোহ গলোঁ; বিমোহন গীত শুনি পশু-পক্ষীৰে সৈতে বননি বিমোহিত হল, নিতাল মাৰি গম্ভীৰভাৱে শুনি থাকিলো। এনেতে যেন দেখিলোঁ নীল আকাশত অতি উজ্জ্বল এটি ফোট; উলাহতে যেন উজ্জ্বল জোনাকৰ মাজেদি সি গহীনভাৱে নামি আহিছে। লাহে লাহে সেই ফোট তললৈ আহে মানে দেখিলোঁ, ফোট গুচি এডালি সুন্দৰ মালা হল। মালাৰ ফুলৰ গগন্ধেৰে জগত উপচি পৰিল, সেই শোভাত সেই সৌৰভ মিহলি হৈ মন মুহি পেলালে; দেখিলোঁ যেন মালাধাৰি মোৰ পখীৰ মূৰৰ ওপৰতে পৰিল। তাৰপৰা আৰু কি হল কব নোৱাৰোঁ। কিমান সময়ৰ পিছত কব নোৱাৰোঁ, সাৰ পাই দেখিলোঁ, পখী মোৰ ওচৰতে। কিন্তু ই কি! প্ৰাণহীন! মই মাতিলোঁ, “পখি! উঠা, মই তোমাক ইমান আদৰ কৰিছোঁ, মই মাতিলেও নাহিবা নে?” চাৰিওপিনৰ পৰা যেন আন্ধাৰৰ আবৰণী-লোৱা পৰ্ব্বত, বননি আৰু প্ৰকৃতিয়ে

গম্ভীৰ প্ৰতিধ্বনি তুলি উত্তৰ দিলে—“নাহিব।” [ ৪২ ]

নৈৰ দাঁতিত

( ১ )

 তেতিয়া শাওণৰ মাহ, বাৰিষাৰ দিন। কেতিয়া কৰপৰা বৰষুণ আহি উটাই বুৰাই জুৰুলা-জুপুৰা কৰে, কবই নোৱাৰি। এদিন নৈ এখন পাৰ হৈ কিবা কামত আন এখন গাৱলৈ গৈছিলোঁ; আহোঁতে এনেকুৱা এজাক লৰা-ধপৰা, বৰষুণে পাই নিজৰ ক্ষমতা- খিনি ভালকৈ দেখুৱাই হে এৰিলে। ছাতিটি তৰি কুকুৰখুজীয়া লৰ দি আহোতে নৈৰ কাষৰ বাটতে বুঢ়ী এজনীক লগ পালোঁ। নৈৰ দাঁতিত এটি পঁজা; সেইটি বুঢ়ীজনীৰ ঘৰ। বৰষুণৰপৰা ৰক্ষা পৰিবৰ আশাৰে সেই ঘৰটিতে সোমালোঁ। কিন্তু ঘৰটিৰ চালৰ লগত খেৰৰ কেতিয়াৰপৰা মনোবাদ কব নোৱাৰোঁ, ভালকৈ মনি চালেহে খেৰ থকা বুলি জানিব পাৰি;—আজিকালিৰ বিশ্ববিদ্যালয়ৰ ডেকাসকলে হলে বিত-চকুৰ সজ ব্যৱহাৰ কৰিব পাৰিলেহেতেন! বৰষুণৰ পানী অবাধে ঘৰৰ ভিতৰত পৰিছিল; মজিয়াত যিবোৰ গাঁত আছিল সি পানীৰে পূৰ হৈছিল; আৰু তাৰে লগত ভাত-ৰন্ধা আখাৰপৰা পানী মিহলি হৈ ঘৰৰ ভিতৰতে নতুন প্ৰয়াগৰ সৃষ্টি কৰিছিল, অৰ্থাৎ গঙ্গা-যমুনাৰ সঙ্গমৰ প্ৰতিৰূপ উৎপন্ন কৰিছিল। বুঢ়ীজনীৰ বয়স আঢ়ৈ কুৰিমান যেন দেখি; কিন্তু পাছত জানিব পাৰিছোঁ, একুৰি [ ৪৩ ] গল্পাঞ্জলি পোন্ধৰ বা ষোল ৰছৰমান হে; দুখে-কষ্টে বয়সৰ ভাগৰ মাৰি দিছিল। প্ৰথমতে দেখেতেই তেওঁৰ ৰূপে যে এদিন পূৰ্ণিমাৰ জোনকে লাজত পেলাব পাৰিছিল তাক বুজিব পাৰি। এতিয়া দেহটি ক্ষীণ, চুলিবোৰ বগা; দাতৰ পাৰিত দাত নাই বুলিলেও হয়; মুঠতে বৰ হালুক অৱস্থা। যদিও এনে ধৰণৰ তিৰোতা- জনীক চকুৱে বুঢ়ীত বাজে আন অখ্যান দিব নোখোজে, তথাপি ভাগ্যবানৰ ঘৰৰ নাইবা পশ্চিম দেশৰ হলে যি তিৰোতাক যুবতী হে বোলা উচিত, তাক যমে-লাই-পোৱা এনে কচুৱা নাম দিবলৈ ইচ্ছা নজন্মিল; সেই কাৰণে, তেওঁৰ নাম ধৰিয়েই কওঁ-- তেওঁৰ নাম মালতী। মোক তেওঁৰ ঘৰত অতিথি হোৱা দেখি মালতীৰ খকো- মকো এখন লাগি পৰিল। বহিবলৈ দিবলৈ একো নাই; ইপোনে তেওঁৰ কানি কাপোৰ যি আছিল সকলো তিতি যায়? মই নিজে এচলা পাট টানি আনি বহিলোঁ, আৰু তেওঁক বয়- বস্তুবোৰ চাবলৈ কলোঁ। অলপ পাছতে বৰষুণ এৰিলে। কান্দনৰ পাছত লৰাৰ মুখৰ হাঁহিৰ নিচিনা, সূৰ্যৰ কিৰণে গছৰ আগ জিমিকাই দিলে। কেতিয়াবাৰপৰা মালতীক দুটা বা এটা কথা সুধিম বুলি ভাবিছিলো; এতিয়া অলপ আজৰি পাই সুধিলে।। মালতীয়ে যি কলে তাক তেওঁৰ কথাত কোৱা টান, মোৰ নিজা কথাতে কওঁ। [ ৪৪ ] নৈৰ দাতিত যি ঠাইৰ কথা কৈছো, তাৰপৰা অলপ দূৰৈতে এঘৰ ডাঙৰ মানুহৰ বসতি। কেইটামান টিনৰ ঘৰে বগা মূধ কেইখন উলিয়াই ওচৰৰ গছবোৰক খিজিলিয়াইছে। মালতীয়ে কলে, “বোপা। এদিনাখন সেই ঘৰ মোৰ আছিল। তেতিয়া মই হাজাৰ মানুহক খুৱাইছিলে।। আজি মই আনৰ ভৰিত ধৰি পেটৰ ভাত উলিয়াব লাগে।” তেওঁৰ চকুৰপৰা কেইটোপমান গধুৰ চকুৰ লো সৰি পৰিল। মালতী সৰুৰেপৰা বৰ অভাগিনী—কুক্ষণত জনম পোৱা কুলক্ষণী ছোৱালী। তেওঁৰ মাক বাপেক বৰ আঢ্যৱন্ত মান্যৱন্ত মানুহ আছিল। সুকলমে গৃহস্থিখন চলাই সুখেৰে খাই লৈ আছিল। যেতিয়া তেওঁৰ বয়স পাঁচ বছৰ, তেতিয়া তেওঁৰ পিতাকৰ মৃত্যু হল। বিধবা মাকে একেটি মাথোন সন্তান মালতীক বুকত লৈ কথমপি দিন কটাবলৈ ধৰিলে। এবছৰৰ মূৰত সেই চেনেহৰ প্ৰতিমা, পবিত্ৰতাৰ আধাৰ মাকেও মালতীক অপাৰ সংসাৰত অকলে এৰি থৈ এই জীৱনৰ দুখ আৰু কষ্টৰ- পৰা মুক্তি লাভ কৰিলে। পাঁচোটি বছৰ এদিন ইয়াৰ ঘৰত, এদিন তাৰ ঘৰত থাকি মালতীয়ে এঘাৰ বছৰ বয়সত ভৰি দিলে। বামুণৰ ছোৱালী; বিয়াৰ বয়স পাৰ হৈ গল। মাক- বাপেক-নোহোৱা নিসহায় নিৰুপায় মাউৰী মালতীক কোনে [ ৪৫ ] গল্পাঞ্জলি বিয়া দিয়ে। এইদৰে আৰু তিনটি বছৰ পাৰ হল। মালতীৰ বয়স তেতিয়া চৈধ্য বছৰ। ( যেতিয়া পদুমৰ কলিটি লাহে লাহে ফুলিবলৈ আগবাঢ়ে, অথচ সেই বাঞ্ছা তৃপ্তি নহয়; যেতিয়া দ্বিতীয় বা তৃতীয়াৰ জোনৰ ক্ষীণ কলাটি পূৰ্ণিমাৰ পূৰ্ণতা পাবলৈ ব্যাকুল হয়, অথচ সেই আকাঙক্ষা পূৰ নহয়; তেতিয়াৰ কলিত, সেই জোনত, এটি অতৃপ্ত বাসনা, এটি আনন্দব ব্যাকুলতা আৰু এটি মধুৰ উন্মাদনা ফুটি উঠে, যি বৰ্ণাব নোৱাৰ সুন্দৰ। এই বয়সত ৰূপ আৰু সৌন্দৰ্যৰ হেন্দোল- দোলত এজন ডেকাৰে সৈতে মালতীৰ বিয়া হল। সমাজৰ মুখলৈ চাই আৰু গুৰুজনৰ কথা নুশুনি সেই ডেকাজনে মালতীক বিয়া কৰালে। এই ডেকাজনৰ নাম কালীনাথ। কালীনাথৰ ঘৰ ইয়াতে; যি ঘৰৰ কথা কৈছিলো, সি কালীনাথব। মাক বাপেকৰ লৰা-ছোৱালীৰ ভিতৰত কালীনাথেই মাত্ৰ। পুৰণিকলীয়া শাস্ত্ৰৰ বিৰোধে, সমাজৰ বিবোধে আৰু গুৰুজনৰ বিৰোধে মালতীক বিয়া কৰোৱা দেখি কালীনাথৰ পিতাকে তেওঁক ঘৰত সোমাব নিদিলে। তেৱেঁ। নানা ঠাইত ঘূৰি ঘূৰি কাম কাজৰ সংগ্ৰহ কৰিলে আৰু মালতীকে লগত লৈ সুখে খাই লৈ থাকিল। তেতিয়া তেওঁলোকৰ এটি লৰা হল। ফুল ফুলিলে গছৰ, জোন উঠিলে আকাশৰ যেনে শোভা হয়, মালতী আৰু কালীনাথে এই অমৃত-গঢ়া বস্তুটি পাই তাতোকৈ [ ৪৬ ] নৈৰ দাতিত ৩৯

বেছি আনন্দিত আৰু শোভান্বিত হৈ উঠিল। কালীনাথে তেতিয়া তেওঁৰ পিতাকব ধন-সম্পত্তিৰ আশা এৰি দিছিল; নিজৰ ওপৰতে নিৰ্ভৰ কৰি সংসাৰৰ ভাৰ চলাইছিল, লৰা- তিৰোতক পোহপাল দিছিল; আৰু সোণৰ অলঙ্কাৰ, ভাল ভাল কাপোৰ, গোন্ধথকা তেলৰৰ খৰ-পাতি যোগাব পাৰিছিল; বৰ টানত পৰা মানুহক দুটি এটি পইচাও দিব পৰা হৈছিল। এনেতে কালীনাথৰ পিতাকৰ মৰণৰ সময় উপস্থিত হল। ঘৈণীয়েকে পুতেকৰ কথা বৰকৈ কান্দি কাটি কোৱাত তেওঁ কালীনাথক আহিবলৈ দিবলৈ সন্মত হল। কিন্তু পণ্ডিতসকলে ব্যৱস্থা দিব নোৱাৰিলে যে কালীনাথে পিতকৰ কাজ-কাম কৰিব পাৰিব। ইফালে একো সঠিক হবলৈ নৌ পাওঁতেই পিতাকৰ মৃত্যু হল; ভতিজাক এজনে তেওঁৰ কাজ-কাম সমাপন কৰিলে। | কিন্তু হাজাৰ হওক, মাকৰ মন বৰ কোমল আৰু বৰ চেনেহৰ। কালীনাথৰ মাকে শাস্ত্ৰ-সমাজ সকলোকে কাতি কৰি থৈ কালীনাথক ঘৰলৈ আনিবলৈ ঠিক কৰিলে; আৰু সেই উদ্দেশ্যে নাও মানুহ পঠিয়ালে; কালীনাথে ঘৰৰ বিবৰণ শুনি, আদৰৰ মাকৰ সুখ ভাবি নাৱত উঠিল, সকলোৱে ঘৰ বুলি [ ৪৭ ] ৪ ০ গল্পাঞ্জলি যাত্ৰা কৰিলে। ইয়াতে মালতীয়ে কান্দিলে। নাদব উঠি অহা পানীৰ বেগ যিদৰে অমনীয়, তেওঁৰ চকুলোও তেনে।। তেতিয়াও শাওণ মাহ; এনে আধা-তিতা আধা-শুকান দিন; এনেকুৱা ভৰা নদী; নদীৰ পাৰৰ আৰু গাওঁ আদিৰ বৰষুণ পৰা পাতৰ ওপৰত সূৰ্যৰ বেঁকা কিৰণ পৰাৰ বাবে এনেকুৱা জিমিকীয়া অৱস্থা; এনেকৈয়ে দূৰৈৰ চৰাইবোৰে বাহলৈ বাট-মেলা দিছিল। সেইদিনা মালতীৰ মনত আনন্দৰ সীমা নাই; ইমান দিনৰ মূৰত শাহুৱেকক পাব; নতুন মাক এজনী মিলিব! কালীনাথ অতুল সম্পত্তিৰ অধিকাৰী হৈ সকলোৰে মাননীয় হব! তেওঁৰ সোণৰ পুতলী লৰাটিৰৰ আজি হাঁহিত ঠাই নাই; কালীনাথো আনন্দতে পূৰ; ইমান দিনৰ মূৰত মাকক দেখি কি কৰিব, কেনে লাগিব তাৰেই কথা বতৰাত ব্যস্ত। সেইবোৰ কথা মালতীয়ে শুনিছিল। মালতীৰ নাও আগ কৰি দি কালীনাথ অলপ পাছত আহিছিল, যাতে তিৰোতাৰ গোলমাল ভাগিলে শান্তিৰে মাকৰ চৰণত এটি সেৱা কৰিব পাৰে, তেওঁৰ আদৰৰ চকুলো আশীৰ্বাদেৰে সৈতে শিৰত ধৰি শান্ত আৰু পবিত্ৰ হব পাৰে। মালতীৰ নাও ঘটত লাগিল; শাহুৱেকে আহি লৰাটিক কোলাত তুলি লৈ চুমা খাই খাই কন্দুৱাই পেলালে; বোৱাৰীয়েকক আকোৱাল মাৰি ধৰি আশীৰ্বাদ কৰিলে; আৰু হাতত ধৰি নাৱৰপৰা নমালে; চাৰিও ফালে আনন্দ আৰু উৎসৱত [ ৪৮ ] নৈৰ দাঁতিত

থিয় হৈ থকা গাভৰুসকলে উৰুলি পাৰি মালতীক লগৰীয়াৰ সম্ভাষণ-বাতৰি জনালে; নদীৰ পাৰ আনন্দে বিয়পি পৰিল। এনেতে নৈৰ ফালৰপৰা কিহৰ এটি কেনে শব্দ আহিল? সকলোৱে চাই দেখিলে কি সৰ্বনাশ! হায়! হায়!! সৌৱা চাকনৈয়াত পৰি কালীনাথৰ নাও বুৰ গল। তাৰ লগতে ইমান আনন্দ, ইমান আশা সকলো অনন্ত জলত বুৰ গল!! পণ্ডিত-সজ্জনে কলে শাস্ত্ৰ নামানাৰ এই ফল। মালতীৰ জীৱনৰ অশা-ভসা সকলে সিদিনা সেই দুখৰ নৈত ডুবি গল। শাহুৱেকে লৰাটিৰ লগত মালতীক সাবটা মাৰি ধৰি পাৰে মানে কান্দিলে। সংসাৰৰ ৰীতি অনুসৰি শোকৰ সেই ডুবাই-ধৰা বেগ লাহে লাহে কমি আহিল; কেৱল নিশাৰ এটি ছবি তেওঁলোকৰ চাৰিওফালে ঘূৰি ফুৰিব ধৰিলে। কিন্তু, এই দুখতল, এনেকুৱা নিৰানন্দৰ গেলা ঠাইতত, লৰাটিৰ অফুটা মাত আৰু মধুৰ হাঁহিৰ কিৰণে তেওঁলোকৰ চকুৰপৰা কেতিয়াবা সুখ-দুখ-সনা চকুৰ পানী টানি আনিছিল। সংসাৰত সন্তানৰ সমান সুখৰ সামগ্ৰী কি আছে? ( ১০) মালতীৰ শাহুৱেক আৰু বেছি দিন নাচিল। ইয়াৰ ছমাহৰ মূৰতে তেওঁৰ পৰলোক হল। (ইয়াৰ ভিতৰতে বহুত টকা খৰছ কৰি তেওঁ মালতীক সমাজ-ভুক্ত কৰি লৈছিল; টকাৰ মুখ দেখি পণ্ডিতসকলৰ ব্যৱস্থাৰ আখৰবোৰে সাজ [ ৪৯ ] ৪২ গল্পাঞ্জলি

সলাইছিল।) কিন্তু যেতিয়া মানুহক দুখে লগ ধৰে, তেতিয়া সি অকলশৰীয়া হৈ নাহে : তাৰ বিজয় পূৰ কৰিবলৈ অনুৰে। লগতে থাকে। মালতীয়ে ঈশ্ববক চিন্তি আৰু নিজৰ কপালৰ ওপৰতে সকলে দুখৰ ভাৰ দি, কোনোমতে পুতেকটিক বুকত বান্ধি লৈ থাকিল; নিৰ্দয় বিধাতাৰ সিও সহন নহল। সংসাৰত বন্ধুহীন বিধবা এজনাব একেটি মাথোন মৰমৰ অমৃত-সনা বস্তু, সেই লটিকো মাৰি নিলে। হায় বিধাতা! এনে দুখুনীৰ একেটি মাথোন ৰতন, তাকে কাঢ়ি নি কি সুখ পোৱা! মালতীৰ জীৱন উদ্দেশ্যহীন হল; জীৱনৰ প্ৰতি তেওঁৰ শ্ৰদ্ধ৷ নাইকিয়াত পৰিল। এতিয়া মালতীৰ অতুল সম্পত্তি; ইমান সম্পত্তিৰ তেওঁ কথাকে শুনা নাই। কুৰি বছৰ বয়সত ইমান দুখ কষ্ট সহি আৰু ইমান সম্পত্তিৰ অধিকাবিণী হৈ, মালতীয়ে কি কৰিব একো বুজিব নোৱাৰিলে। আন্ধাৰ জীৱনৰ বাকী সময় খিনি, কোনোমতে কটাব পাৰিলে মালতীৰ উদ্ধাৰ; তেওঁৰ ইমন। টকাৰ দৰকাব কি? দূৰ সম্পৰ্কৰ দেৱৰ এজনক সকলে ভাৰ গতাই দি তেওঁ নিশ্চিন্ত হব খুজিলে। খত হল; খত বেজেষ্টৰী হল। ইমান দিন মালতীৰ মন আছিল, আদৰ আছিল, কাবণ টকা আছিল। এতিয়া টকা আনৰ হল, লগতে মান আদব সিও আনৰ [ ৫০ ] ৪৩ হল। মালতীয়ে তেতিয়া নানাপ্ৰকাৰ লাঞ্ছনা সহি নিজৰ ৰজাৰ নিচিনা সম্পত্তি আনক দি এতিয়া নৈৰ দাতিৰ এই পঁজাটিত বাস কৰিছে। এতিয়া তেওঁক কোনোৱে মানুহ নোবোলে; কোনোৱে উলটি নাচায়; বাপ ভাই দহজনত খুজি মাগি যি এমুঠি চাউল পায় তাৰেই পোৰা-পেটক সন্তোষ কৰি ৰাখে। এতিয়া মালতীৰ একমাত্ৰ বাঞ্ছা এই সংসাৰৰ পৰা বিদায় লোৱ। যি ঠাইত তেওঁৰ সংসাৰৰ সকলো আশা আৰু ভৰসাই বুৰ মাৰিছিল, সেই ঠাইৰ সমুখত বহি নিতৌ চকুলোৰে মালতীয়ে তেওঁৰ দেৱতাক এই পোন্ধৰ বছৰ পূজা কৰিছে; তেওঁৰ মৰমৰ মালতীক নিবলৈ এই পোন্ধৰ বছৰ প্ৰাৰ্থনা জনাইছে। মালতীৰ

ইমান ফেৰি শেষ বাঞ্ছাও পূৰ নহয় নে? [ ৫১ ]

সন্ন্যাসিনী

( ১ )

 সন্ন্যাসিনীয়ে কলে, “মহিমা শুনিবা”? মই মাত লগালোঁ, “মই তো শুনিম শুনিম কৈ আছোঁৱেই, তোমাৰ আপত্তি নাথাকিলে কোৱা।” “তেন্তে কওঁ শুনা” এই বুলি সন্ন্যাসিনীয়ে আৰম্ভ কৰিলে।

( ২ )

 “সি আজি ত্ৰিশ বছৰৰ কথা। এই ডেৰ কুৰি বছৰ এটা কথাই মনৰপৰা নেৰাৰ বাবে সি সাধাৰণ কথাৰ নিচিনা হৈ উঠিছে। এতিয়া আৰু তাৰ নিমিত্তে দুখ নহয়। তেতিয়া মোৰ বয়স ১৫/১৬ বছৰ। ঘৰত পিতাদেও আৰু ককাইদেও। ককাইদেৱে কলিকতাৰ কলেজত পঢ়ে। মই তেতিয়া অবিবাহিত। চিনা জোকবোৰে যিদৰে এডাল বনত উঠি চাৰিও পোনে আন এডাল বন বিচাৰি লেউ লেউ কৰে, মোৰ মনতো তেনে এটা ভাব। কি যেন এটা বিচাৰোঁ, কিহৰ যেন অভাৱ বুলি চকুৱে চাৰিওপিনে চঞ্চলভাৱে চায়। এনেতে এদিন এজনা অতিথি আহি আমাৰ ঘৰত উপস্থিত হল। তেওঁ ককাইদেৱৰ সমপাঠী, ককাইদেৱৰ বন্ধু। গতিকে শুশ্ৰুষাৰ ভাৰ মোৰ ওপৰত পৰিল, বিশেষ ঘৰত ময়ে অকল তিৰোতা। [ ৫২ ] পাছ দিনা পুৱা তেওঁ যাবলৈ ওলোৱাত মই কলোঁ, “আজি নগলে নহয় নে?” এইদৰে মোহন আমাৰ ঘৰত সাত দিন থাকিল। তেতিয়া বন্ধৰো অন্ত পৰিল; তেওঁ ঘৰলৈ গল।

( ৩ )

 “মোহন যাবৰ দিনা মোৰ মনত কি এটা ভাবৰ উদয় হল, ফুটাই কব নোৱাৰোঁ; অলপ দুখো লাগিল, আনন্দও যেন অলপ হল। সেই ভাবটি প্ৰকাশ কৰিবলৈকো যেন লাজ লাগে, আৰু মোৰ ভাব-গতিক দেখিও যেন আনে বুজিব পাৰে, এনে বোধ হল। যি হক মনৰ কথা অতি গোপনে চেপা দি ৰাখিলোঁ। সিদিনাৰপৰা মোহনৰ কথা ভাবি ভাল লগা হল। দুদিনৰ পাছত সকলো কামতে সেই একে কথা মনত পৰি থাকিবলৈ ধৰিলে। ৰাতি শুই শুই মায়াময়ী কল্পনাৰ বলত সুখৰ ৰাজ্য আঁকিবলৈ ধৰিলোঁ। এনেতে ককাইদেও কলিকাতালৈ গল। যাৰৰ দিনা কিছুমান কথা কম বুলি মনতে ঠিক কৰি ৰাখিছিলোঁ, কিন্তু লাজে ভেটি ধৰিলে। মনে মনে ভাবিলোঁ, চিঠি লিখিম।

( ৪ )

 “এনেতে পূজাৰ ছুটি আহিল, ককাইদেৱৰ ঘৰলৈ অহাত সাত দিন পলম হল। পিতাদেৱে ককাইদেৱক সুধিলে, কাৰণ কি? তেওঁ কলে যে, “মোহনৰ জ্বৰ হৈছিল, ঘৰৰপৰা মানুহ গৈ নোপোৱাৰ কাৰণে আহিব পৰা নাছিলোঁ”। পিতাদেও [ ৫৩ ] মনে মনে থাকিল। মোৰ মনে হলে নামানিলে। নিবলত কথাৰ মূৰত ককাইদেৱক সুধিলোঁ, কেনে জ্বৰ৷ শুনিলোঁ, মোহনৰ জ্বৰ টান, বাঁচিবৰ আশা সমূলি নাই। যদি বাঁচি উঠে, সি আয়ুসৰ জোৰ। মনৰ পিঠিত গধুৰ বোজা দি মনে মনে শুই থাকিলোঁ। ৰাতি টোপনি নহল : যিখিনি সময় অলপ চকু লাগিছিল, তাতে বহুত বেয়া সপোন দেখিলোঁ৷

( ৫ )

 “পূজাৰ বন্ধ শেষ হোৱাত ককাইদেও আকৌ কলিকাতালৈ গল। এইবাৰো মোহনৰ খবৰ-বাতৰি লিখিবৰ কথা কব খুজিছিলোঁ; ইবাৰো লাজে ভেটা দিলে। মনৰ গতি বৰ অদম্য। দিনকে দিনে মোহনৰ কথা ভাবি, তেওঁ ভাল হল নে নাই সেই চিন্তাতে বলিয়াৰ নিচিনা হলোঁ। মনত শান্তি নাই; খোৱা-লোৱাতো সুখ নাই। পাছে ক্ষীণাই যাবলৈ ধৰাত পিতাদেৱে দৰব-পানী দিলে; ফল হলে একো দেখা নগল। সবশেহত মনৰ বেগ সামৰিব নোৱাৰি মোহনৰ নামে এখন চিঠি লিখিলোঁ। কিন্তু ঠিকনা ককাইদেৱৰ নামে দিলোঁ। তলত নাম দিলোঁ পিতাদেৱৰ। উচিত সময়ত তাৰ উত্তৰ পোৱাত হে মনে পতিয়ন মানিলে।

( ৬ )

 “পূব আকাশত ৰাঙলী বেলিটি ওলালে পদুমপাহে যেনেকৈ পোনাই চাই থাকে, ৰূপহী জোনৰ ৰূপালী কিৰণত মুগ্ধ হৈ [ ৫৪ ] যিদৰে ভেট ফুলপাহে জোনলৈ পোনাই চায়, ময়ো মোহনৰ প্ৰতি সেইদৰে চাই ৰলোঁ; কিন্তু মহিমা, তাৰ হলে প্ৰতিদান নহল! লাহে লাহে সেই আশা ফেৰাও অন্তৰ্হিত হল। মনে মনে ভাবিলোঁ, কলেজৰ বিজ্ঞান, দৰ্শন বা সাহিত্য প্ৰভৃতিৰ মাজত প্ৰেমৰ আলচ পতাৰ সময় সমূলি নাই; ভালপোৱাৰ কথা ভাবাৰ অবসৰো বৰ কম! কলেজ বৰ কঠুৱা! কিন্তু, লালসাই এনে কথা মানিব কিয়? অলপ-অলপকৈ ঢিলাই দিলে যেনেকৈ বৰ কঠিন বান্ধো সোলোক-ঢোলোক হৈ আহে, ভালকৈ পতি নকৰিলে যিদৰে তেজাল পুলিটিও বৃদ্ধি পায়, সেইদৰে মোহনৰ প্ৰতি সেই ভালপোৱা ভাব, যিহৰে অভাৱত হওক, লাহে লাহে ক্ষীণাই আহিল৷ শেহত মোহন স্মৃতি-সপোনৰ নিচিনা হৈ পৰিল। কিন্তু, একো বেয়া নাভাবিবা মহিমা, যৌৱনৰ তেজৰ বলত ভালপোৱা আৰু প্ৰেমৰ লক্ষণ সচৰাচৰ এনেই হয়; কাৰণ অতৃপ্ত বাসনা!

( ৭ )

 “এই অতৃপ্ত বাসনা আৰু অদম্য ইন্দ্ৰিয় বেগে মোহনক ক’ত উটাই-বুৰাই নিলে তাৰ ঠিক নহল৷ মনে আৰু নতুন বিচাৰিলে। এই বাৰ ঘনশ্যাম নামে এজন যুবা মোৰ বাসনাত আলহী সোমাল৷ মহিমা, বেজাৰ নাপাবা, মোকো নিলাজী নুবুলিবা, যৌৱনৰ মত্ততাত মানুহে বিবেকৰ বিৰোধে নাভাবি নুগুণি বহুত পাপ কাম কৰে। কবলৈ লাজ লাগে, ঘনশ্যামৰ লগত মোৰ অবৈধ প্ৰণয় ঘটিল। [ ৫৫ ]  লো এডোখৰ তপতে-তপতে বৰ গৰম; পানীত পেলাই দিয়া মাত্ৰে ভক্‌ভকায়, ফক‌্ফকায় আৰু নাচি উঠে। কিন্তু, যেতিয়া তাৰ পানীৰ প্ৰতি আকৰ্ষণ বা লালসাই তৃপ্তি লভিলে, তেতিয়া সি যেনে লো তেনে।

 আমাৰো সেয়ে হল। যেতিয়া দিন গল, যেতিয়া তেজৰ পিৰপিৰণি কম পৰিল, বাসনা তৃপ্ত হল, তেতিয়া তাহানিৰ লালসাৰ গৰম ভাব সেৰেঙা পৰিল। তেতিয়াহে বুজিলোঁ, কি কৰি কি কৰিলোঁ। ঘনশ্যামে মোৰ সংশ্ৰব এৰিলে। তেতিয়া আৰু কতো শান্তি নোপোৱা হলোঁ। সদাই মনত এটা উচপিচনিৰ ভাব। তেতিয়া আকৌ বহুদিনীয়া মোহনৰ সেই মোহন মূৰতি লাহে লাহে হৃদয়ৰ এচুকত দেখা দিলেহি। কিন্তু মনত শান্তি নহল। বাহ্যিকত সুখ নাই। যি সংসাৰক দুদিনৰ আগেয়ে অমৃতৰ অক্ষয় ভাণ্ড যেন ভাবিছিলোঁ, সেই সংসাৰে বিষত পৰিণতি লভিলে। মোহনৰ সেই অস্ফুট ছবিটিয়ে মনত আৰু অশান্তিৰ উদয় কৰিলে।

( ৮ )

 “আকৌ হাঁহি মাৰি দীৰ্ঘ-বন্ধে দেখা দিলে। ককাইদেও এই বাৰ বি-এল মহলা দি কলিকাতাতে আছিল; এতিয়া আহিল। এদিন এখন চিঠি ককাইদেৱৰ অসাবধানতাৰ বাবে পৰি গল। দেখিলোঁ, চিঠিখন মোহনৰ। মনে খুদমুদালে। মেলি পঢ়িলোঁ— [ ৫৬ ]
 

“প্ৰিয় নাৰায়ণ!

 সৰু কালৰেপৰা আমি দুয়ো একে লগে পঢ়ি ইমান ডাঙৰ হলোঁ। এতিয়া সংসাৰত প্ৰবেশৰ দিন৷ কিন্তু, এটি কথা বহু দিনৰেপৰা মোৰ মনতে আছে, আজি তোমাক কম, তুমি ঠাট্টা নকৰিবা। কথা এই,তোমাৰ ভনীয়েৰাক বিয়া কৰাবৰ ইচ্ছা। যিদিন তিনি চাৰি বছৰ আগেয়ে তোমালোকৰ ঘৰলৈ গৈছিলোঁ, তেতিয়াৰপৰা এই ইচ্ছা আছে। ইমান দিন কোৱা নাছিলোঁ; কাৰণ উপযুক্ত সময় নহলে কামনা কৰা বৃথা৷ প্ৰেম এলেহুৱাৰ উপভোগ্য নহয়। মই যিমান জানো, তোমাৰ ভনীয়েৰাৰ অমত নহব; এই কথা তুমিও জানিব পোৱা। * * * মনৰ গতি সংযম কৰিব নোৱাৰি কিবা লিখিলে ক্ষমা কৰিবা। উত্তৰলৈ বাট চাই ৰলোঁ।”

 চিঠিখন দুই তিনি বাৰ পঢ়িলোঁ। পিছত ককাইদেও আহিলত তেওঁক দিলোঁ। তেওঁ সুধিলে, কাৰ চিঠি? মই একো নমতাকৈ গুচি আহিলোঁ।

( ৯ )

 “বিয়া হৈ গল; কিন্তু অশান্তিৰ শেহ নপৰিল। মোহনৰ আদৰ, মোহনৰ প্ৰেম, সকলো বিহ যেন হল। এদিন মোহনক কলো, “মই আপোনাৰ উপযুক্ত নহওঁ; মোক পৰিত্যাগ কৰক”। মোহনে একো নামাতিলে, মোৰ প্ৰতি তেওঁৰ আদৰ বেছি হে হল। অভাগিনী মই; মোৰ সি অসহনীয়। মই [ ৫৭ ] আকৌ কলোঁ, “মোক ত্যাগ কৰক; মোক ত্যাগ কৰক।” মোহনে কলে, “কমল! এনে নিদাৰুণ কথা শুনাই তুমি কি সুখ পোৱা?” মই মোহনৰ ভৰিত পৰি কলোঁ, “আপুনি দেৱতা।” আৰু কথা নোলাল। গিৰিগিৰকৈ চকুলো পৰিব ধৰিলে। মনতে ভাবিলোঁ, এনে হেন দেৱ-চৰিত্ৰ; ইয়াক পাপিনীৰ সংস্পৰ্শত মলিন হবলৈ নিদিওঁ। এদিন মাজ নিশা মোহনৰ অজ্ঞাতসাৰে ঘৰৰপৰা বাহিৰ হলোঁ; সিদিনাৰেপৰা মই সন্ন্যাসিনী।”

____

[ ৫৮ ]

অদৃষ্ট

( ১ )

 ধনীৰামৰ ককায়েক চাহ বাগিছাৰ মহৰি। তেওঁৰ টকা- কড়ি, ধন-বিত, সাজ-সম্পত্তি যথেষ্ট। গাৱঁত ধনী, মানী, প্ৰখ্যাত লোক আছিল।

( ২ )

 ধনীৰামৰ বিয়ালৈ পাঁচ দিন আছে। ককায়েকে ভাবিছিল, অগেয়ে মাৰৈ-পূজা এটা কৰি পাছত বিয়া পাতিব। ছোৱালীৰ ঘৰলৈ জোৰণ-ভোজন যি দিব লাগে সকলোকে দিয়া হৈছে। সুতৰাং মাৰৈ-পূজাৰ পাছতে বিয়া পাতিবলৈ একো দিগদাৰি নাছিল।

 পাঁচ দিন থকাত গধূলি ককায়েক ঘৰলৈ আহিল। সেই দিন পূজাৰ জাগনী। পুৱতি ৰাতি তেওঁ এবাৰ বাহিৰলৈ গল; তাৰ পাছতে বতিয়ালে। পাছ দিনা এপৰমান বেলা হোৱাত হাইজাত ককায়েকৰ মৃত্যু হল। আনন্দৰ কোঢ়াল শোকৰ কান্দনত তল পৰিল।

( ৩ )

 বিয়া নহল, অশোচত পৰিল। অশৌচ যোৱাত বৌৱেক তেওঁৰ মাকৰ ঘৰলৈ গল। অশৌচৰ ভিতৰতে টকা-কড়ি [ ৫৯ ] গল্পাঞ্জলি অলঙ্কাৰ-পত্ৰ ভায়েকৰ হাতত পলুৱাইছিল। যাওঁতে বাকী- খিনিও লৈ গল। কেঞা মহাজনৰ তত ককায়েকৰ কিবা বাকী আছিল। ছল-চক্ৰান্ত কৰি সি মাটি-বৃত্তি গোটাইখিনি নিলাম ডাকি ললে। ধনীৰাম নিতান্ত দুখীয়া হল। সময়ৰ লগত, নিজৰ গাৰ কানি-কাপোৰ বেচি-কিনি হে পেট প্ৰবৰ্তাই থাকিব লগাত পৰিল। | হব-খোজা শহুৰেকে ধনীৰামলৈ ছোৱালী নিদিয়া কেতিয়াবাই ঠিক হৈ গৈছিল আৰু ছোৱালীৰ আন ঠাইত বিয়া হৈ গৈছিল। ধন-বিত, অৰ্থ-সম্পত্তি একো নাই; তেনে স্থলত বিয়া দিলে ছোৱালী নো কি খাই প্ৰবৰ্তিলেহেতেন? কিন্তু মানবী জন্মত জনম আৰু মৰণৰ নিচিনা বিয়াও তো এটা অৱশ্যে হবলগীয়া কাৰ্য! সুতৰাং ভাই-ককাই, আত্মীয়-বন্ধু সকলোৰে উপদেশ মতে ধনীমে টেপু-বাপুৰ ঘৰত সাত কুৰি টকাত বন্ধ সোমাই এশ টকা আনিলে আৰু তাৰ দ্বাৰাই কোনোবা এজনী মাউৰী ছোৱালীৰ পাণিগ্ৰহণ কৰি নিজৰ জীৱনটোক ধন্য কৰিলে। আৰু পিতৃ-পিতামহকে পুন্নাম নৰকৰপৰা উদ্ধাৰৰ বাটটো মুকলি কৰি দিলে। নিঃকিনৰ দুখৰ লেখ লয় কোনো দুখীয়াৰ দুখ দেখি পুতৌ। [ ৬০ ] অদৃষ্ট কৰে কেইজনে! সংসাৰৰ চাৰিওফালে ইমান শোকৰ আৰু দুখৰ হাহাকাৰ যে কি শোকে যে কাৰ হিয়াখনি ফটাই দিছে, কি দুখে যে কাৰ জীৱনটোৰ ওপৰত দাঙিব নোৱাৰা ভাৰ তুলি দিছে তাৰ হিচাব কৰিব কোনে! আৰু কৰিয়ে বা অন্ত পাব কোনে! সাত-কুৰি টকাৰ বন্ধা! প্ৰথম বছৰত কাট মুঠতে ৬ টকা। টেপু-বাপু বামুণ মানুহ। আগেয়ে যেই নহওক, কিছুদিন ‘বঙাল’ত থকাৰ পৰা তেওঁৰ টকা কেইশমান গোট খাইছিল। তাৰেই ‘তেজাতি’ কাৰবাৰ কৰি তেওঁ সদাগৰ হল! পাছত ‘তেজাতি’ কাৰবাৰৰ তেজতে দুই চাৰি ঘৰ যজমাননা কৰি ললে। তেওঁৰ গৃহস্থিৰ ভিতৰত তেওঁ আৰু বামুণনী। পুতেক চাৰিজন, চাৰিওজনে ‘বিলাত কৰিছে। টেপু-বাপুৰ ঘৰত বামুণনীৰ মতে কাম কাজ মুঠেই নাই। ধনীমে খাই শুই বহি হে দিন কটায়, মুঠতে হালখন যি দুই এপাক ঘূৰাই আনে; তাকে। কেঁৰা-দিপৰত। ধনীৰাম আগেয়ে সুখীয়া মানুহৰ ঘৰৰ লৰা; জানি শুনিও যে তাক বাপুৱে বন্ধ। ৰাখিলে সেইবাবে নো কিমান দিন এই দম্পতীৰ ভিতৰত ৰোহ কাজিয়া, ভাত-নোখোৱা-নোবোলা আৰু হৈছিল তাক ইয়াত লেখ দিয়াৰ সকাম নাই। যি হওক, পুৱাৰেপৰা ৰাতি ডেৰ পৰলৈ ধনীৰামে একে গাৱঁতে থাকিও ঘৰত এবাৰ আহিবৰ, নাইবা নতুনকৈ ঘৰত অনা ছোৱালী জনীৰে সৈতে এবাৰ সুখ-দুখৰ কথা পাতিবৰ সময় নাপাইছিল। [ ৬১ ] ল্পাঞ্জলি ৫ ও হব পাৰে—সি বামুণৰ ঘৰৰ কাম-কাজৰ কাৰণেই; অথবা ধনীবামৰ সংসাৰৰ প্ৰতি বিৰাগৰ বাবেই! টেপু-বাপুব—আৰু বিশেষকৈ তেওঁৰ গৃহিণীব, মিঠা মাতত ধনীৰামৰ মন সদাই ইমান আমুৱাই থাকে যে ঘৰলৈ গৈ সি আৰু মিঠা মাত মুখেৰে আনিব নোৱাৰাত পৰিল। হাল লৈ যোৱাত পলম হল, খালে বামুণ-খোৱাই; পথাৰৰপৰা তাহা সোনকাল হল, বামুণৰ মঙহ খালে। পাত কটাত অলপ বেলি হল, মোহিনীয়েক-বাবী-হোৱাই বাৰীত বহি থাকিল! ভোক লাগি পন্তা ভাত খুজিলে, পাইছে খাব ‘তিন টেকেলি’ মাবি। ইত্যাদি প্ৰকাৰে নানা প্ৰকাৰ বিশেষণেৰে সম্বোধিত হৈয়ো ধনীৰমে কাকো এক আবি কথা নয়; নিজ মনে কাম কৰে আৰু ৰোৱাই থোৱাই পেটত এমুঠি পেলাই বামুণ-বামুণনী। শুলে নিশা ঘৰক যায়। | ঘৰ! দুখীয়াৰ আকৌ ঘৰ! দুখীয়াৰে আকৌ লৰা- তিৰোতাৰ প্ৰতি মৰম-দয়া! দুখ—নে নিজ কৰ্ম্মৰ ফল-ভোগ। | বাৰিষাৰ দিন—জিপ-জিপ, জুপ-জুপকৈ দিনে-ৰাতিয়ে বৰষুণ, চাৰিও ফালে বোকা পানী। যতে ততে মহ, জোক, ভেকুলী, কেঁচু, সাপ, দুৰ্গন্ধ আৰু নৰিয়া। ঘৰৰ চাৰিওফালে পচা খালৰ আৰু গোববৰ দুৰ্গন্ধ। চোতালত ভৰি দিব নোৱাৰি আঠু-সমান পোত! পেঁকে খাই [ ৬২ ] অদৃষ্ট ভৰিৰ আধ্যা নোহোৱা কৰিছে! নিশা মহৰ কামোবত তত নাপাই থুপাৰ ধোৱা দি বৰষুণৰ টোপালত ভিজা মজিয়াত কিছুমান আধা-ভিজা খেবৰ ওপৰত ভিজা কানি এখন পাৰি আৰু তেনে বিধৰে কাপোৰ এখন পিন্ধি ধনীৰামৰ নবোঢ়া বধূ! গত দহ, দহ, কৰে জ্বৰ! এয়ে দুখীয়াৰ প্ৰণয়ৰ উপহাৰ! এয়ে দুখীয়াব প্ৰাণিব পুতলীৰ আদৰ! হায় দাবি! এইজনী সুন্দৰী—যাব নিপোটল সুঠাম দেহ, স্বৰ্ণ-গৌৰকান্তি, অনিন্দিত শৰীৰৰ লাবণ্যই ৰাজপাটো শুৱনি কৰিব পাৰিলেহেতেন, বামুণৰ বন্ধা দৰিদ্ৰ ধনীৰমৰ হাতত পৰি তেওঁৰ এই দশা! কম দুখত কবিয়ে কোৱা নাই—“দাৰিদ্ৰঃ-দোযয গুণৰাশি- নাশী”। গিৰীয়েকে দিনে ৰাতিয়ে খাটি টেপু-বাপুৰ ঘৰতে থাকে—ঘৰত যে সুন্দৰী ষোড়শী গাভৰু ছোৱালী এজনীয়ে একান্ত নিৰ্ভৰ কৰি তাৰেই ফালে চাই আছে—ভোক গুচাবৰ যাবে, লাজ গুচাবৰ বাবে, আশ্ৰয় পাবৰ বাবে-সেই কথা ভাবিবলৈ ধনীৰামৰ অবসৰ নাই। থাকিলেও, দীঘল ইমুনিয়াটোকো চেপা মাৰি ধৰি সি নিৰ্বাক নিস্পন্দ হৈ সকলো আঁতৰাই থয়। | আজি তিন দিন ঘৈণীয়েকে খাবলৈ পোৱা নাই; পিন্ধিবলৈ কাপোৰ নাই; ঘৰটো বৰষুণত উৰুষে। চাৰিওফালে বোকা- পানী। ঘৈণীয়েকৰ পুৱাৰপৰা জ্বৰ। কোনে খবৰ কৰে দুখীয়াৰ প্ৰণয়িনীৰ! সেই সময়তে সংসাৰত কিমান সহ- কোটি টকা খেলা বা আমোদত নাইবা অনাৱশ্যকীয় স্বচ্ছন্দতাত [ ৬৩ ] গল্পাঞ্জলি খৰচ হৈছে! কিমান অৰ্থই প্ৰণয়ত আবিলতা আৰু ভোগত অনৰ্থ আনিছে! কিন্তু যি এটি টকাই এনে হিয়া-ভঙা দুখ গুচাব পাৰে, তেনে টক। এটি সংসাবত কত! নিৰ্থক ব্যয়ৰ সহস্ৰকোটি-ভাগব এটা ভাগো নো নাই নে যিহে এই নব- পৰিণীত দম্পতীব এই দুৰ্ভগ শোক লাঘব কৰি দিব পাৰে। ভাগ্যবানে নতুন প্ৰণয়িনীৰ সুখৰ নিমিত্তে, মনত এখন্তক আনন্দ দিবৰ কাৰণে, কিমান খৰচ, কিমান যত্ন কৰে। এই দুখীয়াব তো নতুন তিৰোতা, সিহঁতো তো মানুহ! সিহঁতৰো বাঞ্ছা আছে, সুখ আছে, দুখ আছে! কিন্তু থাকিলে কি হব, সিহঁত যে দুখীয়া, বামুণৰ বন্ধা! ধনীৰামে গামচাৰ চেত মনে মনে—বামুণনীয়ে দেখিলে সৰ্বনাশ—নিজৰ ভাগৰ ভাত কেইটা বান্ধি আনিছিল। সি ভাবি চিন্তি ইয়াকে মুঠে বুদ্ধি পাইছিল, যি উপায়ে ঘৈণীয়েকক খাবনোপাৱাকৈ মৰাৰপৰা সৰুৱাব পাৰে। অতি সন্তৰ্পণে আহি বেজাৰৰ বোজা থোৱাদি ধনীৰামে সেই খেৰৰ শেতেলীৰ এমূৰে বহিল। লাহেকৈ নিজৰ কঠুৱা হাত খন ঘৈণীয়েকৰ হাতত থলে—সেই স্পৰ্শতো যেন কি সুখ! ঘৈণীয়েকে চকু মেলি চালে—সেই চোৱাতেই যেন কিমান প্ৰণয়ৰ আবেগ! মাতিব নোৱাৰিলে, বৰ জ্বৰ, গা হাত দিব। নোৱৰ তপত! ধনীৰামে মাতিলে-“মালতি! কেনে পাইছ?” মালতীয়ে চকু দুটি মেলি গিৰীয়েকৰ মুখৰ ফালে চালে মাত্ৰ-- কি কাতৰতা, কি নিৰ্ভৰতা, কি প্ৰেম, কি শোক আৰু দুখৰ [ ৬৪ ] আকুলতা সেই দৃষ্টিত! ধনীৰামে নিজৰ গামোচাৰ গোচৰপৰা ভাত কেইটা সোলোকাই ঘৈণীয়েকৰ ওচৰত থৈ কলে, “উঠি এগৰাহ খা?” দুয়োৰে চকুৰপৰা গি-গিৰকৈ হিমালয়ৰপৰা পৰা গঙ্গা-যমুনাৰ পবিত্ৰ ধাৰাৰ নিচিনা দুধাৰি চকুলো পৰি দুখৰ দুখন হৃদয়ক কি এক শোক-আবেগত মিলাই দিলে। কিন্তু কি দুৰ্কপাল! মালতীয়ে মতাকৈয়ে গিৰীয়েকৰ মুখৰ ফালে চাই এবাৰ হঠাৎ চকু পিৰিকালে—তাৰ পাছে সকলো শেষ! বাৰিষাৰ গম্ভীৰ ৰজনীৰ আকাশ ভেদি এটা হাহাকাৰ শব্দ

ওপৰলৈ উঠিল!—হায়, বিধাতা! কাৰ উদ্দেশ্যে! [ ৬৫ ]

পশুপতিৰ বিয়া

( ১ )

 জনম আৰু মৰণৰ মাজতে এই দুইৰ নিচিনাই বিয়াও আমাৰ সমাজত অৱশ্যে এটি ঘটনীয় ঘটনা। প্ৰভেদ এই জন্ম মৃত্যু সৰ্বনিয়ন্তা পিতাৰ হাতত; আৰু বিবাহ মানব- সমাজৰ কৰ্ম্ম। পশুপতিৰো বিধাতাব বিধান মতে জন্ম হৈছিল; আৰু সম্ভৱতঃ বিধাতাৰ বিধান মতে তেওঁৰ মৃত্যুও হব। এতিয়া মাজৰ কৰ্ম্ম, সমাজৰ অৱশ্য-কৰ্ত্তব্য বিয়াৰ বয়স তেওঁৰ হৈছিল। বয়স হৈছিল; কিন্তু বিয়া হোৱা নাছিল।

( ২ )

 পশুপতিৰ বিয়া হোৱা নাছিল, আৰু নহবৰ বহু কাৰণো আছিল। পশুপতিৰ বাপেক ধনী অৰু মানী মানুহ আছিল। মানুহে কয়, তেওঁৰ জীৱিত অৱস্থাত তেওঁৰ নিচিনা তেজস্বী, প্ৰতাপী আৰু সাধাৰণৰ প্ৰিয় মানুহ সেই অঞ্চলত আৰু নাছিল। যেতিয়া পশুপতিৰ বয়স মুঠতে দুই বছৰ, তেতিয়া তেওঁৰ পিতাকৰ এটি ডাঙৰ মোকৰ্দ্দমা লাগে। দুই বছৰমান সেই মোকৰ্দ্দমা চলোৱাৰ পছিত তেওঁৰ টকা-কড়ি বহুতো খৰচ হল আৰু এদিনা গুৱাহাটীত থাকোঁতে হঠাতে হাজিয়া বেমাৰত পৰি তেওঁৰ মৃত্যু হল। সেই সময়ত পশুপতিৰ মাক মাথোন তেওঁৰ এক মাত্ৰ অভিভাবক আছিল। শিশু-নায়ক আৰু স্ত্ৰী-নায়ক গৃহস্থৰ [ ৬৬ ] পশুপতিৰ বিয়া।

তাৱস্থা আমাৰ নীতি-বিসকলে যিদৰে বৰ্ণাইছে, পশুপতিৰ গৃহস্থিৰ অৱস্থা তাতকৈ কোনো অংশে কম হোৱা নাছিল। কিছুমান দিনৰ পাছত পশুপতিৰ বাপেকৰ গৃহস্থিত, পুৰণি দোল-দোপ দূৰৰ কথা, পুৰণি ঘৰ-বাৰীও নাইকিয়াত পৰিল। পশুপতি আৰু তেওঁৰ মাক, নিজৰ ঠাইত জীৱিকাৰ বাবে বৰু কষ্ট হোৱাত, মোমায়েকৰ ঘৰলৈ উঠি গল। মোমায়েকে পশুপতিৰ বয়-বস্তু, ঘৰবাৰী সকলোকে বিকি ৫০০, নগদ টক লৈ সেই টকা পশুপতিৰ নামে এজন বামুণক ধাৰ দিলে? কিন্তু দুৰ্কপালৰ কপাল, যিজন বামুণে টকা ধাৰে নিলে, সিও ৭৮ বছৰীয়া এজনী ছোৱালী বিয়া কৰাই “নান্নং নবস্ত্ৰং” হৈ বঙাল খাটিবলৈ গল আৰু তাতে এদিনাখন মৰি থাকিল। এতেকে যেতিয়া পশুপতিৰ বয়স হল আৰু বিয়া কৰাবৰৰ বয়। হল তেতিয়া তেওঁ কপৰ্দকশূন্য দৰিদ্ৰ। কোনে তেওঁক ছোৱালী বিয়া দিয়ে! বিশেষ, বামুণৰ ছোৱালী বিয়া কৰাৰ খুজিলেই বেছি নহলেও হাজাৰ টকাৰ খৰচ! আৰু উপযাচি ছোৱালী পাবৰ জোখায় পশুপতিৰ বিদ্যা-বুদ্ধিও তথৈবচ। কাজে কাজেই পশুপতিৰ বিয়াৰ বয়স হৈছিল সঁচা, কিন্তু বিয়া হোৱাৰ একো সঙ্গতি হোৱা নাছিল। | বিয়া বোলে—‘দিল্লীকা লাড়ু'; যি খাইছে সিও ‘পোষ্টাইছে আৰু যি খোৱা নাই সিও পোষ্টাইছে। আমাৰ সমাজ যেন এই ‘দিল্লীকা লাড্ড’ টো বিলাবলৈ সদায় ব্যস্ত। [ ৬৭ ] গল্পাঞ্জলি ছোৱালীজনী মাটিত পৰাৰ দিনৰপৰা মাক-বাপেকৰ চিন্তা হল, তাইক এই লাড়ুটো কৰপৰা কেনেকৈ দিয়া হব? লৰাৰ। বয়স ৮১০ বছৰ হোৱাৰ দিন ধৰি ভাবনা, তাৰ বাবে এনে এটা লড়ি, মিলে কত? সেই দেখি পশুপতিব সম্বন্ধেও এই লাড়ু বোগাবৰ বাবে সমাজ উদাসীন নাছিল। তেওঁৰ গাৱঁৰ আৰু চিনা-জনা সকলো মানুহৰ আলাপৰ এটা বিষয় আছিল পশুপতিৰ বিয়া। তেওঁব ইষ্ট-কুটুম্ব, বন্ধু-বান্ধব সকলোৰে আলোচ্য বিষয় আছিল পশুপতিৰ বিয়া। তেওঁৰ গাৱঁৰ লৰা-তিৰোতাৰ অসম্ভৱ সম্ভৱ হোৱাৰ উদাহৰণ দিবৰ কথা আছিল পশুপতিৰ বিয়া। কিন্তু ইমান আলোচনা-আলাপ। সত্ত্বেও ২৫/২৬ বছৰমান হোৱালৈকে তেওঁৰ বিয়াৰ কোনো আগন্তুক দেখা নগল। শত্ৰু-পক্ষৰ কোনোৱে কোনোৱে চিন্তা কবি সিদ্ধান্ত কৰিলে—অজলা অঁকৰা সকলোৰে বিয়া হয় আৰু হৈছে; পশুপতি দেখিবলৈ বগা, বয়স মুঠতে ২৫/২৬ বছৰ; ডাঙৰ মানুহৰ সন্ততি; অগিব সম্পত্তিবান আৰু ইফালে ৰামায়ণ, মহাভাৰত, কীৰ্তন, দশম পঢ়িবৰ জোখায় বিদ্যাও আছে—এনে স্থলত কোন ন্যায় বা দৰ্শন শাস্ত্ৰ মতে তেওঁৰ বিয়া নহৈ পাৰে? বাস্তবতে কথাও হল সেয়ে। পশুপতিয়ে বন্ধু-বান্ধৰৰ পৰামৰ্শ আৰু গাওঁ-কুচিলাৰ দিহা মতে অবশিষ্ট যি সম্পত্তি আছিল সকলোকে বন্ধকৰ ঘৰৰপৰা উলিয়াই বিক্ৰী কৰাত [ ৬৮ ] পশুপতিৰ বিয়া তেওঁৰ হাতত টকা পাঁচ শ মান হল। তাত বাদে তেওঁৰ বাপতীয়া সাহোন এধাৰি সোণৰ হাৰ আছিল, সেই ধাবি বেচিও ৩০ ০, মান টকা পালে। আৰু কোনো বন্ধু-বান্ধবৰ পৰাও দুশ মান ধাৰ পালে। যেতিয়া হাজাৰমান টকা তেওঁৰ হাতত হল, তেতিয়া বিয়াৰ দিহা হব লাগে বুলি আগেয়ে ভাৰ-ভেটী- গাখীৰ-কল খুৱাই ৰখা ৮৯ বছৰীয়া ছোৱালীজনীকে গা-ধন সাত শ টকা দি ঠিক কৰিলে। সেই ঠিক মতে বিয়াৰ দিননা ঠিক হল। | বিয়াৰ দিনা বিয়াৰ সাধাৰণ সমাৰৰহেৰে বৰ-বেশী পশুপতি বিয়া-সভাত আহি সোমাল। পূজা-পানী ফুল-দূবা আদি বিয়াৰ অগ-ভাগবোৰ শেষ হোৱাত, ছোৱালী আনিবৰ পৰত ছোৱালীৰ বাপেকে পাতিলে যে, এনে তেনে ভাৰ বেয়া হৈছে, ইমান খিনি গাখীৰ আৰু তিমান খিনি মাছ গেলা, তেনে তেনে সৎকাৰৰ কাপোৰ বেয়া আৰু এনে তেনে বস্তু পোৱাই নাই, সুতৰাং পশুপতিয়ে যদি তেতিয়াই বিয়াৰ মণ্ডলীতে আৰু ২০০ টকা নিদিয়ে, তেনেহলে তেওঁ তেতিয়াই ইয়াৰপৰা উঠি ঘৰলৈ গতি কৰক; কাৰণ, ইয়াৰ লৰচৰ হলে তেওঁ ছোৱালী বিয়া নিদিয়ে; আৰু নিদিয়ে বুলি ততালিকে এটি বিষম অঙ্গীকাৰ কৰিলে। সমজাত সকলোৰে হৈ-চৈ লাগিল আৰু বেচাৰা পশুপতি একো উপায় নাপাই কান্দি পেলালে। শেষত একো উপায়ান্তৰ নেদেখি পশুপতিৰ আত্মীয় কিবা আফিচত মহৰী কাম কৰা মুৰব্বি মানুহ এজনে তিনি দিনৰ মূৰত টকা দিব বুলি হাত-মাৰা-মাৰি কৰাত [ ৬৯ ] গল্পাঞ্জলি ছোৱালী উলিয়াই আনিবলৈ আদেশ পৰিল। বিয়াৰ অৱশেষ খিনি প্ৰজাপতি আৰু সিদ্ধিদাতা গণেশৰ কৃপাত নিৰ্বিঘ্নে সম্পন্ন হৈ গল আৰু পশুপতিও মানবী জনম কৃতাৰ্থ কৰি বিবাহিত হৈ সমাজ আৰু পিতৃ-ঋণ পৰিশোধ কৰিলে। | বিয়াৰ তিন দিনৰ দিনা ছোৱালী আকৌ মাকৰ ঘৰলৈ ফিৰি আহিল। আহি হাত-ভৰি ধুই ঘৰ সোমাল। অলপ পাছতে এবাৰ শৌচ কৰিলে, তাৰ পাছত আৰু এবাৰ; তাৰ পাছতে বাতি হল। সকলোৱে খবৰ পালে ছোৱালীজনী হাজিয়াত পৰিল। গাৱঁৰ দুই এজন জনা-বুজা মানুহে ডাক্তৰ বাবেজ আনি দৰব খুৱাবলৈ পৰামৰ্শ দিলে। ছোৱালীৰ বাপেকে উত্তৰ দিলে, এই ছোৱালীৰ বাবে তেওঁৰ ২০০, শ টকা লোকচান হল, যি দেৰ শ টকা বিয়াৰ তিন দিনৰ দিনা দিবৰ কথা আছিল তাকো তেওঁ পোৱা নাই, এতেকে সেই ছোৱালীৰ বাবদ ডাক্তৰ- কবিৰাজ আনি তেওঁ আৰু পয়চা খৰচ কৰিব নোৱাৰে। যাৰ জন তাক লাগে যদি সি পয়চা খৰচ কৰি চিকিৎসা কৰে, মাৰি পেলায়, যি ইচ্ছা তাকে কৰক। এনেতে পশুপতি ডাক্তৰ এজন লৈ শহুৰেকৰ ঘৰত উপস্থিত হল। ডাক্তৰে সৈতে পশুপতিক চোতালত দেখিয়েই শহুৰেক দপদপাই উঠিল। পশুপতি হে তেওঁৰ ছোৱালীৰ যম হল। পশুপতিয়ে বিয়া নকৰালে আৰু ঘৰলৈ লৈ নগলে তেওঁৰ [ ৭০ ] পশুপতিৰ বিয়া। ছোৱালী আজি যমৰ ঘৰলৈ যাব লাগিলহেতেন নে? পশুপতি সেইবিলাক কথালৈ আওকাণ কৰি শহুৰেকৰ ভৰিত দীঘল দি পৰি আগেয়ে চিকিৎসা কৰিবলৈ অনুমতি দিবৰ নিমিত্তে কাকূতি কৰিবলৈ ধৰিলে। শহুৰেকে কলে যে, তেওঁৰ জন তেওঁক দিয়াত একো আপত্তি নাই। কিন্তু আগেয়ে তেওঁৰ পাওনা টকা দেৰ শ নিদিলে, তেওঁ ছোৱালীক চিকিৎসা কৰিব নালাগে, ছুবকে দিব নোৱাৰে। একো উপায় নোপোৱাত পশুপতিয়ে যি অলপ অলঙ্কাৰ আছিল সেই অলঙ্কাকে দিব বুলি কোৱাতো তেওঁ লিখা-পৰা নোহোৱাকৈ সন্তুষ্ট নহল। তেতিয়া এখন কাকতত সেই চওঁত লিখা-পৰাৰ ভিতৰত সোমাই, পশুপতিয়ে ৰোগীৰ গাত হাত দি দেখিলে গা তেনেই চেঁচা; নাড়ী টিপিলে, নাড়ী পোৱা নগল। | কপাল মূৰ কুৰি সেই দিনাই ঘৈণীয়েকৰ অন্ত্যেষ্টি ক্ৰিয়া সমাপ্ত কৰি পশুপতি ঘৰলৈ গল। আজি তেওঁৰ ঘৰ-বাহিৰ

আৰু অন্তৰ সকলো শূন্য। [ ৭১ ]
 

পুনৰ্জন্ম

( ১ )

 আবেলি চাহটোপা খাই কানি-কাপোৰ পিন্ধিবলৈ কাৰবাৰ কৰিছোঁ—অলপমান ফুৰি আহিবৰ মন৷ এনেতে আলিৰপৰা কোনোবাই মাত লগালে, “কি কৰিছা হে? এতেখানি পৰ নামাতাই চোন।” খিৰিকীৰে চাওঁ, ৰামদাস। “ৰবা অলপমান” এই বুলি খৰধৰকৈ ফুৰিবলৈ ওলালোঁ—দুয়োৰো সেই দিনা পৰ্ব্বতৰ কাষলৈ ফুৰিব যোৱাৰ কথা আছিল।

( ২ )

 ৰামদাসৰ লগত তাহানিৰ কলেজতে চিনাকি। দুয়ো একে লগে পঢ়িছিলোঁ আৰু কেটামান দিন একেলগে একে মেছতে একেটা কোঠালিতে থাকিছিলোঁ৷ তেওঁ বি, এ, ফি, এ পাছ কৰি এতিয়া এজন হাকিম—চাকৰি পোৱাৰ অলপ দিনৰ পাছতেই আমাৰ চহৰ খনলৈ আহিছে মাথোন। আমাৰ ফালে হলে সৰস্বতীৰ কৃপা নহল; বীণাপাণিৰ অলপ—কাৰণ দুই এটা গত বজাবলৈ শিকিছিলোঁ। বৰ্ত্তমান পিতৃদেৱতাৰ ওকালতি আয়ৰ ভাগ লোৱা হয়; ঘৰ চলোৱাৰ আছিলাত ইফালে সিফালে যোৱা হয়; থিয়েটাৰত নাচ-গান কৰা হয় আৰু কোনো মতে পেটৰূপী জনাৰ্দ্দনৰ পূজা-সেৱা চলোৱা হয়। মুঠতে ৰামদাস সম্ভ্ৰমী লোক; আমি “বাজে মাৰ্কা”। যি হক আমাৰ কলেজৰ দিনৰ [ ৭২ ] বন্ধুত্ব গুচা নাছিল; কিন্তু দুখৰ কথা, তেনে বন্ধুত্ব থাকাও নাছিল। নাথাকাত যে মোৰ বা ৰামদাসৰ কিবা এটা দোষ আছিল, তেনে নহয়। আমি ভাল-বেয়া, শুধ-অশুধ, ধুতি-বিধুতি—একো কথা নাজানো, সুতৰাং নামানো। সকলোকে সমান কৰি, সমানভাৱে, সকলো ঠাইতে সকলোকে আত্মবৎ ভাবি, খাই ফুৰাত আমাৰ কোনো আপত্তি নাই। আমাৰ শাস্ত্ৰই সৰু-ডাঙৰৰ কথাকো নকয়। কিন্তু এই বুৰা সমাজটো! চকু চৰহা, কূৰ্চ্চটিয়া, চকুত-চলিহাই-ধৰা, কুঠাৰৰ-কাণ-নমনা-অথচ-বেজীৰ-জলঙা-মনা এই কুন্ধচ বুৰা সমাজটো! ইয়াৰ নো কোব সহিবা কিমান৷ ইয়াৰ অত্যাচাৰত সুখেৰে শান্তিৰে ভাত এসাজ খাব নোৱাৰিলো। এই বুৰা সমাজটোৰ ভয়তেই কঁপি-ডৰি ফুৰিব লগীয়া হোৱাত, আমাৰ দুটাৰ ভিতৰত আগৰ দৰে বন্ধুত্ব থাকাত অলপ বাধা পৰিছিল।

( ৩ )

 ৰামদাসৰ পিতাকে তাহানি গোৱালপাৰা জিলাৰ কোনোবা এখন জমিদাৰীৰ কোনোবা এজন জমিদাৰৰ তলত নায়েব-নে-নাজিৰ এনে কিবা এখন বিষয় খাইছিল। তেওঁ হুনু কেনেবাকৈ কেতিয়াবা কাৰবাৰ এজনী ছোৱালী পাই ঘৰতে তুলি-তালি ডাঙৰ দীঘল কৰিছিল। আমাব শাস্ত্ৰৰ বচন-“অজ্ঞাত কুলশীলস্য বাসো দেয়ো ন কস্যচিৎ”—এই কথাটো মানি চলা নায়েব-নাজিৰ-বিষয় খোৱা ৰামদাসৰ পিতাকৰ উচিত আছিল। সেইটো [ ৭৩ ] নামানাৰ গুণত, সেই বিড়াল-তপস্বী ছোৱালীজনীয়ে ৰামদাসৰ বুকৰ মাজত লুকুৱাই থোৱা প্ৰেমৰ বিতোপন ভাৱ কেইটা এটা এটাকৈ গৰাসিবলৈ কাৰবাৰ কৰিলত, ৰামদাসে বৃদ্ধ জৰদ্গবৰ দৃষ্টান্ত নলৈ, সময় থাকোতে সেই ছোৱালীজনীৰে শৰণাগত হল; আৰু দুয়ো পলাই পত্ৰং মাৰিলে। তেতিয়া তেওঁ চাকৰি পাইছে; সুতৰাং কাৰে মুখলৈ নাচাই বেছ চলি থাকে। কিন্তু গোটাইখন অসমতে হলে তোল-পাৰ লাগি গল যে অমুক বি, এ-জনে হেন হে কৰিলে, তেন হে কৰিলে। ফলত সকলোৱে ৰামদাসক ঘিণৰ চকুৰে চাব ধৰিলে, যদিও হাকিমতিৰ গুণত ঘিণৰ মুখেৰে কোনোৱে একো কব সাহ নকৰিলে। সুতৰাং, নিতান্ত নিৰুপায় হৈ বেচাৰ। ৰামদাসেও সকলোকে ঘিণৰ চকুৰে চাবলৈ বাধ্য হল। গতিকে যেতিয়া ৰামদাস আমাৰ বাপ-পিতৃৰ দিনৰ পুৰণি সমাজৰ ধাৰ খোৱা চহৰ খনলৈ বদলি হৈ আহিল, তেতিয়া এটা হুলস্থূল কাণ্ড লাগি পৰিল। তাতে আমাৰ পিতৃদেৱতা সমাজৰ বৃদ্ধ আৰু নেতা। মানুহক আলাগ-নিলগ কৰা আৰু দোষ-গুণ বিচাৰ কৰি অৱস্থানুযায়ী ব্যৱস্থা কৰা ভাৰটো তেওঁৰ হাততেই আছিল। তেওঁ খাছ পুৰণি চহৰবাসীৰ ভিতৰুৱা সমাজটোক সাৱধান কৰি দিলে, যেন কোনাৱে ৰামদাসৰ লগত জুই-পানী ব্যৱহাৰ নকৰে। মোক তেওঁৰ সহপাঠী বুলি জনাত মোৰ ওপৰত সেই হুকুম আৰু অলপ কৰাকৈয়েই জাৰি হল।

 সেই দেখিয়েই, আমাৰ সম্পূৰ্ণ ইচ্ছা থকাতো আমাৰ ভিতৰৰ বন্ধুতাটো গুলজাৰ হৈ উঠিব পাৰা নাছিল। [ ৭৪ ]

( ৪ )

 “আচ্ছা, ভায়া, তুমি যে তাহানি কলেজত থাকোঁতে তোমাৰ সৰু ভনীয়েৰা এজনীৰ কথা কৈছিলা, তেওঁ এতিয়া ঘৰতে আছে নে কৰবালৈ দিয়া হল? সেইবোৰ কথা এতিয়াও নতুন যেন হে লাগে অথচ সি চাৰি-পাঁচ বছৰ আগৰ।”

 “নুলিয়াবা, ভাই, সেইবোৰ কথা!” এই বুলি মই ৰামদাসৰ আগত সেই দুখৰ কাহিনীৰ মোনা মেলিলোঁ! কেনেকৈ ভাল পাত্ৰ নোপোৱাত মালতীক ডাঙৰলৈ বিয়া নিদি ৰাখিব লগীয়া হৈছিল; কেনেকৈ দুই বছৰমানৰ আগেয়ে মাই আৰু পিতাই কামাখ্যা চাবলৈ আহাত ময়ো তেওঁবিলাকৰ লগত আহিব লগীয়া হৈছিলোঁ। মালতী তেতিয়া ১৫-১৬ বছৰীয়া—কেনেকৈ অকলে ঘৰত এৰি আহিব নোৱাৰি তাইকো লৈ আহিব লগীয়া হৈছিল। আমি যাত্ৰা কৰাৰ ফিৰা দিনা কেনেকৈ ব্ৰহ্মপুত্ৰৰ মাজতে ধুমুহাই পালে—কেনেকৈ নাও ডুবিল—কেনেকৈ আমাক ডোমৰ নাও কেইখনমানে তুলিলে। কেনেকৈ আমি অজ্ঞান আৰু বুদ্ধিহত হৈ আছিলোঁ—পাৰ পাই হে কেনেকৈ আজলী মালতীৰ কথা মনত পৰিল-তাৰ পাছত নিষ্ফল অম্বেষণ, বৃথা ক্ৰন্দন, নৈৰাশ্যৰ হাহাকাৰ, সকলো কথা বিবৰি ৰামদাসৰ আগত কলোঁ। আজলী মালতীৰ মৰম-সানা মাত, নাৱৰপৰা চাৰিওফালৰ গহীন শোভা দেখি তাইৰ নাচি উঠা ৰং; ধুমুহাৰ দিনাৰ ভয়ৰ আৰ্ত্তনাদ, পানীত পৰি উদ্ধাৰৰ বাবে ব্যৰ্থ কাকূতি—এইবিলাক কথা মনত পৰাত সিদিনাও শোকে খুন্দা [ ৭৫ ] মাৰি ধৰিলে। মৰমৰ পাত্ৰৰ কোনো এটা কথা পাহৰিবৰ নে? কোন হৃদয়হীনে তাক পাহৰিব পাৰে, বা মনত পৰিলে চকুৰ পানী এটোপা নেপেলোৱাকৈ থাকিব পাৰে? ময়ো অৰ্থহীন এটোপা চকুপানীৰে মালতীৰ স্মৃতিৰ উদ্দেশ্যে তৰ্পণ কৰিলোঁ! মোৰ লকেটত মালতীৰ সৰু ছবি এটি সুমাই থৈছিলোঁ। সেই স্মৃতিৰ পট, সেই নিৰ্থক প্ৰতিকৃতি ৰামদাসক দেখুৱালোঁ। হায়, মানৱ জীৱন! কাকত আৰু মহীৰে সজা প্ৰতিকৃতি এটাতকৈয়ো ই নশ্বৰ, ক্ষণস্থায়ী!

( ৫ )

 “আহা হে, আমাৰ ঘৰতে চাহ এটোপা খাই যাবাচোন।” এতিয়াহে মোৰ মৰণ; মোৰ তো আপত্তি নায়েই। কিন্তু মানুহে দেখিলে! পিতায়ে শুনিলে! মোৰ চোন বিলাইৰ কথাকে নকওঁ পিতাৰ কি অৱস্থা হব। সমাজৰ আগত দেখোন তেওঁৰ নাক উলিওৱাই টান হব। পেটৰ অসুখ, চাহ খোৱাত মোৰ তৃপ্তি নাই, ইত্যাদি যিবোৰ ছল দেখুৱাব পাৰি, তাৰ আধ্যা কৰিলোঁ। কিন্তু ৰামদাসে যেতিয়া কলে,—“বাৰু,বাৰু!থোৱা তোমাৰ অসুখ! মই আচল কাৰণটো জানো; তোমাৰ জাত যায়, হয় নে হে? তাহানি যে কলিকাতাত টপাটপ মুৰগীৰ কণীৰ শ্ৰাদ্ধ কৰি, ইমান উদাৰতাৰ লেক‌্চাৰ ফেক‌্চাৰ দি, এতিয়া এনেটো ভেকোচন্দ্ৰ সাজিছা!”—তেতিয়া আৰু কি উপায়! মৰণত শৰণ দি অগত্যা গলোঁ গৈ। তেওঁৰ ঘৰৰ ওচৰ পোৱাত [ ৭৬ ] ভালকৈ ইফাল সিফাল চাই লৰ এটা মাৰি একেলগে ঘৰৰ ভিতৰ পালোঁ গৈ—জানোচা কোনোবাই দেখে!

( ৬ )

 তাৰে ফিৰাদিনা মই ৰামদাসৰ ঘৰৰ পদূলিত, ৰামদাসো মোৰ ওচৰতে। এনেতে এখন ঘোৰাৰ গাৰী তাতে থিয় হলহি; আৰু তাৰ ভিতৰৰপৰা বিশুদ্ধ হিন্দু সমাজৰ অগ্ৰণী মোৰ পিতা আৰু তেওঁৰ সহধৰ্মিণী মোৰ মাতৃদেৱী ওলাই আহি সমাজদ্ৰোহী ৰামদাসৰ ঘৰৰ ভিতৰলৈ সোমাই গল।

( ৭ )

 ৰামদাসে কলে, “হয়! আপোনালোকে যিখিনি কলে, তাৰে পাছৰপৰাই মোৰ কথাৰ আৰম্ভ৷ আমিও সেই সময়তে কামাখ্যালৈ আহিছিলোঁ—মোৰ বেছ মনত আছে, তেতিয়া ফাগুন মাহ, অৰ্দ্ধোদয়া-যোগ৷ ধুমুহাৰ আগন্তুক বুজিব পাৰি কামাখ্যাৰ ওচৰৰ বালিতে আমাৰ নাও বান্ধা হৈছিল। ধুমুহাৰ পাছত মুকলি হোৱাত বালিত দেখিলো—মৰা শ এটি; ওচৰলৈ গৈ দেখিলো ছোৱালী এজনী, তেতিয়াও জীয়াই আছে। সেয়ে আপোনালোকৰ চেনেহৰ মালতী! মালতীক অলপ পাছতে চিনি পালোঁ। ককায়েক মোৰ কেনে বন্ধু জানেই। তেওঁ কব পাৰিব কি কাৰণে মই মালতীক মানুহৰ গঞ্জনা সহিও বিয়া কৰাব লাগিছিল।” [ ৭৭ ]  মালতীও তাতেই বহি আছিল। ৰামদাসে মালতীৰ ফালে চালে—সেই তাহানিখন কলেজত থাকোঁতে দুই জনে ঘৰৰ কথা পাতাত ৰামদাসৰ চকুত, মুখত, শৰীৰত আনন্দৰ যি ঢৌৰ খেলা দেখিছিলোঁ, সেই আনন্দ-তৰঙ্গৰ খেলা, স্ফুৰ্তি!

 মালতীয়ে সেই আনন্দ আৰু জয়োল্লাসতে নিজৰ সোণাৱালী হাঁহিৰ সোণালী কিৰণ এটিৰে সকলোকে অবশ কৰি ওৰণী খন টানি ভিতৰলৈ উঠি গল।

—————

[ ৭৮ ]

মালিনী

(পুৰণি আখ্যায়িকাৰপৰা।)

( ১ )

 বাৰাণসী ৰাজ-অন্তঃপুৰৰ ফুলনি-গঙ্গাৰ পাৰৰপৰা বাৰাণসী- ৰাজ কৃকীৰ প্ৰাসাদলৈ বিয়পি থকা ফুলনি। নানাপ্ৰকাৰ ফুল- গোলাপ, ঘূতি, জাই, চম্পা, গুলঞ্চ, গুটিমালী, লবঙ্গ প্ৰভৃতি কুসুমবিলাকে, সূৰ্য অস্ত গমনোন্মুখ সময়ত, ৰবিৰ ৰাঙলী ৰশ্মি পৰি থকা ভাগীৰথীৰ পবিত্ৰ সলিল শোধিত বায়ুৰে সৈতে নিজৰ সৌৰভ মিহলি কৰি উদ্যান দেৱীক অৰ্জন কৰিব ধৰিছে। ওপৰত ডাঙৰ ডাঙৰ গছত পৰি চৰাই বিলাকে সূৰ্য্যদেৱক শোক সঙ্গীত গাই বিদায় দি নিজৰ পোৱালিবিলাকে কি কৰিছে, কি নকৰিছে চাবলৈ ধৰিছে। এনে সময়ত এজন উন্নত-ললাট, দীৰ্ঘবাহু, সুশ্ৰী যুবকৰ লগত ৰূপ-লাবণ্যযুত এজনী যুবতী সেই গঙ্গা-তীৰৰ উদ্যানলৈ আহিল। যি ঠাইলৈ মানুহে শতসহস্ৰ শোকত পীড়িত হৈ গলেও সুখ লভে, সেই ঠাইত এনে দুজন যুবক-যুবতী বহি থকা দেখিলে যে মনত কি সুখ হয়, তাক ভাষাৰে বুজাই কব নোৱাৰি। যুবক-যুবতী উভয়ে নীৰবে আহি বকুল গছৰ তলত থকা শিল এটিত বহিল। বহুত পৰলৈ উভয়ে নীৰব। প্ৰকৃতিও নীৰব; কাৰণ, এতিয়া দিনৰ ভাগ নাই। কেবল কুসুমামৃত পিপাসু মলয়াৰ সংঘৰ্ষণত কোমল কুসুমৰ কোমল অঙ্গৰ পৰা যি শব্দ উঠিছিল, তাকে মাথোন শুনা গৈছিল। বহুত পৰৰ মূৰত [ ৭৯ ] ৭২ গল্পাঞ্জলি যুবকজনে দীঘল হুমুনিয়াহ কাঢ়ি কলে “মালিনি! তেনেহলে তোমাৰ সংকল্পই ঠিক?” যুবকৰ কথাত মালিনীয়ে হঠাৎ একো উত্তৰ নিদি বহুত পৰ ভাবিলে; পাছত কলে, “কি কৰিম। মানুহ নিজৰ অধীন হলে এই সংসাৰক অসাৰ বুলিব নোৱাৰিলেহেতেন। নিশ্চয় জানিবা মই তোমাৰ সুখৰ নিমিত্তে উৎসৰ্গিত-প্ৰাণ। কিন্তু মোৰ মন সেই পিনে ঢাল খাইছে, তাক ওভতাম কেনেকৈ? মোৰ সাধ্য কি?” | “হৰি, হৰি। মহাত্মা জনে তোমাক কিহেৰে বান্ধিলে কব নোৱাৰে। তেওঁক দেখি যি ভাবিছিলো, তাৰ বিপৰীত হল।” | “বিপৰীত একো হোৱা নাই। বাৰু, তোমাৰো এনেকুৱা ইচ্ছা নহয় নে?” “মালিনি, তোমাৰ নিমিত্তে সৰজে প্ৰাণ এৰিব পাৰে; এইটো তোত সামান্য কথা।” “তেনেহলে বাধা কি? “পিতা-মাতা, বন্ধু-বান্ধব।” “বন্ধু-বান্ধবৰ আৱশ্যক?” “আৱশ্যক আছে। নহলে থাকিম কেনেকৈ? মোৰ আচলতে দৃঢ় বিশ্বাস হোৱা নাই। কেৱল তোমাৰ নিমিত্তে হে।” “বিশ্বাস নাই? তেনেহলে কেতিয়াও তোমাক এনেকৈ নকওঁ।” সৰোজকুমাৰে কিছুমান সময় মনে মনে ভাবিলে, পাছত দুখেৰে কলে “মালিনি! মোৰ মনৰ ভাব তোমাৰ আগত গুপুত [ ৮০ ] মালিনী

কৰা উচিত নহয়। আচলতে মহাত্মাজনে তোমাৰ মনৰ ভাব যিমান টানিলে, মোৰ মন সিমান টানিব পৰা নাই।” সৰোজ! তেনেহলে মই কি কৰিম! এতিয়া তোমাৰ ওপৰত নিৰ্ভৰ। মই ঠিক কৰিছো, মহাত্মজিন আহিলেই আৰু মোৰ থাকা নহব।” | “মোৰ অশা?” মালিনীৰ বুকুত শেল পৰিল। হায়! হায়! মালিনীৰ কপালত ইমান দুখ আছিল, আজি সৰোজৰ মুখৰ পৰা এনেকুৱা কথা শুনিব লাগিল! বহুত পৰৰ পাছত কলে, “সৰোজ, তোমাৰ আশা! তোমাৰ আশা নে মোৰ ভাগ্য? নিশ্চয় উভয়ে-পূৰ হব।” “কেনেকৈ?” “উপায় আছে।” “কি উপায়?” | “সৰোজ, নিৰুদ্বেগে থাকা; উপায় হব। এতিয়া চোৱাচোন, ৰাতি বহুত হল। জোনো ডুবিবৰ হল।” উভয়ে নীৰবে উঠিল। সেই গঙ্গাৰ পাৰ আগৰ দৰে আকৌ জনশূন্য হল। জোন বুলি। নৈশ-নিস্তব্ধতা ভঙ্গ কৰি এটি ফেঁচাই “কু” “কু” বুলি মাত লগালে। মালিনী সৰোজ উভয়ে নিজ নিজ ঘৰলৈ গুচি গল। কাণীৰাজ কৃকীয়ে বৌদ্ধ-ধৰ্ম্মৰ প্ৰাদুৰ্ভাবৰ সময়ত ৰাজত্ব কৰে। তেওঁৰ মন্ত্ৰী হিৰণ্যকুমাৰ। ৰাজাৰ কেবাজনো লৰা-ছোৱালী। সচিব-শ্ৰেষ্ঠ হিৰণ্যৰে লৰা-ছোৱালী কেবাজন। আগত কোৱা [ ৮১ ] গল্পাঞ্জলি সৰোজকুমাৰ আৰু মালিনী মন্ত্ৰী-পুত্ৰ ও ৰাজকুমাৰী। সৰোজৰ দুই বছৰৰ পাছত মালিনীৰ জন্ম। তেতিয়া ৰাজা আৰু মন্ত্ৰী বিশেষ সম্বন্ধ থকাহেতু সৰোজ আৰু মালিনী সৰুৰেপৰা একে লগে আছিল, বহিছিল, ৰং কৰিছিল। যেতিয়া মালিনী ৰাজপ্ৰাসাদত শত শত দাসীৰে লালিত হৈ মাধবীলতাৰ নিচিনা বাঢ়িবলৈ ধৰে, তেতিয়া মন্ত্ৰী গৃহতো সৰোজৰূপী বৃক্ষটিয়ে ডাল-পাত মেলিবলৈ ধৰে। সেই সময়ত কোনোৱে ভবা নাছিল যে সেই মাধবীলতা এই ৰসাল-বৃক্ষগামিনী হব। উভয়ে একে ঠাইতে থকা বাবে বাল্যাৱস্থাতে মালিনী আৰু সৰোজ, উভয় প্ৰতি উভয়ব চেনেহ ওপজে। এজন নহলে আনজনে ধেমালি কবিবলৈকে ভাল নাপায়। এজনক নেদেখিলে আনজনে এখকো থাকিব নোৱাৰে। সময়ে কাবা প্ৰতি অপেক্ষা নকৰে। লাহে লাহে মালিনী আৰু সৰোজ, উভয়ে বালসুলভ চপলতা, অকপটতা, পবিত্ৰতা প্ৰভৃতিৰ প্ৰভুত্ব পৰিত্যাগ কৰি, যৌবনৰ গাম্ভীৰ্য, কপটতা, তাপবিত্ৰতা আৰু ৰূপ-গৰ্ব্বৰ দাস হল। তেতিয়া উভয়ে যেন কিহৰ অভাব বোধ কৰিব ধৰিলে। উভয়ৰ হৃদয়ৰ অন্তঃপ্ৰদেশত যেন অস্ফুটস্বৰে কোনোবাই তেওঁলোকৰ অভাব সোঁৱৰাই দি গীত গাব ধৰিলে। সঁচা কথা কবলৈ হলে, উভয়ৰে শিশু অৱস্থাৰ শিশু-স্নেহ যৌবন অৱস্থাৰ প্ৰেমত পৰিণত হল। | তেতিয়া ৰাজা, মন্ত্ৰী আৰু ৰাজ্যৰ আন আন সকলে। [ ৮২ ] মালিনী ভদ্ৰলোকে জানিলে, মালিনী-কমলিনী সৰোজ-মিহিৰাভিমুখিনী। মালিনী যদিও যৌবন-আক্ৰান্ত। যুবতী তথাপি সোজ তেওঁৰ ভাবী স্বামী ইয়াকে জানি ৰাজা বা ৰাণী কোনেও তেওঁলোকৰ প্ৰণয়ত ব্যাঘাত জন্মোৱা নাছিল। তেওঁলোক দুইজনেও মনৰ আনন্দৰে কাল কটাইছিল। কিন্তু হায়! এই সংসাৰত যি যেনে আশা কৰে তাৰ বিপৰীত ফল হে ফলে। যি সংসাবক সুখৰ আকৰ বুলি জ্ঞান কৰে, সি অসীম দুঃখভাগী হয়! মানুহৰ অৱস্থা কেতিয়াও একে নাথাকে। ৰাজা পথৰ ভিখাৰী, পথৰ ভিখাৰী ৰাজা হয়। সংসাৰৰ নিয়মেই এই। এই নিমিত্তেই জ্ঞান-চকুত সংসাৰ অসাৰ। মালিনী সৰোজ যদিও কোনো দোষৰ দোষী নহয়, যদিও উভয়ে নিৰ্দোষী একবৃন্তোদ্ভূত কুসুম, তথাপি তেওঁলোক সংসাৰী, সংসাৰৰ নিয়মৰ তলতীয়া। এতিয়া সেই সংসাৰৰ নিয়মৰ বশীভূত হৈ তেওঁলোকেও কষ্ট ভুগিব লগীয়া হল। আগেয়ে কোৱা হৈছে এই সময়ত বৌদ্ধধৰ্মৰ প্ৰাদুৰ্ভাব। তেতিয়া ভাৰতত এনে ঠাই নাছিল, যত বৌদ্ধ ধৰ্মাবলম্বী নাই। কাশী অতি পুৰণি আৰু প্ৰসিদ্ধ হিন্দুতীৰ্থ। ইয়াত যে বৌদ্ধ- ধৰ্মাবলম্বী থাকিব তাত আশ্চৰ্য কি! ৰাজপ্ৰাসাদৰ অনতি- দূৰবৰ্তী গঙ্গাৰ পাৰত শ্ৰমণবিলাকৰ অশ্ৰম। আগত কোৱা গঙ্গাৰ পাৰৰ ফুলনিৰ পৰা আশ্ৰম স্পষ্টৰূপে দেখা যায়। তেতিয়া বৌদ্ধ ধৰ্ম্মৰ প্ৰাদুৰ্ভাব দেখি ডাঙৰ ডাঙৰ চহৰত বৌদ্ধ

  • বৌদ্ধ সন্ন্যাসীক শ্ৰমণ বুলিছিল। [ ৮৩ ] গল্পাঞ্জলি

বেছিকৈ আছিল, আৰু সেই নিমিত্তে হিন্দু আৰু বৌদ্ধ, বিশেষ নহলেও, অলপ সংশ্ৰব আছিল। | যেতিয়া মালিনীৰ বয়স ১২ বছৰ আৰু সৰৰাজৰ বয়স ১৪ বছৰ, এদিন তেওঁলোক আগেয়ে কোৱা শিলত বহি আছিল। কিন্তু আজিৰ যি ভাব, সিদিনা সম্পূৰ্ণৰূপে বিপৰীত। সেই দিনা উভয়ে বাল্য নদীৰ মুখ পাই যৌবন সমুদ্ৰত পৰো পৰো হৈছিল। আজি কিন্তু সম্পূৰ্ণৰূপে তাত নিমগ্ন। সেই দিন ভবিষ্যত আশা দেবীৰ কোমল শয্যাত শায়িত আছিল। আজি পাপী-ক্ৰন্দন-পৰিপূৰ্ণ শোক-স্বৰোচ্ছাসিত নিৰাশৰ সশঙ্ক গৰ্ভত নিমজ্জিত। সেই দিন মনৰ সুখত অসাৰ সংসাৰক অতুলনীয় দিব্যলোকতকৈয়ো শ্ৰেষ্ঠ বুলি ধৰিছিল। আজি নিৰাশৰ ভয়ঙ্কৰী যুৰ্ত্তি তেওঁলোকৰ আগত উপস্থিত। চাৰি বছৰৰ ভিতৰতে ইমান প্ৰভেদ! উভয়ে মনৰ আনন্দত বহি আছে, এনেতে শ্ৰমণাশ্ৰমত আনন্দকোলাহল শুনিবলৈ পালে। বৌদ্ধবিলাকে কোনো কোনো বিশেষ উৎসৱত বৰ ধুমধাম কৰে। হিন্দুবিলাকে সচৰাচৰ সেই বিলাক চাবলৈ যায়। ওচৰতে আশ্ৰম। আনন্দ-কোলাহল শুনি দুয়ো সেই ঠাই চাবলৈ ব্যগ্ৰ হল আৰু অলপ পৰৰ পাছতে গলেই। যদিও বৌদ্ধ আশ্ৰম তথাপি হিন্দুৰাজকুমাৰ সকল বা আন আন যুবকবিলাক তালৈ গলে তেওঁলোকে বিশেষ সমাদৰ কৰে। আজিও যুবক-যুবতী দুজন আশ্ৰমত সমাদৃত হল। উপযুক্ত সন্মিলিত আৰু সমাদৃত মালিনী-সৰোজে পাছত জানিব পাৰিলে, যে তেওঁলোকে যি ভাবিছিল সি সম্পূৰ্ণ সত্য [ ৮৪ ] মালিনী ৭৭। নহলেও আংশিক সঁচা। তাত থকা বৌদ্ধ মণ্ডলীৰ গুৰু, প্ৰধান। শ্ৰমণ সমাগত। প্ৰধান শ্ৰমণ মধ্যত সমাসীন; চাৰিও পিনে আন আন সন্ন্যাসী বিলাক দণ্ডায়মান। কোনেও অভ্যাগতক সকাৰ কৰিছে, কোনোৱে শোভাকে চাইছে, কোনোৱে পুথি পঢ়িছে। এনেতে সেই মহাত্মা জনৰ চকু মালিনী সৰোজৰ ওপৰত পৰিল। ওচৰত থকা কোনো এজনক সুধি তেওঁলোকৰ পৰিচয় জানিব পাৰিলে, আৰু তেওঁলোক দুই জনক এটি ঘৰলৈ মাতি নি সভা ভঙ্গ কৰিলে। আকৌ আগৰ যি আশ্ৰম আছিল সেই আশ্ৰম হল। মানুহ নোহোৱা হল।। মালিনী সৰোজ উভয়ে অতীব ৰূপবান। মহাত্মাজনে উভয়কে ঘৰলৈ মাতি নি বৌদ্ধধৰ্ম্মৰ বিষয়ে বহুত উপদেশ দিলে। তেওঁ কলে, জগত মিছা। সংসাৰ অসাৰ। আজি তোমালোক এনে ৰূপ, এনেকুৱা তেজ, এনেকুৱা যৌবন কালিলৈ নাইকিয়া হব। অনিত্য সংসাৰত নিত্য একো নাই। পশু-পক্ষী, গছ- লতা, সকলোৱে এদিন কালচক্ৰত লয় পাব। সদায় আছে, আছিল আৰু থাকিব “কাল”, “মনুষ্যৰ হৃদয়ৰ ভাব” আৰু “ঈশ্বৰ”। এতেকে মিছামিছি দুদিন ইমান আয়ম কৰাৰ আৱশ্যক। কি? এই কমে বহুত বুজালে। মহাত্মা জনৰ এনেহে বাক্শক্তি আছিল যে মালিনী আৰু সৰোজ একেবাবেই মোহিত হল। কিন্তু তাৰপৰা আহাত, কিছুদিন পাছে সৰোজৰ হৃদয়ব পৰা সেইবোৰ কথা কিছু পৰিমাণে আঁতৰ হল। কিন্তু মালিনীৰ হৃদয়ত আৰু টানকৈ হে বহিল। মালিনীৰ মনত এতিয়া দুই [ ৮৫ ] ৭৮ গল্পাঞ্জলি

চিন্তা উপস্থিত—এটি সংসাৰ, এটি ঈশ্বৰ। সৰোজব মুখ দেখিলে সংসাৰ আৰু সংসাৰ-তত্ত্ব দেখিলে ঈশ্বৰক মনত পৰে। সেই দিনাৰপৰা বৌদ্ধধৰ্ম্মব ফালে মালিনীৰ বৰ শ্ৰদ্ধা হল। প্ৰায় সদায় ধৰ্মৰ ভাবতেই কাল নিয়ায়। এতিয়া সৰোজৰ লগতো প্ৰায় ধৰ্মৰ বিষয়ে হে কথা হয়। তেওঁৰ এদিন শ্ৰমণ ভোজন কৰাবলৈ বৰ অভিলাষ হল, কিন্তু মহাৰাজ কৃকী গোৰা হিন্দু; প্ৰাসাদত আনি শ্ৰমণ-ভোজন কৰায়, মালিনীৰ এনে সাহস নাই। তথাপি, ৰূপবতী মালিনী মাক-বাপেকৰ মৰমৰ ছোৱালী, যি খোজে তাকে পায়। যদিও ৰাণী বা ৰাজা এই কথাত বিৰক্ত হৈছিল, তথাপি জীয়েকৰ মৰমৰ নিমিত্তে শ্ৰমণ- ভোজন দুই তিনিবাৰ সাপ্তাহিক হয়। এইবিলাক দেখি শুনি ৰাৰ্জ- সভাস্থিত পণ্ডিতসমাজ মালিনীৰ ওপৰত অসন্তুষ্ট। তেওঁলোকে ৰাজাক বহুত বুজাইছিল; তথাপি অপত্য স্নেহৰ গুণে অসাৰ সংসাব মধুময় বুলি বিবেচিত হয়; সেই অপত্য স্নেহ আহি, সেই বিলাক আপত্তিৰ ওপৰত, অনলত জল পৰাৰ দৰে অজস্ৰ ধাৰে পৰিল। কৃকীয়ে ভাবিলে, মালিনী বালিকা, ইয়াত দোষ নাই। বয়সৰ লগে লগে মনৰ পৰিবৰ্ত্তন হব। | যিদিনাখন মালিনী আৰু সৰৰাজে মহাত্মাজনৰ লগত সাক্ষাৎ কৰে, সেই দিনা তেওঁ চাৰি বছৰৰ মূৰত ঘূৰি আহিব বুলি কৈছিল। আজি প্ৰায় চাৰি বছৰ বিগত। মালিনী ধৰ্ম্মত লিপ্তা। তেওঁ কোন দিনা সংসাৰ বন্ধৰ পৰা মুক্তি পাই ধৰ্ম্মৰ [ ৮৬ ] ৭৯ নালিনী পদ-সেৱা কৰিব পাৰিব তাকে ভাবিয়েই বিহ্বল। আজি আশাৰ মোহন বীণাই মনোমোহন সুৰত মালিনীৰ শ্ৰৱণ কুহৰ পবিতৃপ্ত কৰিছে। আজি মালিনীৰ আনন্দ নধৰে। সৰোজেৰে সৈতে পৰামৰ্শ কৰিলে। সৰোজৰ মত নহল। নিজে ধৰিলে। পাঁচ দিনৰ পাছত ৰাজ প্ৰাসাদত শ্ৰমণ-ভোজন হব। বিপুল আয়োজন কবিব ধৰিছে। আয়োজক যুবক-যুবতী মালিনী আৰু সৰোজ। এই বিষয় তেওঁলোক দুইজনত বাজে এটি পিপিৰায়ে গম পোৱা নাই। লাহে লাহে দিন উপস্থিত। ৬০০ শ্ৰমণে তেওঁলোকৰ গুৰুৰে সৈতে কৃকীৰাজপ্ৰাসাদত ভোজন কৰিলে। হঠাৎ এনে আশ্চৰ্য কাণ্ড-ৰাজপ্ৰাসাদত শ্ৰমণ-ভোজন। সকলে নগৰবাসী বিদ্ৰোহী হল। ৰাজ্যত হুলস্থুল লাগিল। সৰোজৰ মুখৰ মাত নাই। কিন্তু মালিনী? মালিনী প্ৰশান্তবদনা উদ্বেগবিৰহিত। আজি এই যুবক-যুবতীৰ এক প্ৰাণ এক মনত বিভিন্ন ভাব কিয়? আগেয়ে কোৱা হৈছে ব্ৰাহ্মণ পণ্ডিতসকল আৰু হিন্দু- ধৰ্মাবলম্বী কাশীবাসী সমুদায় প্ৰজা মালিনীৰ বিৰুদ্ধে দণ্ডায়মান। আগেয়ে ৰাজাৰ অনুৰোধত বালিকা বুলি ক্ষমাৰ পাত্ৰী আছিল। কিন্তু এতিয়া ধৰ্ম্মপ্ৰাণ হিন্দুৰ ওচৰত মালিনী বালিকা নহয়। ধৰ্ম্ম-ভ্ৰষ্টা, ক্ষমৰ অযোগ্যা, যৌবন-সুলভ অহঙ্কাৰ বশীভূত যুবতী! এতিয়া সকলোৱে বিদ্ৰোহী হল, কব ধৰিলে ৰাজাৰ এনেকুৱা অধৰ্ম্ম, প্ৰজাই কৰিব কি? এনেকুৱা বিধৰ্মী ৰাজাৰ তলত থাকিব কোন? ৰাজ্যৰ সকলো পিনে হুলস্থুল লাগিল আৰু [ ৮৭ ] ৮০

গল্পাঞ্জলি প্ৰধান প্ৰধান মানুহ বিলকে লগ লাগি কৃকীক খেদি তেওঁৰ ভায়েকক ৰাজা পাতিবৰ প্ৰস্তাব কৰিলে, আৰু ঠায়ে ঠায়ে উপদ্ৰব আৰম্ভ কৰিলে। সকলোৰে ৰাজাৰ প্ৰতি কোপ-লোচন। তথাপি কৃকী নিশ্চেষ্ট। অপত্য স্নেহৰ গাঁঠি তেওঁৰ গলত এনেকৈ লাগিছিল যে ৰাজ্য-বিপ্লবানলো তাৰ ওচৰত পৰাস্ত। কৃকী দেশৰ ৰাজা; তেওঁৰ প্ৰতি মালিনী যেনে, আশধাৰী মগনীয়াও তেনে। তেওঁ মালিনীৰ প্ৰতি ইমান অযথা অনুগ্ৰহ প্ৰদৰ্শন কৰা অন্যায়। কিন্তু কি কৰিব? তেওঁ মালিনীৰ কথা এৰাব নোৱাৰে। প্ৰজাবিলাকে মালিনীক দণ্ড দিবলৈ বৰ আন্দোলন কৰিলে। ৰজাই দণ্ড দিয়া উচিত বিবেচনা কৰিলে। কিন্তু ৰাজ- মহিষী মালিনী-অনুৰক্তা। মহিষীৰ প্ৰাৰ্থনা ভালকৈ গমি চালে। তাক অগ্ৰাহ্য কৰি কি ৰকমে মালিনীক দণ্ড দিব সাহস কৰে। প্ৰাণ যায় যাওক, ৰাজ্য নষ্ট হয় হক, প্ৰজা মৰে মৰক, তথাপি তেওঁ মালিনীক শাস্তি দিব নোৱাৰে। গতিকে মালিনীৰ একো দণ্ড নহল। আগৰ যি মালিনী, এতিয়াও সেই মালিনী। কেৱল ৰাজ্যত বিদ্ৰোহ। কৃকীয়ে ব্ৰাহ্মণ পণ্ডিতসকলক অনেক বুজাই সেই বাৰৰ নিমিত্তে বিদ্ৰোহানল দমন কৰিলে। কিন্ত যাৰ নিমিত্তে ইমান গণ্ডগোল, তেওঁ কত, সেই মালিনী কত? মালিনী মনৰ দুখত এটি ঘবত অকলশৰে শুই আছে। দুখৰ সংসাৰ এৰি বনৰ পখীৰ দৰে ফুৰিব নোৱাৰিলে। নিজৰ ধৰ্ম্ম- পিপাসা পৰিতৃপ্ত নহল। মালিনীয়ে আকৌ কৌশল কৰিলে। দুই দিনমানৰ পাছত মালিনী আকৌ শ্ৰমণ-ভোজন এটি। [ ৮৮ ] নালিনী প্ৰাসাদত সমাপন কৰিলে। এইবাৰ আৰু ৰক্ষা নাই। যেইয়ে শুনিলে, সেইয়ে গৰ্জি উঠিল—“ৰাজাই বৌদ্ধ বিলাকক লাই দিব ধৰিছে।” হিন্দুৰ পৰম পুণ্য তীৰ্থ কাশী অলপতে বৌদ্ধৰ কৰ্ম্মক্ষেত্ৰ হব। এনেকুৱা অপমান কোন হিন্দুৱে সহিব! সকলোৱে লগ লাগি কৃকীৰ ভায়েকক ৰাজা ৰূপে অভিষেক কৰিলে। সকলোৱে ৰাজাক মাৰিবলৈ আৰু প্ৰাসাদ নষ্ট কৰিবলৈ অগ্ৰসৰ। এনেতে কৃকী দয়া-মায়া, স্নেহ-মমতা সকলোকে বিসৰ্জন কৰি, মুহুৰ্তৰ নিমিত্তে মোহ মায়াৰ পৰা মুক্ত হৈ চিঞৰি চিঞৰি সভাৰ প্ৰজা মণ্ডলীৰ আগত কলে, “কুকীক ক্ষমা কৰা। মালিনীয়ে এইবাৰ অৱশ্যে দণ্ড পাব। মালিনী এই মুহূৰ্তৰ পৰা নিৰ্বাসিতা।” ককী নিজে এজন উপযুক্ত ৰাজা আছিল। ৰাজ্যৰ সকলোৱে তেওঁক উচিত ৰাজভক্তি প্ৰদৰ্শন কৰিছিল। কেৱল মালিনীৰ নিমিত্তে ধৰ্ম্মৰ ব্যাঘাত হোৱা দেখি হে সকলোৱে তেওঁক অত্যাচাৰী বুলি ভাবিব ধৰিছিল। এতিয়া তেওঁৰ মনৰ এনেকুৱা পৰিবৰ্ত্তন হোৱা দেখি সকলোৱে ক্ষান্ত হল, মালিনীক নিৰ্বাসন কৰাত ৰাজাক ক্ষমা কৰিলে। শাসনৰ নিয়মমতে কৰ্মচাৰীয়ে মালিনীক নিৰ্বাসন কবিবলৈ আহত, মালিনীয়ে পিকক এবাৰ দৰ্শন কৰিবলৈ ইচ্ছা কৰিলে। মালিনীৰ সেই বাঞ্ছা পূৰ্ণ হল। পিতাকক প্ৰণাম কৰি সাত দিন বেছিকৈ সময় ললে। ৰজাই প্ৰধান প্ৰধান অমাত্যবিলাকৰ মত লৈ মালিনীক সেই সাত দিনৰ সময় দিলে। এতিয়া মালিনী [ ৮৯ ] ৮২ গল্পাঞ্জলি

নিৰ্বাসিত। সৰোজ! সৰৰাজে মালিনীৰ নিৰ্বাসন শুনি, ভবিষ্যত আশা পৰিত্যাগ কৰি অগাধ চিন্তাত নিমগ্ন। চিন্তা এই, মাক বাপেকৰ আজ্ঞা লঙ্ঘন কৰি তেওঁ মালিনীৰ অনুগমন কৰা উচিত নে অনুচিত। সৰোজে ঠিক কৰিলে মালিনীৰ লগত যোৱা। কিন্তু পিতা মাতাৰ আদেশ পালন নকৰি, আৰু বিশেষ, স্ত্ৰৈণতা প্ৰকাশ কৰি যায় কেনেকৈ? এইদৰে যোৱা দেখিলে মানুহে তেওঁক নিন্দা কৰিব। লোক-নিন্দাতকৈ মৃত্যু শতগুণে শ্ৰেয়। আন পিনে, মালিনী নিৰ্বাসিত হল। তেওঁৰ অবিহনে সৰোজ থাকে কেনেকৈ? যৰি নিমিত্তে সংসাৰৰ মহৎ মহৎ পাপ-সাপক সোণব হৰি বুলি গলত আৰি লবলৈ প্ৰস্তুত, সেই মালিনী যদি দেশৰপৰা নিৰ্বাসিত হয়, তেনেহলে তেওঁ ইহলোকৰপৰা নিৰ্বাসিত হোৱাতত একো আপত্তি নাই। মুঠৰ ওপৰত চিন্তা- সাগৰৰ গভীৰৰপৰা গভীৰতৰ জলত নিমগ্ন হৈ দেখিলে তেওঁৰ মৃত্যুই শ্ৰেয়ঃ। যেতিয়া কোনো মানুহ ভয়ানক বিপদত পৰে, তেতিয়া প্ৰায়েই মানুহৰ বুদ্ধি লোপ পায়। সদায় মন কুভাব- ভৰ-ঘাতেৰে চালিত হৈ কুপথত ভ্ৰমণ কৰিব ধৰে। সৰোজৰ তাজি ঠিক সেয়েই হৈছে। যিমান ভাবে, সিমান বেয়া ভাবে আহি লগ ধৰে। বুদ্ধি একেবাৰেই লোপ পাইছে। ভাবি ভাবি আন একো উপায় নাপাই মালিনী বিহনে থকাতকৈ মবাই ভাল [ ৯০ ] মালিনী এইটো ঠিক কৰিলে। সবেজ মা অস্থিৰ, সেইটো যিজনে কেতিয়াও পোৱা নাই তেওঁক বুজোৱা টান কি কৰিলে। সোজ মালিনীৰ নিমিত্তে কিয় ইমান ৪টা যিজনে কেতিয়াও প্ৰেম-সুধা-পানৰ সুযোগ ৪ তেওঁক বুজোৱা টান। কিন্তু মালিনী,—মালিনীৰ স৯ সদৰ প্ৰমৰকৃষ্ণ কুন্তলৰ এলি আহি পৰি থকা গোলাপী যুক্ত বদন কমল সৰোজৰ মনত পৰিল। সৰোজ

  1. ীৰ হল। যি মালিনাৰ নিমিত্তে তেওঁ প্ৰায় গত-প্ৰাণ, সেই

মালিনীয়ে তেওঁক কি ভাবিছে, সেই মালিনীক এবাৰ নেদেখাকৈ সৰোজে কি সাহসে প্ৰাণ এৰিব পাৰে। সৰোজ তৎক্ষণাৎ উঠি মালিনীৰ ঘৰৰ পিনে খোজ ললে। সৰৰাজে যি ঘৰত আগে ভনিতৰ আশা-দীপ্তি বিণিকি ৰিণিকি দেখিছিল, আজি সেই তে নৰাশৰ প্ৰেত-মূৰ্তি দেখি বিকম্পিত। তেওঁৰ হৃদয় কঁপি উঠিল, মূৰৰপৰা ভৰিলৈকে তড়িত ছুটিল। আগেয়েও এই ঘৰত সোমাওঁতে তেওঁৰ বুকু ধিপিং ধিপিং কৰিছিল। কিন্তু আজিৰ কঁপনি তেনেকুৱা নহয়, আগেয়েও এই ঘৰত সোমাতে সৰোজৰ গাত তড়িত ছুটিছিল; কিন্তু আগৰ আৰু আজিৰ কি বিভিন্নতা! সিদিনাৰ তড়িত মধুৰ কিন্তু আজিৰ তড়িত গল। এই বিভিন্নতাৰ তাৎপৰ্য কি? ইয়াৰ কৰ্ত্তা কোন? কাল! সৰোজে গভীৰ চিন্তাযুক্ত হৃদয় লৈ মালিনীৰ ঘৰত প্ৰবেশ কৰিলে। আগৰ নিচিনা সৰোজে “মালিনী” “মালিনী” বুলি মাতিলে; কিন্তু তেওঁ মালিনীৰ মাত শুনিবলৈ নাপালে। সটেজে চাৰিও পিনে বিচাৰিলে, মালিনী নাই। ভাবিলে, প্ৰকৃতিৰ ক্ৰীড়া পুতলী মালিনী ক্ৰীড়া সামগ্ৰী। যদি [ ৯১ ] ৮৪ গল্পাঞ্জলি তামাচাতে কৰবাত লুকাই আছে? চাৰিও পিনে বিচাৰিলে তথাপি নাই। বহুত সময়ৰ পাছত বিছনাৰ পৰা ১০/১২ হাত মান দূৰৈত এখন পাটীত—কাপোৰ নাই, গাৰু নাই—শায়িতা মালিনীক দেখা পালে। হঠাৎ তেওঁৰ মন আনন্দত পৰিপুৰ্ণ হল! কিন্তু পাছ মুহুৰ্ত্ততেই নৈৰাশৰ ঘোৰ ছায়া আহি তেওঁক আববি ধৰিলে, ইচ্ছা হল মালিনীক মাতে। কিন্তু পৰ মুহুৰ্ততেই তেওঁৰ মনত কি যেন ভাব হল; মালিনীক নজগালে; ভাবিলে। ধৰ্ম্মৰ আনন্দ কোলাত সুসুপ্তা মালিনী! আহা! মুখমেই কি আভা! এই বদনত পূৰ্ণ-শশী-বিকশিত গোলাপবাগ-ঞ্জিত কপোল। যুগল কি সুন্দৰ। এনেকুৱা ৰূপ কিহৰ? কিহে এই কপোলৰ নিচিনা মোহিনী শক্তি ধাৰণ কৰে? আকৌ পূৰ্ণিমাৰ চন্দ্ৰতুল্য বদনৰ ওপৰত নীলবণীয়া চকু দুটি। ওপৰত সূৰ্যকিৰণ আছিল, খিৰিকী এটিৰে সূৰ্যকিৰণ আহি মালিনীৰ বাওঁ গালত পৰিছে। সৰোজে ভাবিলে, “সূৰ্যদেৱ! তুমিও মালিনীৰ প্ৰেমত মতলীয়া হৈ মোৰ আগতে তেওঁক চুমা খাবলৈ সাহ কৰিছা? উস্! মই কি কলো! এনেকুৱা পবিত্ৰ ভাবত, এনেকুৱা পবিত্ৰ হৃদয়ত এনেকুৱা দোষ আৰোপণ কৰি নৰকৰ পথ উন্মুক্ত কৰিলে। হায়, মালিনি! কি কুগ্ৰহৰ সংমিলন সময়ত তোমাৰ মোৰ ভিতৰত ৰেহ উপজিছিল? এই প্ৰতিমা, এই স্বৰ্ণ প্ৰতিমা বিসৰ্জন | দিলো। হৃদয় কঠোৰ হ। তোৰ ভিতৰত যেন দয়া-মমতা। নাথাকে। মালিনি, পাপীয়সি, মোৰ হৃদয়ৰ পবিত্ৰ আশা নষ্ট কৰিলি, ৰক্ষা নাই!” মনৰ আবেগত ৰক্ষা নাই” শব্দটো [ ৯২ ] মালিনী ৮৫

ডাঙৰকৈ কোৱাত মালিনীয়ে সাৰ পালে; সাৰ পাই যি দেখিলে সি কি ভয়ানক! মালিনী কঁপিবলৈ ধৰিলে। তেওঁ দেখিলে সৰোজ এখন তীক্ষ্ণ-ধাৰ অসি লৈ ওচৰত দণ্ডায়মান। সূৰ্যৰ কিৰণ তাত পৰি চিকমিকাইছে। মালিনীয়ে কলে, “সোজ। সৰোজ! ই কি? ইমান তোমাৰ স্নেহ!” সৰোজৰ জ্ঞানোদয় হল। তাতে তৰোৱাল পেলাই দি লৰ দিলে আৰু কৈ গল “মালিনি! মই তোমাৰ ওচৰত বহুত দোষৰ দোষী! ক্ষমা কৰিব।” মালিনীয়েও সৰোজৰ পাছে পাছে গল। ভয়ানক ৰদ। বাটত মানুহ নাই। উভয়ে নীৰবে প্ৰকৃতিৰ মাজেদি সিদিনা বহা শিলৰ ওচৰলৈ গল। সৰোজে চাৰিও পিনে চালে, পাছত মালিনীক দেখা পাই “হে ভগবান, ক্ষমা কৰা। মাতঃ গঙ্গে! তোমাৰ শীতল হৃদয়ত ৰাখি এই অধমৰ উত্তপ্ত প্ৰাণ শীতল কৰা।” এই বুলি পানীত জাপ দিলে। মালিনীয়েও সেই মুহূৰ্ততে সেইখিনি পাই জাপ দিলে। কিন্তু সৰোজক কত পায়! নিৰাশৰ উপদ্ৰৱত থাকিব নোৱাৰি অনন্ত প্ৰেমময় সৰোজ অনন্তত মিল হল। অনন্ত কাল সমুদ্ৰৰ এটি ঢৌ মাৰ গল। অলপ সময় থাকি মালিনী উঠিল। যদি ধৰ্মৰ। বিমল জ্যোতিয়ে তেওঁৰ হৃদয় অধিকাৰ নকৰিলেহেতেন তেনেহলে মালিনী সৰোজ একে সময়তে উদ্বেগময় সংসাৰৰ পৰা বিদায় ললেহেতেন। কিন্তু মালিনী-জীৱনৰ এটি অঙ্ক হে শেষ হল। আন পিনে সৰোজ-জীৱন-নাটৰ যবনিকা পতন। মালিনীয়ে তেওঁৰ হৃদয়ৰ প্ৰতিমা সৰোজক গঙ্গাত বিসৰ্জ্জন দি দুখ মনেৰে [ ৯৩ ] গল্পাঞ্জলি ৮৬

উলটি আহিল। তেওঁৰ হৃদয়ৰ মাণিকটি গল। সবেজ কালৰ গৰ্ভত লীন হল। | মালিনী যে ওলাই যাবলৈ বেছিকৈ সময় লৈছিল তাৰে এদিন শেষ হল। বাকী ছয় দিন। মালিনী ধৰ্ম্মত নিমগ্না। তেওঁ তেওঁৰ মাক, বাপেক, ভাই, বন্ধু, ইষ্টকুটুম্ব কাৰো প্ৰতি কটাক্ষ নকৰে। কিন্তু এইবিলাক শত শত জীৱক কেনেকৈ পাপ সাগবত এৰি থয়। পৰোপকাৰ ধৰ্ম্মই প্ৰধান। মালিনীয়ে ইমান মানুহক কেনেকৈ মোক্ষ-ৰূপ চিৰ সুখৰ পৰা বঞ্চিত কৰিব? পৰোপকাৰ তেওঁৰ জীৱনৰ প্ৰধান উদ্দেশ্য। | ধৰ্ম্ম ভাবৰ উগ্ৰতাই তেওঁৰ জিহবাত সৰস্বতী অধিষ্ঠান কৰালে। মালিনীৰ ইমান দিনব লুপ্ত বাকশক্তি হঠাৎকাৰে জ্বলি উঠিল, যেন অগ্নিস্ফুলিঙ্গ ছাইৰ তলত লুকাই আছিল, এতিয়া হঠাৎ ছাই সমন্বিতে জ্বলালে। তেওঁ সেই ছয় দিন তানবৰত উপদেশ দিব ধৰিলে। তেওঁৰ বক্তৃতাৰ এনেহে মোহিনী শক্তি —সেই ছয় দিনত, ৰাজা, ৰাজকুমাৰ, ৰাণী, মন্ত্ৰী, সভাসদ, সভাপণ্ডিত আদি কৰি ৰাজ্যৰ অনেক ডাঙৰ ডাঙৰ মানুহ বৌদ্ধ- ধৰ্ম্মত দীক্ষিত হল। সকলোৱে বুদ্ধদেৱৰ জয়পতাকা ঘৰে ঘৰে উই বুদ্ধৰ গুণকীৰ্তন কৰিব ধৰিলে। মালিনীৰ আৰু নিৰ্বাসন নহল। গুৰু মানি সকলোৱে মালিনীক পূজা কৰিব ধৰিলে। কিন্তু হায়! এনেকুৱা সুখৰ দিনতো মালিনী নিৰাশ। তেওঁৰ হৃদয়ৰ অন্তৰতম প্ৰদেশৰ পৰা এটি দীঘল নিশ্বাস আহিল। [ ৯৪ ] গালিনী

হায়! সবোজ আজি কত? আজি সৰোজৰ কি আনন্দৰ দিন। প্ৰভো! অতৰ্ক মহিমা তোমাৰ! তোমাৰ ইচ্ছাই পূৰ্ণ হক! মালিনী আৰু গৃহাশমত বত। নইল। গঙ্গা-তীৰত এটি প্ৰকাণ্ড মন্দিৰ কৰি, সৰ্বদাই দহ হাজাৰ ভিক্ষুকৰ আহাৰৰ বন্দবস্ত কৰিলে। • মালিনী সেই ঘৰৰ ওচৰত কোনো এটি সৰু কুটীৰত বাস কৰিব ধৰিলে। বাজা, মন্ত্ৰী সকলোৱে তেওঁক এই। মহদভিপ্ৰায়ত সহায় কৰিলে। মালিনীও এই কমে ধৰ্ম্ম মন্দিৰত ধৰ্ম চৰ্চাত জীৱন কটালে। তেতিয়া বহুত মানুহে দেশ বিদেশৰ পৰা আহি মালিনীৰ ওচৰত ধৰ্ম্মৰ পূঢ় ৰহস্য শিকিছিল।


Flag of India.svg এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২০ চনত ১ জানুৱাৰী ১৯৬০ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব।)