গল্পাঞ্জলি/সুভা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
[ ২২ ]
 

সুভা

( ১ )

 দৰুৱা নামৰ একো অৰ্থ নাই। ডাক্তৰৰ ছোৱালী সুপ্ৰভা আৰু কাছাৰীৰ বৰ-মহৰীৰ লৰা হৰমোহনক তেওঁবিলাকৰ মাক-বাপেকে সুভা আৰু হেমো বুলি মাতিছিল। কিয় মাতিছিল, তাৰ একো কাৰণ নাই; মাক-বাপেকৰ আদৰে মাথোন সেই কাৰণ জানিলে জানিব পাৰে।

 ডাক্তৰৰ আৰু বৰমহৰীৰ ভিতৰত মিল আছিল। সেই দেখি তেওঁলোকৰ ঘৈণীয়েক দুজনীৰ ভিতৰত, লৰা-ছোৱালীৰ ভিতৰত, চাকৰ-নাকৰৰ ভিতৰত, এনেকি ঘৰ দুটাৰ ভিতৰতো মিল আছিল, দুয়োৰো আগফালে মূখ-ঘৰ থকা দুটা বঙলা ঘৰ, নিচেই ওচৰা-ওচৰি।

 হেমো আৰু সুভাই একেলগে ৰং-ধেমালি কৰিছিল; আৰু দুইকো একেজন মাষ্টৰে (অৰ্থাৎ প্ৰাইভেট্ টিউটৰে) একেলগে, একে ঠাইতে, একে পঢ়াকে পঢ়াইছিল,— কেতিয়াবা বৰমহীৰৰ ঘৰত, কেতিয়াবা ডাক্তৰৰ ঘবত।

( ২ )

 বাল্যকাল গ’ল। তেতিয়াৰ সেই ৰং ধেমালি, সেই গলা-গলি আৰু লৰা-ঢাপৰা তাৰ লগে লগে গল। সুভাই স্কুলৰ [ ২৩ ] পঢ়া আৰু “প্ৰাইভেট্ টিউটৰ” এৰি, কাপোৰ-বোৱা, ভাত-ৰন্ধা আদি বনবিলাক মাকৰ কাষত বহি বহি শিকিবলৈ ধৰিলে৷ হেমোৱেও সৰু কালৰ লৰা-ঢপৰা, হাঁহি খিকিন্দালি আৰু ধূলা-লোৱা-লুৱি এৰি ক্ৰীকেট, ফুটবল, লগৰীয়াব লগত ভাল সাজ-পাৰ পিন্ধি আলিবাটেদি ফুৰা আৰু চুৰট হোত মন দিলে। তেতিয়া হেমো ওঠৰ বছৰীয়া, হাই স্কুলৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ; আৰু সুভা চৈধ্য বছৰীয়া, গৃহস্থালীৰ স্কুলত সোমাইছে মাথোন।

 বৰমহৰীৰ লৰা, অলপ ডাঙৰ হবৰেপৰা হেমোৱে জোতা-মোজা, চোলা ৰকমে ৰকমে সলাবলৈ ধৰিলে। তাৰ পাচতে চিগাৰেট্ চিগাৰ হুপিবলৈ ধৰিলে; তাৰ পাচতে হাতত লাঠি লৈ লগৰীয়াৰ লগত বাটে বাটে ফুৰিবলৈ ধৰিলে; আৰু তাৰ পাচতে পঢ়া বা খেলাৰ ছলতে আনুষঙ্গিক দুষ্টালিবোৰত যোগ দিবলৈ ধৰিলে।

 কিছুমান দিনৰ পাচত স্কুলত “টেষ্ট্” পৰীক্ষা হল। হেড মাষ্টৰে বৰমহৰীৰ খাটিৰতে হক বা কাৰ্য্যানুৰোধতেই হক বা পৰীক্ষাৰ ফল চায়ে হক, হেমোক “এণ্ট্ৰেঞ্চ” পৰীক্ষা দিবলৈ “এলাও” কৰিলে৷ হেমো “এণ্ট্ৰেঞ্চ” পৰীক্ষা দি ঘৰলৈ আহিল৷ নিয়মমতে এতিয়া হেমোৰ বিয়া হোৱা উচিত!

( ৩ )

 ডাক্তৰনী আৰু বৰমহৰীয়নী দুয়োৰো বৰ ইচ্ছা, এই বিয়াখন হেমো আৰু সুভাৰ ভিতৰতে হব লাগে। ইফালে ডাক্তৰৰ ইচ্ছা, [ ২৪ ] তেওঁ এজন “গ্ৰ্যাজুৱেট” জোঁৱাই পালে ভাল৷ ববমহৰীৰৰো আকৌ চকু মুঞ্চুপব জীয়েকত হে। তেওঁ হেনো মনে মনে প্ৰতিজ্ঞাকে কৰিছিল যে মুঞ্চুপৰ জীয়েক নহলে তেওঁ লৰালৈ বিয়াকে নকৰায়। সেই অৰ্থে তেওঁ ঢেৰ “যোগাব-যন্ত্ৰ”ও কৰিছিল।

 বিয়াৰ কথা উলিয়ালে, বিয়া হবখোজা আমাৰ দৰা-কন্যাৰ কথা নোকোৱাহে ভাল; কাৰণ তেওঁবিলাক বিয়া কৰাবৰ বা সোমাবৰ হে পাত্ৰ। বাদ-বিচাৰ বা ইচ্ছা-অনিচ্ছাৰ বিষয়ে বিবাহ-আইন অনুসৰি তেওঁলোকৰ একো স্বত্ত্ব নাই। তথাপি যদি নগণ্য সেই পুতলী দুটিৰ কিবা কথা কোনোবাই শুনিব খোজে, তাত নো আমাৰ নিচিনা সভ্য-ভব্যৰ আপত্তি কি?

 হেমোৱে হলে কেতিয়াবাৰেপৰা ভাবিছিল, সুভাৰ লগতে তেওঁৰ বিয়া হ’ব। সুভায়ো যে এই কথা ভাবিছিল, তেনে কথা ডাঠি কব নোৱাৰি। দুয়ো ডাঙৰ হোৱাত হেমোক দেখি সুভা কেতিয়াবা ৰঙা পৰি উঠা, আৰু বাটেদি যাওঁতে হেমোৰ ফালে নেদেখাকৈ বেৰৰ সুৰঙ্গাই দি চাই থকা প্ৰভৃতি কেতবোৰ কথা লৈ সমনীয়া ছোৱালীবিলাকে প্ৰায় হাঁহি-তামচা কৰিছিল বুলি কোৱা শুনা যায়। আগৰ কথা যি হক, যেতিয়া ডাক্তৰনী আৰু বৰমহৰীয়নী দুয়ো ঠিক একে তালে, একে চেৱে। একে কথাকে লৈ তোল পাৰ লগাবলৈ ধৰিলে, তেতিয়া অকল হেমো-সুভায়েই নহয়, ওচৰ-চুবুৰীয়া জ্ঞাতি-কুটুম সকলোৱে মনতে ভাবিলে যে, এই বিয়াখন হলেই; মুঠতে মন্ত্ৰ কেই-আষাৰি মাতিব আৰু হোমৰ আম-খৰি কেইডালি পুৰিবলৈ হে বাকী আছে। [ ২৫ ]  ডাক্তৰনী আৰু বৰমহৰীয়নীৰ কথাত তেওঁলোকৰ স্বামী দুজন ঘূৰিলেই বুলিব লাগে। মাজে মাজে তেওঁলোক দুয়ো এই বিষয় আন্দোলন কৰিবলৈ ধৰিলে। হওঁতে হওঁতে বিয়াৰ দিন আদি ঠিক কৰিবলৈ এদিন এজন পণ্ডিতক মাতিলেই।

( ৪ )

 কালৰ কি লীলা। ইয়াৰ ভিতৰতে আকৌ কেবাটাও কথাই বৰ মেৰ পাক লগাই দিলে। এদিনাখন পুৱা, দুটামান ডেকা লৰাই লৰা-ঢপৰা কৰি একোবাৰ টেলিগ্ৰাফ অফিচলৈ গৈছে আৰু আহিছে। হেমোৰ সেই দিনা এণ্ট্ৰেঞ্চ পৰীক্ষাৰ খবৰ আহিব; কোনোবা এজনে পালেই। লাহে লাহে এটা এটাকৈ Reply prepaid টেলিগ্ৰাম দি সকলোবিলাকে খবৰ আনিলে। হেমোৰ ইমান সময় সাহ হোৱা নাছিল; ভাবিছিল আন কাৰবাৰ খবৰতে আহে যদি আহক। শেহত কাৰো খবৰত একো নিষ্পত্তি নোহোৱা দেখি, পয়চা বাৰ অনা খৰচ কৰি নিজেই তেওঁ এখন টেলিগ্ৰাফ দিলে। উত্তৰত আৰু যি হবলগীয়া সেয়ে হল।

 হৰমোহন “ফেইল” হোৱা কথাতো নগৰৰ গোটেইখনতে ওলাই গল। ডাক্তৰে শুনি নাক কোঁচালে, ডাক্তৰনী তেতিয়াই বৰমহৰীয়নীৰ ঘৰলৈ আহিল; আৰু সুভাৰ চকুত কোনে জানে কিয়, এটোপা চকুলো বিৰিঙিছিল।

 তাৰে তিনি দিনৰ মূৰত ডাক্তৰৰ মৰম আৰু টেলিগ্ৰাম আহিল;— তেওঁ যেনে আছে, তেনে তেতিয়াই আন এখন জিলালৈ [ ২৬ ] বদলি হল। নগৰ গোটেই খনত সেই বাতৰি বিয়পি পৰিল আৰু ডাক্তৰৰ ঘৰত বই-বস্তু বন্ধা-ছটাৰ গোলমাল লাগি পৰিল।

 এইবিলাক ঘটনাৰ ফল হল, ডাক্তৰৰ আৰু বৰমহৰীৰ লগত এখন মেল। তাৰ ফল হল এয়েই—যে সম্প্ৰতি সুভা আৰু হেমোৰ হব-খোজা বিয়াখন হব নোৱাৰে; সি কিছুদিনলৈ পিচ হোঁহকক। ডাক্তৰনী আৰু বৰমহৰীয়নীয়ে কিবা গুন্-গুনালে; কিন্তু ৰাতি তামোলৰ বটা আগত লোৱা সেই গুন্-গুননি ডাক্তৰ আৰু বৰমূহৰীৰ কিবা কথাতে নোহোৱা হল।

(৫)

 ইয়াৰ তিনি দিনৰ পিচত ডাক্তৰ যাবলৈ ওলাল। জাহাজৰ ঘাটলৈকে তিনি মাইল মান বাট; তাত গৈ মাইকী মানুহ দুজনীক তুলি বই-বস্তু তোলা বহুতে আহুকাল হব বুলি ভাবি জাহাজত উঠোতে সহায় কৰিবলৈ ডাক্তৰে এজন মানুহ বিচাৰিছিল। ওচৰত হেমোৱেই “ফেল” হৈ এই কেই দিন মিছাতে হে বহি আছে দেখি বৰমহৰীয়ে হেমোকে যাবলৈ ক’লে।

 ৰং মনেৰে হক, খং মনেৰে হক, বাইছিকোল খনত উঠি হেমো জাহাজ ঘাটলৈ গৈ ডাক্তৰক সপৰিবাৰে জাহাজত তুলি দিলে। অলপ পাচতে জাহাজ এৰি দিলে।

 হেমোৱে ঘাটত থিয় হৈ জাহাজ খনৰ ফালে অলপ পৰ চাইছিল, সকলোৱে চায়। দুটি চকু তেওঁৰ চকুত পৰিল, আৰু দুয়ো অলপমান পৰ চকুৱে চাই ৰল৷ সুভাই যেন এবাৰ [ ২৭ ] চকু মোহাৰিলে, এনেতে জাহাজেও পাক ঘূৰিলে, দুয়ো নেদেখা নেদেখি হ’ল।

 উভতি আহোঁতে হেমোক বাটত বুঢ়া বৰুৱা ডাঙৰীয়াই লগ পাই বৰ বিমন দেখি কলে, “ফেল হলে বোপা, ইমান দুখ কৰিব পায় নে? এই বাৰ ভালকৈ পঢ়, পাছ হবি।”

( ৬ )

 ইয়াৰ পাছত বহু দিন গল। হেমো সেইবাৰ ‘ফেইল’ হলেও, তাৰ পাছত ভালেমান বছৰ ঘঁহি পিঁহি বি, এ লৈকে পাছ কৰি তেওঁ জীৱনৰ মহৎ উদ্দেশ্য সাধিলে। বৰ মহৰীৰো বহুদিনৰ আশা পূৰ হ’ল; তেওঁ বংশীধৰ মুঞ্চুপৰ জীয়েকক হেমোলৈ বিয়া কৰাই আনিলে; আৰু বৰ-চাহাবৰ অনুগ্ৰহত হেমোক পোনতে চবডিপুটিৰ কামটোতে সুমাই দিলে। কপালীৰ কপাল!

 ডাক্তৰৰ হলে আমি আৰু খবৰ নাপালোঁ,—তেওঁ বদলি হৈ তাৰপৰা আৰু কলৈ গল আমি তাৰ ভু ৰাখিব নোৱাৰিলোঁ।

( ৭ )

 হৰমোহনক সকলোৱে হাকিম বুলি মাতে। ‘আদব কায়দাও’ তেওঁৰ হাকিমী—তেওঁ তেওঁতকৈ নীহ পদৰ কোনো মানুহৰ ঘৰলৈ নগৈছিল; কাৰো ঘৰত চাহ এটোপাকে নুছুইছিল; এনেকি, পদত তেওঁতকৈ নীহ এনে কোনো মানুহৰ লগত [ ২৮ ] ভালকৈ কোনো কথা-বাৰ্ত্তাকে নাপাতিছিল; কথা কলেও কেতিয়াবা অ-ঠাইত জোৰ দি অলপ ‘হাকিমী কায়দা’ খটাই ধীৰে সুস্থে কৈছিল। এইবিলাক স্বত্ত্বেও কিবা এখন চাহ-বাগিচাৰ ২০ টকা কি ২১ টকা ৰূপ দৰমহা পোৱা কোনোবা এজন কেৰানীৰ লগত কিবা কাৰণত তেওঁৰ বৰ মিল হৈছিল। সেই কেৰানীজনৰ ঘৰলৈ তেওঁ যায়ো, তাত খায়ো। কোনে জানে, ‘হাকিমী মিজাজ’ৰ কথা? শাস্ত্ৰয়ো কৈছে—

“লোকোত্তৰাণাং চেতাংসি কো নু বিজ্ঞাতুমৰ্হতি।”

 আৰু আচৰিত কথা;—এদিনাখন এই কেৰানীজনৰ ঘৰলৈ গৈ হৰমোহনে তেওঁৰ ঘৰতে খালেও, আৰু ৰাতিটোও কটালে। পাছ দিনা পুৱা তেওঁ আহিলত, কেৰানী আৰু তেওঁৰ ঘৈণীয়েকজনীৰ ভিতৰত এনে কথাবাৰ্ত্তা হৈছিল বুলি শুনা যায়:—

 ঘৈণীয়েকঃ—আমাৰ ইয়ালৈ হাকিম ইমান ঘনাই বা কেলেই আহে?

 কেৰানীঃ—কি নো বেয়া পালা? তেওঁ আন কাৰো নঙলাৰ মূৰতে ভৰি নিদিয়ে। আমাৰ ইয়ালৈ আহিল কি হল?

 ঘৈঃ—আমি দুখীয়া মানুহ, খৰচ পত্ৰ বহুতো হয়। নহায়েহে ভাল।

 কেঃ—এ, কি খৰচৰ কথা কোৱা ! আমাৰ ইমান খাতিৰ দেখা নাই নে?

 ঘৈঃ—এৰক খাতিৰ দেও হে! হাকিম আৰু আহিব [ ২৯ ] নেলাগে। আপুনি যি প্ৰকাৰেই হক হাকিমক বুজাই দিব যে তেওঁ আহিলে আমি ভাল নেপাওঁ।

 কেঃ-এইবোৰ কি মায়াহে তোমাৰ? তেনে কথা কিয় কোৱা?

 ঘৈঃ-মোৰ কথামতেনো আপুনি এটা কামো নকৰে নে? মই কৈছোঁ বুলিয়েই কব।

 কেঃ—তোমাক হলে তেতিয়া বৰ ভাল বুলিব নহয়?

 ঘৈঃ—তেওঁ বেয়া বোলাটো বাৰু থৈ দিয়ক, কওকচোন আপুনি কব নে নকয়? নেমাতি থাকিল দেখোন? মোৰে শপত কব।

 শেহৰ কথা আষাৰ যেন কান্দোনৰ সুৰত বাজি আহিল, আৰু তেওঁ একেচাবে উঠি গৈ ঘৰৰ পিৰালিত ফেকুৰিবলৈ ধৰিলে। কেৰানীয়ে “ও আই, এইটোও কিবা দায় লগা কথা হল নে? আহাঁ সুভা! আহা! কম বাৰু, তুমি নেকান্দিবা।” এই বুলি ঘৈণীয়েকক হাতত ধৰি ভিতৰলৈ লৈ আহিল।

____

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২০ চনত ১ জানুৱাৰী ১৯৬০ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )