পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কন্যা খোজ
কৰাই
৪২

তিৰোতাৰ প্ৰথম ঋতু-স্নান হোৱা, to attain puberty, (said of a girl.)

কন্যা-খোজ দিয়া—ক্ৰি, কন্যাৰ নিচিনাকৈ খোজ চলোৱা অৰ্থাৎ অতি লাহে লাহে খোজ কঢ়া, to walk too slowly.

কন্যা-দানৰ ভোজ—বিং, বিয়াৰ পিচত কন্যা-দানৰ ভোজ দিয়া হয়। সেই ভোজ ডাঙ্গৰকৈ পতা হয়। এতেকে,—ডাঙ্গৰ ভোজ, a grand feast.

কপাল-ফুটা—বিণ, কপালত সৌভাগ্য লিখা থাকে বুলি কয়। ( ফুটা=নষ্ট হোৱা। ) এতেকে,—মন্দ-ভাগী, দুৰ্ভগীয়া, of bad luck, unfortunate.

কপাল বেয়া হোৱা—ক্ৰি, বিধতাই জীৱনৰ ঘটনাৱলী কপালত লিখি দিয়ে বুলি মানুহৰ বিশ্বাস আছে। এতেকে,— ভাগ্য মন্দ হোৱা, to have a bad luck.

কপাল মুকলি হোৱা—ক্ৰি, কপালত বিধি-লিপি লিখা থাকে, সেই হেতুকে ‘কপাল' বুলিলৈ ‘ভাগ্য' বুজায়। ভাগ্যক সূৰ্য্যেৰে তুলনা কৰা হৈছে। যেনেকৈ ডাৱৰ গুচি সূৰ্য্য মুকলি হয়, সেইৰূপে বিষাদ গুচি ভাগ্য প্ৰকাশিত হয়। এতেকে,—সৌভাগ্য উদিত হোৱা, the coming of good luck.

কপালৰ ঘাম মাটিত পেলোৱা—ক্ৰি, অতিৰিক্ত শাৰীৰিক পৰিশ্ৰম কৰিলে কপালৰ- পৰা ঘাম বাগৰি মাটিত পৰে। এতেকে,—অতিৰিক্ত পৰিশ্ৰম কৰা, to labour very hard.

কৰ পানী কলৈ যায় চোৱা—ক্ৰি, বাৰিষা বাণ-পানী আহিলে মানুহ সাৱধান হব লাগে। কিন্তু কৰ বাণ কলৈ যায় অৰ্থাৎ বাণ-পানী কোন ফালৰপৰা আহি কোন ফালে যায় তাৰ লক্ষণ চাই হে নিজে কি কৰা উচিত তাৰ দিহা কৰিব লাগে, কিয়নো বাণ পানী সেই হাতে সমূলি নাহি আন হাতে বাগৰি যাব গৈ পাৰে। এতেকে,—ভাব-গতি চোৱা, to watch the course of a certain event.

কৰম-কানিৰ অধিকাৰী—বিং (কৰম=শ্ৰাদ্ধকৰ্ম্ম, ‘কানি’ অনুৰূপ শব্দ। ) শৰাধ-বিধিৰ গৰাকি অৰ্থাৎ পুতেক, a legitimate son.

কৰাই খোলাত দিয়া যেন হোৱা—ক্ৰি, খোলাত অৰ্থাৎ পাত্ৰত গোটা কৰাই ভজা যেন হোৱা, শুকাই-উবাই যোবা, to look pallid.