গল্পাঞ্জলি/অদৃষ্ট

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
[ ৫১ ]
 

অদৃষ্ট

(১)

 ধনীৰামৰ ককায়েক চাহ বাগিছাৰ মহৰি। তেওঁৰ টকা-কড়ি, ধন-বিত, সাজ-সম্পত্তি যথেষ্ট। গাৱঁত ধনী, মানী, প্ৰখ্যাত লোক আছিল।

(২)

 ধনীৰামৰ বিয়ালৈ পাঁচ দিন আছে। ককায়েকে ভাবিছিল, অগেয়ে মাৰৈ-পূজা এটা কৰি পাছত বিয়া পাতিব। ছোৱালীৰ ঘৰলৈ জোৰণ-ভোজন যি দিব লাগে সকলোকে দিয়া হৈছে। সুতৰাং মাৰৈ-পূজাৰ পাছতে বিয়া পাতিবলৈ একো দিগদাৰি নাছিল।

 পাঁচ দিন থকাত গধূলি ককায়েক ঘৰলৈ আহিল। সেই দিন পূজাৰ জাগনী। পুৱতি ৰাতি তেওঁ এবাৰ বাহিৰলৈ গল; তাৰ পাছতে বতিয়ালে। পাছ দিনা এপৰমান বেলা হোৱাত হাইজাত ককায়েকৰ মৃত্যু হল। আনন্দৰ কোঢ়াল শোকৰ কান্দনত তল পৰিল।

(৩)

 বিয়া নহল, অশৌচত পৰিল। অশৌচ যোৱাত বৌৱেক তেওঁৰ মাকৰ ঘৰলৈ গল। অশৌচৰ ভিতৰতে টকা-কড়ি [ ৫২ ] অলঙ্কাৰ-পত্ৰ ভায়েকৰ হাতত পলুৱাইছিল। যাওঁতে বাকীখিনিও লৈ গল।

 কেঞা মহাজনৰ তত ককায়েকৰ কিবা বাকী আছিল। ছল-চক্ৰান্ত কৰি সি মাটি-বৃত্তি গোটাইখিনি নিলাম ডাকি ললে।

 ধনীৰাম নিতান্ত দুখীয়া হল। সময়ৰ লগত, নিজৰ গাৰ কানি-কাপোৰ বেচি-কিনি হে পেট প্ৰবৰ্ত্তাই থাকিব লগাত পৰিল।

(৪)

 হব-খোজা শহুৰেকে ধনীৰামলৈ ছোৱালী নিদিয়া কেতিয়াবাই ঠিক হৈ গৈছিল আৰু ছোৱালীৰো আন ঠাইত বিয়া হৈ গৈছিল। ধন-বিত, অৰ্থ-সম্পত্তি একো নাই; তেনে স্থলত বিয়া দিলে ছোৱালী নো কি খাই প্ৰবৰ্ত্তিলেহেতেন? কিন্তু মানবী জন্মত জনম আৰু মৰণৰ নিচিনা বিয়াও তো এটা অৱশ্যে হবলগীয়া কাৰ্য্য! সুতৰাং ভাই-ককাই, আত্মীয়-বন্ধু সকলোৰে উপদেশ মতে ধনীৰামে টেপু-বাপুৰ ঘৰত সাত কুৰি টকাত বন্ধা সোমাই এশ টকা আনিলে আৰু তাৰ দ্বাৰাই কোনোবা এজনী মাউৰী ছোৱালীৰ পাণি-গ্ৰহণ কৰি নিজৰ জীৱনটোক ধন্য কৰিলে। আৰু পিতৃ-পিতামহকো পুন্নাম নৰকৰপৰা উদ্ধাৰৰ বাটটো মুকলি কৰি দিলে।

(৫)

 নিঃকিনৰ দুখৰ লেখ লয় কোনে! দুখীয়াৰ দুখ দেখি পুতৌ [ ৫৩ ] কৰে কেইজনে! সংসাৰৰ চাৰিওফালে ইমান শোকৰ আৰু দুখৰ হাহাকাৰ যে কি শোকে যে কাৰ হিয়াখনি ফটাই দিছে, কি দুখে যে কাৰ জীৱনটোৰ ওপৰত দাঙিব নোৱাৰা ভাৰ তুলি দিছে তাৰ হিচাব কৰিব কোনে! আৰু কৰিয়ে বা অন্ত পাব কোনে!

 সাত-কুৰি টকাৰ বন্ধা! প্ৰথম বছৰত কাট মুঠতে ৬৲ টকা। টেপু-বাপু বামুণ মানুহ। আগেয়ে যেই নহওক, কিছুদিন ‘বঙাল’ত থকাৰ পৰা তেওঁৰ টকা কেইশমান গোট খাইছিল। তাৰেই ‘তেজাৰতি’ কাৰবাৰ কৰি তেওঁ সদাগৰ হল! পাছত ‘তেজাৰতি’ কাৰবাৰৰ তেজতে দুই চাৰি ঘৰ যজমানো কৰি ললে। তেওঁৰ গৃহস্থিৰ ভিতৰত তেওঁ আৰু বামুণনী। পুতেক চাৰিজন, চাৰিওজনে ‘বিলাত কৰিছে’।

 টেপু-বাপুৰ ঘৰত বামুণনীৰ মতে কাম কাজ মুঠেই নাই। ধনীৰামে খাই শুই বহি হে দিন কটায়, মুঠতে হালখন যি দুই এপাক ঘূৰাই আনে; তাকো কেঁৰা-দিপৰত। ধনীৰাম আগেয়ে সুখীয়া মানুহৰ ঘৰৰ লৰা; জানি শুনিও যে তাক বাপুৱে বন্ধা ৰাখিলে সেইবাবে নো কিমান দিন এই দম্পতীৰ ভিতৰত ৰোহ কাজিয়া, ভাত-নোখোৱা-নোবোলা আৰু— হৈছিল তাক ইয়াত লেখ দিয়াৰ সকাম নাই। যি হওক, পুৱাৰেপৰা ৰাতি ডেৰ পৰলৈ ধনীৰামে একে গাৱঁতে থাকিও ঘৰত এবাৰ আহিবৰ, নাইবা নতুনকৈ ঘৰত অনা ছোৱালী জনীৰে সৈতে এবাৰ সুখ-দুখৰ কথা পাতিবৰ সময় নাপাইছিল। [ ৫৪ ] হব পাৰে— সি বামুণৰ ঘৰৰ কাম-কাজৰ কাৰণেই; অথবা ধনীৰামৰ সংসাৰৰ প্ৰতি বিৰাগৰ বাবেই!

 টেপু-বাপুৰ— আৰু বিশেষকৈ তেওঁৰ গৃহিণীৰ, মিঠা মাতত ধনীৰামৰ মন সদাই ইমান আমুৱাই থাকে যে ঘৰলৈ গৈ সি আৰু মিঠা মাত মুখেৰে আনিব নোৱাৰাত পৰিল। হাল লৈ যোৱাত পলম হল, খালে বামুণ-খোৱাই; পথাৰৰপৰা অহা সোনকাল হল, বামুণৰ মঙহ খালে। পাত কটাত অলপ বেলি হল, মোহিনীয়েক-বাঁৰী-হোৱাই বাৰীত বহি থাকিল! ভোক লাগি পন্তা ভাত খুজিলে, পাইছে খাব ‘তিন টেকেলি’ মাৰি। ইত্যাদি প্ৰকাৰে নানা প্ৰকাৰ বিশেষণেৰে সম্বোধিত হৈয়ো ধনীৰমে কাকো এক আষাৰ কথা নকয়; নিজ মনে কাম কৰে আৰু ৰোৱাই থোৱাই পেটত এমুঠি পেলাই বামুণ-বামুণনী শুলে নিশা ঘৰক যায়।

(৬)

 ঘৰ! দুখীয়াৰ আকৌ ঘৰ! দুখীয়াৰো আকৌ লৰা-তিৰোতাৰ প্ৰতি মৰম-দয়া! দুখ— নে নিজ কৰ্ম্মৰ ফল-ভোগ।

 বাৰিষাৰ দিন— জিপ্‌-জিপ্‌ জুপ-জুপকৈ দিনে-ৰাতিয়ে বৰষুণ, চাৰিও ফালে বোকা পানী। যতে ততে মহ, জোক, ভেকুলী, কেঁচু, সাপ, দুৰ্গন্ধ আৰু নৰিয়া।

 ঘৰৰ চাৰিওফালে পচা খালৰ আৰু গোবৰৰ দুৰ্গন্ধ। চোতালত ভৰি দিব নোৱাৰি আঠু-সমান পোত! পেঁকে খাই [ ৫৫ ] ভৰিৰ আধ্যা নোহোৱা কৰিছে! নিশা মহৰ কামোৰত তত নাপাই থুপাৰ ধোঁৱা দি বৰষুণৰ টোপালত ভিজা মজিয়াত কিছুমান আধা-ভিজা খেৰৰ ওপৰত ভিজা কানি এখন পাৰি আৰু তেনে বিধৰে কাপোৰ এখন পিন্ধি ধনীৰামৰ নবোঢ়া বধূ! গত দহ্‌ দহ্‌ কৰে জ্বৰ! এয়ে দুখীয়াৰ প্ৰণয়ৰ উপহাৰ! এয়ে দুখীয়াৰ প্ৰাণৰ পুতলীৰ আদৰ! হায় দাৰিদ্ৰ্য! এইজনী সুন্দৰী— যাৰ নিপোটল সুঠাম দেহ, স্বৰ্ণ-গৌৰকান্তি, অনিন্দিত শৰীৰৰ লাবণ্যই ৰাজপাটো শুৱনি কৰিব পাৰিলেহেতেন, বামুণৰ বন্ধা দৰিদ্ৰ ধনীৰমৰ হাতত পৰি তেওঁৰ এই দশা!

 কম দুখত কবিয়ে কোৱা নাই— “দাৰিদ্ৰ্য-দোষো গুণৰাশি-নাশী”। গিৰীয়েকে দিনে ৰাতিয়ে খাটি টেপু-বাপুৰ ঘৰতে থাকে— ঘৰত যে সুন্দৰী ষোড়শী গাভৰু ছোৱালী এজনীয়ে একান্ত নিৰ্ভৰ কৰি তাৰেই ফালে চাই আছে— ভোক গুচাবৰ বাবে, লাজ গুচাবৰ বাবে, আশ্ৰয় পাবৰ বাবে— সেই কথা ভাবিবলৈ ধনীৰামৰ অবসৰ নাই। থাকিলেও, দীঘল হুমুনিয়াটোকো চেপা মাৰি ধৰি সি নিৰ্ব্বাক নিষ্পন্দ হৈ সকলো আঁতৰাই থয়।

 আজি তিন দিন ঘৈণীয়েকে খাবলৈ পোৱা নাই; পিন্ধিবলৈ কাপোৰ নাই; ঘৰটো বৰষুণত উৰুষে। চাৰিওফালে বোকা-পানী। ঘৈণীয়েকৰ পুৱাৰপৰা জ্বৰ। কোনে খবৰ কৰে দুখীয়াৰ প্ৰণয়িনীৰ! সেই সময়তে সংসাৰত কিমান সহস্ৰ-কোটি টকা খেলা বা আমোদত নাইবা অনাৱশ্যকীয় স্বচ্ছন্দতাত [ ৫৬ ] খৰচ হৈছে! কিমান অৰ্থই প্ৰণয়ত আৰিলতা আৰু ভোগত অনৰ্থ আনিছে! কিন্তু যি এটি টকাই এনে হিয়া-ভঙা দুখ গুচাব পাৰে, তেনে টকা এটি সংসাৰত কত! নিৰ্থক ব্যয়ৰ সহস্ৰকোটি-ভাগৰ এটা ভাগো নো নাই নে যিহে এই নব-পৰিণীত দম্পতীৰ এই দুৰ্ভগ শোক লাঘব কৰি দিব পাৰে! ভাগ্যবানে নতুন প্ৰণয়িনীৰ সুখৰ নিমিত্তে, মনত এখন্তক আনন্দ দিবৰ কাৰণে, কিমান খৰচ, কিমান যত্ন কৰে! এই দুখীয়াৰো তো নতুন তিৰোতা, সিহঁতো তো মানুহ! সিহঁতৰো বাঞ্ছা আছে, সুখ আছে, দুখ আছে! কিন্তু থাকিলে কি হব, সিহঁত যে দুখীয়া, বামুণৰ বন্ধা!

 ধনীৰামে গামোচাৰ লোচত মনে মনে— বামুণনীয়ে দেখিলে সৰ্ব্বনাশ— নিজৰ ভাগৰ ভাত কেইটা বান্ধি আনিছিল। সি ভাবি চিন্তি ইয়াকে মুঠে বুদ্ধি পাইছিল, যি উপায়ে ঘৈণীয়েকক খাবনোপাৱাকৈ মৰাৰপৰা সৰুৱাব পাৰে।

 অতি সন্তৰ্পণে আহি বেজাৰৰ বোজা থোৱাদি ধনীৰামে সেই খেৰৰ শেতেলীৰ এমূৰে বহিল। লাহেকৈ নিজৰ কঠুৱা হাত খন ঘৈণীয়েকৰ হাতত থলে— সেই স্পৰ্শতো যেন কি সুখ! ঘৈণীয়েকে চকু মেলি চালে— সেই চোৱাতেই যেন কিমান প্ৰণয়ৰ আবেগ! মাতিব নোৱাৰিলে, বৰ জ্বৰ, গা হাত দিব নোৱৰা তপত! ধনীৰামে মাতিলে— “মালতি! কেনে পাইছ?” মালতীয়ে চকু দুটি মেলি গিৰীয়েকৰ মুখৰ ফালে চালে মাত্ৰ— কি কাতৰতা, কি নিৰ্ভৰতা, কি প্ৰেম, কি শোক আৰু দুখৰ [ ৫৭ ] আকুলতা সেই দৃষ্টিত! ধনীৰামে নিজৰ গামোচাৰ লোচৰপৰা ভাত কেইটা সোলোকাই ঘৈণীয়েকৰ ওচৰত থৈ কলে, “উঠি এগৰাহ খা!” দুয়োৰে চকুৰপৰা গিৰ্‌-গিৰ্‌কৈ হিমালয়ৰপৰা পৰা গঙ্গা-যমুনাৰ পবিত্ৰ ধাৰাৰ নিচিনা দুধাৰি চকুলো পৰি দুখৰ দুখন হৃদয়ক কি এক শোক-আবেগত মিলাই দিলে। কিন্তু কি দুৰ্কপাল! মালতীয়ে নমতাকৈয়ে গিৰীয়েকৰ মুখৰ ফালে চাই এবাৰ হঠাৎ চকু পিৰিকালে— তাৰ পাছে সকলো শেষ!

 বাৰিষাৰ গম্ভীৰ ৰজনীৰ আকাশ ভেদি এটা হাহাকাৰ শব্দ ওপৰলৈ উঠিল!— হায়, বিধাতা! কাৰ উদ্দেশ্যে!

 

 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২০ চনত ১ জানুৱাৰী ১৯৬০ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )