গল্পাঞ্জলি/নৈৰ দাঁতিত

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
[ ৩৫ ]
 

নৈৰ দাঁতিত

( ১ )

 তেতিয়া শাওণৰ মাহ, বাৰিষাৰ দিন। কেতিয়া কৰপৰা বৰষুণ আহি উটাই বুৰাই জুৰুলা-জুপুৰা কৰে, কবই নোৱাৰি। এদিন নৈ এখন পাৰ হৈ কিবা কামত আন এখন গাৱলৈ গৈছিলোঁ; আহোঁতে এনেকুৱা এজাক লৰা-ধপৰা, বৰষুণে পাই নিজৰ ক্ষমতাখিনি ভালকৈ দেখুৱাই হে এৰিলে। ছাতিটি তৰি কুকুৰখুজীয়া লৰ দি আহোতে নৈৰ কাষৰ বাটতে বুঢ়ী এজনীক লগ পালোঁ। নৈৰ দাঁতিত এটি পঁজা; সেইটি বুঢ়ীজনীৰ ঘৰ। বৰষুণৰপৰা ৰক্ষা পৰিবৰ আশাৰে সেই ঘৰটিতে সোমালোঁ। কিন্তু ঘৰটিৰ চালৰ লগত খেৰৰ কেতিয়াৰপৰা মনোবাদ কব নোৱাৰোঁ, ভালকৈ মনি চালেহে খেৰ থকা বুলি জানিব পাৰি;— আজিকালিৰ বিশ্ববিদ্যালয়ৰ ডেকাসকলে হলে বিত-চকুৰ সজ ব্যৱহাৰ কৰিব পাৰিলেহেতেন! বৰষুণৰ পানী অবাধে ঘৰৰ ভিতৰত পৰিছিল; মজিয়াত যিবোৰ গাঁত আছিল সি পানীৰে পূৰ হৈছিল; আৰু তাৰে লগত ভাত-ৰন্ধা আখাৰপৰা পানী মিহলি হৈ ঘৰৰ ভিতৰতে নতুন প্ৰয়াগৰ সৃষ্টি কৰিছিল, অৰ্থাৎ গঙ্গা-যমুনাৰ সঙ্গমৰ প্ৰতিৰূপ উৎপন্ন কৰিছিল। বুঢ়ীজনীৰ বয়স আঢ়ৈ কুৰিমান যেন দেখি; কিন্তু পাছত জানিব পাৰিছোঁ, একুৰি [ ৩৬ ] পোন্ধৰ বা ষোল ৰছৰমান হে; দুখে-কষ্টে বয়সৰ ভাগৰ মাৰি দিছিল। প্ৰথমতে দেখোঁতেই তেওঁৰ ৰূপে যে এদিন পূৰ্ণিমাৰ জোনকে লাজত পেলাব পাৰিছিল তাক বুজিব পাৰি; এতিয়া দেহটি ক্ষীণ, চুলিবোৰ বগা; দাঁতৰ পাৰিত দাঁত নাই বুলিলেও হয়; মুঠতে বৰ হালুক অৱস্থা। যদিও এনে ধৰণৰ তিৰোতাজনীক চকুৱে বুঢ়ীত বাজে আন অখ্যান দিব নোখোজে, তথাপি ভাগ্যবানৰ ঘৰৰ নাইবা পশ্চিম দেশৰ হলে যি তিৰোতাক যুবতী হে বোলা উচিত, তাক যমে-লাই-পোৱা এনে কচুৱা নাম দিবলৈ ইচ্ছা নজন্মিল; সেই কাৰণে, তেওঁৰ নাম ধৰিয়েই কওঁ— তেওঁৰ নাম মালতী।

(২)

 মোক তেওঁৰ ঘৰত অতিথি হোৱা দেখি মালতীৰ খকো-মকো এখন লাগি পৰিল। বহিবলৈ দিবলৈ একো নাই; ইপোনে তেওঁৰ কানি কাপোৰ যি আছিল সকলো তিতি যায়। মই নিজে এচলা পাট টানি আনি বহিলোঁ, আৰু তেওঁক বয়-বস্তুবোৰ চাবলৈ কলোঁ। অলপ পাছতে বৰষুণ এৰিলে। কান্দনৰ পাছত লৰাৰ মুখৰ হাঁহিৰ নিচিনা, সূৰ্য্যৰ কিৰণে গছৰ আগ জিক্‌মিকাই দিলে। কেতিয়াবাৰপৰা মালতীক দুটা বা এটা কথা সুধিম বুলি ভাবিছিলোঁ; এতিয়া অলপ আজৰি পাই সুধিলোঁ। মালতীয়ে যি কলে তাক তেওঁৰ কথাত কোৱা টান,

মোৰ নিজা কথাতে কওঁ। [ ৩৭ ]

(৩)

 যি ঠাইৰ কথা কৈছোঁ, তাৰপৰা অলপ দূৰৈতে এঘৰ ডাঙৰ মানুহৰ বসতি। কেইটামান টিনৰ ঘৰে বগা মূধ কেইখন উলিয়াই ওচৰৰ গছবোৰক খিজিলিয়াইছে। মালতীয়ে কলে, “বোপা! এদিনাখন সেই ঘৰ মোৰ আছিল। তেতিয়া মই হাজাৰ মানুহক খুৱাইছিলোঁ। আজি মই আনৰ ভৰিত ধৰি পেটৰ ভাত উলিয়াব লাগে।” তেওঁৰ চকুৰপৰা কেইটোপমান গধুৰ চকুৰ লো সৰি পৰিল।

(৪)

 মালতী সৰুৰেপৰা বৰ অভাগিনী— কুক্ষণত জনম পোৱা কুলক্ষণী ছোৱালী। তেওঁৰ মাক বাপেক বৰ আঢ্যৱন্ত মান্যৱন্ত মানুহ আছিল। সুকলমে গৃহস্থিখন চলাই সুখেৰে খাই লৈ আছিল। যেতিয়া তেওঁৰ বয়স পাঁচ বছৰ, তেতিয়া তেওঁৰ পিতাকৰ মৃত্যু হল। বিধবা মাকে একেটি মাথোন সন্তান মালতীক বুকত লৈ কথমপি দিন কটাবলৈ ধৰিলে। এবছৰৰ মূৰত সেই চেনেহৰ প্ৰতিমা, পবিত্ৰতাৰ আধাৰ মাকেও মালতীক অপাৰ সংসাৰত অকলে এৰি থৈ এই জীৱনৰ দুখ আৰু কষ্টৰপৰা মুক্তি লাভ কৰিলে। পাঁচোটি বছৰ এদিন ইয়াৰ ঘৰত, এদিন তাৰ ঘৰত থাকি মালতীয়ে এঘাৰ বছৰ বয়সত ভৰি দিলে। বামুণৰ ছোৱালী; বিয়াৰ বয়স পাৰ হৈ গল। মাক-বাপেক-নোহোৱা নিসহায় নিৰুপায় মাউৰী মালতীক কোনে [ ৩৮ ] বিয়া দিয়ে। এইদৰে আৰু তিনটি বছৰ পাৰ হল। মালতীৰ বয়স তেতিয়া চৈধ্য বছৰ। (যেতিয়া পদুমৰ কলিটি লাহে লাহে ফুলিবলৈ আগবাঢ়ে, অথচ সেই বাঞ্ছা তৃপ্তি নহয়; যেতিয়া দ্বিতীয়া বা তৃতীয়াৰ জোনৰ ক্ষীণ কলাটি পূৰ্ণিমাৰ পূৰ্ণতা পাবলৈ ব্যাকুল হয়, অথচ সেই আকাঙ্ক্ষা পূৰ নহয়; তেতিয়াৰ কলিত, সেই জোনত, এটি অতৃপ্ত বাসনা, এটি আনন্দৰ ব্যাকুলতা আৰু এটি মধুৰ উন্মাদনা ফুটি উঠে, যি বৰ্ণাব নোৱাৰ সুন্দৰ।) এই বয়সত ৰূপ আৰু সৌন্দৰ্যৰ হেন্দোল-দোলত এজন ডেকাৰে সৈতে মালতীৰ বিয়া হল। সমাজৰ মুখলৈ নাচাই আৰু গুৰুজনৰ কথা নুশুনি সেই ডেকাজনে মালতীক বিয়া কৰালে। এই ডেকাজনৰ নাম কালীনাথ।

(৫)

 কালীনাথৰ ঘৰ ইয়াতে; যি ঘৰৰ কথা কৈছিলোঁ, সি কালীনাথৰ। মাক বাপেকৰ লৰা-ছোৱালীৰ ভিতৰত কালীনাথেই মাত্ৰ। পুৰণিকলীয়া শাস্ত্ৰৰ বিৰোধে, সমাজৰ বিৰোধে আৰু গুৰুজনৰ বিৰোধে মালতীক বিয়া কৰোৱা দেখি কালীনাথৰ পিতাকে তেওঁক ঘৰত সোমাব নিদিলে। তেৱোঁ নানা ঠাইত ঘূৰি ঘূৰি কাম কাজৰ সংগ্ৰহ কৰিলে আৰু মালতীকে লগত লৈ সুখে খাই লৈ থাকিল। তেতিয়া তেওঁলোকৰ এটি লৰা হল। ফুল ফুলিলে গছৰ, জোন উঠিলে আকাশৰ যেনে শোভা হয়, মালতী আৰু কালীনাথে এই অমৃত-গঢ়া বস্তুটি পাই তাতোকৈ [ ৩৯ ] বেছি আনন্দিত আৰু শোভান্বিত হৈ উঠিল। কালীনাথে তেতিয়া তেওঁৰ পিতাকৰ ধন-সম্পত্তিৰ আশা এৰি দিছিল; নিজৰ ওপৰতে নিৰ্ভৰ কৰি সংসাৰৰ ভাৰ চলাইছিল, লৰা-তিৰোতক পোহ-পাল দিছিল; আৰু সোণৰ অলঙ্কাৰ, ভাল ভাল কাপোৰ, গোন্ধথকা তেলৰো খৰছ-পাতি যোগাব পাৰিছিল; বৰ টানত পৰা মানুহক দুটি এটি পইচাও দিব পৰা হৈছিল।

(৬)

 এনেতে কালীনাথৰ পিতাকৰ মৰণৰ সময় উপস্থিত হল। ঘৈণীয়েকে পুতেকৰ কথা বৰকৈ কান্দি কাটি কোৱাত তেওঁ কালীনাথক আহিবলৈ দিবলৈ সন্মত হল। কিন্তু পণ্ডিতসকলে ব্যৱস্থা দিব নোৱাৰিলে যে কালীনাথে পিতকৰ কাজ-কাম কৰিব পাৰিব। ইফালে একো সঠিক হবলৈ নৌ পাওঁতেই পিতাকৰ মৃত্যু হল; ভতিজাক এজনে তেওঁৰ কাজ-কাম সমাপন কৰিলে।

(৬)

 কিন্তু হাজাৰ হওক, মাকৰ মন বৰ কোমল আৰু বৰ চেনেহৰ। কালীনাথৰ মাকে শাস্ত্ৰ-সমাজ সকলোকে কাতি কৰি থৈ কালীনাথক ঘৰলৈ আনিবলৈ ঠিক কৰিলে; আৰু সেই উদ্দেশ্যে নাও মানুহ পঠিয়ালে; কালীনাথে ঘৰৰ বিবৰণ শুনি, আদৰৰ মাকৰ সুখ ভাবি নাৱত উঠিল, সকলোৱে ঘৰ বুলি [ ৪০ ] যাত্ৰা কৰিলে। ইয়াতে মালতীয়ে কান্দিলে। নাদৰ উঠি অহা পানীৰ বেগ যিদৰে অমনীয়, তেওঁৰ চকুলোও তেনে।

(৮)

 তেতিয়াও শাওণ মাহ; এনে আধা-তিতা আধা-শুকান দিন; এনেকুৱা ভৰা নদী; নদীৰ পাৰৰ আৰু গাওঁ আদিৰ বৰষুণ পৰা পাতৰ ওপৰত সূৰ্য্যৰ বেঁকা কিৰণ পৰাৰ বাবে এনেকুৱা জিক্‌মিকীয়া অৱস্থা; এনেকৈয়ে দূৰৈৰ চৰাইবোৰে বাহলৈ বাট-মেলা দিছিল। সেইদিনা মালতীৰ মনত আনন্দৰ সীমা নাই; ইমান দিনৰ মূৰত শাহুৱেকক পাব; নতুন মাক এজনী মিলিব! কালীনাথ অতুল সম্পত্তিৰ অধিকাৰী হৈ সকলোৰে মাননীয় হব! তেওঁৰ সোণৰ পুতলী লৰাটিৰো আজি হাঁহিত ঠাই নাই; কালীনাথো আনন্দতে পূৰ; ইমান দিনৰ মূৰত মাকক দেখি কি কৰিব, কেনে লাগিব তাৰেই কথা বতৰাত ব্যস্ত। সেইবোৰ কথা মালতীয়ে শুনিছিল। মালতীৰ নাও আগ কৰি দি কালীনাথ অলপ পাছত আহিছিল, যাতে তিৰোতাৰ গোলমাল ভাগিলে শান্তিৰে মাকৰ চৰণত এটি সেৱা কৰিব পাৰে, তেওঁৰ আদৰৰ চকুলো আশীৰ্ব্বাদেৰে সৈতে শিৰত ধৰি শান্ত আৰু পবিত্ৰ হব পাৰে। মালতীৰ নাও ঘাটত লাগিল; শাহুৱেকে আহি লৰাটিক কোলাত তুলি লৈ চুমা খাই খাই কন্দুৱাই পেলালে; বোৱাৰীয়েকক আকোৱাল মাৰি ধৰি আশীৰ্ব্বাদ কৰিলে; আৰু হাতত ধৰি নাৱৰপৰা নমালে; চাৰিও ফালে আনন্দ আৰু উৎসৱত [ ৪১ ] থিয় হৈ থকা গাভৰুসকলে উৰুলি পাৰি মালতীক লগৰীয়াৰ সম্ভাষণ-বাতৰি জনালে; নদীৰ পাৰ আনন্দে বিয়পি পৰিল। এনেতে নৈৰ ফালৰপৰা কিহৰ এটি কেনে শব্দ আহিল? সকলোৱে চাই দেখিলে কি সৰ্ব্বনাশ! হায়! হায়!! সৌৱা চাকনৈয়াত পৰি কালীনাথৰ নাও বুৰ গল। তাৰ লগতে ইমান আনন্দ, ইমান আশা সকলো অনন্ত জলত বুৰ গল!! পণ্ডিত-সজ্জনে কলে শাস্ত্ৰ নামানাৰ এই ফল!

 মালতীৰ জীৱনৰ আশা-ভৰসা সকলো সিদিনা সেই দুখৰ নৈত ডুবি গল। শাহুৱেকে লৰাটিৰ লগত মালতীক সাবটা মাৰি ধৰি পাৰে মানে কান্দিলে। সংসাৰৰ ৰীতি অনুসৰি শোকৰ সেই ডুবাই-ধৰা বেগ লাহে লাহে কমি আহিল; কেৱল নিৰাশাৰ এটি ছবি তেওঁলোকৰ চাৰিওফালে ঘূৰি ফুৰিব ধৰিলে। কিন্তু, এই দুখতো, এনেকুৱা নিৰানন্দৰ গেলা ঠাইতত, লৰাটিৰ অফুটা মাত আৰু মধুৰ হাঁহিৰ কিৰণে তেওঁলোকৰ চকুৰপৰা কেতিয়াবা সুখ-দুখ-সনা চকুৰ পানী টানি আনিছিল। সংসাৰত সন্তানৰ সমান সুখৰ সামগ্ৰী কি আছে?

(১০)

 মালতীৰ শাহুৱেক আৰু বেছি দিন নাবাঁচিল। ইয়াৰ ছমাহৰ মূৰতে তেওঁৰ পৰলোক হল। (ইয়াৰ ভিতৰতে বহুত টকা খৰছ কৰি তেওঁ মালতীক সমাজ-ভুক্ত কৰি লৈছিল; টকাৰ মুখ দেখি পণ্ডিতসকলৰ ব্যৱস্থাৰ আখৰবোৰে সাজ [ ৪২ ] সলাইছিল।) কিন্তু যেতিয়া মানুহক দুখে লগ ধৰে, তেতিয়া সি অকলশৰীয়া হৈ নাহে: তাৰ বিজয় পূৰ কৰিবলৈ অনুচৰো লগতে থাকে। মালতীয়ে ঈশ্বৰক চিন্তি আৰু নিজৰ কপালৰ ওপৰতে সকলে দুখৰ ভাৰ দি, কোনোমতে পুতেকটিক বুকত বান্ধি লৈ থাকিল; নিৰ্দ্দয় বিধাতাৰ সিও সহন নহল। সংসাৰত বন্ধুহীন বিধবা এজনাৰ একেটি মাথোন মৰমৰ অমৃত-সনা বস্তু, সেই লৰাটিকো মাৰি নিলে। হায় বিধাতা! এনে দুখুনীৰ একেটি মাথোন ৰতন, তাকে কাঢ়ি নি কি সুখ পোৱা! মালতীৰ জীৱন উদ্দেশ্য-হীন হল; জীৱনৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা নাইকিয়াত পৰিল।

(১১)

 এতিয়া মালতীৰ অতুল সম্পত্তি; ইমান সম্পত্তিৰ তেওঁ কথাকে শুনা নাই। কুৰি বছৰ বয়সত ইমান দুখ কষ্ট সহি আৰু ইমান সম্পত্তিৰ অধিকাৰিণী হৈ, মালতীয়ে কি কৰিব একো বুজিব নোৱাৰিলে। আন্ধাৰ জীৱনৰ বাকী সময় খিনি, কোনোমতে কটাব পাৰিলে মালতীৰ উদ্ধাৰ; তেওঁৰ ইমান টকাৰ দৰকাৰ কি? দূৰ সম্পৰ্কৰ দেৱৰ এজনক সকলো ভাৰ গতাই দি তেওঁ নিশ্চিন্ত হব খুজিলে। খত হল; খত ৰেজেষ্টৰী হল।

 ইমান দিন মালতীৰ মন আছিল, আদৰ আছিল, কাৰণ টকা আছিল। এতিয়া টকা আনৰ হল, লগতে মান আদৰ সিও আনৰ [ ৪৩ ] হল। মালতীয়ে তেতিয়া নানাপ্ৰকাৰ লাঞ্ছনা সহি নিজৰ ৰজাৰ নিচিনা সম্পত্তি আনক দি এতিয়া নৈৰ দাঁতিৰ এই পঁজাটিত বাস কৰিছে। এতিয়া তেওঁক কোনোৱে মানুহ নোবোলে; কোনোৱে উলটি নাচায়; বাপ ভাই দহজনত খুজি মাগি যি এমুঠি চাউল পায় তাৰেই পোৰা-পেটক সন্তোষ কৰি ৰাখে। এতিয়া মালতীৰ একমাত্ৰ বাঞ্ছা এই সংসাৰৰ পৰা বিদায় লোৱা। যি ঠাইত তেওঁৰ সংসাৰৰ সকলো আশা আৰু ভৰসাই বুৰ মাৰিছিল, সেই ঠাইৰ সমুখত বহি নিতৌ চকুলোৰে মালতীয়ে তেওঁৰ দেৱতাক এই পোন্ধৰ বছৰ পূজা কৰিছে; তেওঁৰ মৰমৰ মালতীক নিবলৈ এই পোন্ধৰ বছৰ প্ৰাৰ্থনা জনাইছে। মালতীৰ ইমান ফেৰি শেষ বাঞ্ছাও পূৰ নহয় নে?

 

 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২০ চনত ১ জানুৱাৰী ১৯৬০ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )