গল্পাঞ্জলি/মালিনী

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
[ ৭১ ]

মালিনী

(পুৰণি আখ্যায়িকাৰপৰা।)

( ১ )

 বাৰাণসী ৰাজ-অন্তঃপুৰৰ ফুলনি— গঙ্গাৰ পাৰৰপৰা বাৰাণসী-ৰাজ কৃকীৰ প্ৰাসাদলৈ বিয়পি থকা ফুলনি। নানাপ্ৰকাৰ ফুল— গোলাপ, যূতি, জাইঁ, চম্পা, গুলঞ্চ, গুটিমালী, লবঙ্গ প্ৰভৃতি কুসুমবিলাকে, সূৰ্য্য অস্ত গমনোন্মুখ সময়ত, ৰবিৰ ৰাঙলী ৰশ্মি পৰি থকা ভাগীৰথীৰ পবিত্ৰ সলিল শোধিত বায়ুৰে সৈতে নিজৰ সৌৰভ মিহলি কৰি উদ্যান দেৱীক অৰ্চ্চনা কৰিব ধৰিছে। ওপৰত ডাঙৰ ডাঙৰ গছত পৰি চৰাই বিলাকে সূৰ্য্যদেৱক শোক সঙ্গীত গাই বিদায় দি নিজৰ পোৱালিবিলাকে কি কৰিছে, কি নকৰিছে চাবলৈ ধৰিছে। এনে সময়ত এজন উন্নত-ললাট, দীৰ্ঘবাহু, সুশ্ৰী যুবকৰ লগত ৰূপ-লাবণ্যযুতা এজনী যুবতী সেই গঙ্গা-তীৰৰ উদ্যানলৈ আহিল। যি ঠাইলৈ মানুহে শতসহস্ৰ শোকত পীড়িত হৈ গলেও সুখ লভে, সেই ঠাইত এনে দুজন যুবক-যুবতী বহি থকা দেখিলে যে মনত কি সুখ হয়, তাক ভাষাৰে বুজাই কব নোৱাৰি। যুবক-যুবতী উভয়ে নীৰবে আহি বকুল গছৰ তলত থকা শিল এটিত বহিল। বহুত পৰলৈ উভয়ে নীৰব। প্ৰকৃতিও নীৰব; কাৰণ, এতিয়া দিনৰ ভাগ নাই। কেবল কুসুমামৃত-পিপাসু মলয়াৰ সংঘৰ্ষণত কোমল কুসুমৰ কোমল অঙ্গৰ পৰা যি শব্দ উঠিছিল, তাকে মাথোন শুনা গৈছিল। বহুত পৰৰ মূৰত [ ৭২ ] যুবকজনে দীঘল হুমুনিয়াহ কাঢ়ি কলে “মালিনি! তেনেহলে তোমাৰ সংকল্পই ঠিক?” যুবকৰ কথাত মালিনীয়ে হঠাৎ একো উত্তৰ নিদি বহুত পৰ ভাবিলে; পাছত কলে, “কি কৰিম। মানুহ নিজৰ অধীন হলে এই সংসাৰক অসাৰ বুলিব নোৱাৰিলেহেতেন। নিশ্চয় জানিবা মই তোমাৰ সুখৰ নিমিত্তে উৎসৰ্গিত-প্ৰাণা। কিন্তু মোৰ মন সেই পিনে ঢাল খাইছে, তাক ওভতাম কেনেকৈ? মোৰ সাধ্য কি?”

 “হৰি, হৰি। মহাত্মা জনে তোমাক কিহেৰে বান্ধিলে কব নোৱাৰোঁঁ। তেওঁক দেখি যি ভাবিছিলোঁ, তাৰ বিপৰীত হল।”

 “বিপৰীত একো হোৱা নাই। বাৰু, তোমাৰো এনেকুৱা ইচ্ছা নহয় নে?”

 “মালিনি, তোমাৰ নিমিত্তে সৰোজে প্ৰাণ এৰিব পাৰে; এইটো তো সামান্য কথা।”

 “তেনেহলে বাধা কি?”

 “পিতা-মাতা, বন্ধু-বান্ধব।”

 “বন্ধু-বান্ধবৰ আৱশ্যক?”

 “আৱশ্যক আছে। নহলে থাকিম কেনেকৈ? মোৰ আচলতে দৃঢ় বিশ্বাস হোৱা নাই। কেৱল তোমাৰ নিমিত্তে হে।”

 “বিশ্বাস নাই? তেনেহলে কেতিয়াও তোমাক এনেকৈ নকওঁ।”

 সৰোজকুমাৰে কিছুমান সময় মনে মনে ভাবিলে, পাছত দুখেৰে কলে “মালিনি! মোৰ মনৰ ভাব তোমাৰ আগত গুপুত [ ৭৩ ] কৰা উচিত নহয়। আচলতে মহাত্মাজনে তোমাৰ মনৰ ভাব যিমান টানিলে, মোৰ মন সিমান টানিব পৰা নাই।”

 “সৰোজ! তেনেহলে মই কি কৰিম! এতিয়া তোমাৰ ওপৰত নিৰ্ভৰ। মই ঠিক কৰিছোঁ, মহাত্মাজন আহিলেই আৰু মোৰ থাকা নহব।”

 “মোৰ আশা?” মালিনীৰ বুকুত শেল পৰিল। হায়! হায়! মালিনীৰ কপালত ইমান দুখ আছিল, আজি সৰোজৰ মুখৰ পৰা এনেকুৱা কথা শুনিব লাগিল! বহুত পৰৰ পাছত কলে, “সৰোজ, তোমাৰ আশা! তোমাৰ আশা নে মোৰ ভাগ্য? নিশ্চয় উভয়ে-পূৰ হব।”

 “কেনেকৈ?”

 “উপায় আছে।”

 “কি উপায়?”

 “সৰোজ, নিৰুদ্বেগে থাকা; উপায় হব। এতিয়া চোৱাচোন, ৰাতি বহুত হল। জোনো ডুবিবৰ হল।” উভয়ে নীৰবে উঠিল। সেই গঙ্গাৰ পাৰ আগৰ দৰে আকৌ জনশূন্য হল। জোন বুৰিল। নৈশ-নিস্তব্ধতা ভঙ্গ কৰি এটি ফেঁচাই “কু” “কু” বুলি মাত লগালে। মালিনী সৰোজ উভয়ে নিজ নিজ ঘৰলৈ গুচি গল।

(২)

 কাশীৰাজ কৃকীয়ে বৌদ্ধ-ধৰ্ম্মৰ প্ৰাদুৰ্ভাবৰ সময়ত ৰাজত্ব কৰে। তেওঁৰ মন্ত্ৰী হিৰণ্যকুমাৰ। ৰাজাৰ কেবাজনো লৰা-ছোৱালী। সচিব-শ্ৰেষ্ঠ হিৰণ্যৰে লৰা-ছোৱালী কেবাজন। আগত কোৱা [ ৭৪ ] সৰোজকুমাৰ আৰু মালিনী মন্ত্ৰী-পুত্ৰ ও ৰাজকুমাৰী। সৰোজৰ দুই বছৰৰ পাছত মালিনীৰ জন্ম। তেতিয়া ৰাজা আৰু মন্ত্ৰী বিশেষ সম্বন্ধ থকাহেতু সৰোজ আৰু মালিনী সৰুৰেপৰা একে লগে আছিল, বহিছিল, ৰং কৰিছিল। যেতিয়া মালিনী ৰাজপ্ৰাসাদত শত শত দাসীৰে লালিত হৈ মাধবী-লতাৰ নিচিনা বাঢ়িবলৈ ধৰে, তেতিয়া মন্ত্ৰী গৃহতো সৰোজৰূপী বৃক্ষটিয়ে ডাল-পাত মেলিবলৈ ধৰে। সেই সময়ত কোনোৱে ভবা নাছিল যে সেই মাধবীলতা এই ৰসাল-বৃক্ষগামিনী হব। উভয়ে একে ঠাইতে থকা বাবে বাল্যাৱস্থাতে মালিনী আৰু সৰোজৰ, উভয় প্ৰতি উভয়ৰ চেনেহ ওপজে। এজন নহলে আনজনে ধেমালি কবিবলৈকে ভাল নাপায়। এজনক নেদেখিলে আনজনে এখন্তকো থাকিব নোৱাৰে।

(৩)

 সময়ে কাৰো প্ৰতি অপেক্ষা নকৰে। লাহে লাহে মালিনী আৰু সৰোজ, উভয়ে বালসুলভ চপলতা, অকপটতা, পবিত্ৰতা প্ৰভৃতিৰ প্ৰভুত্ব পৰিত্যাগ কৰি, যৌবনৰ গাম্ভীৰ্য্য, কপটতা, অপবিত্ৰতা আৰু ৰূপ-গৰ্ব্বৰ দাস হল। তেতিয়া উভয়ে যেন কিহৰ অভাব বোধ কৰিব ধৰিলে। উভয়ৰ হৃদয়ৰ অন্তঃপ্ৰদেশত যেন অস্ফুটস্বৰে কোনোবাই তেওঁলোকৰ অভাব সোঁৱৰাই দি গীত গাব ধৰিলে। সঁচা কথা কবলৈ হলে, উভয়ৰে শিশু অৱস্থাৰ শিশু-স্নেহ যৌবন অৱস্থাৰ প্ৰেমত পৰিণত হল।

 তেতিয়া ৰাজা, মন্ত্ৰী আৰু ৰাজ্যৰ আন আন সকলো [ ৭৫ ] ভদ্ৰলোকে জানিলে, মালিনী-কমলিনী সৰোজ-মিহিৰাভিমুখিনী। মালিনী যদিও যৌবন-আক্ৰান্তা যুবতী তথাপি সৰোজ তেওঁৰ ভাবী স্বামী ইয়াকে জানি ৰাজা বা ৰাণী কোনেও তেওঁলোকৰ প্ৰণয়ত ব্যাঘাত জন্মোৱা নাছিল। তেওঁলোক দুইজনেও মনৰ আনন্দৰে কাল কটাইছিল। কিন্তু হায়! এই সংসাৰত যি যেনে আশা কৰে তাৰ বিপৰীত ফল হে ফলে। যি সংসাৰক সুখৰ আকৰ বুলি জ্ঞান কৰে, সি অসীম দুঃখভাগী হয়! মানুহৰ অৱস্থা কেতিয়াও একে নাথাকে। ৰাজা পথৰ ভিখাৰী, পথৰ ভিখাৰী ৰাজা হয়। সংসাৰৰ নিয়মেই এই। এই নিমিত্তেই জ্ঞান-চকুত সংসাৰ অসাৰ। মালিনী সৰোজ যদিও কোনো দোষৰ দোষী নহয়, যদিও উভয়ে নিৰ্দ্দোষী একবৃন্তোদ্ভূত কুসুম, তথাপি তেওঁলোক সংসাৰী, সংসাৰৰ নিয়মৰ তলতীয়া। এতিয়া সেই সংসাৰৰ নিয়মৰ বশীভূত হৈ তেওঁলোকেও কষ্ট ভুগিব লগীয়া হল।

 আগেয়ে কোৱা হৈছে এই সময়ত বৌদ্ধধৰ্মৰ প্ৰাদুৰ্ভাব। তেতিয়া ভাৰতত এনে ঠাই নাছিল, যত বৌদ্ধ ধৰ্মাবলম্বী নাই। কাশী অতি পুৰণি আৰু প্ৰসিদ্ধ হিন্দুতীৰ্থ। ইয়াত যে বৌদ্ধধৰ্মাবলম্বী থাকিব তাত আশ্চৰ্য্য কি! ৰাজপ্ৰাসাদৰ অনতিদূৰবৰ্তী গঙ্গাৰ পাৰত শ্ৰমণবিলাকৰ[১] আশ্ৰম। আগত কোৱা গঙ্গাৰ পাৰৰ ফুলনিৰ পৰা আশ্ৰম স্পষ্টৰূপে দেখা যায়। তেতিয়া বৌদ্ধ ধৰ্ম্মৰ প্ৰাদুৰ্ভাব দেখি ডাঙৰ ডাঙৰ চহৰত বৌদ্ধ [ ৭৬ ] বেছিকৈ আছিল, আৰু সেই নিমিত্তে হিন্দু আৰু বৌদ্ধৰ, বিশেষ নহলেও, অলপ সংশ্ৰব আছিল।

 যেতিয়া মালিনীৰ বয়স ১২ বছৰ আৰু সৰোজৰ বয়স ১৪ বছৰ, এদিন তেওঁলোক আগেয়ে কোৱা শিলত বহি আছিল। কিন্তু আজিৰ যি ভাব, সিদিনা সম্পূৰ্ণৰূপে বিপৰীত। সেই দিনা উভয়ে বাল্য নদীৰ মুখ পাই যৌবন সমুদ্ৰত পৰোঁ পৰোঁ হৈছিল। আজি কিন্তু সম্পূৰ্ণৰূপে তাত নিমগ্ন। সেই দিন ভবিষ্যত আশা দেবীৰ কোমল শয্যাত শায়িত আছিল। আজি পাপী-ক্ৰন্দন-পৰিপূৰ্ণ শোক-স্বৰোচ্ছাসিত নিৰাশৰ সশঙ্ক গৰ্ভত নিমজ্জিত। সেই দিনা মনৰ সুখত অসাৰ সংসাৰক অতুলনীয় দিব্যলোকতকৈয়ো শ্ৰেষ্ঠ বুলি ধৰিছিল। আজি নিৰাশৰ ভয়ঙ্কৰী মুৰ্ত্তি তেওঁলোকৰ আগত উপস্থিত। চাৰি বছৰৰ ভিতৰতে ইমান প্ৰভেদ!

 উভয়ে মনৰ আনন্দত বহি আছে, এনেতে শ্ৰমণাশ্ৰমত আনন্দকোলাহল শুনিবলৈ পালে। বৌদ্ধবিলাকে কোনো কোনো বিশেষ উৎসৱত বৰ ধুমধাম কৰে। হিন্দুবিলাকে সচৰাচৰ সেই বিলাক চাবলৈ যায়। ওচৰতে আশ্ৰম। আনন্দ-কোলাহল শুনি দুয়ো সেই ঠাই চাবলৈ ব্যগ্ৰ হল আৰু অলপ পৰৰ পাছতে গলেই। যদিও বৌদ্ধ আশ্ৰম তথাপি হিন্দুৰাজকুমাৰ সকল বা আন আন যুবকবিলাক তালৈ গলে তেওঁলোকে বিশেষ সমাদৰ কৰে। আজিও যুবক-যুবতী দুজন আশ্ৰমত সমাদৃত হল।

 উপযুক্ত সন্মিলিত আৰু সমাদৃত মালিনী-সৰোজে পাছত জানিব পাৰিলে, যে তেওঁলোকে যি ভাবিছিল সি সম্পূৰ্ণ সত্য [ ৭৭ ] নহলেও আংশিক সঁচা। তাত থকা বৌদ্ধ মণ্ডলীৰ গুৰু, প্ৰধান শ্ৰমণ সমাগত। প্ৰধান শ্ৰমণ মধ্যত সমাসীন; চাৰিও পিনে আন আন সন্ন্যাসী বিলাক দণ্ডায়মান। কোনেও অভ্যাগতক সৎকাৰ কৰিছে, কোনোৱে শোভাকে চাইছে, কোনোৱে পুথি পঢ়িছে। এনেতে সেই মহাত্মা জনৰ চকু মালিনী সৰোজৰ ওপৰত পৰিল। ওচৰত থকা কোনো এজনক সুধি তেওঁলোকৰ পৰিচয় জানিব পাৰিলে, আৰু তেওঁলোক দুই জনক এটি ঘৰলৈ মাতি নি সভা ভঙ্গ কৰিলে। আকৌ আগৰ যি আশ্ৰম আছিল সেই আশ্ৰম হল। মানুহ নোহোৱা হল।

 মালিনী সৰোজ উভয়ে অতীব ৰূপবান। মহাত্মাজনে উভয়কে ঘৰলৈ মাতি নি বৌদ্ধধৰ্ম্মৰ বিষয়ে বহুত উপদেশ দিলে। তেওঁ কলে, জগত মিছা। সংসাৰ অসাৰ। আজি তোমালোকৰ এনে ৰূপ, এনেকুৱা তেজ, এনেকুৱা যৌবন কালিলৈ নাইকিয়া হব। অনিত্য সংসাৰত নিত্য একো নাই। পশু-পক্ষী, গছ-লতা, সকলোৱে এদিন কালচক্ৰত লয় পাব। সদায় আছে, আছিল আৰু থাকিব “কাল”, “মনুষ্যৰ হৃদয়ৰ ভাব” আৰু “ঈশ্বৰ”। এতেকে মিছামিছি দুদিন ইমান আয়ম কৰাৰ আৱশ্যক কি? এই ৰকমে বহুত বুজালে। মহাত্মা জনৰ এনেহে বাক্‌শক্তি আছিল যে মালিনী আৰু সৰোজ একেবাবেই মোহিত হল। কিন্তু তাৰপৰা আহাত, কিছুদিন পাছে সৰোজৰ হৃদয়ৰ পৰা সেইবোৰ কথা কিছু পৰিমাণে আঁতৰ হল। কিন্তু মালিনীৰ হৃদয়ত আৰু টানকৈ হে বহিল। মালিনীৰ মনত এতিয়া দুই [ ৭৮ ] চিন্তা উপস্থিত— এটি সংসাৰ, এটি ঈশ্বৰ। সৰোজৰ মুখ দেখিলে সংসাৰ আৰু সংসাৰ-তত্ত্ব দেখিলে ঈশ্বৰক মনত পৰে।

(৪)

 সেই দিনাৰপৰা বৌদ্ধধৰ্ম্মৰ ফালে মালিনীৰ বৰ শ্ৰদ্ধা হল। প্ৰায় সদায় ধৰ্ম্মৰ ভাবতেই কাল নিয়ায়। এতিয়া সৰোজৰ লগতো প্ৰায় ধৰ্ম্মৰ বিষয়ে হে কথা হয়। তেওঁৰ এদিন শ্ৰমণ ভোজন কৰাবলৈ বৰ অভিলাষ হল, কিন্তু মহাৰাজ কৃকী গোৰা হিন্দু; প্ৰাসাদত আনি শ্ৰমণ-ভোজন কৰায়, মালিনীৰ এনে সাহস নাই। তথাপি, ৰূপবতী মালিনী মাক-বাপেকৰ মৰমৰ ছোৱালী, যি খোজে তাকে পায়। যদিও ৰাণী বা ৰাজা এই কথাত বিৰক্ত হৈছিল, তথাপি জীয়েকৰ মৰমৰ নিমিত্তে শ্ৰমণ-ভোজন দুই তিনিবাৰ সাপ্তাহিক হয়। এইবিলাক দেখি শুনি ৰাজসভাস্থিত পণ্ডিতসমাজ মালিনীৰ ওপৰত অসন্তুষ্ট। তেওঁলোকে ৰাজাক বহুত বুজাইছিল; তথাপি অপত্য স্নেহৰ গুণে অসাৰ সংসাৰ মধুময় বুলি বিবেচিত হয়; সেই অপত্য স্নেহ আহি, সেই বিলাক আপত্তিৰ ওপৰত, অনলত জল পৰাৰ দৰে অজস্ৰ ধাৰে পৰিল। কৃকীয়ে ভাবিলে, মালিনী বালিকা, ইয়াত দোষ নাই। বয়সৰ লগে লগে মনৰ পৰিবৰ্ত্তন হব।

 যিদিনাখন মালিনী আৰু সৰোজে মহাত্মাজনৰ লগত সাক্ষাৎ কৰে, সেই দিনা তেওঁ চাৰি বছৰৰ মূৰত ঘূৰি আহিব বুলি কৈছিল। আজি প্ৰায় চাৰি বছৰ বিগত। মালিনী ধৰ্ম্মত লিপ্তা। তেওঁ কোন দিনা সংসাৰ বন্ধৰ পৰা মুক্তি পাই ধৰ্ম্মৰ [ ৭৯ ] পদ-সেৱা কৰিব পাৰিব তাকে ভাবিয়েই বিহ্বলা। আজি আশাৰ মোহন বীণাই মনোমোহন সুৰত মালিনীৰ শ্ৰৱণ কুহৰ পৰিতৃপ্ত কৰিছে। আজি মালিনীৰ আনন্দ নধৰে। সৰোজেৰে সৈতে পৰামৰ্শ কৰিলে। সৰোজৰ মত নহল। নিজে ধৰিলে। পাঁচ দিনৰ পাছত ৰাজ প্ৰাসাদত শ্ৰমণ-ভোজন হব। বিপুল আয়োজন কৰিব ধৰিছে। আয়োজক যুবক-যুবতী মালিনী আৰু সৰোজ। এই বিষয় তেওঁলোক দুইজনত বাজে এটি পিপিৰায়ো গম পোৱা নাই। লাহে লাহে দিন উপস্থিত। ৬০০ শ্ৰমণে তেওঁলোকৰ গুৰুৰে সৈতে কৃকীৰাজপ্ৰাসাদত ভোজন কৰিলে। হঠাৎ এনে আশ্চৰ্য্য কাণ্ড— ৰাজপ্ৰাসাদত শ্ৰমণ-ভোজন। সকলো নগৰবাসী বিদ্ৰোহী হল। ৰাজ্যত হুলস্থুল লাগিল। সৰোজৰ মুখৰ মাত নাই। কিন্তু মালিনী? মালিনী প্ৰশান্তবদনা উদ্বেগবিৰহিতা। আজি এই যুবক-যুবতীৰ এক প্ৰাণ এক মনত বিভিন্ন ভাব কিয়?

 আগেয়ে কোৱা হৈছে ব্ৰাহ্মণ পণ্ডিতসকল আৰু হিন্দুধৰ্ম্মাবলম্বী কাশীবাসী সমুদায় প্ৰজা মালিনীৰ বিৰুদ্ধে দণ্ডায়মান। আগেয়ে ৰাজাৰ অনুৰোধত বালিকা বুলি ক্ষমাৰ পাত্ৰী আছিল। কিন্তু এতিয়া ধৰ্ম্মপ্ৰাণ হিন্দুৰ ওচৰত মালিনী বালিকা নহয়। ধৰ্ম্ম-ভ্ৰষ্টা, ক্ষমাৰ অযোগ্যা, যৌবন-সুলভ অহঙ্কাৰ বশীভূতা যুবতী! এতিয়া সকলোৱে বিদ্ৰোহী হল, কব ধৰিলে ৰাজাৰ এনেকুৱা অধৰ্ম্ম, প্ৰজাই কৰিব কি? এনেকুৱা বিধৰ্ম্মী ৰাজাৰ তলত থাকিব কোন? ৰাজ্যৰ সকলো পিনে হুলস্থুল লাগিল আৰু [ ৮০ ] প্ৰধান প্ৰধান মানুহ বিলাকে লগ লাগি কৃকীক খেদি তেওঁৰ ভায়েকক ৰাজা পাতিবৰ প্ৰস্তাব কৰিলে, আৰু ঠায়ে ঠায়ে উপদ্ৰব আৰম্ভ কৰিলে। সকলোৰে ৰাজাৰ প্ৰতি কোপ-লোচন। তথাপি কৃকী নিশ্চেষ্ট। অপত্য স্নেহৰ গাঁঠি তেওঁৰ গলত এনেকৈ লাগিছিল যে ৰাজ্য-বিপ্লবানলো তাৰ ওচৰত পৰাস্ত। কৃকী দেশৰ ৰাজা; তেওঁৰ প্ৰতি মালিনী যেনে, আশধাৰী মগনীয়াও তেনে। তেওঁ মালিনীৰ প্ৰতি ইমান অযথা অনুগ্ৰহ প্ৰদৰ্শন কৰা অন্যায়। কিন্তু কি কৰিব? তেওঁ মালিনীৰ কথা এৰাব নোৱাৰে। প্ৰজাবিলাকে মালিনীক দণ্ড দিবলৈ বৰ আন্দোলন কৰিলে। ৰজাই দণ্ড দিয়া উচিত বিবেচনা কৰিলে। কিন্তু ৰাজমহিষী মালিনী-অনুৰক্তা। মহিষীৰ প্ৰাৰ্থনা ভালকৈ গমি চালে। তাক অগ্ৰাহ্য কৰি কি ৰকমে মালিনীক দণ্ড দিব সাহস কৰে। প্ৰাণ যায় যাওক, ৰাজ্য নষ্ট হয় হক, প্ৰজা মৰে মৰক, তথাপি তেওঁ মালিনীক শাস্তি দিব নোৱাৰে। গতিকে মালিনীৰ একো দণ্ড নহল। আগৰ যি মালিনী, এতিয়াও সেই মালিনী। কেৱল ৰাজ্যত বিদ্ৰোহ। কৃকীয়ে ব্ৰাহ্মণ পণ্ডিতসকলক অনেক বুজাই সেই বাৰৰ নিমিত্তে বিদ্ৰোহানল দমন কৰিলে। কিন্তু যাৰ নিমিত্তে ইমান গণ্ডগোল, তেওঁ কত, সেই মালিনী কত? মালিনী মনৰ দুখত এটি ঘৰত অকলশৰে শুই আছে। দুখৰ সংসাৰ এৰি বনৰ পখীৰ দৰে ফুৰিব নোৱাৰিলে। নিজৰ ধৰ্ম্ম-পিপাসা পৰিতৃপ্ত নহল। মালিনীয়ে আকৌ কৌশল কৰিলে। দুই দিনমানৰ পাছত মালিনী আকৌ শ্ৰমণ-ভোজন এটি [ ৮১ ] প্ৰাসাদত সমাপন কৰিলে। এইবাৰ আৰু ৰক্ষা নাই। যেইয়ে শুনিলে, সেইয়ে গৰ্জ্জি উঠিল— “ৰাজাই বৌদ্ধ বিলাকক লাই দিব ধৰিছে।” হিন্দুৰ পৰম পুণ্য তীৰ্থ কাশী অলপতে বৌদ্ধৰ কৰ্ম্মক্ষেত্ৰ হব। এনেকুৱা অপমান কোন হিন্দুৱে সহিব! সকলোৱে লগ লাগি কৃকীৰ ভায়েকক ৰাজা ৰূপে অভিষেক কৰিলে। সকলোৱে ৰাজাক মাৰিবলৈ আৰু প্ৰাসাদ নষ্ট কৰিবলৈ অগ্ৰসৰ। এনেতে কৃকী দয়া-মায়া, স্নেহ-মমতা সকলোকে বিসৰ্জ্জন কৰি, মুহূৰ্ত্তৰ নিমিত্তে মোহ মায়াৰ পৰা মুক্ত হৈ চিঞৰি চিঞৰি সভাৰ প্ৰজা মণ্ডলীৰ আগত কলে, “কৃকীক ক্ষমা কৰা। মালিনীয়ে এইবাৰ অৱশ্যে দণ্ড পাব। মালিনী এই মুহূৰ্ত্তৰ পৰা নিৰ্ব্বাসিতা।”

 কৃকী নিজে এজন উপযুক্ত ৰাজা আছিল। ৰাজ্যৰ সকলোৱে তেওঁক উচিত ৰাজভক্তি প্ৰদৰ্শন কৰিছিল। কেৱল মালিনীৰ নিমিত্তে ধৰ্ম্মৰ ব্যাঘাত হোৱা দেখি হে সকলোৱে তেওঁক অত্যাচাৰী বুলি ভাবিব ধৰিছিল। এতিয়া তেওঁৰ মনৰ এনেকুৱা পৰিবৰ্ত্তন হোৱা দেখি সকলোৱে ক্ষান্ত হল, মালিনীক নিৰ্ব্বাসন কৰাত ৰাজাক ক্ষমা কৰিলে। শাসনৰ নিয়মমতে কৰ্ম্মচাৰীয়ে মালিনীক নিৰ্ব্বাসন কৰিবলৈ আহাত, মালিনীয়ে পিতাকক এবাৰ দৰ্শন কৰিবলৈ ইচ্ছা কৰিলে। মালিনীৰ সেই বাঞ্ছা পূৰ্ণ হল। পিতাকক প্ৰণাম কৰি সাত দিন বেছিকৈ সময় ললে। ৰাজাই প্ৰধান প্ৰধান অমাত্যবিলাকৰ মত লৈ মালিনীক সেই সাত দিনৰ সময় দিলে। এতিয়া মালিনী [ ৮২ ] নিৰ্ব্বাসিতা। সৰোজ! সৰোজে মালিনীৰ নিৰ্ব্বাসন শুনি, ভবিষ্যত আশা পৰিত্যাগ কৰি অগাধ চিন্তাত নিমগ্ন। চিন্তা এই, মাক বাপেকৰ আজ্ঞা লঙ্ঘন কৰি তেওঁ মালিনীৰ অনুগমন কৰা উচিত নে অনুচিত।

(৫)

 সৰোজে ঠিক কৰিলে মালিনীৰ লগত যোৱা। কিন্তু পিতা মাতাৰ আদেশ পালন নকৰি, আৰু বিশেষ, স্ত্ৰৈণতা প্ৰকাশ কৰি যায় কেনেকৈ? এইদৰে যোৱা দেখিলে মানুহে তেওঁক নিন্দা কৰিব। লোক-নিন্দাতকৈ মৃত্যু শতগুণে শ্ৰেয়ঃ। আন পিনে, মালিনী নিৰ্ব্বাসিতা হল। তেওঁৰ অবিহনে সৰোজ থাকে কেনেকৈ? যাৰ নিমিত্তে সংসাৰৰ মহৎ মহৎ পাপ-সাপক সোণৰ হাৰ বুলি গলত আৰি লবলৈ প্ৰস্তুত, সেই মালিনী যদি দেশৰপৰা নিৰ্ব্বাসিতা হয়, তেনেহলে তেওঁ ইহলোকৰপৰা নিৰ্ব্বাসিতা হোৱাতো একো আপত্তি নাই। মুঠৰ ওপৰত চিন্তাসাগৰৰ গভীৰৰপৰা গভীৰতৰ জলত নিমগ্ন হৈ দেখিলে তেওঁৰ মৃত্যুই শ্ৰেয়ঃ। যেতিয়া কোনো মানুহ ভয়ানক বিপদত পৰে, তেতিয়া প্ৰায়েই মানুহৰ বুদ্ধি লোপ পায়। সদায় মন কুভাব-তৰঙ্গ-ঘাতেৰে চালিত হৈ কুপথত ভ্ৰমণ কৰিব ধৰে। সৰোজৰো আজি ঠিক সেয়েই হৈছে। যিমান ভাবে, সিমান বেয়া ভাবে আহি লগ ধৰে। বুদ্ধি একেবাৰেই লোপ পাইছে। ভাবি ভাবি আন একো উপায় নাপাই মালিনী বিহনে থকাতকৈ মৰাই ভাল [ ৮৩ ] এইটো ঠিক কৰিলে। সৰোজ মালিনীৰ নিমিত্তে কিয় ইমান অস্থিৰ, সেইটো যিজনে কেতিয়াও প্ৰেম-সুধা-পানৰ সুযোগ পোৱা নাই তেওঁক বুজোৱা টান। কিন্তু মালিনী,— মালিনীৰ সেই সুন্দৰ ভ্ৰমৰকৃষ্ণ কুন্তলৰ এডালি আহি পৰি থকা গোলাপী ৰাগৰ গণ্ডযুক্ত বদন কমল সৰোজৰ মনত পৰিল। সৰোজ অধীৰ হল। যি মালিনীৰ নিমিত্তে তেওঁ প্ৰায় গত-প্ৰাণ, সেই মালিনীয়ে তেওঁক কি ভাবিছে, সেই মালিনীক এবাৰ নেদেখাকৈ সৰোজে কি সাহসে প্ৰাণ এৰিব পাৰে। সৰোজ তৎক্ষণাৎ উঠি মালিনীৰ ঘৰৰ পিনে খোজ ললে। সৰোজে যি ঘৰত আগে ভৱিষ্যতৰ আশা-দীপ্তি ৰিণিকি ৰিণিকি দেখিছিল, আজি সেই ঘৰত নিৰাশাৰ প্ৰেত-মূৰ্ত্তি দেখি বিকম্পিত। তেওঁৰ হৃদয় কঁপি উঠিল, মূৰৰপৰা ভৰিলৈকে তড়িত ছুটিল। আগেয়েও এই ঘৰত সোমাওঁতে তেওঁৰ বুকু ধিপিং ধিপিং কৰিছিল। কিন্তু আজিৰ কঁপনি তেনেকুৱা নহয়, আগেয়েও এই ঘৰত সোমাওঁতে সৰোজৰ গাত তড়িত ছুটিছিল; কিন্তু আগৰ আৰু আজিৰ কি বিভিন্নতা! সিদিনাৰ তড়িত মধুৰ কিন্তু আজিৰ তড়িত গৰল। এই বিভিন্নতাৰ তাৎপৰ্য্য কি? ইয়াৰ কৰ্ত্তা কোন? কাল! সৰোজে গভীৰ চিন্তাযুক্ত হৃদয় লৈ মালিনীৰ ঘৰত প্ৰবেশ কৰিলে। আগৰ নিচিনা সৰোজে “মালিনী” “মালিনী” বুলি মাতিলে; কিন্তু তেওঁ মালিনীৰ মাত শুনিবলৈ নাপালে। সৰোজে চাৰিও পিনে বিচাৰিলে, মালিনী নাই। ভাবিলে, প্ৰকৃতিৰ ক্ৰীড়া পুতলী মালিনী ক্ৰীড়াৰ সামগ্ৰী। যদি [ ৮৪ ] তামাচাতে কৰবাত লুকাই আছে? চাৰিও পিনে বিচাৰিলে তথাপি নাই। বহুত সময়ৰ পাছত বিছনাৰ পৰা ১০/১২ হাত মান দূৰৈত এখন পাটীত— কাপোৰ নাই, গাৰু নাই— শায়িতা মালিনীক দেখা পালে। হঠাৎ তেওঁৰ মন আনন্দত পৰিপুৰ্ণ হল! কিন্তু পাছ মুহূৰ্ত্ততেই নৈৰাশ্যৰ ঘোৰ ছায়া আহি তেওঁক আবৰি ধৰিলে, ইচ্ছা হল মালিনীক মাতে। কিন্তু পৰ মুহূৰ্ত্ততেই তেওঁৰ মনত কি যেন ভাব হল; মালিনীক নজগালে; ভাবিলে ধৰ্ম্মৰ আনন্দ কোলাত সুসুপ্তা মালিনী! আহা! মুখৰেই কি আভা! এই বদনত পূৰ্ণ-শশী-বিকশিত-গোলাপ-ৰাগ-ৰঞ্জিত কপোল যুগল কি সুন্দৰ। এনেকুৱা ৰূপ কিহৰ? কিহে এই কপোলৰ নিচিনা মোহিনী শক্তি ধাৰণ কৰে? আকৌ পূৰ্ণিমাৰ চন্দ্ৰতুল্য বদনৰ ওপৰত নীলবৰণীয়া চকু দুটি। ওপৰত সূৰ্য্যকিৰণ আছিল, খিৰিকী এটিৰে সূৰ্য্যকিৰণ আহি মালিনীৰ বাওঁ গালত পৰিছে। সৰোজে ভাবিলে, “সূৰ্য্যদেৱ! তুমিও মালিনীৰ প্ৰেমত মতলীয়া হৈ মোৰ আগতে তেওঁক চুমা খাবলৈ সাহ কৰিছা? উস্! মই কি কলোঁ! এনেকুৱা পবিত্ৰ ভাবত, এনেকুৱা পবিত্ৰ হৃদয়ত এনেকুৱা দোষ আৰোপণ কৰি নৰকৰ পথ উন্মুক্ত কৰিলোঁ। হায়, মালিনি! কি কুগ্ৰহৰ সংমিলন সময়ত তোমাৰ মোৰ ভিতৰত স্নেহ উপজিছিল? এই প্ৰতিমা, এই স্বৰ্ণ প্ৰতিমা বিসৰ্জ্জন দিলোঁ। হৃদয় কঠোৰ হ। তোৰ ভিতৰত যেন দয়া-মমতা নাথাকে। মালিনি, পাপীয়সি, মোৰ হৃদয়ৰ পবিত্ৰ আশা নষ্ট কৰিলি, ৰক্ষা নাই!” মনৰ আবেগত “ৰক্ষা নাই” শব্দটো [ ৮৫ ] ডাঙৰকৈ কোৱাত মালিনীয়ে সাৰ পালে; সাৰ পাই যি দেখিলে সি কি ভয়ানক! মালিনী কঁপিবলৈ ধৰিলে। তেওঁ দেখিলে সৰোজ এখন তীক্ষ্ণ-ধাৰ অসি লৈ ওচৰত দণ্ডায়মান। সূৰ্য্যৰ কিৰণ তাত পৰি চিক্‌মিকাইছে। মালিনীয়ে কলে, “সৰোজ। সৰোজ! ই কি? ইমান তোমাৰ স্নেহ!” সৰোজৰ জ্ঞানোদয় হল। তাতে তৰোৱাল পেলাই দি লৰ দিলে আৰু কৈ গল “মালিনি! মই তোমাৰ ওচৰত বহুত দোষৰ দোষী! ক্ষমা কৰিবা।” মালিনীয়েও সৰোজৰ পাছে পাছে গল। ভয়ানক ৰদ। বাটত মানুহ নাই। উভয়ে নীৰবে প্ৰকৃতিৰ মাজেদি সিদিনা বহা শিলৰ ওচৰলৈ গল। সৰোজে চাৰিও পিনে চালে, পাছত মালিনীক দেখা পাই “হে ভগবান, ক্ষমা কৰা। মাতঃ গঙ্গে! তোমাৰ শীতল হৃদয়ত ৰাখি এই অধমৰ উত্তপ্ত প্ৰাণ শীতল কৰা।” এই বুলি পানীত জাপ দিলে। মালিনীয়েও সেই মুহূৰ্ত্ততে সেইখিনি পাই জাপ দিলে। কিন্তু সৰোজক কত পায়! নিৰাশৰ উপদ্ৰৱত থাকিব নোৱাৰি অনন্ত প্ৰেমময় সৰোজ অনন্তত মিল হল। অনন্ত কাল সমুদ্ৰৰ এটি ঢৌ মাৰ গল। অলপ সময় থাকি মালিনী উঠিল। যদি ধৰ্ম্মৰ বিমল জ্যোতিয়ে তেওঁৰ হৃদয় অধিকাৰ নকৰিলেহেতেন তেনেহলে মালিনী সৰোজ একে সময়তে উদ্বেগময় সংসাৰৰ পৰা বিদায় ললেহেতেন। কিন্তু মালিনী-জীৱনৰ এটি অঙ্ক হে শেষ হল। আন পিনে সৰোজ-জীৱন-নাটৰ যবনিকা পতন। মালিনীয়ে তেওঁৰ হৃদয়ৰ প্ৰতিমা সৰোজক গঙ্গাত বিসৰ্জ্জন দি দুখ মনেৰে [ ৮৬ ] উলটি আহিল। তেওঁৰ হৃদয়ৰ মাণিকটি গল। সৰোজ কালৰ গৰ্ভত লীন হল।

(৬)

 মালিনী যে ওলাই যাবলৈ বেছিকৈ সময় লৈছিল তাৰে এদিন শেষ হল। বাকী ছয় দিন। মালিনী ধৰ্ম্মত নিমগ্না। তেওঁ তেওঁৰ মাক, বাপেক, ভাই, বন্ধু, ইষ্টকুটুম্ব কাৰো প্ৰতি কটাক্ষ নকৰে। কিন্তু এইবিলাক শত শত জীৱক কেনেকৈ পাপ সাগৰত এৰি থয়। পৰোপকাৰ ধৰ্ম্মই প্ৰধান। মালিনীয়ে ইমান মানুহক কেনেকৈ মোক্ষ-ৰূপ চিৰ সুখৰ পৰা বঞ্চিত কৰিব? পৰোপকাৰ তেওঁৰ জীৱনৰ প্ৰধান উদ্দেশ্য।

 ধৰ্ম্ম ভাবৰ উগ্ৰতাই তেওঁৰ জিহ্বাত সৰস্বতী অধিষ্ঠান কৰালে। মালিনীৰ ইমান দিনৰ লুপ্ত বাক্‌শক্তি হঠাৎকাৰে জ্বলি উঠিল, যেন অগ্নিস্ফুলিঙ্গ ছাইৰ তলত লুকাই আছিল, এতিয়া হঠাৎ ছাই সমন্বিতে জ্বলালে। তেওঁ সেই ছয় দিন অনবৰত উপদেশ দিব ধৰিলে। তেওঁৰ বক্তৃতাৰ এনেহে মোহিনী শক্তি— সেই ছয় দিনত, ৰাজা, ৰাজকুমাৰ, ৰাণী, মন্ত্ৰী, সভাসদ, সভাপণ্ডিত আদি কৰি ৰাজ্যৰ অনেক ডাঙৰ ডাঙৰ মানুহ বৌদ্ধধৰ্ম্মত দীক্ষিত হল। সকলোৱে বুদ্ধদেৱৰ জয়পতাকা ঘৰে ঘৰে উৰাই বুদ্ধৰ গুণকীৰ্ত্তন কৰিব ধৰিলে। মালিনীৰ আৰু নিৰ্ব্বাসন নহল। গুৰু মানি সকলোৱে মালিনীক পূজা কৰিব ধৰিলে। কিন্তু হায়! এনেকুৱা সুখৰ দিনতো মালিনী নিৰাশ। তেওঁৰ হৃদয়ৰ অন্তৰতম প্ৰদেশৰ পৰা এটি দীঘল নিশ্বাস আহিল। [ ৮৭ ] হায়! সৰোজ আজি কত? আজি সৰোজৰ কি আনন্দৰ দিন। প্ৰভো! অতৰ্ক মহিমা তোমাৰ! তোমাৰ ইচ্ছাই পূৰ্ণ হক!

 মালিনী আৰু গৃহাশমত ৰতা নহল। গঙ্গা-তীৰত এটি প্ৰকাণ্ড মন্দিৰ কৰি, সৰ্ব্বদাই দহ হাজাৰ ভিক্ষুকৰ আহাৰৰ বন্দবস্ত কৰিলে। মালিনী সেই ঘৰৰ ওচৰত কোনো এটি সৰু কুটীৰত বাস কৰিব ধৰিলে। ৰাজা, মন্ত্ৰী সকলোৱে তেওঁক এই মহদভিপ্ৰায়ত সহায় কৰিলে। মালিনীও এই ৰকমে ধৰ্ম্ম মন্দিৰত ধৰ্ম্ম চৰ্চ্চাত জীৱন কটালে। তেতিয়া বহুত মানুহে দেশ বিদেশৰ পৰা আহি মালিনীৰ ওচৰত ধৰ্ম্মৰ গূঢ় ৰহস্য শিকিছিল।

 

অন্ত

 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২০ চনত ১ জানুৱাৰী ১৯৬০ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )

 
  1. বৌদ্ধ সন্ন্যাসীক শ্ৰমণ বুলিছিল।