পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১০২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৮
কমতাপুৰ ধ্বংস কাব্য।

সন্তাপ মনেৰে চাপি ৰাণীৰ কাষৰ,
ধৰিলে চকুলো টুকি কথা ক’বলই:—
প্ৰাণেশ্বৰী! প্ৰিয়তমা! ক্ষমা কৰাঁ দোষ,
নাভাবি নিচিন্তি দিলো তোমাক কেলেশ।
মই অতি নৰাধম! তোমা হেন সতী
তিকতাক দিলো হায়! যাতনা অশেষ!
কমতাৰ ৰাজলক্ষ্মী। তিয়াগি কমতা
আছাহি বনত তুমি,—ব’লা ঘৰলই
ক্ষমা কৰি অপৰাধ মই অধমৰ,
হৃদয়ৰ শোক তাপ আঁতৰাই থই।
এই বুলি শোকে ৰজা কান্দিব' ধৰিলে,
বুলিব ধৰিলে ৰাণী সাদৰে ৰজাক:—
“কিয় কান্দা প্ৰাণনাথ! নকৰিবা শোক;
নোৱাৰে বাধিব কেৱে প্ৰভুৰ ইচ্ছাক।
ঈশ্বৰৰ ইচ্ছা নাথ! দুখ পাব লাগে,
দুখ পালো দুখুনীয়ে,—কি দোষ তোমাৰ?
কিয় কান্দা? কিয় তুমি টুকিছা চকুলো?
পেলোৱাঁ মুছি হে নাথ! চকুলো দুধাৰ।
কিন্তু নাথ!
সকলো আহিছে আজি দেখিছোঁ সবকে,
কিয়নো নাহিল সখী এনুৱা কালত?
শোকবিষাদতো তেওঁ আছিলে লগতে,
কিয়নো নাহিল তেওঁ এনে আনন্দত?
সখীক নেদেখি মোৰ কান্দিছে হৃদয়;