পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কণী-লগা
কথা
৩৯

কণী-লগা ভুকু—বিং, কণী-লগা মাছ ডাঙ্গৰ বুজায়। এতেকে,—ডাঙ্গৰ ভুকু, a heavy blow with the fist.

কতীয়া মাছ—ক্ৰি, (কতীয়া মাহ =কাতি-মাহ। ) কাতি-মাহৰ পৰা দিন চুটি হবলৈ আৰম্ভ কৰে। এতেকে,—চুটি মাহ, a short month.

কথা কলেই জগৰ লগা—ক্ৰি,—দুষ্কাৰ্য্য কৰিলে জগৰ নালাগে, কিন্তু সেই কথা যদি কোনোৱে কয় অৰ্থাৎ প্ৰকাশ কৰে তেনেহলে সেই মানুহ জগৰত পৰে। এতেকে,—দুষ্কৰ্ম্ম প্ৰকাশিত হলে জগৰীয়া হোৱা, the styling of an action as wicked when it is spoken out and not when it is done.

কথা গৰকা—ক্ৰি, ভৰিৰে যেনেকে মাটি গৰকা অৰ্থাৎ ওপৰ-তল কৰা হয়, সেইৰূপে মুখেৰে কথা ওপৰ-তল কৰা হয় বোলা হৈছে। এতেকে,—কথা ভাল বেয়া গমি চোৱা, to weigh the pros and cons of anything.

কথা তল পেলোৱা—ক্ৰি, আন এটা কথা কৈ পূৰ্ব্বৰ কথা তল পেলোৱা অৰ্থাৎ লুকুওৱা, to cause a thing to be lost sight of by in- troducing a different topic.

কথা দি কথা লোৱা—ক্ৰি, [ নিজৰ কথা দি পৰৰ কথা লোৱা ] বিশ্বাস বুজাবৰ নিমিত্তে নিজৰ সম্পৰ্কীয় কথা প্ৰকাশ কৰি আনৰ-পৰা আৱশ্যকীয় গুপ্ত কথা উলিয়াই লোৱা, to get out secrets from another person by pretending to disclose one's own secrets.

কথা পাগোলা—ক্ৰি, গৰুৱে ঘাঁহ খাই পিচত তাক উলিয়াই পাগোলে অৰ্থাৎ আকৌ খায়। এতেকে,—একেটা কথাকে ঘূৰাই ঘূৰাই কৈ থকা, to speak the same thing over and over again.

কথা পাহৰোৱা—ক্ৰি, অন্যান্য অপ্ৰাসঙ্গিক আলাপৰ দ্বাৰা প্ৰস্তাবিত কথা অৰ্থাৎ মূল বিষয় পাহৰোৱা, to cause to forget the main issue by introducing irrelevent matter.

কথা পিন্ধোৱা—ক্ৰি, এজনৰ বেয়া কথা লৈ গৈ আন এজনৰ ডিঙ্গিত আঁৰি দিয়া, কথা লগোৱা, to back-bite.

কথা ফুটি-ফাটি যোৱা—ক্ৰি, কোনো বস্তু ফুটিলে বা ফাটিলে সৰু সৰুডোখোৰা- বিলাক উফৰি গৈ সিঁচিৰতি হৈ পৰে। কথাও সেইৰূপে ফুটি-ফাটি