গল্পাঞ্জলি/পখী

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
[ ৩০ ]
 

পখী

 আদি দৰশনৰে পৰা মই জগতৰ সৌন্দৰ্যত মোহ গলোঁ। যেতিয়া পূব পিনে ভঙা ভঙা মেঘৰ ভিতৰেদি ৰঙা জেউতিয়ে ভুমুকনি মাৰে, আৰু সেই ভুমুকনিৰ উদগণিতে পখীয়ে সুমধুৰ সুৰেৰে গীত ধৰে, তেতিয়া দেখোঁ জগত সৌন্দৰ্যেৰে ভৰপূৰ; সৌন্দৰ্য্যতে পৰাণ নাচি উঠে। যেতিয়া সন্ধিয়া আলসত ভাহি জোনটিয়ে নিজনি পানীত নিজৰ ছবিটি চাই নিজে অধীৰ হয়, আৰু তৰাবোৰে স্বৰ্গব দুৱাৰেদি তেওঁক চাই থাকে, তেতিয়াও দেখোঁ সৌন্দৰ্য্যৰে জগত ভৰপূৰ; সৌন্দৰ্য্যত পৰাণ মতলীয়া হয়। যেতিয়া বহল শ্যামবৰণীয়া আকাশৰ গম্ভীৰ সৌন্দৰ্য্য বিয়পি পৰে আৰু সেই সৌন্দৰ্য্যৰ আভাস পাই মুকলিমূৰীয়া পখীবোৰে আকাশত নানাভাৱে উৰি ফুৰে, তেতিয়া দেখোঁ সৌন্দৰ্যেৰে জগত ভৰপূব, জগত সৌন্দৰ্য্যময়। অনন্তৰ পিনে উৰি-ফুৰা এই পখীবোৰে মোক মুগ্ধ কৰিব পাৰে; অনন্ত আকাশৰ তলত সিহঁতৰ অনন্ত উদ্দেশি গান শুনি মোৰ বৰ ভাল লাগে। সদায় তেনে গীত শুনিবলৈ পাম, এই আশাৰে এটি পখী পুহিবলৈ বৰ মন গল। এটি সুন্দৰ সোণৰ সজা কৰালোঁ। পখীৰ লাগতিয়াল সকলো বস্তু তাত বৰ শুৱলাভাৱে সজালোঁ। নিতৌ নীল আকাশৰ তলত বনৰ ওচৰত বহি বহি পখীক মাতোঁ, “পখি! মোৰ মৰমৰ পখি! তোমালৈ এই সোণৰ [ ৩১ ] সঁজাটো সজাইছোঁ; ইয়াত সদায় তোমাক বননিত পাবলৈ নাইকিয়া সোৱাদ ফল মূল খাবলৈ দিম। মোৰ মৰমৰ পখি! তুমি ইয়ালৈ আহা; মই তোমাৰ গীত শুনি শান্ত হওঁ।” কিন্তু এদিনো এটি পখীও মোৰ ওচৰলৈ নাহিল। দিনে দিনে মাতোঁ, আৰু দিনে দিনে দেখিবলৈ পাওঁ, পখীবোৰে মোৰ মাত শুনি দীঘলকৈ এটি শুহৰি মাৰি হাঁহি গুচি যায়। নিতে উদাস মনেৰে ঘৰলৈ উলটি আহোঁ।

  ৰাতি শুই থাকোঁতে এদিনাখন এটি সপোন দেখিলোঁ। দেখিলোঁ,— কুমলীয়া পাতেৰে শুৱনি এজুপি ফুলৰ গছ। ৰাতি জোনৰ কিৰণ আৰু নিয়ৰৰ টোপাল পৰাৰ বাবে ফুলকেইটি চকচকীয়া হৈ উঠিছে। তাতে বহি এটি শুৱনি পখীয়ে শুৱলা তানেৰে গীত ধৰিছে। গান শুনি বৰ ভাল লাগিল। সাৰ পাই শুনিলোঁ, যেন দূৰৈত ললিত সুৰৰ গীত; খিৰিকীৰ মুখেৰে কেছাটিমান জোনাকৰ ৰেখা আহি ধপধপীয়া বিছনাত পৰিছে। লাহেকৈ উঠি খিৰিকীৰ ওচৰলৈ আহিলোঁ; আহি দেখিলোঁ, দেখি তবধ মানিলো। দেখিলোঁ,— সৰু বৰ গছেৰে ভৰা ফুলনি ওপৰত দিগন্ত-প্ৰসাৰিত সুনীল গগন; তাতে ৰূপহী জোন; চাৰিওপিনে অসংখ্য তৰাৰ থুল; লাহে লাহে সমীৰণে পুখুৰীৰ পানীত ললিত হিল্লোল তুলি ফুলৰ কোমল শৰীৰ অলপকৈ কঁপাই দিয়াত, ৰূপালী কিৰণৰ আলিঙ্গনত অৱশ হৈ নিয়ৰ পৰি চিকণ হৈ থকা ফুলে জিকিমিকি মৰাৰ ছলতে এটি অফুট হাঁহি মাৰি লৈছে; [ ৩২ ] চাৰিওপিনে মধুৰ শোভা, চাৰিওপিনে সৌন্দৰ্য্য; চাই চাই বৰ ভাল লাগিল। তাতে আকৌ শুনিলোঁ এটি গীত পুৱতি জোনাক নিশা দূৰৈৰ বননিত শুনা বাঁহীৰ সুৰৰ নিচিনাকৈ লাহে লাহে বায়ু বিকম্পিত কৰি বতাহৰ সুৰে সুৰে নাচি নাচি উঠি অনন্ত আকাশত সুমধুৰে বিলীন হৈ গৈছে। চাৰিওপিনে মধুৰ তান, চাৰিওপিনে সৌন্দৰ্য্য, শুনি শুনি বৰ ভাল লাগিল। প্ৰকৃতিৰ সুখোন্মাদি সৌন্দৰ্য্যত মানৱ মন ডুবি গল। আকৌ যেতিয়া চেতনা পালোঁ, শুনিলোঁ মোৰ ওচৰতে সেই শুৱলা সুৰ, ললিত তান, সেই মধুৰ গীত। লাহেকৈ চকু মেলিলোঁ; দেখিলোঁ মোৰ পখী, যাক ইমান দিনে বিচাৰি পোৱা নাছিলোঁ, যাক মাতি মাতি অনিব নোৱাৰিছিলোঁ, মোৰ সেই পখী মোৰ ওচৰতে বহি মধুৰ তানেৰে গীত ধৰিছে। দুই হাতেৰে পখীটিক সাবটি ধৰি কলোঁ, “পখি! মোৰ আদৰৰ ধন! তোমাক ইমান দিন বিচাৰি ফুৰিছোঁ; ইমান দিন পিছে পিছে খেদিছোঁ; এতিয়া আৰু তোমাক যাবলৈ নিদিওঁ, এই সোণৰ সজাত সুমাই থম।” মোৰ কথা শুনি পখীয়ে আকৌ মধুৰ তানেৰে দীঘলকৈ সুৰ এটি মাৰিলে। কলে যেন, “মৰমৰ বিত! তোমাক এৰি মই কলৈ। যাম!”

 তেতিয়াৰপৰা যেতিয়াই সংসাৰৰ হাই-উৰুমি সহিব নোৱাৰা হওঁ, যেতিয়াই সংসাৰৰ বেমেজালিৰ ভিতৰত পৰি মূৰৰ ঘিউ ধুনাধুন হয়, তেতিয়াই পখীৰ এটি সুমধুৰ গীত শুনো; আৰু সুকলোপিনে দেখিবলৈ পাওঁ— স্নিগ্ধ সৌন্দৰ্য্য; নতুন উৎসাহত [ ৩৩ ] কামত ধৰোঁ। যেতিয়া শোকে দুখে মন কাতৰ হয়, তেতিয়া পখীৰ এটি মধুৰ গীত শুনো, শুনো আৰু তাতে মোহ যাওঁ। এদিনাখন পখীটিক লগত লৈ মনৰ উদগণিতে পৰ্ব্বতলৈ গলোঁ। দূৰৈৰপৰা প্ৰকৃতিৰ গাম্ভীৰ্য্যৰ প্ৰতিকৃতি দেখি মূৰ দোৱালোঁ। মনে মনে কলোঁ, “পৰ্ব্বত! তুমি ধন্য।” ঘূৰণি-মেৰণি থকা সুৰসুৰীয়া বাটেৰে পৰ্ব্বতৰ ওপৰলৈ উঠিলোঁ, আৰু এড়োখৰ শুৱনি ঠাই পাই তাতে বহিলোঁ। চাৰিওপিনে ঘন বননিৰ মাজতে দূবৰিৰ কোমল দলিচা পতা। ওপৰত আকাশ-ছুই-থকা গছৰ শান্ত গম্ভীৰ মূৰতি; অলপ দূৰৈত অম্বৰ-চুম্বি গিৰি-শৃঙ্গ ডুব- যাওঁ ডুব-যাওঁ হোৱা বেলিৰ একতীয়া কিৰণৰ ৰক্তিম ৰাগেৰে ৰঞ্জিত। ওচৰেদি কুল কুল গীত গাই নিজৰা অবিৰাম গতিৰে বৈ গৈছে। তাৰে ওচৰতে ঘনপতীয়া লতাৰ নিকুঞ্জৰ তলতে বহিলোঁ। এনে ঠাইত পখীৰ গীত শুনিবলৈ বৰ ইচ্ছা হল। পৰ্থীক কলোঁ, ‘পখি, মোৰ সোণ, এটি গীত গোৱা।” পখীয়ে গীত ধৰিলে, — সেই গীত মধুৰভাৱে নিজৰাৰ কুলুকুলু গীতৰ লগত মিহলি হৈ অপাৰ আকাশ ভেদি অনন্তত মিলি গল; অনন্ত সেই গীতৰ প্ৰতিধ্বনি তুলি মুখৰিত হল। পৰ্ব্বতৰ টিঙে, পাটত বহা চকাই, সেই গীত শুনি শুনি মোহন আবেশত বিভোৰ হৈ বিলীন হল। কৃষ্ণা তৃতীয়াৰ আন্ধাৰে সেই গীত শুনি শুনি তমোগুণ এৰি শুৱনি জোনাকৰ বখলাৰ নিচিনা হৈ যেন লাহে লাহে ঘূৰি ঘূৰি ওপৰলৈ উঠি গল। গহীন গছৰ শ্যামল পাতৰ মাজেদি, শুৱনি লতাৰ কোমল পল্লবৰ ভিতৰেদি, মিঠা জোনাকৰ ৰেখা আহি [ ৩৪ ] চাৰিওপিনে বিয়পি পৰিল। মৃদুমন্দ বতাহৰ চুমা পাই কিৰণ- বেখাৰে হাঁহি নিজৰাৰ জল চেৱে চেৱে কঁপি উঠিল। পখীয়ে আকৌ এটি গীত ধৰিলে,-গীতৰ সুৰ চেৱে চেৱে বতাহত ঢৌ খেলাই আকাশ ভেদি ওপৰলৈ উধালে, উধাই উধাই কিৰণোদ্ভাসিত নীল জগতত পমি গল। গীত শুনি মোহ গলোঁ; বিমোহন গীত শুনি পশু-পক্ষীৰে সৈতে বননি বিমোহিত হল, নিতাল মাৰি গম্ভীৰভাৱে শুনি থাকিলো। এনেতে যেন দেখিলোঁ নীল আকাশত অতি উজ্জ্বল এটি ফোট; উলাহতে যেন উজ্জ্বল জোনাকৰ মাজেদি সি গহীনভাৱে নামি আহিছে। লাহে লাহে সেই ফোট তললৈ আহে মানে দেখিলোঁ, ফোট গুচি এডালি সুন্দৰ মালা হল। মালাৰ ফুলৰ গগন্ধেৰে জগত উপচি পৰিল, সেই শোভাত সেই সৌৰভ মিহলি হৈ মন মুহি পেলালে; দেখিলোঁ যেন মালাধাৰি মোৰ পখীৰ মূৰৰ ওপৰতে পৰিল। তাৰপৰা আৰু কি হল কব নোৱাৰোঁ। কিমান সময়ৰ পিছত কব নোৱাৰোঁ, সাৰ পাই দেখিলোঁ, পখী মোৰ ওচৰতে। কিন্তু ই কি! প্ৰাণহীন! মই মাতিলোঁ, “পখি! উঠা, মই তোমাক ইমান আদৰ কৰিছোঁ, মই মাতিলেও নাহিবা নে?” চাৰিওপিনৰ পৰা যেন আন্ধাৰৰ আবৰণী-লোৱা পৰ্ব্বত, বননি আৰু প্ৰকৃতিয়ে গম্ভীৰ প্ৰতিধ্বনি তুলি উত্তৰ দিলে— “নাহিব।”