সমললৈ যাওক

পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
কমতাপুৰ ধ্বংস কাব্য।


সমাজিক যদি সচা হল হয় বাই ।
কত দীন দুখী হায়! হল হয় ৰজা
সপোনত পোৱা সেই ৰাজ্য ভাৰ লই;
কত ৰজা হল হয় দৰিদ্ৰ-কঙ্গাল
সপোনত ৰাজ ভোগ হেৰুৱাই থই।
হায় বাইঃ—
সপোনত পোৱা সুখ খন্তেকীয়া মাথোঁ,
যি পায় তেনুৱা সুখ, কিবা সুখ তাৰ?
টোপনীত যত বেলি, তত বেলি সুখ,
সাৰ পাই কান্দে টুকি চকুলো দুধাৰ।
বিজুলীয়ে যেনে কই খন্তেক পোহৰি
ডকা-ডোমা কৰি পুনু বঢ়ায় এন্ধাৰ;
খন্তেক লগাই ৰঙ্গ, সপোনে সিদৰে
বেছি কৰে মানুহৰ সন্তাপৰ ভাৰ ।
সপোন মনৰ ভ্ৰান্তি; —একেবাৰে মিছা,
সেই মুখ আৰু মোৰ নঘটে ভাগ্যত !
নিতে তাকে ভাবি থাকা সেই বুলি বাই।
তাকেই দেখিলা তুমি ঘুৰি সপোনত।
সাপোন মনৰ ভ্ৰান্তি! অকস্মাতে দেখে,
যদিও বা মাজে মাজে কেতিয়াবা হায়!
ফলিওৱা যেন দেখি ; কিন্তু প্রকৃততে,
ভ্ৰান্তি মাথো একো ঠিক সপোনত নাই।
“হওতেও হয় আই! নিতে তাকে ভাবোঁ,
যোগীৰ নিচিনা কই তাকে কৰো ধ্যান,