পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঔচ্
কাঁহ
৩২

ঔ।


ঔচ্ বুলিলে ওচৰ চপা—-ক্ৰি, কুকুৰক 'ঔচ’ বুলি মতিলে সি ওচৰ চাপে। এতেকে,—কুকুৰৰ দৰে নীচভাৱে পৰৰ আজ্ঞা পলা, to do sneakingly as one is bid, to carry out order slavishly.

ঔ পৰা—ক্ৰি, ঔ-টেঙ্গা পাৰিলে মাটিত ধুপ ধুপ-কৰে পৰে। পিঠিত কোনো মানুহে ভুকুৱালেও সেইৰূপ শব্দ হয়। এতেকে,—ভুকু মৰা বা মাৰ-কীল কৰা, to deal heavy blows with the fist.

⸻⸻


ক।

কঁকাল চাই মেখেলা—বিং, কঁকালৰ জোখ চাই মেখেলাৰ আকাৰ হয়, অৰ্থাৎ কঁকাল ডাঙ্গৰ হলে মেখেলা ডাঙ্গৰ লাগে, কঁকাল সৰু হলে মেখেলা সৰু লাগে। এতেকে, —যথাযোগ্য কাৰ্য্য, an appropriate action.

কঁকাল পৰা—ক্ৰি, মানুহ বুঢ়া হলে কঁকাল পৰে। এতেকে,—অকৰ্ম্মণ্য হোৱা, to be rendered useless.

কঁকাল ভগা—ক্ৰি, কঁকাল শৰীৰৰ মধ্যস্থান। কঁকাল ভাগিলে প্ৰধান বল নষ্ট হয়। এতেকে,—প্ৰধান বল নষ্ট হোৱা, to be rendered unserviceable,

কঁকাল ভাঙ্গি নচা—ক্ৰি, নাচনীয়ে নানা-প্ৰকাৰ কঁকাল-ভঙ্গি কৰি নাচে। এতেকে,—ভালকৈ নচা. to dance prettily.

কাঁহ পৰি জিন যোৱা—বিণ, কাঁহৰ শব্দ উঠি সেই শব্দ আপোনা-আপুনি পৰি জিন যাব নাপায়। কাঁহত হাত দি শব্দটো তৎক্ষণাৎ মাৰ নিয়াব লাগে। এতেকে,--মানুহ-দুনুহ নাইকিয়া নিজঞ্জাল, pervaded with deep silence.