গল্পাঞ্জলি/তাৰা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
[  ]
 

তাৰা

 গোপাল এজন চিকণ ডেকা। তেওঁৰ মুখৰ ছবিখন চিকণ, কথা বাৰ্ত্তাতো তেওঁ চিকণ আৰু চিকণ ডেকাসকলৰ নিচিনা তেওঁৰ হিয়াখনো চিকণ, চিকণ কবিতাময় ভাববোৰেৰে পূৰ। গতিকে, তেওঁক চিকণ বোলাত কাৰো ওজৰ আপত্তি নাখাটে।

 এদিনাখন গোপাল তেওঁৰ এজনা বন্ধুৰ ওচৰলৈ গৈছিল। তেওঁ যিদৰে গৈছিল, যদি সেইদৰেই ঘূৰি আহে, তেন্তে আমাৰ একো লেঠাই নাথাকে,—বহুত আগেয়ে মুখৰ কেপ্‌কেপনি মাৰি, কাপৰ চিয়াঁহিখিনি কপালৰ আগৰ দীঘল চুলিত মছি, কাকতৰ বিৰহ-সন্তপ্ত “পবিত্ৰ” হিয়াখনক কলমৰ প্ৰথম প্ৰেমাশ্ৰু-নীৰপূৰ্ণ মুখখনৰ লগত মিলন কৰাই দি জুৰ নেপেলালেই পাৰিলোঁহেঁতেন। কিন্তু এনে চিকণ ডেকাবোৰৰ এটি দোষ আছে,—বোধকৰোঁ সিও চিকণ। তেওঁলোকৰ কবিতাময় হৃদয়ৰ প্ৰভাৱত কি যেন কি এটি লাগে বুলি ফুৰোঁতে এটিক মুঠি মাৰি ধৰি কৈ বহে,“ইয়াকে হে লাগে”। ৰমিওই এইদৰে জুলিয়েটৰ কথা কৈছিল; দুষ্যন্তয়ো শকুন্তলাৰ কথা কৈছিল এইদৰে; আৰু জগতসিংহই তিলোত্তমাৰ কথা, কমলেও লাহৰীৰ কথা কৈছিল এইদৰেই। সেই দেখি আমাৰ গোপালেও তাৰাৰ কথা এইদৰেই কলে। তেওঁৰ হৃদয়ৰ শূন্য সিংহাসনত বহুৱাবলৈ তাৰাকেহে লাগে; তাৰায়েহে তেওঁৰ অসম্পূৰ্ণ জীৱন সম্পূৰ্ণ কৰিব পাৰে। গোপালে ভাবিলে, [ ১০ ] মোৰ সুখ বা দুখ যেই নহওক, এই যে সুখ সৌন্দৰ্য আৰু মাধুৰ্য্য পাইছোঁ ইয়াকেহে লাগে।

 ফুলৰ সৌন্দৰ্য্য আৰু সৌৰভ দেখি, পাৰিলে ওচৰতে সেই ফুল গছজুপি থাপিবলৈ ইচ্ছা হয়। লাহতে হালি জালি পৰা জোনৰ পূৰ্ণ আবেগৰ মাধুৰ্য্য দেখি, পাৰিলে শোৱা কুঠৰিৰ মুখত জোনক বহুৱাবলৈ বাঞ্ছা জন্মে। সৌন্দৰ্য্যৰ প্ৰতি আকৃষ্ট হোৱাটো মানুহৰ স্বাভাৱিক ধৰ্ম্ম; নিজৰ আন্তৰিক ভাৱবোৰে বিচাৰি লোৱা সৌন্দৰ্য্যত মানুহ মুগ্ধ হবলৈ বাধ্য। গোপালো তাৰাৰ সৌন্দৰ্য্যত আকৃষ্ট হল। ই তেওঁৰ ৰূপ-লালসা নহয়; সৌন্দৰ্য্য লালসা, নিজৰ অন্তৰে বাছি লোৱা সৌন্দৰ্য্যৰ বাসনা বা প্ৰেম। গোপালে তাৰাৰ মুখখনি নিজৰ কৰিবলৈ আৰু তাকে ওচৰত ৰাখি বিশ্বসংসাৰক প্ৰেমৰ সোঁতত উটাই দিবলৈ বৰ বাঞ্ছা কৰিছিল। কিন্তু মানুহৰ ইচ্ছা পূৰ্ণ নহয়; পূৰ্ণ হয় ইচ্ছাময়ৰ ইচ্ছা—বিধাতাৰ ইচ্ছা। বিধি বিধানত নাছিল, যে তাৰা গোপালৰ হয়। সেই দেখি তাৰা গোপালৰ নহল, যাৰ হবলগীয়া আছিল তাৰে হল। সেই দেখিয়েই গোপালেও প্ৰেমৰ অতৃপ্ত বাসনা এটি লৈ পৃথিবীত ঘূৰি ফুৰিব লগীয়াত পৰিল। ইয়াত দুখ নাই। ফুলৰ সৃষ্টি দেৱতা পূজা আৰু সজ্জনৰ শিৰত স্থিতিৰ অৰ্থে; সেই ফুলো বিলাসিনী নৰ্ত্তকীৰ বেশ-ৰচনাৰ উপকৰণ হয়।

 কিন্তু, আশাৰ সিপাৰে ঘন আৰু গহীন আন্ধাৰ-নিৰাশা দুখেৰে পূৰ; আশাতেই সুখৰ জিলিকনি। সেইবাবে গোপালে [ ১১ ] তাৰাৰ আশা এৰিব নোৱাৰিলে। গোপালে ভাবিলে, আজি তাৰা মোৰ নহল, আৰু এদিন হব। এই জনমত তাৰা মোৰ নহল, এই জনমত মোৰ বাসনাৰ তৃপ্তি নহল, আৰু এজনমত, যিমান দূৰৈয়েই নহওক, আৰু এজনমত নিশ্চয় তাৰা মোৰ হব, মোৰ এই বাসানাৰ অতৃপ্তি মিটিব। তেওঁ দুদিনীয়া জীৱনৰ সীমা পাৰ হৈ অনন্তৰ ফালে চাই ভাবিলে, জন্ম-জন্মান্তৰ কিমান দিনৰপৰা এই দুটি আত্মাই মিলন ইচ্ছাৰে অনন্ত-বাহিনী দুখনি নৈৰ নিচিনা বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি ফুৰিব লাগিছে! যিদিনা এই দুই আত্মাৰ মিলন হব, যিদিনা দুয়োখন নৈ মিলি শান্তিৰ শীতল বতাহৰ কঁপনিত কুল কুল কৈ সুখৰ মৃদু মধুৰ গীত ধৰিব, সেই দিন কেনে মধুৰ! সেই দিন কেনে সুন্দৰ! গোপালৰ চকুৰ আগত অতীতৰ আৱৰণী খহি পৰিল, অনন্তৰ ভিতৰত ভবিষ্যতৰ সেই সুন্দৰ আৰু মধুৰ দিনৰ ছাঁয়া দেখি তেওঁ তবধ লাগি চাই ৰল।

 চণ্ডীদাসে বিৰহিণী ৰাধিকাৰ মুখেৰে কৈছিল:—

“পীৰিতি বলিয়া এ তিন আখৰ
 ধৰায় আনিল কে?
মধুৰ বলিয়া ছানিয়া খাইনু
 তিতায় তিতিল দে!”

 আমাৰ গোপালেও চাগৈ সেইদৰেই ভাবিছিল, কিন্তু আমি এই কথা সঠিক নাজানোঁ—পৃথিৱীৰ কোনো আখ্যানে নিলিখে, সেই সময়ত গোপালৰ মনত সুখ আছিল নে দুখ আছিল। [ ১২ ] মুঠতে ইয়াকে কব পাৰোঁ, যে যেতিয়াই গোপালে তাৰাৰ কথা মনত কৰিছিল, আৰু যেতিয়াই গোপালে তাৰাৰ মাধুৰী-সনা মুখখনিৰ কথা ভাবিছিল, তেতিয়াই তেওঁৰ মনত এটি যন্ত্ৰণাময় সুখ ভাবৰ উদয় হৈছিল;—সেই স্মৃতি, সেই বিমোহন স্মৃতি আৰু এই বিফল আশা দুয়ো মিলি সুখ-দুখৰ মিহলি এই ভাবেৰে গোপালৰ বুকুখন তোলপাৰ লগাইছিল। আৰু এই সময়ত গোপালৰ মনত এটি অদমনীয় আকাঙ্ক্ষাই দেখা দিছিল, এই আকাঙ্ক্ষা তাৰাক এবাৰ চাবলৈ।

 যাক তেওঁ ইমান দিনৰপৰা হৃদয়ৰ আৰাধনীয়া কৰি তুলি লৈছে আৰু যাৰ স্মৃতিয়ে প্ৰত্যেক মুহূৰ্ত্ততে তেওঁক বলিয়া কৰি তোলে, সেই সকলোৰে সাৰ তাৰাক চাবলৈ গোপালৰ মনত ইচ্ছা উপজিছিল। এতিয়া চাগৈ তাৰা—মধুৰতকৈয়ো বেচি মধুৰ হৈ পূৰ্ণিমাৰ জোনটি হে হৈছে! তেওঁৰ বুকুখন অলপ কঁপি উঠিল। মন আবেগেৰে পূৰ্ণ হল। গোপালে ভাবিলে কেৱল চোৱা; এবাৰ চোৱাত দোষ কি! চোৱা মাথোন হে, চোৱাত বাদে একো নাই। কথা! কথা পাতিব পাৰিলে, সেই মুখৰ এটি মধুৰ কথা শুনিলে! আহা, তাত কৈয়ো গোপালৰ সুখ হব পাৰে নে? গোপালৰ তেনে কপাল কল্পনাও কৰিব নোৱাৰি। কিন্তু গোপালৰ কেৱল চোৱা হে যে উদ্দেশ্য তাত বাজে একো নাই, সি সমূলি মিছা নহলেও গোটেই সঁচা নহয়। গোপালে অতি মনে মনে ভাবিছিল—কি জানি তেৱোঁ সেই ভাবৰ কথা নাজানেই—তা্ৰাৰ মনটি জানিব পাৰিলে! তাৰাই [ ১৩ ] নো মোক ভাবে নে নাভাবে জানিব পাৰিলে! যাক মই দিন ৰাতি নোবাৱাকৈ অবিৰত ভাবিছোঁ, যাৰ সোঁৱৰণি মোৰ সাৰ সম্পত্তি, সেই তাৰাই নো মোক নাভাবে নে? নাভাবে বুলি ভবাটোতে যেন গোপালৰ হিয়া ফাটি যায়, জীৱন অৱলম্বনহীন হৈ পৰে! সেই স্বৰ্গীয় বুকুৰ ভিতৰত থাকিব পাৰিলে, সংসাৰৰ পাপ তাপ শোক মোহ সকলোৱে মোক ডুবাই ৰাখক, অনন্ত কাল ভীষণ নৰকত পৰি থাকোঁ সিও ভাল, সিও সুখ−বৰ সুখ! সকলোতকৈ তাৰাৰ ভাবনা হোৱা, তেওঁৰ বুকুৰ ভিতৰত আসন লোৱা মোৰ অনন্ত সুখ অপাৰ আনন্দ! গোপালে ভাবিলে তাৰাক এবাৰ চাম।

 পূৰ্ণিমাৰ জোনৰ অমৃতময় কিৰণ পাব বুলি চকোৰে আকাঙ্ক্ষাপূৰ্ণ চকুৰে চাই আছিল; জোনৰ সুধা-সনা কিৰণৰ সলনি বিজুলীৰ চকমকনি আহি চকোৰক পুৰি পেলালে! তৃষ্ণাতুৰ চকোত পাখীটিয়ে “ফটিকজল ফটিকজল” বুলি মেঘৰ ফালে চাই আছিল; শীতল জলে পিয়াহ গুচোৱাৰ সলনি প্ৰখৰ তাপে সেই পিয়াহ বেচি কৰি দিলে। ই জোনৰ ইচ্ছা নহয়; মেঘৰ ইচ্ছা নহয়; চকোৰৰো নহয়; কেৱল বিধাতাৰ ইচ্ছা, সকলোৱে নিয়ন্তাৰ ইচ্ছা। বিধাতাৰ ইচ্ছাক্ৰমে গোপালৰ এই ইচ্ছাও পূৰ নহল। তাৰা এতিয়া আনৰ; তেওঁক চাবলৈ গোপালৰ কোনো স্বত্ব নাই। যাক এনিমিষো চকুৰ আঁতৰ হব নিদিব বুলি ভাবিছিল, যাৰ লগত অলপমানো অমিল হব বুলি ডিঙিৰ [ ১৪ ] হাৰ সোলোকাব খুজিছিল, তাৰ লগত ইমান অন্তৰ, তাক দেখাপোৱাও হৈ নুঠিল! হাঁয় বিধাতা, হাঁয় নিৰাশাৰ চৰম সীমা! গোপালে তথাপি তাৰাৰ আশা এৰিব নোৱাৰিলে, তাৰাৰ স্মৃতি পাহৰিব নোৱাৰিলে, তেওঁৰ সুন্দৰ মুখৰ মধুৰিমা গোপালৰ মনৰ পৰা নগল। তেওঁ ভাবিলে, মূৰৰ মুকুট, হৃদয়ৰ মণি, প্ৰাণৰ ধন, তাক আনৰ হাতত দেখি কি সুখ পাম! নিজাকৈয়ো মই তাৰাক চাৰিওফালে দেখিবলৈ পাইছোঁ, যি ফালে চাওঁ সেই ফালেই তাৰাৰ সুখময় স্মৃতিৰ চানেকী পাইছোঁ। মই দেখিছোঁ, ফুলৰ গোন্ধত তাৰা, জোনাকৰ মাধুৰীত তাৰা, কুলিৰ মাতত তাৰা, ৰামধনুৰ ৰঙত তাৰা। মই পাইছোঁ, বসন্তৰ ফুলত তাৰা, শৰতৰ জোনত তাৰা, শিশুৰ হাঁহিত তাৰা, যুৱতীৰ লীলাত তাৰা, এই বিশ্বত যি সুন্দৰ সেয়ে তাৰা! যি মধুৰ সেয়ে তাৰা! তাৰায়ে সকলো সৌন্দৰ্য্য আৰু মাধু্ৰ্য্যত লীলা কৰে!