পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কেঁৰা
কচু-শাকৰ
৩৫

নগৈ আন সূতাৰ মাজে দি যায়, আৰু কেতিয়াবা, কুঁজা হয় অৰ্থাৎ সূতাৰ কুঁজ বা ফোঁহা ওলায়। শিপিনীয়ে কেঁৰা আৰু কুঁজা ভাঙ্গি অৰ্থাৎ ভাল কৰি তাঁত বয়। এতেকে,—কোনো কাৰ্য্যৰ আসোঁৱাহ- বিসোৱাহ গুচোৱা, to remove defects.

কেঁৰা দুপৰ—বিং, কেঁৰা অৰ্থাৎ অলপ কতীয়া দুপৰ, দুপৰৰ ঠিক পূৰ্ব্ব-ভাগ সময়, the part of the day immediately preceding the mid-day.

কোঁ-কোঁ কাঁ-কাঁ কৰা—ক্ৰি, পাৰ চৰায়ে জোৰ পাতি নিজৰ বাহত কোঁ- কোঁ কাঁ-কাঁ কৰি থাকে। এতেকে,—নিজৰ ঘৰতে তিৰোতা আৰু লৰা ছোৱালীৰে সৈতে হাই-উৰুমি নোহাৱাকৈ কাল যাপন কৰা, শান্তিৰে গৃহস্থালি চলোৱা, to live in a humble but peaceful home.

ক-খ পুথি—বিং, শিক্ষা কৰোতে ‘ক-খ’ৰ পৰা আৰম্ভ কৰা হয়। এতেকে,— প্ৰথম শিক্ষা-পুথি, an A. B. C. book, a first primer.

ক-খ ম-ম পঢ়া—ক্ৰি, প্ৰথম-শিক্ষাৰ পুথি পঢ়া, অলপীয়া শিক্ষা পোৱা, to obtain a little education, to have a smattering of know- ledge.

‘ক’ বুলিব নোৱৰা—বিণ, যি মানুহ সম্পূৰ্ণৰূপে অশিক্ষিত সি ‘ক’ এই আখৰ- টোকে পঢ়িব নোৱাৰে। এতেকে,— সম্পূৰ্ণৰূপে অশিক্ষিত, মহামুৰ্খ, grossly stupid.

‘ক’ বুলিয়েই ৰত্নাৱলী পঢ়িবলৈ যোৱা—ক্ৰি, ৰত্নাৱলী পুথিৰ ভাষা আৰু ভাৱ, বৰ টান। যি মানুহে ‘ক’ বোলে অৰ্থাৎ প্ৰথম শিক্ষা আৰম্ভ কৰে, তাৰ পক্ষে ৰত্নাৱলী পঢ়া অসম্ভব। এতেকে,—ষি কাৰ্য্য অতি শিক্ষিত মানুহৰ পক্ষে সম্ভৱ সেই কাৰ্য্য অলপ শিক্ষিত মানুহে কৰিবলৈ যোৱা, অসাধ্য-সাধন কৰিবলৈ চেষ্টা কৰা, the attempting by a novice to do what can only be done by a veteran.

কচু-কটা দিয়া—ক্ৰি, কচু কাটিবলৈ অতি সহজ। এতেকে,—অতি সহজে নাশ কৰা, to cut up very easily, to annihilate.

কচু-শাকৰ ভেঁটি—বিং, আগৰ দিনত ডাঙ্গৰ মানুহেৰে সৈতে ভেঁট হবলৈ হলে কিবাকিবি বস্তু লৈ যাবৰ নিয়ম আছিল। যি মানুহ নিচেই দুখীয়া