গল্পাঞ্জলি/সন্ন্যাসিনী

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
[ ৪৪ ]

সন্ন্যাসিনী

( ১ )

 সন্ন্যাসিনীয়ে কলে, “মহিমা শুনিবা”? মই মাত লগালোঁ, “মই তো শুনিম শুনিম কৈ আছোঁৱেই, তোমাৰ আপত্তি নাথাকিলে কোৱা।” “তেন্তে কওঁ শুনা” এই বুলি সন্ন্যাসিনীয়ে আৰম্ভ কৰিলে।

( ২ )

 “সি আজি ত্ৰিশ বছৰৰ কথা। এই ডেৰ কুৰি বছৰ এটা কথাই মনৰপৰা নেৰাৰ বাবে সি সাধাৰণ কথাৰ নিচিনা হৈ উঠিছে। এতিয়া আৰু তাৰ নিমিত্তে দুখ নহয়। তেতিয়া মোৰ বয়স ১৫/১৬ বছৰ। ঘৰত পিতাদেও আৰু ককাইদেও। ককাইদেৱে কলিকতাৰ কলেজত পঢ়ে। মই তেতিয়া অবিবাহিত। চিনা জোকবোৰে যিদৰে এডাল বনত উঠি চাৰিও পোনে আন এডাল বন বিচাৰি লেউ লেউ কৰে, মোৰ মনতো তেনে এটা ভাব। কি যেন এটা বিচাৰোঁ, কিহৰ যেন অভাৱ বুলি চকুৱে চাৰিওপিনে চঞ্চলভাৱে চায়। এনেতে এদিন এজনা অতিথি আহি আমাৰ ঘৰত উপস্থিত হল। তেওঁ ককাইদেৱৰ সমপাঠী, ককাইদেৱৰ বন্ধু। গতিকে শুশ্ৰুষাৰ ভাৰ মোৰ ওপৰত পৰিল, বিশেষ ঘৰত ময়ে অকল তিৰোতা। [ ৪৫ ] পাছ দিনা পুৱা তেওঁ যাবলৈ ওলোৱাত মই কলোঁ, “আজি নগলে নহয় নে?” এইদৰে মোহন আমাৰ ঘৰত সাত দিন থাকিল। তেতিয়া বন্ধৰো অন্ত পৰিল; তেওঁ ঘৰলৈ গল।

( ৩ )

 “মোহন যাবৰ দিনা মোৰ মনত কি এটা ভাবৰ উদয় হল, ফুটাই কব নোৱাৰোঁ; অলপ দুখো লাগিল, আনন্দও যেন অলপ হল। সেই ভাবটি প্ৰকাশ কৰিবলৈকো যেন লাজ লাগে, আৰু মোৰ ভাব-গতিক দেখিও যেন আনে বুজিব পাৰে, এনে বোধ হল। যি হক মনৰ কথা অতি গোপনে চেপা দি ৰাখিলোঁ। সিদিনাৰপৰা মোহনৰ কথা ভাবি ভাল লগা হল। দুদিনৰ পাছত সকলো কামতে সেই একে কথা মনত পৰি থাকিবলৈ ধৰিলে। ৰাতি শুই শুই মায়াময়ী কল্পনাৰ বলত সুখৰ ৰাজ্য আঁকিবলৈ ধৰিলোঁ। এনেতে ককাইদেও কলিকাতালৈ গল। যাৰৰ দিনা কিছুমান কথা কম বুলি মনতে ঠিক কৰি ৰাখিছিলোঁ, কিন্তু লাজে ভেটি ধৰিলে। মনে মনে ভাবিলোঁ, চিঠি লিখিম।

( ৪ )

 “এনেতে পূজাৰ ছুটি আহিল, ককাইদেৱৰ ঘৰলৈ অহাত সাত দিন পলম হল। পিতাদেৱে ককাইদেৱক সুধিলে, কাৰণ কি? তেওঁ কলে যে, “মোহনৰ জ্বৰ হৈছিল, ঘৰৰপৰা মানুহ গৈ নোপোৱাৰ কাৰণে আহিব পৰা নাছিলোঁ”। পিতাদেও [ ৪৬ ] মনে মনে থাকিল। মোৰ মনে হলে নামানিলে। নিবলত কথাৰ মূৰত ককাইদেৱক সুধিলোঁ, কেনে জ্বৰ৷ শুনিলোঁ, মোহনৰ জ্বৰ টান, বাঁচিবৰ আশা সমূলি নাই। যদি বাঁচি উঠে, সি আয়ুসৰ জোৰ। মনৰ পিঠিত গধুৰ বোজা দি মনে মনে শুই থাকিলোঁ। ৰাতি টোপনি নহল : যিখিনি সময় অলপ চকু লাগিছিল, তাতে বহুত বেয়া সপোন দেখিলোঁ৷

( ৫ )

 “পূজাৰ বন্ধ শেষ হোৱাত ককাইদেও আকৌ কলিকাতালৈ গল। এইবাৰো মোহনৰ খবৰ-বাতৰি লিখিবৰ কথা কব খুজিছিলোঁ; ইবাৰো লাজে ভেটা দিলে। মনৰ গতি বৰ অদম্য। দিনকে দিনে মোহনৰ কথা ভাবি, তেওঁ ভাল হল নে নাই সেই চিন্তাতে বলিয়াৰ নিচিনা হলোঁ। মনত শান্তি নাই; খোৱা-লোৱাতো সুখ নাই। পাছে ক্ষীণাই যাবলৈ ধৰাত পিতাদেৱে দৰব-পানী দিলে; ফল হলে একো দেখা নগল। সবশেহত মনৰ বেগ সামৰিব নোৱাৰি মোহনৰ নামে এখন চিঠি লিখিলোঁ। কিন্তু ঠিকনা ককাইদেৱৰ নামে দিলোঁ। তলত নাম দিলোঁ পিতাদেৱৰ। উচিত সময়ত তাৰ উত্তৰ পোৱাত হে মনে পতিয়ন মানিলে।

( ৬ )

 “পূব আকাশত ৰাঙলী বেলিটি ওলালে পদুমপাহে যেনেকৈ পোনাই চাই থাকে, ৰূপহী জোনৰ ৰূপালী কিৰণত মুগ্ধ হৈ [ ৪৭ ] যিদৰে ভেট ফুলপাহে জোনলৈ পোনাই চায়, ময়ো মোহনৰ প্ৰতি সেইদৰে চাই ৰলোঁ; কিন্তু মহিমা, তাৰ হলে প্ৰতিদান নহল! লাহে লাহে সেই আশা ফেৰাও অন্তৰ্হিত হল। মনে মনে ভাবিলোঁ, কলেজৰ বিজ্ঞান, দৰ্শন বা সাহিত্য প্ৰভৃতিৰ মাজত প্ৰেমৰ আলচ পতাৰ সময় সমূলি নাই; ভালপোৱাৰ কথা ভাবাৰ অবসৰো বৰ কম! কলেজ বৰ কঠুৱা! কিন্তু, লালসাই এনে কথা মানিব কিয়? অলপ-অলপকৈ ঢিলাই দিলে যেনেকৈ বৰ কঠিন বান্ধো সোলোক-ঢোলোক হৈ আহে, ভালকৈ পতি নকৰিলে যিদৰে তেজাল পুলিটিও বৃদ্ধি পায়, সেইদৰে মোহনৰ প্ৰতি সেই ভালপোৱা ভাব, যিহৰে অভাৱত হওক, লাহে লাহে ক্ষীণাই আহিল৷ শেহত মোহন স্মৃতি-সপোনৰ নিচিনা হৈ পৰিল। কিন্তু, একো বেয়া নাভাবিবা মহিমা, যৌৱনৰ তেজৰ বলত ভালপোৱা আৰু প্ৰেমৰ লক্ষণ সচৰাচৰ এনেই হয়; কাৰণ অতৃপ্ত বাসনা!

( ৭ )

 “এই অতৃপ্ত বাসনা আৰু অদম্য ইন্দ্ৰিয় বেগে মোহনক ক’ত উটাই-বুৰাই নিলে তাৰ ঠিক নহল৷ মনে আৰু নতুন বিচাৰিলে। এই বাৰ ঘনশ্যাম নামে এজন যুবা মোৰ বাসনাত আলহী সোমাল৷ মহিমা, বেজাৰ নাপাবা, মোকো নিলাজী নুবুলিবা, যৌৱনৰ মত্ততাত মানুহে বিবেকৰ বিৰোধে নাভাবি নুগুণি বহুত পাপ কাম কৰে। কবলৈ লাজ লাগে, ঘনশ্যামৰ লগত মোৰ অবৈধ প্ৰণয় ঘটিল। [ ৪৮ ]  লো এডোখৰ তপতে-তপতে বৰ গৰম; পানীত পেলাই দিয়া মাত্ৰে ভক্‌ভকায়, ফক‌্ফকায় আৰু নাচি উঠে। কিন্তু, যেতিয়া তাৰ পানীৰ প্ৰতি আকৰ্ষণ বা লালসাই তৃপ্তি লভিলে, তেতিয়া সি যেনে লো তেনে।

 আমাৰো সেয়ে হল। যেতিয়া দিন গল, যেতিয়া তেজৰ পিৰপিৰণি কম পৰিল, বাসনা তৃপ্ত হল, তেতিয়া তাহানিৰ লালসাৰ গৰম ভাব সেৰেঙা পৰিল। তেতিয়াহে বুজিলোঁ, কি কৰি কি কৰিলোঁ। ঘনশ্যামে মোৰ সংশ্ৰব এৰিলে। তেতিয়া আৰু কতো শান্তি নোপোৱা হলোঁ। সদাই মনত এটা উচপিচনিৰ ভাব। তেতিয়া আকৌ বহুদিনীয়া মোহনৰ সেই মোহন মূৰতি লাহে লাহে হৃদয়ৰ এচুকত দেখা দিলেহি। কিন্তু মনত শান্তি নহল। বাহ্যিকত সুখ নাই। যি সংসাৰক দুদিনৰ আগেয়ে অমৃতৰ অক্ষয় ভাণ্ড যেন ভাবিছিলোঁ, সেই সংসাৰে বিষত পৰিণতি লভিলে। মোহনৰ সেই অস্ফুট ছবিটিয়ে মনত আৰু অশান্তিৰ উদয় কৰিলে।

( ৮ )

 “আকৌ হাঁহি মাৰি দীৰ্ঘ-বন্ধে দেখা দিলে। ককাইদেও এই বাৰ বি-এল মহলা দি কলিকাতাতে আছিল; এতিয়া আহিল। এদিন এখন চিঠি ককাইদেৱৰ অসাবধানতাৰ বাবে পৰি গল। দেখিলোঁ, চিঠিখন মোহনৰ। মনে খুদমুদালে। মেলি পঢ়িলোঁ— [ ৪৯ ]
 

“প্ৰিয় নাৰায়ণ!

 সৰু কালৰেপৰা আমি দুয়ো একে লগে পঢ়ি ইমান ডাঙৰ হলোঁ। এতিয়া সংসাৰত প্ৰবেশৰ দিন৷ কিন্তু, এটি কথা বহু দিনৰেপৰা মোৰ মনতে আছে, আজি তোমাক কম, তুমি ঠাট্টা নকৰিবা। কথা এই,তোমাৰ ভনীয়েৰাক বিয়া কৰাবৰ ইচ্ছা। যিদিন তিনি চাৰি বছৰ আগেয়ে তোমালোকৰ ঘৰলৈ গৈছিলোঁ, তেতিয়াৰপৰা এই ইচ্ছা আছে। ইমান দিন কোৱা নাছিলোঁ; কাৰণ উপযুক্ত সময় নহলে কামনা কৰা বৃথা৷ প্ৰেম এলেহুৱাৰ উপভোগ্য নহয়। মই যিমান জানো, তোমাৰ ভনীয়েৰাৰ অমত নহব; এই কথা তুমিও জানিব পোৱা। * * * মনৰ গতি সংযম কৰিব নোৱাৰি কিবা লিখিলে ক্ষমা কৰিবা। উত্তৰলৈ বাট চাই ৰলোঁ।”

 চিঠিখন দুই তিনি বাৰ পঢ়িলোঁ। পিছত ককাইদেও আহিলত তেওঁক দিলোঁ। তেওঁ সুধিলে, কাৰ চিঠি? মই একো নমতাকৈ গুচি আহিলোঁ।

( ৯ )

 “বিয়া হৈ গল; কিন্তু অশান্তিৰ শেহ নপৰিল। মোহনৰ আদৰ, মোহনৰ প্ৰেম, সকলো বিহ যেন হল। এদিন মোহনক কলো, “মই আপোনাৰ উপযুক্ত নহওঁ; মোক পৰিত্যাগ কৰক”। মোহনে একো নামাতিলে, মোৰ প্ৰতি তেওঁৰ আদৰ বেছি হে হল। অভাগিনী মই; মোৰ সি অসহনীয়। মই [ ৫০ ] আকৌ কলোঁ, “মোক ত্যাগ কৰক; মোক ত্যাগ কৰক।” মোহনে কলে, “কমল! এনে নিদাৰুণ কথা শুনাই তুমি কি সুখ পোৱা?” মই মোহনৰ ভৰিত পৰি কলোঁ, “আপুনি দেৱতা।” আৰু কথা নোলাল। গিৰিগিৰকৈ চকুলো পৰিব ধৰিলে। মনতে ভাবিলোঁ, এনে হেন দেৱ-চৰিত্ৰ; ইয়াক পাপিনীৰ সংস্পৰ্শত মলিন হবলৈ নিদিওঁ। এদিন মাজ নিশা মোহনৰ অজ্ঞাতসাৰে ঘৰৰপৰা বাহিৰ হলোঁ; সিদিনাৰেপৰা মই সন্ন্যাসিনী।”

____

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২০ চনত ১ জানুৱাৰী ১৯৬০ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )