গল্পাঞ্জলি/দেখাদেখি

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
[  ]

গল্পাঞ্জলি

দেখাদেখি


( ১ )

 সেইদিনা আহাৰৰ আঠ দহ দিন মান গৈছে। ঝিপ্ ঝিপ্ ঝুপ্ ঝুপ্‌কৈ পুৱাৰেপৰা বৰষুণ৷ আবেলি ক’লৈকে যাবও নোৱাৰি, একো কামো কৰিব নোৱাৰি। নবীনে শোৱনি ঘৰৰ ছালপীৰাৰ ওপৰতে বহি হাৰমনিয়মটো লৈ কোঁ-কোঁ-গোঁ-গোঁ কৰি আছিল, এনেতে দেখিলে বাটত ভাল কাপোৰ পিন্ধা মানুহ এজন। তেওঁৰ পাচত বাকচ এটা আৰু বিছনা এখন ভাৰ বান্ধি লৈ আৰু এটা মানুহ। দুয়ো নবীনৰ ঘৰৰ ফালেই আহিছিল। পদূলি পাওঁতেই নবীনে তেওঁক চিনি পালে। “এ ধৰণী! কলিকতালৈ যাবলৈ আহিলা?” নবীনে আথেবেথে উঠি সমপাঠী বন্ধুক আদব অভ্যৰ্থনা কৰি আনি কলে, “আজি ইমান বৰষুণ, তুমি নাহিবা বুলিহে ভাবিছিলোঁ! বন্ধ শেষ হবলৈকো আৰু সাত দিন আছে।” ধৰণীয়ে উত্তৰ দিলে, “হাতী কা দাঁত, ভাই! বতাহ বৰষুণ কি আছে? আহিব খুজিছিলোঁ আহিলোঁ৷” নবীনে মিচিকীয়াই অলপ হাঁহিলে। [  ]

( ২ )

 ধৰণীৰ এই “হাতীকা দাঁত” ওলোৱাৰ বহু দিন হল বুলি কোনোৱে কব নোৱাৰে। স্কুলত দুই বন্ধুৱে একেলগে পঢ়াত এনে দিন গৈছে, যেতিয়া ধৰণীয়ে নবীনৰ ঘবলৈ কিবাকিবি খাবলৈ আহিব বুলি নিশ্চয়কৈ কৈয়ো আহা নাছিল, আৰু নবীনে বাট চাই চাই খঙত অভিমানত কান্দি পেলাইছিল। এনে দিন গৈছে যেতিয়া নবীনে ধৰণী আহিব আহিব বুলি শনিবাৰৰ ৰাতি বাৰ বজালৈ উজাগৰে আছিল, অথচ ধৰণী নাই। কলেজতে এনে দিন গৈছে যেতিয়া কোনো সভালৈ বা “চিৰিয়াখানা” বা “যাদুঘৰলৈ যাবৰ কাৰণে নবীনে কাপোৰ পিন্ধি সাজু হৈ আছিল, অথচ ধৰণী নোহোৱাত তেওঁৰ পিন্ধা কাপোৰ পিন্ধাই থাকিছিল, আৰু সেই খঙতে এসপ্তাহলৈ ধৰণীক তেওঁ ভাল ৰূপে মাতা নাছিল। অথচ সেই ধৰণীৰে এতিয়া মুখত “মৰ্দ্দা কা বাত,হাতীকা দাঁত” হৈ উঠিল। কথাটি শুনিবলৈ বিষম, কিন্তু অনেক বিষম কথা সংসাৰত ঘটে।

 জহৰ বন্ধত ঘৰলৈ অহাত ধৰণীয়ে নবীনব কথা এৰাব নোৱাৰি তেওঁৰ ঘৰত এৰাতি থাকিব বুলি আহিছিল। পাচে তেওঁলোকে চাহ খোৱাত এনে এটি ঘটনা ঘটিল, যে ধৰণীয়ে, সেই এৰাতিৰ ঠাইত নবীনৰ ঘৰত তিনি দিন খাকিহে তাৰপৰা ঘৰলৈ গল।

 নবীনৰ মাক নাই; ভনীয়েক পাৰ্ব্বতীৰ জন্ম হোৱা মাত্ৰকে মাকব মৃত্যু হয়। পিতাকে আৰু বিয়া কৰোৱা নাই। বহুতে [  ] বহুত কৈছিল; বুঢ়া খুড়াকে ঘৰৰ বেমেজালিব, বন্ধু-বান্ধৱে নিজৰ অসুবিধাব আৰু আনবিলাকে সকলো ফালৰপৰা নানাবিধ অসুচলৰ কথা দেখুৱাই বুজাইছিল যে তেওঁ বিয়া নকৰালে কি জানি প্ৰলয়েই ঘটিব৷ তথাপি সুবিধাই অসুবিধাই ভালে বেয়াই তেওঁ আৰু বিয়া নকৰালে আৰু তথাপিতো বুঢ়া সংসাৰ আগৰ দৰেই লাখুটিত ভৰ দি বুঢ়া ভাৱেই চালি থাকিল; কাৰো দুখ বা কাৰো সুখে সংসাৰৰ গতিত বাধা দিব নোৱাৰিলে।

 সেই বাবে আজি এবছৰমান হল, নবীন কলিকতালৈ যোৱাৰ পৰা, ঘৰত পাৰ্ব্বতী আৰু পিতাকত বাজে আৰু আন কোনো নাই। পিতাক কছাৰিত থকাত ঘৰৰ আচল গৃহিণী আৰু কৰ্ত্ৰী পাৰ্ব্বতীয়েই।

 সেইদিনা কলিকতাৰপৰা অহাত পাৰ্ব্বতীয়ে নবীন আৰু ধৰণীক চাহ দিলে।

 সংসাৰৰ কিছুমান কথা অতি বিচিত্ৰ। আন্ধাৰত খপিয়াই জপিয়াই ফুৰোঁ, অথচ কি যে বিচাৰোঁ নাজানো। হয়তো যাকে লাগে তাকেই শ বাৰ ধৰি শ বাৰ এৰি দিওঁ; অথচ নাজানোঁ যে সেয়ে আমাৰ সাধনাৰ ধন। হঠাৎ এচাটি বিজুলীৰ পোহৰ চকুত পৰি বিশ্ব তেনেই জলমলীয়া উজ্জ্বল হয়, আৰু তেতিয়া দেখিবলৈ পাওঁ-“যিহকে বিচাৰিছোঁ সি হাততে।

 ধৰণীয়ে চাহ লৈ অহা পাৰ্ব্বতীৰ ফালে চালে। সাৰেঙৰ টন্‌টনীয়া তাঁৰত এবাৰ হাত পৰিলেই যেনেকৈ জন্‌জনাই উঠে, তেওঁৰ গোটেই শৰীৰ সেইদৰে জন্‌জনাই এবাৰ কঁপি উঠিল। [  ] আজিতো নহয়, সৰুৰেপৰা তেওঁ পাৰ্ব্বতীক দেখি আহিছে; কিন্তু আজি ই নতুন পোহৰ। বিচিত্ৰ সজ্জা! এনিমিষমান তেওঁ চাই ৰল। এনেতে নবীনে হাঁহি দিলে, ধৰণীব চেতন হল, আৰু ধৰণীয়ে তলমূৰ কৰিলে। ইয়াৰ পিচত ধৰণীয়ে অলপ হাঁহি চাহৰ বাটিটো মুখত দি এসোহা দুসোহাকৈ খাবলৈ ধৰিলে। ধবণীৰ “হাতীকা দাঁত” গজিবব ইতিহাসৰ, বুলিব লাগিলে, এয়ে আৰম্ভ; সেই কাৰণে ধৰণীয়ে কথাষাৰ কোৱাত নবীনে মিচিকাই অলপ হাঁহিলে।

( ৩ )

 কলেজৰ পাঠ্যজীৱন অতি বিচিত্ৰ কাল। সেই কালত বিশ্ব পুলকত ভৰি পৰে, সংসাৰে তিৰবিৰাই নাচি থাকে। তপত বতাহৰ মাজেদি বস্তুবোৰ যেনে কঁপি থকা দেখি, সংসাৰ সেইদৰে আনন্দ আৰু সৌন্দৰ্য্যত কঁপি থাকে। কি সুন্দৰ! কি মতলীয়া! এনে জীৱনৰ ভিতৰত সোমাই, নবীনে ধৰণীয়ে কি কলে, কি আলাপ কৰিলে, আমি নাজানিলেও এইটো জানো, যে দুয়ো বন্ধুৱে নবীনৰ ঘৰত সেই সপ্তাহ থাকি, কলিকতাৰ কলেজত হাজিৰ হোৱাত দুদিনৰ পলম কৰিলে।

 ইয়াৰ অলপ দিনৰ পাচতে নবীনে পিতাকলৈ যিখন চিঠি লিখিলে তাত কলিকতাৰ কথা, তেওঁবিলাকৰ মেছৰ কথা, ধৰণীৰ লগত একেলগে থকাৰ কথা ইত্যাদি বিলাক লিখি ইয়াকো লিখিলে বুলি প্ৰকাশ, যে পাৰ্ব্বতী লাহে লাহে ডাঙৰ [  ] হলেই, পাৰ্ব্বতীক ধৰণীলৈ বিয়া দিয়াই ভাল। ধৰণী এনে সজ লৰা, তেওঁৰ এনে ভাল চবিত্ৰ, পঢ়া শুনাতো এনে ভাল, ইত্যাদি।

 কলেজৰ মানৱ-জাতিৰ সকলো সমান, জাতি-ভেদ মিছা, বংশ-গৌৰৱ অহঙ্কাৰৰহে চিন, ইত্যাদিবিলাক উচ্ছৃংখল কথাৰ মাজত বুৰি থকা নবীনৰ মনত নহল যে, ধৰণী কোচৰ লৰা আৰু তেওঁবিলাক কায়স্থ মানুহ। কিন্তু পিতাকৰ কছাৰীৰ নথি আৰু আলাপৰ ভিতৰত জাতি আৰু বংশৰ কথাৰ বব চাট্ নাথাকিলেও, সংসাৰৰ ঠেলা-হেঁচাত পৰি দ-বাম চিনি পোৱা মনত সকলো সমান যেন নালাগিছিল৷ সংক্ষেপতে তেওঁ উত্তৰ দিলে, যে নবীনে নাভাবি নিচিন্তি ইমান দায়িত্বৰ কথা এই দৰে লিখা অন্যায় হৈছে।

 ডেকা তেজত সৌন্দৰ্য্যৰ মোহ বা বাসনাৰ বলকে অনেক সময়ত প্ৰেম বুলি বলিয়া হোৱা যায়৷ কিন্তু সংসাৰৰ ঠেলাত পৰি যাৰ মন ভিজিছে আৰু যি জানিছে, যে মোহ দুদিনীয়া আৰু বাসনাৰ উত্তেজনা তৃপ্তি হোৱা মাত্ৰকতে চেঁচা পৰে, সি জানে যে প্ৰেম বা ভালপোৱা কেৱল সৌন্দৰ্য্যৰ মোহ বা আকাঙ্ক্ষাৰ তৃষ্ণা নহয়। সেই দেখি এই কথাত বাপেক-পুতেক দুইৰো অমিল হল। ডেকা আৰু বুঢ়াৰ ভিতৰত, ভোগাভিলাষিণী তৃষ্ণা আৰু ভোগ-বিৰক্ত বৈৰাগ্যৰ ভিতৰত যিমান দিন প্ৰভেদ থাকে, এনে কথাত সিমান দিনলৈ মতৰ মিল হবলৈ আশা কৰাও অন্যায়। [  ]

( ৪ )

 অনেক দিন গল। এদিনাখন দুপৰীয়া ধৰণী আৰু নবীনে দুয়ো দুখন চিঠি পালে,—পাৰ্ব্বতীৰ বিয়া৷ নবীন যাব লাগে; পাৰিলে ধৰণীও। দুয়ো দুইৰো চকুৰ ফালে চালে। একো কথা নহল; কিন্তু দুয়ো বুজিলে দুয়োৰো কি কবব ইচ্ছা। হৃদয় যেতিয়া ভাবত গভীৰ হয়, তেতিয়া চকুৰ এই ভাষাই মুখৰ অতি ওজস্বিনী বক্তৃতাকো ছেৰ পেলায়।

( ৫ )

 সংসাৰ চক্ৰ কুমাৰব চাকতকৈও বেচি বিচিত্ৰ। এই চক্ৰৰ ঘূৰণিত ধৰণী আৰু নবীনব কোন কলৈ গল বিশেষ খবৰ নাথাকিল। কলেজৰপৰা ওলাই অহাৰ তিনি চাৰি বছৰলৈ তেওঁলোকৰ ভিতৰত দুখন এখন চিঠি চলাচল কৰিছিল। তাৰ পাচত কোন ক’ত থাকিল, সেয়ে জনাজনি নাথাকিল গৈ। দুয়ো নিজ নিজ বাটেদি গৈ বাটত কত কি লগ পালে, কত কি হেৰুৱালে! ইয়ো এক মায়াৰ খেলা! আজি যাৰ অভাৱত সংসাৰ অন্ধকাৰ আৰু জীৱন স্বপ্নময় বোধ হয়, দুদিনৰ পাচত তাৰো বিৰহ সহ্য হয় গৈ! বুঢ়া সংসাৰ বুঢ়া ভাৱেই লাখুটিত ভৰ দি চলে; দিনৰ পোহৰ বা ৰাতিৰ আন্ধাৰৰপৰা তাৰ সুবিধা অসুবিধা একো নহয়।

 ধৰণীয়ে কলেজৰ এটা নে দুটা পৰীক্ষা পাছ কৰি আহি মাষ্টৰী কামত সোমাইছিল। তাহানিৰ প্ৰেম, ভাল-পোৱা, [  ] পাৰ্ব্বতীক বিয়া কৰাবলৈ নাপালে চিৰকুমাৰ ব্ৰত লৈ জীৱন নিওৱা, বিৰহৰ দুঃসহ বেদনা বৰ্ণাই কবিতা লিখা আদি কথাবিলাক তেতিয়া তেওঁৰ মনত সপোন যেন হে লগা হৈছিল; ভাবিলেও কেতিয়াবা মনতে হাঁহি উঠে আৰু কেতিয়াবা বা হৃদয়-তন্ত্ৰীৰ একোডালি তাঁৰ বিষাদৰ সুৰত কঁপি উঠে ৷

 এদিন লৰা এজনে তেওঁৰ ওচৰলৈ আহি ছুটী খুজিলে, কাৰণ তাৰ মাকৰ নৰীয়া৷ অনেক লৰাৰ মাকৰ নৰীয়া হয়, অনেকক ধৰণীয়ে ছুটী দিয়ে৷ সেই দিনা—কোনে জানে কিয়— তেওঁৰ কেইটামান কথা সেই লৰাটোক সুধিবৰ ইচ্ছা হল; আৰু সুধি জানিলে যে, লৰাৰ বাপেকে ৰেলৰ অফিচত কিবা এটা কাম কৰে৷ মাকৰ জ্বৰ সেই দিনা বেচি হোৱাত বাপেকে পুতেকলৈ স্কুললৈ আহিয়েই ছুটি লৈ যাবলৈ কৈছে৷

 ধৰণী আবেলি ফুৰিবলৈ ওলালত, কোনে জানে কি সকামত তেওঁৰ ৰেলৰ অফিচৰ ফালে যাবৰ মন গল৷ ৰেলৰ অফিচ পাই তেওঁৰ সেই লৰাটো আৰু তাৰ মাকৰ নৰীয়াৰ কথা মনত পৰিল৷ কোনে জানে কিয়, তেওঁৰ তাৰ খবৰ লবলৈ মন গল৷ তেওঁ খবৰ কৰি লৰাৰ ঘৰ উলিয়ালে; আৰু বাহিৰৰপৰা তাৰ নাম কাঢ়ি মাতিলে৷ এজন ভদ্ৰলোক ওলাই আহিল,—কোন আহিছে চাবলৈ৷ “আ! নবীন দেখোন! তুমি ক’ৰপৰা ইয়াত ওলালা নবীন?” ধৰণীয়ে আচৰিত হৈ সুধিলে৷ দুয়ো বন্ধুৰ বহুত দিনৰ মূৰত দেখাদেখি; চকুৱে-চকুৱে হাঁহিয়ে[  ] হাঁহিয়ে যি কথা নিমিষত হল,দুদিন কলেও তাৰ ওৰ নপৰে৷ নবীনে কলে “পাৰ্ব্বতীৰ জ্বৰ!” “পাৰ্ব্বতী! এইটো জানো পাৰ্ব্বতীৰ ঘৰ!" ধৰণী আচৰিত হল! নবীনো আচৰিত হল, একে ঠাইতে থাকি ইমান দিন এওঁলোকে খবৰ নাপায়!

 পাৰ্ব্বতীৰ গিৰিয়েকক ধৰণীৰ চিনাকী কৰি দি নবীনে ধৰণীক ভিতৰলৈ লৈ গল৷ যি সৌন্দৰ্য্য দেখি ধৰণী ডেকা বয়সত এদিন মোহ গৈছিল, সেই সৌন্দৰ্য্য অস্থি-কঙ্কাল-সাৰ হৈ পৰি আছে৷ দেখি ধৰণীৰ চকু চলচলীয়া হৈ উঠিল৷ পাৰ্ব্বতীয়ে দাদাকক আঙুলিৰ ইঙ্গিতেৰে মাতি নি মুখ লৰাই সুধিলে,“কোন?” নবীনে ভঙ্গা মাতেৰে “ধৰণী, আইটি৷ ধৰণী” বুলি কোৱাত ধৰণীও বিছনাৰ ওচৰলৈ গল৷ পাৰ্ব্বতীৰো চকুৰ লো বৈ গল৷ সেইদিনা ৰাতি বহুতলৈ বহি থাকি, পাচদিনা পুৱাই আহিব বুলি কৈ ধৰণী উঠিল৷

 ধৰণীয়ে পাচদিনা পুৱাই আহিয়েই নবীনক দেখা পালে, নবীনৰ মুখ মলিন; চকুত পানী৷ নবীনে ধৰণীক সাৱট মাৰি ধৰিলে৷ দুয়ো বন্ধুৱে আকৌ আগৰ নিচিনা গলাগলি কৰি, আগেয়ে এদিন যেনেকৈ হাঁহিছিল আজি তেনেকৈ কান্দিলে৷ বুঢ়া সংসাৰ আগৰ দৰেই লাখুটিত ভৰ দি বুঢ়া ভাৱেই চলি থাকিল৷ দিনৰ পোহৰ বা ৰাতিৰ আন্ধাৰৰপৰা তাৰ একো সুবিধা বা অসুবিধা নহল৷

————