গল্পাঞ্জলি/পশুপতিৰ বিয়া

ৱিকিউৎসৰ পৰা
[ ৫৮ ]

পশুপতিৰ বিয়া

(১)

 জনম আৰু মৰণৰ মাজতে এই দুইৰ নিচিনাই বিয়াও আমাৰ সমাজত অৱশ্যে এটি ঘটনীয় ঘটনা। প্ৰভেদ এই— জন্ম মৃত্যু সৰ্বনিয়ন্তা পিতাৰ হাতত; আৰু বিবাহ মানব-সমাজৰ কৰ্ম্ম। পশুপতিৰো বিধাতাব বিধান মতে জন্ম হৈছিল; আৰু সম্ভৱতঃ বিধাতাৰ বিধান মতে তেওঁৰ মৃত্যুও হব। এতিয়া মাজৰ কৰ্ম্ম, সমাজৰ অৱশ্য-কৰ্ত্তব্য বিয়াৰ বয়স তেওঁৰ হৈছিল। বয়স হৈছিল; কিন্তু বিয়া হোৱা নাছিল।

(২)

 পশুপতিৰ বিয়া হোৱা নাছিল, আৰু নহবৰ বহু কাৰণো আছিল। পশুপতিৰ বাপেক ধনী অৰু মানী মানুহ আছিল। মানুহে কয়, তেওঁৰ জীৱিত অৱস্থাত তেওঁৰ নিচিনা তেজস্বী, প্ৰতাপী আৰু সাধাৰণৰ প্ৰিয় মানুহ সেই অঞ্চলত আৰু নাছিল। যেতিয়া পশুপতিৰ বয়স মুঠতে দুই বছৰ, তেতিয়া তেওঁৰ পিতাকৰ এটি ডাঙৰ মোকৰ্দ্দমা লাগে। দুই বছৰমান সেই মোকৰ্দ্দমা চলোৱাৰ পাছত তেওঁৰ টকা-কড়ি বহুতো খৰচ হল আৰু এদিনা গুৱাহাটীত থাকোঁতে হঠাতে হাজিয়া বেমাৰত পৰি তেওঁৰ মৃত্যু হল। সেই সময়ত পশুপতিৰ মাক মাথোন তেওঁৰ এক মাত্ৰ অভিভাবক আছিল। শিশু-নায়ক আৰু স্ত্ৰী-নায়ক গৃহস্থৰ [ ৫৯ ] অৱস্থা আমাৰ নীতি-বিদ্‌সকলে যিদৰে বৰ্ণাইছে, পশুপতিৰ গৃহস্থিৰ অৱস্থা তাতকৈ কোনো অংশে কম হোৱা নাছিল। কিছুমান দিনৰ পাছত পশুপতিৰ বাপেকৰ গৃহস্থিত, পুৰণি দোল-দোপ দূৰৰ কথা, পুৰণি ঘৰ-বাৰীও নাইকিয়াত পৰিল। পশুপতি আৰু তেওঁৰ মাক, নিজৰ ঠাইত জীৱিকাৰ বাবে বৰ কষ্ট হোৱাত, মোমায়েকৰ ঘৰলৈ উঠি গল। মোমায়েকে পশুপতিৰ বয়-বস্তু, ঘৰবাৰী সকলোকে বিকি ৫০০৲ নগদ টকা লৈ সেই টকা পশুপতিৰ নামে এজন বামুণক ধাৰ দিলে। কিন্তু দুৰ্কপালৰ কপাল, যিজন বামুণে টকা ধাৰে নিলে, সিও ৭/৮ বছৰীয়া এজনী ছোৱালী বিয়া কৰাই “নান্নং নবস্ত্ৰং” হৈ বঙাল খাটিবলৈ গল আৰু তাতে এদিনাখন মৰি থাকিল। এতেকে যেতিয়া পশুপতিৰ বয়স হল আৰু বিয়া কৰাবৰো বয়স হল তেতিয়া তেওঁ কপৰ্দ্দক-শূন্য দৰিদ্ৰ। কোনে তেওঁক ছোৱালী বিয়া দিয়ে! বিশেষ, বামুণৰ ছোৱালী বিয়া কৰাব খুজিলেই বেছি নহলেও হাজাৰ টকাৰ খৰচ! আৰু উপযাচি ছোৱালী পাবৰ জোখায় পশুপতিৰ বিদ্যা-বুদ্ধিও তথৈবচ। কাজে কাজেই পশুপতিৰ বিয়াৰ বয়স হৈছিল সঁচা, কিন্তু বিয়া হোৱাৰ একো সঙ্গতি হোৱা নাছিল।

(৩)

 বিয়া বোলে— ‘দিল্লীকা লাড্ডু’; যি খাইছে সিও ‘পোষ্টাইছে’ আৰু যি খোৱা নাই সিও পোষ্টাইছে। আমাৰ সমাজ যেন এই ‘দিল্লীকা লাড্ডু’ টো বিলাবলৈ সদায় ব্যস্ত। [ ৬০ ] ছোৱালীজনী মাটিত পৰাৰ দিনৰপৰা মাক-বাপেকৰ চিন্তা হল, তাইক এই লাড্ডুটো কৰপৰা কেনেকৈ দিয়া হব? লৰাৰ বয়স ৮/১০ বছৰ হোৱাৰ দিন ধৰি ভাবনা, তাৰ বাবে এনে এটা লাড্ডু মিলে কত? সেই দেখি পশুপতিৰ সম্বন্ধেও এই লাড্ডু যোগাবৰ বাবে সমাজ উদাসীন নাছিল। তেওঁৰ গাৱঁৰ আৰু চিনা-জনা সকলো মানুহৰ আলাপৰ এটা বিষয় আছিল পশুপতিৰ বিয়া। তেওঁৰ ইষ্ট-কুটুম্ব, বন্ধু-বান্ধব সকলোৰে আলোচ্য বিষয় আছিল পশুপতিৰ বিয়া। তেওঁৰ গাৱঁৰ লৰা-তিৰোতাৰ অসম্ভৱ সম্ভৱ হোৱাৰ উদাহৰণ দিবৰ কথা আছিল পশুপতিৰ বিয়া। কিন্তু ইমান আলোচনা-আলাপ সত্ত্বেও ২৫/২৬ বছৰমান হোৱালৈকে তেওঁৰ বিয়াৰ কোনো আগন্তুক দেখা নগল। শত্ৰু-পক্ষৰ কোনোৱে কোনোৱে চিন্তা কবি সিদ্ধান্ত কৰিলে— অজলা অঁকৰা সকলোৰে বিয়া হয় আৰু হৈছে; পশুপতি দেখিবলৈ বগা, বয়স মুঠতে ২৫/২৬ বছৰ; ডাঙৰ মানুহৰ সন্ততি; আগৰ সম্পত্তিবান আৰু ইফালে ৰামায়ণ, মহাভাৰত, কীৰ্ত্তন, দশম পঢ়িবৰ জোখায় বিদ্যাও আছে— এনে স্থলত কোন ন্যায় বা দৰ্শন শাস্ত্ৰ মতে তেওঁৰ বিয়া নহৈ পাৰে?

(৪)

 বাস্তবতে কথাও হল সেয়ে। পশুপতিয়ে বন্ধু-বান্ধবৰ পৰামৰ্শ আৰু গাওঁ-কুচিলাৰ দিহা মতে অবশিষ্ট যি সম্পত্তি আছিল সকলোকে বন্ধকৰ ঘৰৰপৰা উলিয়াই বিক্ৰী কৰাত [ ৬১ ] তেওঁৰ হাতত টকা পাঁচ শ মান হল। তাত বাদে তেওঁৰ বাপতীয়া সাহোন এধাৰি সোণৰ হাৰ আছিল, সেই ধাৰি বেচিও ৩০০৲ মান টকা পালে। আৰু কোনো বন্ধু-বান্ধবৰ পৰাও দুশ মান ধাৰ পালে। যেতিয়া হাজাৰমান টকা তেওঁৰ হাতত হল, তেতিয়া বিয়াৰ দিহা হব লাগে বুলি আগেয়ে ভাৰ-ভেটী-গাখীৰ-কল খুৱাই ৰখা ৮/৯ বছৰীয়া ছোৱালীজনীকে গা-ধন সাত শ টকা দি ঠিক কৰিলে। সেই ঠিক মতে বিয়াৰ দিনো ঠিক হল।

 বিয়াৰ দিনা বিয়াৰ সাধাৰণ সমাৰোহেৰে বৰ-বেশী পশুপতি বিয়া-সভাত আহি সোমাল। পূজা-পানী ফুল-দূবা আদি বিয়াৰ আগ-ভাগবোৰ শেষ হোৱাত, ছোৱালী আনিবৰ পৰত ছোৱালীৰ বাপেকে পাতিলে যে, এনে তেনে ভাৰ বেয়া হৈছে, ইমান খিনি গাখীৰ আৰু তিমান খিনি মাছ গেলা, তেনে তেনে সৎকাৰৰ কাপোৰ বেয়া আৰু এনে তেনে বস্তু পোৱাই নাই, সুতৰাং পশুপতিয়ে যদি তেতিয়াই বিয়াৰ মণ্ডলীতে আৰু ২০০৲ টকা নিদিয়ে, তেনেহলে তেওঁ তেতিয়াই ইয়াৰপৰা উঠি ঘৰলৈ গতি কৰক; কাৰণ, ইয়াৰ লৰ-চৰ হলে তেওঁ ছোৱালী বিয়া নিদিয়ে; আৰু নিদিয়ে বুলি ততালিকে এটি বিষম অঙ্গীকাৰ কৰিলে। সমজ্যাত সকলোৰে হৈ-চৈ লাগিল আৰু বেচাৰা পশুপতি একো উপায় নাপাই কান্দি পেলালে। শেষত একো উপায়ান্তৰ নেদেখি পশুপতিৰ আত্মীয় কিবা আফিচত মহৰী কাম কৰা মুৰব্বি মানুহ এজনে তিনি দিনৰ মূৰত টকা দিব বুলি হাত-মাৰা-মাৰি কৰাত [ ৬২ ] ছোৱালী উলিয়াই আনিবলৈ আদেশ পৰিল। বিয়াৰ অৱশেষ খিনি প্ৰজাপতি আৰু সিদ্ধিদাতা গণেশৰ কৃপাত নিৰ্ব্বিঘ্নে সম্পন্ন হৈ গল আৰু পশুপতিও মানবী জনম কৃতাৰ্থ কৰি বিবাহিত হৈ সমাজ আৰু পিতৃ-ঋণ পৰিশোধ কৰিলে।

(৫)

 বিয়াৰ তিন দিনৰ দিনা ছোৱালী আকৌ মাকৰ ঘৰলৈ ফিৰি আহিল। আহি হাত-ভৰি ধুই ঘৰ সোমাল। অলপ পাছতে এবাৰ শৌচ কৰিলে, তাৰ পাছত আৰু এবাৰ; তাৰ পাছতে ৰাতি হল। সকলোৱে খবৰ পালে ছোৱালীজনী হাজিয়াত পৰিল। গাৱঁৰ দুই এজন জনা-বুজা মানুহে ডাক্তৰ বা বেজ আনি দৰব খুৱাবলৈ পৰামৰ্শ দিলে। ছোৱালীৰ বাপেকে উত্তৰ দিলে, এই ছোৱালীৰ বাবে তেওঁৰ ২০০৲ শ টকা লোকচান হল, যি দেৰ শ টকা বিয়াৰ তিন দিনৰ দিনা দিবৰ কথা আছিল তাকো তেওঁ পোৱা নাই, এতেকে সেই ছোৱালীৰ বাবদ ডাক্তৰ-কবিৰাজ আনি তেওঁ আৰু পয়চা খৰচ কৰিব নোৱাৰে। যাৰ জন তাক লাগে যদি সি পয়চা খৰচ কৰি চিকিৎসা কৰে, মাৰি পেলায়, যি ইচ্ছা তাকে কৰক।

 এনেতে পশুপতি ডাক্তৰ এজন লৈ শহুৰেকৰ ঘৰত উপস্থিত হল। ডাক্তৰে সৈতে পশুপতিক চোতালত দেখিয়েই শহুৰেক দপদপাই উঠিল। পশুপতি হে তেওঁৰ ছোৱালীৰ যম হল। পশুপতিয়ে বিয়া নকৰালে আৰু ঘৰলৈ লৈ নগলে তেওঁৰ [ ৬৩ ] ছোৱালী আজি যমৰ ঘৰলৈ যাব লাগিলহেতেন নে? পশুপতি সেইবিলাক কথালৈ আওকাণ কৰি শহুৰেকৰ ভৰিত দীঘল দি পৰি আগেয়ে চিকিৎসা কৰিবলৈ অনুমতি দিবৰ নিমিত্তে কাকূতি কৰিবলৈ ধৰিলে। শহুৰেকে কলে যে, তেওঁৰ জন তেওঁক দিয়াত একো আপত্তি নাই। কিন্তু আগেয়ে তেওঁৰ পাওনা টকা দেৰ শ নিদিলে, তেওঁ ছোৱালীক চিকিৎসা কৰিব নালাগে, ছুবকে দিব নোৱাৰে। একো উপায় নোপোৱাত পশুপতিয়ে যি অলপ অলঙ্কাৰ আছিল সেই অলঙ্কাৰকে দিব বুলি কোৱাতো তেওঁ লিখা-পৰা নোহোৱাকৈ সন্তুষ্ট নহল। তেতিয়া এখন কাকতত সেই চৰ্ত্তত লিখা-পৰাৰ ভিতৰত সোমাই, পশুপতিয়ে ৰোগীৰ গাত হাত দি দেখিলে গা তেনেই চেঁচা; নাড়ী টিপিলে, নাড়ী পোৱা নগল।

 কপাল মূৰ ধাকুৰি সেই দিনাই ঘৈণীয়েকৰ অন্ত্যেষ্টি ক্ৰিয়া সমাপ্ত কৰি পশুপতি ঘৰলৈ গল। আজি তেওঁৰ ঘৰ-বাহিৰ আৰু অন্তৰ সকলো শূন্য।