গল্পাঞ্জলি/পুনৰ্জন্ম

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
[ ৬৪ ]
 

পুনৰ্জন্ম

( ১ )

 আবেলি চাহটোপা খাই কানি-কাপোৰ পিন্ধিবলৈ কাৰবাৰ কৰিছোঁ—অলপমান ফুৰি আহিবৰ মন৷ এনেতে আলিৰপৰা কোনোবাই মাত লগালে, “কি কৰিছা হে? এতেখানি পৰ নামাতাই চোন।” খিৰিকীৰে চাওঁ, ৰামদাস। “ৰবা অলপমান” এই বুলি খৰধৰকৈ ফুৰিবলৈ ওলালোঁ—দুয়োৰো সেই দিনা পৰ্ব্বতৰ কাষলৈ ফুৰিব যোৱাৰ কথা আছিল।

( ২ )

 ৰামদাসৰ লগত তাহানিৰ কলেজতে চিনাকি। দুয়ো একে লগে পঢ়িছিলোঁ আৰু কেটামান দিন একেলগে একে মেছতে একেটা কোঠালিতে থাকিছিলোঁ৷ তেওঁ বি, এ, ফি, এ পাছ কৰি এতিয়া এজন হাকিম—চাকৰি পোৱাৰ অলপ দিনৰ পাছতেই আমাৰ চহৰ খনলৈ আহিছে মাথোন। আমাৰ ফালে হলে সৰস্বতীৰ কৃপা নহল; বীণাপাণিৰ অলপ—কাৰণ দুই এটা গত বজাবলৈ শিকিছিলোঁ। বৰ্ত্তমান পিতৃদেৱতাৰ ওকালতি আয়ৰ ভাগ লোৱা হয়; ঘৰ চলোৱাৰ আছিলাত ইফালে সিফালে যোৱা হয়; থিয়েটাৰত নাচ-গান কৰা হয় আৰু কোনো মতে পেটৰূপী জনাৰ্দ্দনৰ পূজা-সেৱা চলোৱা হয়। মুঠতে ৰামদাস সম্ভ্ৰমী লোক; আমি “বাজে মাৰ্কা”। যি হক আমাৰ কলেজৰ দিনৰ [ ৬৫ ] বন্ধুত্ব গুচা নাছিল; কিন্তু দুখৰ কথা, তেনে বন্ধুত্ব থাকাও নাছিল। নাথাকাত যে মোৰ বা ৰামদাসৰ কিবা এটা দোষ আছিল, তেনে নহয়। আমি ভাল-বেয়া, শুধ-অশুধ, ধুতি-বিধুতি—একো কথা নাজানো, সুতৰাং নামানো। সকলোকে সমান কৰি, সমানভাৱে, সকলো ঠাইতে সকলোকে আত্মবৎ ভাবি, খাই ফুৰাত আমাৰ কোনো আপত্তি নাই। আমাৰ শাস্ত্ৰই সৰু-ডাঙৰৰ কথাকো নকয়। কিন্তু এই বুৰা সমাজটো! চকু চৰহা, কূৰ্চ্চটিয়া, চকুত-চলিহাই-ধৰা, কুঠাৰৰ-কাণ-নমনা-অথচ-বেজীৰ-জলঙা-মনা এই কুন্ধচ বুৰা সমাজটো! ইয়াৰ নো কোব সহিবা কিমান৷ ইয়াৰ অত্যাচাৰত সুখেৰে শান্তিৰে ভাত এসাজ খাব নোৱাৰিলো। এই বুৰা সমাজটোৰ ভয়তেই কঁপি-ডৰি ফুৰিব লগীয়া হোৱাত, আমাৰ দুটাৰ ভিতৰত আগৰ দৰে বন্ধুত্ব থাকাত অলপ বাধা পৰিছিল।

( ৩ )

 ৰামদাসৰ পিতাকে তাহানি গোৱালপাৰা জিলাৰ কোনোবা এখন জমিদাৰীৰ কোনোবা এজন জমিদাৰৰ তলত নায়েব-নে-নাজিৰ এনে কিবা এখন বিষয় খাইছিল। তেওঁ হুনু কেনেবাকৈ কেতিয়াবা কাৰবাৰ এজনী ছোৱালী পাই ঘৰতে তুলি-তালি ডাঙৰ দীঘল কৰিছিল। আমাব শাস্ত্ৰৰ বচন-“অজ্ঞাত কুলশীলস্য বাসো দেয়ো ন কস্যচিৎ”—এই কথাটো মানি চলা নায়েব-নাজিৰ-বিষয় খোৱা ৰামদাসৰ পিতাকৰ উচিত আছিল। সেইটো [ ৬৬ ] নামানাৰ গুণত, সেই বিড়াল-তপস্বী ছোৱালীজনীয়ে ৰামদাসৰ বুকৰ মাজত লুকুৱাই থোৱা প্ৰেমৰ বিতোপন ভাৱ কেইটা এটা এটাকৈ গৰাসিবলৈ কাৰবাৰ কৰিলত, ৰামদাসে বৃদ্ধ জৰদ্গবৰ দৃষ্টান্ত নলৈ, সময় থাকোতে সেই ছোৱালীজনীৰে শৰণাগত হল; আৰু দুয়ো পলাই পত্ৰং মাৰিলে। তেতিয়া তেওঁ চাকৰি পাইছে; সুতৰাং কাৰে মুখলৈ নাচাই বেছ চলি থাকে। কিন্তু গোটাইখন অসমতে হলে তোল-পাৰ লাগি গল যে অমুক বি, এ-জনে হেন হে কৰিলে, তেন হে কৰিলে। ফলত সকলোৱে ৰামদাসক ঘিণৰ চকুৰে চাব ধৰিলে, যদিও হাকিমতিৰ গুণত ঘিণৰ মুখেৰে কোনোৱে একো কব সাহ নকৰিলে। সুতৰাং, নিতান্ত নিৰুপায় হৈ বেচাৰ। ৰামদাসেও সকলোকে ঘিণৰ চকুৰে চাবলৈ বাধ্য হল। গতিকে যেতিয়া ৰামদাস আমাৰ বাপ-পিতৃৰ দিনৰ পুৰণি সমাজৰ ধাৰ খোৱা চহৰ খনলৈ বদলি হৈ আহিল, তেতিয়া এটা হুলস্থূল কাণ্ড লাগি পৰিল। তাতে আমাৰ পিতৃদেৱতা সমাজৰ বৃদ্ধ আৰু নেতা। মানুহক আলাগ-নিলগ কৰা আৰু দোষ-গুণ বিচাৰ কৰি অৱস্থানুযায়ী ব্যৱস্থা কৰা ভাৰটো তেওঁৰ হাততেই আছিল। তেওঁ খাছ পুৰণি চহৰবাসীৰ ভিতৰুৱা সমাজটোক সাৱধান কৰি দিলে, যেন কোনাৱে ৰামদাসৰ লগত জুই-পানী ব্যৱহাৰ নকৰে। মোক তেওঁৰ সহপাঠী বুলি জনাত মোৰ ওপৰত সেই হুকুম আৰু অলপ কৰাকৈয়েই জাৰি হল।

 সেই দেখিয়েই, আমাৰ সম্পূৰ্ণ ইচ্ছা থকাতো আমাৰ ভিতৰৰ বন্ধুতাটো গুলজাৰ হৈ উঠিব পাৰা নাছিল। [ ৬৭ ]

( ৪ )

 “আচ্ছা, ভায়া, তুমি যে তাহানি কলেজত থাকোঁতে তোমাৰ সৰু ভনীয়েৰা এজনীৰ কথা কৈছিলা, তেওঁ এতিয়া ঘৰতে আছে নে কৰবালৈ দিয়া হল? সেইবোৰ কথা এতিয়াও নতুন যেন হে লাগে অথচ সি চাৰি-পাঁচ বছৰ আগৰ।”

 “নুলিয়াবা, ভাই, সেইবোৰ কথা!” এই বুলি মই ৰামদাসৰ আগত সেই দুখৰ কাহিনীৰ মোনা মেলিলোঁ! কেনেকৈ ভাল পাত্ৰ নোপোৱাত মালতীক ডাঙৰলৈ বিয়া নিদি ৰাখিব লগীয়া হৈছিল; কেনেকৈ দুই বছৰমানৰ আগেয়ে মাই আৰু পিতাই কামাখ্যা চাবলৈ আহাত ময়ো তেওঁবিলাকৰ লগত আহিব লগীয়া হৈছিলোঁ। মালতী তেতিয়া ১৫-১৬ বছৰীয়া—কেনেকৈ অকলে ঘৰত এৰি আহিব নোৱাৰি তাইকো লৈ আহিব লগীয়া হৈছিল। আমি যাত্ৰা কৰাৰ ফিৰা দিনা কেনেকৈ ব্ৰহ্মপুত্ৰৰ মাজতে ধুমুহাই পালে—কেনেকৈ নাও ডুবিল—কেনেকৈ আমাক ডোমৰ নাও কেইখনমানে তুলিলে। কেনেকৈ আমি অজ্ঞান আৰু বুদ্ধিহত হৈ আছিলোঁ—পাৰ পাই হে কেনেকৈ আজলী মালতীৰ কথা মনত পৰিল-তাৰ পাছত নিষ্ফল অম্বেষণ, বৃথা ক্ৰন্দন, নৈৰাশ্যৰ হাহাকাৰ, সকলো কথা বিবৰি ৰামদাসৰ আগত কলোঁ। আজলী মালতীৰ মৰম-সানা মাত, নাৱৰপৰা চাৰিওফালৰ গহীন শোভা দেখি তাইৰ নাচি উঠা ৰং; ধুমুহাৰ দিনাৰ ভয়ৰ আৰ্ত্তনাদ, পানীত পৰি উদ্ধাৰৰ বাবে ব্যৰ্থ কাকূতি—এইবিলাক কথা মনত পৰাত সিদিনাও শোকে খুন্দা [ ৬৮ ] মাৰি ধৰিলে। মৰমৰ পাত্ৰৰ কোনো এটা কথা পাহৰিবৰ নে? কোন হৃদয়হীনে তাক পাহৰিব পাৰে, বা মনত পৰিলে চকুৰ পানী এটোপা নেপেলোৱাকৈ থাকিব পাৰে? ময়ো অৰ্থহীন এটোপা চকুপানীৰে মালতীৰ স্মৃতিৰ উদ্দেশ্যে তৰ্পণ কৰিলোঁ! মোৰ লকেটত মালতীৰ সৰু ছবি এটি সুমাই থৈছিলোঁ। সেই স্মৃতিৰ পট, সেই নিৰ্থক প্ৰতিকৃতি ৰামদাসক দেখুৱালোঁ। হায়, মানৱ জীৱন! কাকত আৰু মহীৰে সজা প্ৰতিকৃতি এটাতকৈয়ো ই নশ্বৰ, ক্ষণস্থায়ী!

( ৫ )

 “আহা হে, আমাৰ ঘৰতে চাহ এটোপা খাই যাবাচোন।” এতিয়াহে মোৰ মৰণ; মোৰ তো আপত্তি নায়েই। কিন্তু মানুহে দেখিলে! পিতায়ে শুনিলে! মোৰ চোন বিলাইৰ কথাকে নকওঁ পিতাৰ কি অৱস্থা হব। সমাজৰ আগত দেখোন তেওঁৰ নাক উলিওৱাই টান হব। পেটৰ অসুখ, চাহ খোৱাত মোৰ তৃপ্তি নাই, ইত্যাদি যিবোৰ ছল দেখুৱাব পাৰি, তাৰ আধ্যা কৰিলোঁ। কিন্তু ৰামদাসে যেতিয়া কলে,—“বাৰু,বাৰু!থোৱা তোমাৰ অসুখ! মই আচল কাৰণটো জানো; তোমাৰ জাত যায়, হয় নে হে? তাহানি যে কলিকাতাত টপাটপ মুৰগীৰ কণীৰ শ্ৰাদ্ধ কৰি, ইমান উদাৰতাৰ লেক‌্চাৰ ফেক‌্চাৰ দি, এতিয়া এনেটো ভেকোচন্দ্ৰ সাজিছা!”—তেতিয়া আৰু কি উপায়! মৰণত শৰণ দি অগত্যা গলোঁ গৈ। তেওঁৰ ঘৰৰ ওচৰ পোৱাত [ ৬৯ ] ভালকৈ ইফাল সিফাল চাই লৰ এটা মাৰি একেলগে ঘৰৰ ভিতৰ পালোঁ গৈ—জানোচা কোনোবাই দেখে!

( ৬ )

 তাৰে ফিৰাদিনা মই ৰামদাসৰ ঘৰৰ পদূলিত, ৰামদাসো মোৰ ওচৰতে। এনেতে এখন ঘোৰাৰ গাৰী তাতে থিয় হলহি; আৰু তাৰ ভিতৰৰপৰা বিশুদ্ধ হিন্দু সমাজৰ অগ্ৰণী মোৰ পিতা আৰু তেওঁৰ সহধৰ্মিণী মোৰ মাতৃদেৱী ওলাই আহি সমাজদ্ৰোহী ৰামদাসৰ ঘৰৰ ভিতৰলৈ সোমাই গল।

( ৭ )

 ৰামদাসে কলে, “হয়! আপোনালোকে যিখিনি কলে, তাৰে পাছৰপৰাই মোৰ কথাৰ আৰম্ভ৷ আমিও সেই সময়তে কামাখ্যালৈ আহিছিলোঁ—মোৰ বেছ মনত আছে, তেতিয়া ফাগুন মাহ, অৰ্দ্ধোদয়া-যোগ৷ ধুমুহাৰ আগন্তুক বুজিব পাৰি কামাখ্যাৰ ওচৰৰ বালিতে আমাৰ নাও বান্ধা হৈছিল। ধুমুহাৰ পাছত মুকলি হোৱাত বালিত দেখিলো—মৰা শ এটি; ওচৰলৈ গৈ দেখিলো ছোৱালী এজনী, তেতিয়াও জীয়াই আছে। সেয়ে আপোনালোকৰ চেনেহৰ মালতী! মালতীক অলপ পাছতে চিনি পালোঁ। ককায়েক মোৰ কেনে বন্ধু জানেই। তেওঁ কব পাৰিব কি কাৰণে মই মালতীক মানুহৰ গঞ্জনা সহিও বিয়া কৰাব লাগিছিল।” [ ৭০ ]  মালতীও তাতেই বহি আছিল। ৰামদাসে মালতীৰ ফালে চালে—সেই তাহানিখন কলেজত থাকোঁতে দুই জনে ঘৰৰ কথা পাতাত ৰামদাসৰ চকুত, মুখত, শৰীৰত আনন্দৰ যি ঢৌৰ খেলা দেখিছিলোঁ, সেই আনন্দ-তৰঙ্গৰ খেলা, স্ফুৰ্তি!

 মালতীয়ে সেই আনন্দ আৰু জয়োল্লাসতে নিজৰ সোণাৱালী হাঁহিৰ সোণালী কিৰণ এটিৰে সকলোকে অবশ কৰি ওৰণী খন টানি ভিতৰলৈ উঠি গল।

—————

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২০ চনত ১ জানুৱাৰী ১৯৬০ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )