পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কলগ্ৰহ
কলিয়াপানীত
৪৪

কলগ্ৰহ হোৱা—ক্ৰি, [ গলগ্ৰহ হোৱা ] (গলগ্ৰহ=যাক গলত এহণ কৰা হয় সি, ডিঙ্গিত আঁৰি লোৱা ভাৰ। ) এই বচনত আন এটা অৰ্থ নিহিত আছে :- যাক কলৰ দৰে গ্ৰহণ কৰা হয় অৰ্থাৎ ডিঙ্গিৰ নেলুত লগাই লোৱা হয় সি, খাওঁতে ডিঙ্গিত লাগি ধৰা বস্তু, যাক গিলিবও নোৱাৰি উলিয়াবও নোৱাৰি তেনে বস্তু। এতেকে,—এবিধ ধৰিব নোৱৰা-স্বৰূপ হোৱা, to adhore as a clog, encumbrance, burden.

কলমৰ খোচ—বিং, কলমৰ আগ জোঙ্গা। তাৰে তুলা-পাতত খুচি লিখা হয়। এতেকে,—লিখিত কথা, টোকা বা আদেশ, anything in writing.

কলিকতীয়া ফাঁকি—বিং, কলিকতাত বহু জাতীয় মানুহৰ সমাগম হয়, আৰু সি বহুল কাৰবাৰৰ নগৰ। তাত অনেক দুষ্ট মানুহে নানা প্ৰকাৰৰ বুজিব নোৱৰা ফাঁকিৰ দ্বাৰা ধনোপাৰ্জ্জন কৰে। এতেকে,—সহজে বুজিব নোৱৰা ফাঁকি, ডাঙ্গৰ ফাঁকি, a clever trick.

কলিজা-খোৱা—বিণ, কলিজা খালে মানুহ মৰে। এতেকে,—মৰ্ম্মভেদী, সাংঘাতিক, fatal.

কলিয়া আখৰ—বিং, ক’লা মহীৰে আখৰ লিখা হয়। এতেকে,—লেখা-পঢ়া, বিদ্যা, knowledge, education.

কলিয়া কানাই—বিং, কানাই শ্ৰীকৃষ্ণৰ নাম। তেওঁৰ বৰণ ক'লা আছিল বাবে তেওঁক কলিয়াও বোলা হয়। এতেকে,—ক’লা ৰণৰ মানুহ, a dark-skinned man.

কলিয়া কৃষ্ণাই—বিং, [ ‘কলিয়া কানাই’ চোৱাঁ। ]

কলিয়া খেতৰ—বিং, খেতৰ এবিধ দেও। তাৰ সংস্কৃত নাম ক্ষেত্ৰ-পাল। তাৰ আকৃতি বৰ ক’লা। এতেকে,—বৰ ক’লা বৰণৰ মানুহ, a black fellow.

কলিয়াপানীত মেলা—ক্ৰি, (কলিয়াপানী=আন্দামান দ্বীপ। ) অপৰাধীক আন্দা- মানলৈ পঠোৱা হয়। আন্দামানলৈ যাওঁতে বাটত সাগৰ পাৰ হৈ যাব লাগে। সাগৰৰ পানী কলিয়া অথাৎ নীল-বৰণীয়া। এতেকে,—দ্বীপান্তৰ-দণ্ডৰ আদেশ কৰা, to sentence a criminal to transportation.