গল্পাঞ্জলি/ঘুনুচা
[ ১৫ ]
ঘুনুচা
( ১ )
বাৰিষাৰ দিন। মনে মনে সূৰ্য্যদেৱে কেতিয়া বুৰ মাৰিলে ভালকৈ কোনোৱে কবই নোৱাৰিলে! কেন্কেনীয়া বৰষুণ পৰিছে—ঝাপ্ ঝাপ্ ঝুপ্ ঝুপ্। বাটৰ কাষৰ সৰু সৰু বন আৰু গছৰ জোপবোৰত শব্দ হৈছে—ঝাপ্ ঝাপ্ ঝুপ্ ঝুপ্। আকাশ মেঘেৰে ঢাকা, তলত ভিজা মাটি, মাজে মাজে বা পানী, মাজে মাজে বা বোকা। নৈৰ ওচৰৰ সৰু বাটটিয়েদি এজনী তিৰোতা যাব লাগিছে৷ মূৰত আঁচলৰ এক লোচ দি বৰষুণৰ বিৰুদ্ধে যুদ্ধত সাজু হৈছিল; কিন্তু বৃষ্টি-দেৱতাই তিৰোতাজনীৰ এনে ধৃষ্টতা দেখি অত্যন্ত কুপিত হৈ তেওঁৰ গোটেই কাপোৰ-কানি তিয়াই পেলাইছে। খোজ দিছে খৰকৈ, যেন কোনো বিশেষ কাজ আছে। প্ৰথম দেখাত এওঁক ৩০/৩৫ বছৰীয়া যেন দেখি, কিন্তু অলপ ভালকৈ চালে বুজিব পাৰি মানুহজনীৰ বয়স ২৫/২৬ৰ ভিতৰতে; হয়তো কিবা কষ্ট বা বেমাৰত এনে অৱস্থা পাইছে। দেখাত যে বৰ ধুনীয়া এনে নহয়, কিন্তু ভাল অৱস্থাত থাকিলে মুনিজন-মনো-মোহিনী নহওক, বিশেষণ-বিহীন-সুন্দৰী আখ্যাৰ উপযোগ্যা। নদীৰ পাৰে পাৰে গৈ তেওঁ এটি সৰু খেৰৰ ঘৰ পালে; নৈৰ ওচৰতে, চাৰিওফালে বাৰীৰ নিচিনা অলপ হাবি-বন। খাবনোপোৱা মানুহৰ হাতৰ নিচিনা, ঘৰটিৰ ছালৰ কামিবোৰ ওলাইছে৷ লেপিদিয়া বটাৰ বেৰবোৰৰ তলৰ ভাগটি মাটিয়ে [ ১৬ ] খোৱা, প্ৰায় মাটিয়েই বতাহ-বৰষুণ আৰু পোক-পৰুৱাৰ অত্যাচাৰত খঁহি পৰিছে। চোতালখন সৰু, অপৰিষ্কাৰ, শেলাইৰে ভৰা। এটি কোণত চাৰিটি তাঁত-শালৰ খুতা পোতা। তিৰোতাজনী আহি এই চোতালত থিয় দিলে, আৰু কাতৰ স্বৰে মাতিলে,“উঃ ৰাম! বাপ ঐ!” ঘৰৰ ভিতৰৰপৰা পোহৰৰ ক্ষীণ ৰেখাৰ লগত ৰোগীৰ বেদনা-সূচক এটি অস্ফুট ধ্বনি শুনা গল।
( ২ )
এই ঘৰটি তিৰোতাজনীৰ। তেওঁৰ সংসাৰৰ একমাত্ৰ সম্বল, ৫/৬ বছৰীয়া পুতেক মণিৰাম। আজি ১২ দিন পুতেকৰ জ্বৰ, প্ৰথমতে দুই চাৰি দিন অলপ এৰা-পৰা কৰিছিল, কিন্তু আজি ৮/৯ দিন লৰাটিক একেটা জ্বৰে পুৰি মাৰিব ধৰিছে। একো দিহা নাপাই দুখুনী বিধবা মাকে আজি কবিৰাজৰ ওচৰলৈ গৈছিল৷ কবিৰাজক ঘৰলৈ আনে, এনে সম্বল তেওঁৰ নাই; কাবৌ-কাকূতি কৰি যদি এটি বৰী আনিব পাৰে, এই আশা। কবিৰাজবিলাক যে দুখীয়াৰ প্ৰতি কেনে সদয়, তাক তেওঁৰ ভাল জনা আছিল; সেই দেখি হাতৰ খাৰু চাৰিপাত বেচি সিকি এটি দিহা কৰি নিছিল; আৰু আহোঁতে ৰাতি হব জানি ঘৰত চাকিটি জ্বলাই থৈ গৈছিল।
( ৩ )
মানুহজনীৰ নাম ঘুনুচা। ঘুনুচা্ৰ ভাগ্য চিৰদিনে এনে নাছিল। অতীতত তেওঁ ধনীৰ জীয়েক, ধনীৰ বোৱাৰীয়েক আৰু [ ১৭ ] ধনীৰ ঘৈনীয়েক আছিল; কিন্তু “নীচৈৰ্গচ্ছত্যুপৰি চ দশা চক্ৰনেমিক্ৰমেণ”-ৰথৰ চকৰিৰ নিচিনা ভাগ্য কেতিয়াবা ওপৰলৈ উঠে, কেতিয়াবা বা তললৈ নামে। সংসাৰত সুখীৰো দুখ হয়, দুখীৰো সুখ হয়, ধনীয়ো নিৰ্ধন হয়, নিৰ্ধনো ধনী হয়। সৰু কালত সুখত লালিত-পালিত হোৱা ঘুনুচাৰ উপযুক্ত বয়সত উপযুক্ত স্বামীৰ লগত বিয়া হয়; তেতিয়া তেওঁৰ সুখ আৰু সৌভাগ্য দহজনৰ ঈৰ্ষাৰ বিষয় আছিল। কিন্তু কালচক্ৰে তেওঁৰ পিতৃ আৰু শ্বশুৰকুলৰ সকলোকে মৃত্যুৰ তলত পেলাই, তেওঁকে দুখৰ বোজা বৈ থাকিবলৈ এই সংসাৰৰ ওপৰত তুলি থৈ গল। যেতিয়া তেওঁৰ স্বামীৰ মৃত্যু হয়, তেতিয়া ঘুনুচা গৰ্ব্ভৱতী। সময়ত তেওঁৰ এটি পুত্ৰসন্তান ভূমিষ্ঠ হল; ঘুনুচাই দুখৰ ভিতৰতো মেঘৰ ভিতৰত বিজুলীৰ নিচিনা এটি সুখৰ ৰেখা দেখা পালে; দূৰৈত এটি আশাৰ দীপ জিলিকিল।
কিন্তু হিংসা আৰু লোভৰ প্ৰৱল বতাহে সেই আশা-দীপটিক অকালতে নুমাই পেলাবৰ উপক্ৰম কৰিলে। ঘুনুচাৰ এজন দেৱৰ আছিল—তেওঁ ঘুনুচাৰ খুড়া-শহুৰেকৰ পুতেক। যেতিয়া ঘুনুচাৰ আপোনাৰ বুলিবৰ সকলো জহনী ৰোগত মৰি গল, তেতিয়া এৱেঁই তেওঁৰ সম্পত্তিৰ প্ৰথম চৰিক হল। সম্পত্তিৰ লোভত প্ৰথমতে কিছুমান দিন ঘুনুচাক বৰ আদৰ যত্ন কৰিলে ৷ কিন্তু বৌৱেকক গৰ্ব্ভৱতী জানি তেওঁৰ শান্তি নোহোৱা হল,— গৰ্ব্ভত থকা শিশু যদি সম্পত্তিৰ উত্তৰাধিকাৰী হয়, ভূমিষ্ঠ হোৱাৰ অগেয়ে সেই শিশু নষ্ট কৰিবলৈ প্ৰথমতে বহুত যত্ন কৰিও [ ১৮ ] কৃতকাৰ্য্য নহল। তেতিয়াও আশা আছিল—যদি ছোৱালী হয়। কিন্তু যেতিয়া দুৰদৃষ্টক্ৰমে ঘুনুচাই পুত্ৰ সন্তান হে প্ৰসৱ কৰিলে, তেতিয়া সুগুণসম্পন্ন দেৱৰৰ মনত যেন জুই হে জ্বলিল। গাৱঁৰ মেলেকীসকলৰ লগলাগি ঘু্নুচা দুশ্চৰিত্ৰা আৰু তেওঁৰ পুত্ৰ জহৰা, তাক প্ৰমাণ কৰিবলৈ চেষ্টা কৰিবলৈ ধৰিলে। টকা পালে মেলেকীসকলৰ অসাধ্য কাম জগতত একো নাই; গতিকে প্ৰমাণ হল, ঘুনুচাৰ পুত্ৰ জহৰা, তেওঁ দুশ্চাৰিণী, সুতৰাং সকলো সম্পত্তি তেওঁৰ দেৱৰৰ। চব-ডেপুটী চাহাবৰ ওচৰত নামজাৰিৰ দৰখাস্ত পৰিল, খাটিৰ আৰু ভেটিৰ জোৰত নামজাৰি হল। সহায়-সম্পদ-বিহীনা ঘুনুচা লাঞ্ছিতা, বঞ্চিতা আৰু পৰিত্যক্তা হৈ নৈৰ পাৰত এই ঘৰটিত দুবছৰৰ শিশু সন্তান মণিৰামক বুকত বান্ধি লৈ বাস কৰিবলৈ ধৰিলে। আইন অনুসৰি পাব লগীয়া সম্পত্তি নাপালে! দুখীয়াৰ নো আইন-কানুন কি!
( ৪ )
লাহে লাহে তিনটি বছৰ অনন্ত কাল-সাগৰত ঢৌৰ নিচিনাকৈ বিলয় হল। তাৰ লগে লগে সুখী দুখী হল, দুখী সুখী হল, ৰোগী আৰোগ্য হল, নিৰোগীৰ ৰোগ হল, কিন্তু ঘুনুচাৰ হলে দুখৰ অন্ত নপৰিল। এই তিন বছৰ খুজি মাগি শিশু সন্তানটিক পোহ পাল দি আছিল,—এতিয়া তাৰ জ্বৰ হল। হাতৰ কাণৰ যি আছিল, সকলো খৰচ কৰি সেই জ্বৰ এৰুৱালে। কিন্তু জ্বৰৰ পিচত সুপথ্য আৰু উপযুক্ত চিকিৎসাৰ [ ১৯ ] অভাৱত, সেই জ্বৰ নাড়ীত বহি জীৰ্ণজ্বৰ হল। ইফালে খাবৰ যোগাৰ ঘৰত নাই; ঘুনুচাই এমুঠি খুজি নানিলেও নহয়। যেতিয়া খুজিবলৈ ঘুনুচা বাহিৰলৈ যায়, তেতিয়া মণিৰামে গাঁৱৰ আন আন লৰাৰ লগ লাগি আম, কাঠাল, তিয়ঁহ প্ৰভৃতি কুপথ্যৰ শ্ৰাদ্ধ কৰে। কাজে কাজেই সেই জীৰ্ণ জ্বৰ, কলা-জ্বৰত পৰিণত হল৷ পেটত প্লীহা-যকৃতে দেখা দিলে। দিনে দিনে পেট ওলাই, হাত-ভৰি ডিঙি চিচা হৈ আৰু চকু গাঁতত বহি যাবলৈ ধৰিলে। বেয়া বস্তু খাবৰ ইচ্ছা হল; শৰীৰৰ বৰণ ক’লা হল। সংক্ষেপতে কলাজ্বৰৰ সকলো লক্ষণে দেখা দিলে। দেখোঁতে দেখোঁতে মণিৰাম নদন বদন লৰাটি গুচি পিশাচৰ নিচিনা অতি ভয়ঙ্কৰ আকৃতিৰ হৈ পৰিল। পুতেকৰ এনে ভয়ানক অৱস্থা দেখি ঘুনুচাৰ ধাতু উৰিল। আগৰ দিনৰ পাটৰ ৰিহা-মেখলা দুজোৰ মান আৰু স্বামীৰ প্ৰথমসন্মিলনত পোৱা সোণৰ আঙঠি এটি আছিল। স্বামীৰ সোঁৱৰণী বুলি এই বস্তুখিনি ঘুনুচাই প্ৰাণান্তিকেও ৰাখিছিল। কিন্তু এতিয়া সকলো ফালে নিৰুপায় হৈ ওচৰৰ কবিৰাজ এটিক সোপাই সমৰ্পণ কৰি চিকিৎসা কৰিবলৈ খাটিলে। এমাহমান ঔষধ-পাতি খুৱাই কবিৰাজ ডাঙৰীয়াৰ বেচ আৰু বেজালি দুয়ো সাঙ্গ হল। তেওঁ এদিন আহে, এদিন নাহে, এনেকৈ আৰু দহ দিনমান থাকি, এদিনাখন ঘুনুচা তেওঁৰ ওচৰলৈ যাওঁতে কৈ পঠিয়ালে যে, ঘু্নুচাৰ আঙঠি এটিৰ বানচত তেওঁ কিমান দিন দৰব দিব; তাৰ মূল উঠি গৈছে; নতুন ঔষধ খুৱাব লাগিলে নতুন বেচ লাগিব। কবিৰাজৰ ভাব আছিল, ধনীৰ ঘৈণীয়েক ঘুনুচাৰ আৰু কিবা [ ২০ ] আছে। ঘুনুচাই মূৰে কপালে হাত দি নিজৰ কপালকে সকলো দোষৰ ভাগী কৰি উলটি আহিল।
( ৫ )
মণিৰামৰ বেমাৰ দিনক দিনে বেচি হৈ গৈছে; ইফালে ঘুনুচাৰো খাব-লবলৈ নাপাই শৰীৰ দিনক দিনে ক্ষীণাই আহিল। এনেতে এদিন নৈৰপৰা গা ধুই আহোঁতে, তেওঁলোকৰ কুল-গুৰুক গা ধুই অহা দেখা পালে। ঘুনুচাই তেওঁৰ দুৰ্ভাগ্যৰ সময়ৰপৰা গুৰুৰ লগ পোৱা নাছিল; আজি দেখা পাই কিবা উপায় পাব বুলি তেওঁৰ চৰণত দীঘল দি পৰিল। প্ৰথমতে গুৰুদেৱে ‘ব্যভিচাৰিণীক” দেখি ৰাম-বিষ্ণু স্মৰণ কৰি কাষ কাটি যাব খুজিছিল, কিন্তু ঘুনুচাৰ কাবৌ-কাকূতিত অলপ থিয় দিলে। ঘুনুচাই দুখৰ কাহিনী কলত, গুৰুদেৱে তেওঁৰ দুশ্চৰিত্ৰ আৰু সেই পাপৰ প্ৰতিফল সম্পৰ্কে এটি দীঘল বক্তৃতা শুনাই দিলে। ঘুনুচাই লাজ-অপমানৰ ওপৰত অপত্য-স্নেহকে আসন দি সকলো সহি থাকিল। পাচত উপায় স্বৰূপে গুৰুৱে কলে যে, দেৱ-দ্বিজ–ভক্তিত বাজে সংসাৰত কি আছে? “হৰিনামে কৰে সবাকো সুসঙ্গ,”—সংসাৰত হৰি-ভক্তি গুৰু-বামুণৰ প্ৰতি শ্ৰদ্ধায়ে হৈছে আচল বস্তু। সেয়ে হলে সংসাৰৰ ৰোগ-শোক, পাপ-তাপে আৰু কি কৰিব পাৰে? ঘুনুচাই নাম-কীৰ্ত্তন পাঠ-স্বস্ত্যয়ন কৰক; গুৰু-ভকতক ভক্তি কৰক, তেনেহলে মণিৰাম দুদিনতে ভাল হব। সৰল ঘূনুচাই গুৰু-বাক্যকে সাৰোগত কৰি লৈ দেৱতা[ ২১ ] গুৰু-বামুণকো পূজা-পাটল দি চাব খুজিলে। ঘুনুচাৰ দুখৰ কথা শুনি এজন বিদেশী পথিকে তেওঁক এটি টকা দি গৈছিল; তেওঁ সেই টকাটি আনি গুৰুৰ চৰণত সমৰ্পণ কৰিলে। গুৰুদেৱে বাৰিষাৰ বৰষুণৰ নিচিনা আশীৰ্ব্বাদৰ অজস্ৰ ধাৰ পেলাই প্ৰস্থান কৰিলে।
কিন্তু দুখুনী ঘুনুচাৰ কতো দুখৰ অন্ত নপৰিল। খুজি মাগি আনি কিমান নৈবেদ্য, কিমান কল-গাখীৰ দেৱতা-গুৰু-বামুণক খুৱালে, তথাপি দুখুনীৰ কামনা নুপূৰিল। পাঠৰ মন্ত্ৰ, নৈবেদ্যৰ প্ৰসাদ, গুৰু-বামুণৰ উচ্ছিষ্ট, কাৰো মণিৰামৰ জ্বৰ ভাল কৰিবৰ শক্তি নহল। চাই থাকোঁতে থাকোঁতে এদিন পুৱা মণিৰামে দুখুনী মাকক দুখ-সাগৰত তল পেলাই এই সংসাৰৰপৰা বিদায় ললে। হায় ঘুনুচা! সংসাৰৰ শেষ সম্বল একেটি ৰতন, সিও তোমাৰ ভাগ্যত নাই।
( ৬ )
এতিয়া ঘুনুচা নাই, মণিৰামো নাই; ঘুনুচা বা মণিৰামৰ কোনো আত্মীয়জনো নাই। কিন্তু নৈৰ পাৰৰ সেই ঠাইখিনিত এজনী পাগলী বহি বহি মাটিৰ দেৱতা-বামুণ গঢ়ি তাৰ ওপৰত নানা প্ৰকাৰ অত্যাচাৰ কৰা বহু বাটৰুৱাই দেখিছে; আৰু মাজে মাজে নৈশ নিস্তব্ধতা ভেদ কৰি কান্দোনৰ কাতৰ স্বৰ আকাশ ছানি উঠাও বহুতে শুনিছে।