সমললৈ যাওক

ৰঙ্গিলী/ষষ্ঠ অধ্যায়

ৱিকিউৎসৰ পৰা
[ ১৮ ]

ষষ্ঠ অধ্যায়

⸺:০:⸺

অসমীয়াৰ বিহু কি?

 পাঠক! এইখিনিতে আমি “অসমীয়াৰ বিহু কি” এই বিষয়ে অলপ কবলৈ ওলালোঁ। আপোনাসকলে হয়তো কব “এ আমি অসমীয়া যেতিয়াই বিহু কি বস্তু তাকতো জানোঁৱেই, মিছাই এই সোপা পঢ়াৰ আৱশ্যক কি?” আমি কওঁ-হে পাঠক পাঠিকাসকল! আপোনালোকৰ আৱশ্যক নহলেও আমাৰ এফেৰা আৱশ্যক আছে। সেই দেখি লিখিলোঁ। যদি ধৈৰ্য্য ধৰিব নোৱাৰে তেন্তে এই হালিচা (আধ্যা) উপন্যাস নপঢ়িবই, তাত আমাৰ হানি নাই; আৰু বোধ কৰো আপোনাসকলৰৰ একো দইন নপৰে। অৱশ্যে যি সকলে পঢ়ে সেইসকলৰ এফেৰা লাভেই হব।

 ‘বিহু’ আমাৰ অসমীয়াৰ জাতীয় উৎসৱ – বাপতি-সাহন। বিহু বুলিলেই সকলো অসমীয়াৰ মনত যেনেকুৱা আনন্দ হয় আৰু ডেকা গাভৰু বিলাকব মন উত্ৰাৱল হয়, তেনেকুৱা আনন্দ আৰু উলাহ আন কোনো উৎসৱতেই নহয়। দুৰ্গোৎসৱ আজি অলপ দিনৰ পৰাহে আমাৰ নগৰে নগৰে সোমাইছে। গাঁৱে-ভূয়ে এতিয়াও ভালকৈ সোমাৱা নাই। ইয়াৰ কাৰণ দুৰ্গোৎসৱ অসমীয়াৰ আগৰেপৰা চলি অহা উৎসৱ নহয়; কিন্তু বিহুৰ উৎসৱ হলে অসমীয়াৰ নিজা সম্পত্তি-ই অসমীয়াৰ হাড়ে মগজুৱে লগা বস্তু। [ ১৯ ]  আমাৰ অসমীয়াৰ বিহু তিনটা। এটা কাতি মাহৰ পহিলা তাৰিখৰ আগদিনা। ইয়াক কাতি বিহু বোলে। এই বিহুত কেৱল মাত্ৰ তুলসী ৰুই আকাশ-বন্তি লগায়। ইয়াত খোৱা বোৱা বা আমোদ-প্ৰমোদ একো নাই। এই বিহুক এই কাৰণেই আমি “কঙালী বিহু” বোলোঁ।

 মাঘৰ পহিলা তাৰিখৰ আগদিনাৰ পৰা সাত দিনলৈকে মাঘ-বিহু। পুহ-মাহৰ ভিতৰতে অসমীয়া মানুহে পথাৰৰ শালি ধান দাই মাৰি শেষ কৰে; আৰু খেতিৰ উৎপন এই মহালক্ষ্মীগালেৰে চিৰা-পিঠা, সান্দহ ইত্যাদি ভোগ্য বস্তু বিহুৰ ছয় সাত দিনমানৰ আগৰেপৰা মাইকী মানুহে তৈয়াৰ কৰি ৰাখে। ডেকা লৰাবিলাকে প্ৰায় গোটেইটো মাহে হাবিৰপৰা বাঁহ আনি পথাৰত বা নৈৰ বালিত ঘৰ কেইটা মান সাজে। সেই ঘৰ চায় ধান খেৰেৰে বা ধানৰ নৰাৰে অথবা বিৰিণা হাবিৰে। বেৰ দিয়ে বিৰিণাৰে বা নৰাৰে, অথবা কল-চোঁচ-বিৰিনাৰে। এই ঘৰৰ কাষতে কাঠ-কুঠ গোটাই আনি ডেকাসকলে ডাঙ্গৰ সৰু কিছুমান মেজি সাজি ৰাখে। পুহৰ শেহ দিনটোৰ আগদিনাক উৰুকা বোলে। ডেকা লৰাবিলাকে ৰাতিপুৱাৰেপৰা ঘৰে ঘৰে চাউল মাহ পয়ছা তোলে। ভাটীবেলা হলে সেই গোটোৱা পয়ছাৰে বজাৰৰ পৰা ডাঙ্গৰ মাছ আৰু পাচলি কিনি আনি সেই পথাৰৰ ঘৰৰ ভিতৰত ৰন্ধা-বঢ়া কৰি সকলোবিলাকে লগ-ভাত খায় আৰু ওৰে নিশাটো ঢোল, খোল, টকা, পেপা বজাই, সেই ঘৰৰ ভিতৰতে মাজে মাজে গিৰিহঁতবিলাকৰ ঘৰৰপৰা চুৰ কৰি নিয়া কাঠেৰে জুই ধৰি জুই পুৱাই কটায়। কেৱে নোশোৱে। জুই পুৱাবলৈ খৰি হলে চুৰ কৰিহে নিয়ে। এই চুৰ কৰাটোত কোনো গিৰিহঁতে লৰা বা ডেকাহঁতক বিশেষ ক্ষতি নহলে একে গালি-শপনি নাপাৰে; কাৰণ ইও [ ২০ ] এটা আমোদৰহে কথা। প্ৰথম কুকুৰাই ডাক দিয়া মাত্ৰেই ডেকা বিলাকৰ সকলোটিয়েই হয় তাতে, নহয় ঘৰলৈ গৈ গা ধুই আহে আৰু যেয়ে পাৰে সেয়ে অগ্নি সেৱা কৰিবলৈ অলপ অলপ ঘৰৰপৰা ঘিউ লৈ আহে। যি গাঁৱত ব্ৰাহ্মণ থাকে সেই গাঁৱৰ সবাতকৈ বয়োজ্যেষ্ঠ ব্ৰাহ্মণ ডেকাজনে আগেয়ে মন্ত্ৰ মাতি ঘৰবিলাকত জুই লগাই দিয়ে। জুই জ্বলি উঠিলেই যেয়ে পাৰে সেয়ে এই মন্ত্ৰটো মাতি জুইলৈ ঘিউ ছটিয়াই দিয়ে। যি গাঁৱত ব্ৰাহ্মণ নেথাকে তাত অন্য বৰ্ণৰে ডেকা এজনে জানিলে মন্ত্ৰটো মাতে নাজানিলে “হে অগ্নি দেৱতা? ঘিউ লবা।” এই বুলিয়েই কলপাতৰ থোলাত ঘিউ লৈ দলিয়াই দিয়ে। মন্ত্ৰটো এই –

“অগ্নিং প্ৰজ্জ্বলিতং বন্দে চাতুৰ্বণ্যহুতাশনং।
সুবৰ্ণবৰ্ণং মমলং জ্যোতিৰূপায়তে নমঃ।”

 ঘৰত আৰু মেজিত জুই লাগি উঠিলেই ডেকাবিলাকে বিহুৰ ঢোল, তাল, পেপা বজাই চিঞৰিব ধৰে। এই প্ৰথম মাঘৰ আগদিনা গোটেই অসম জুৰি মেজি-ঘৰ বা হোম-ঘৰ পোৰা টকা আৰু ঢোলৰ শবদৰ লগত বাঁহৰ হিলৈবিলাক ফুটিবলৈ ধৰে। দৰাচলতে মাঘৰ বিহুৰ পুৱাৰ এই ঢোল টকাৰ শব্দ, মেজিবিলাকৰপৰা ধু-ধু বাঁহৰ হিলৈৰ শব্দ শুনিলে এটা কি যে আনন্দ অনুভব হয় কব নোৱাৰি। ইফালে প্ৰত্যেক গিৰস্থৰ ঘৰতত বুঢ়াসকলে গা-পা ধুই লৰাহঁতৰ মেজি-ঘৰ ওচৰত হলে মেজিকে পুৱা গৈ তাৰ পিছত আহি গোসাই ঘৰত বা নামঘৰত সেৱা পূজা কৰে বা নাম-গুণ লয়। এইদৰে মেজি পোৰা হলে, সেৱা পূজা কৰা আৰু নাম-গুণ লোৱা হলে তলতীয়া সকলে শ্ৰেষ্ঠসকলক দণ্ডৱৎ কৰি সেৱা কৰে। তাৰ পিছতহে সকলোৱে চিৰা পিঠা সান্দহ ইত্যাদিৰে জা-জলপান খায়। এই দিনৰ [ ২১ ] ভিতৰত কেৱে ভাত নাখায়। ভাটীবেলীয়া হলে উজনি অসমত ডেকা গাভৰুবিলাকে অলপ-চৰপ বিহু পাতে। নামনি অসমত হলে গাঁৱলীয়া ডেকাবিলাকে ঢেপ, হাউগুদু-নুগুদু, গছকপতি, মাটিকপতি ইত্যাদি খেল খেলে। বুঢ়াবিলাকৰ কেৱে কেৱে হয় লৰাহঁতৰ ধেমালিকে চায়গৈ, নহয় জানিলে চাৰিজন মানে লগলাগি দহ পচিশকে খেলে। জনাই পাশা দাও খেলে। এই যে মেজি পোৰা আৰু অগ্নি-সেৱা কৰা জাতীয় উৎসৱ ই দৰাচলতে বৈদিক কালৰ হিন্দুসকলে অগ্নিত নিত্য হৱন কৰা প্ৰথাৰে অৱশিষ্ট। এনেকৈ এখন প্ৰদেশ জুৰি এই দিনটোত মেজি পোৰা আৰু, অগ্নিত হৱন কৰা প্ৰথা আন প্ৰদেশত আছেনে নাই আমি কব নোৱাৰোঁ; কিন্তু আমাৰ অসমত এই প্ৰথা বাৰেওটিকাল চলি আহিছে। এই বিহুত সাত দিনলৈকে সকলোৱে নিজ নিজ ইষ্ট কুটুমক মাতি বুলি আনি জলপান খুৱায়। এই বিলাক কাৰণতে আমি মাঘৰ বিহুক “ভোগালি” বুলি কওঁ।

 মাঘ ফাগুণ এই দুমাহ গৈ চ’ত মাহ পৰিলেই আমাৰ গাঁৱলীয়া ডেকা-গাভৰুসকলৰ প্ৰায় তত নোহোৱাৰ দৰে হয়। শীত গৈ বসন্ত হয়। গছ-লতাই নতুন পাত মেলে। নানা বৰণৰ আৰু গোন্ধৰ ফুলবিলাক ফুলিবলৈ ধৰে। বিশেষকৈ কেতেকী ফুল ফুলি ঠায়ে ঠায়ে গোন্ধে আমোল্‌মোল্ কৰি তোলে। পৃথিবীয়ে যেনে নতুন বছৰত সোমাবলৈ নতুন সাজ-পাৰ পিন্ধিবলৈহে যো-জা লগায়। এই মনোমোহা দৃশ্যবিলাকত ডেকা-গাভৰু নিমগ্ন হৈ চ’ত-মাহৰ আৰম্ভৰেপৰা উজনি অসমত নিশা বিহু পাতি ফুৰে। আজিকালি ভাটী অসমত বিহুৰ নৃত্য-গীত নাই বুলিলেই হয়; কিন্তু নগাঁও আৰু সিপাৰে তেজপুৰকে আৰম্ভ কৰি (যদিও আগতকৈ পাতলিল আৰু কালত কিজানি পাতলি পাতলি নোহোৱা হবও পাৰে) এতিয়াও ঠায়ে ঠায়ে নিশা-বিহু আছে। [ ২২ ] কি গাঁৱৰ, কি নগৰত, সকলো মাইকী মানুহেই এই গোটেই চ’ত মাহটোত দিনত ধমাধম্ কাপোৰ বয়। বহাগৰ পহিলা তাৰিখৰপৰা বিহুৰ উৎসৱ আৰম্ভ হৈ সাত বহাগৰ গধূলিত শেহ পৰেগৈ।

 বহাগৰ পহিলা দিনৰ আগদিনা অৰ্থাৎ সংক্ৰান্তিদিনা ৰাতিপুৱা শুই উঠিয়েই সকলোবিলাক মানুহে মূৰত মাহ-বটা লয়, গাত হালধি ঘঁহে। ঘৰৰ সমস্ত গৰুকে সেইদৰে মূৰত মাহ-হালধি দিয়ে আৰু জাক পাতি হাতত দীগ্‌লতি, মাখিলতী, কুটা লাও-বেঙেনা লৈ গৰখীয়াহঁতে গৰু বিলাকক নি নৈ, বিল বা পুখুৰীত গা ধুৱাই আনে। গা ধুৱাই ওলোটাই আনিবৰ সময়ত গৰুবিলাকক সেই দীগ্‌লতি আৰু মাখিলতিৰে কোবায় আৰু লাও-বেঙেনাবিলাক গালৈ দলিয়াই দি দি গায় – “দীগ্‌লতি দীঘল পাত, মাখি মাৰো জাঁত জাঁত। মাৰ সৰু, বাপেৰ সৰু, তই হবি বৰ গৰু। লাও, খা, বেঙেনা খা বছৰে বছৰে বাঢ়ি যা।” ইয়াৰ পিছত গৰুবিলাকক চৰিবলৈ এৰি দিয়ে। সকলো মানুহেই গা-পা ধুই উঠি তলতীয়াজনে শ্ৰেষ্ঠজনক সেৱা কৰে। বয়সীয়ালসকলে পূজা সেৱা নাম প্ৰসঙ্গ কৰে। তাৰ পিছত মাতৃ, ভনী, স্ত্ৰী, কন্যা ইত্যাদি সকলে জনে জনে, যাৰ যথা সাধ্য গামোছা চেলেং, বা বৰকাপোৰ গিৰিহঁতক, লৰা-ছোৱালীক, আনকি ইষ্ট কুটুমকো দিয়ে। তাৰ পিছত সকলোৱে জা-জলপান খাই অলপ জিৰোৱা হলেই ওপৰ অসমত ডেকা গাভৰুৱে পথাৰত বিহু গায়গৈ। নামনি অসমত ঢোপ, হাউগুদু-নুগুদু ইত্যাদি খেলে। ঘৰত থকাসকলে কড়ি খেলে। ভাটীবেলীয়া দৈৱজ্ঞ ব্ৰাহ্মণসকলে ঘৰে ঘৰে নতুন পঞ্জিকা শুনায়। ব্ৰাহ্মণসকলে নাহৰ গছৰ পাতত এই মন্ত্ৰটো লিখি ঘৰে ঘৰে দিয়ে —

“দেৱ দেৱ মহাদেৱ! নীলগ্ৰীৱ, জাটাধৰ।
বাত বৃষ্টি হৰো দেৱ মহাদেৱ নমস্তুতে।”

[ ২৩ ]  এই নাহৰৰ পাত ঘৰৰ চালত খুঁহি ৰাখে। গধূলি হলে গৰু বিলাকক আগৰেপৰা যতনাই থোৱা নতুন পঘাৰে বান্ধে। গোহালিৰ আগত তুঁহ, কপাহগুটি, দীগ্‌লতি, মাখিলতী ইত্যাদিৰে এটা ধোৱাৰ জাগনি দিয়ে। সেই জাগনি নতুন বিচনীৰে বিছে। জাগনি বিছিলেহে হেনো নতুন বিছনি শুদ্ধ হয়। শুদ্ধ হলেহে সেই বিচনীৰ বা মানুহে লয়। দ্বিতীয় বিহুৰ দিনা গধূলি হুচৰি গোৱা দলবিলাকে ঘৰে ঘৰে হুচৰি গাই ফুৰে। ডেকা গাভৰুৱে এই সাত দিনে পথাৰত, নৈৰ বালিত, ঝোপৰ আৰত, বিহু গাই নাচি বাগি ফুৰে। সাতবিহুৰ দিনা ওপৰ অসমত বিহুৰ নাচ-গীত কৰি গধূলি বিহু ভাঙ্গে।

 আমি যিবিলাক বিৱৰণ দিলো এইবিলাক আজি কালিৰ দিনৰহে। কিন্তু এশ বছৰৰ আগেয়ে বিহুৰ উৎসৱ আৰু নৃত্য গীত গোটেই অসম জুৰি আছিল। এই বিহুৰ নৃত্য গীততেই ডেকা গাভৰুৰ প্ৰণয় উদ্ভব হৈছিল; আৰু এই প্ৰণয়তেই যি ডেকাই যি জনী গাভৰুক ভাল পায় সেই জনীক নি নিজৰ জীৱনৰ লগৰী কৰিছিল। এই নৃত্য গীত আৰু প্ৰণয়ত পাশবিকতাৰ ভাব হলে নাছিল বুলি আমি ডাঠি কব পাৰোঁ। সেই সময়ত বিহুৰ নৃত্য গীতত একো অশ্লীলতা নাছিল। গীত গাব আৰু নাচিব জনাটো এটা গুণৰ ভিতৰতহে গণ্য হৈছিল। বিবাহ, ডেকা গাভৰুৰ মনোমিলনৰ পিছতহে সম্পন্ন হৈছিল। এই বিলাক কাৰণেও সেই সময়ৰ মানুহ সুস্থ, আৰু দীৰ্ঘজীৱী আছিল। কিন্তু আজি-কালি বিহুত হেনো অশ্লীলতা সোমাল। ভাটীৰ ফালে যে বিহুৰ নৃত্য গত নোহাৱা হলেই উজনি অসমতো কমিল। আন কি স্বভাৱৰ অজলা মিৰিহঁতেও হেনো বিহুৰ নৃত্যগীত বেয়া ভাবি এৰিবলৈ কাৰবাৰ লগাইছে। এইবিলাক শুভ নে অশুভ লক্ষণ [ ২৪ ] আমি কব নোৱাৰোঁ। কিন্তু আমাৰ মনেৰে হলে অশ্লীল গীত গুচাই তাৰ ঠাইত সাধাৰণ, স্বাভাবিক গীত দি বিহুৰ নৃত্য গীত ৰক্ষা কৰাহে শ্ৰেয়। তেহে অসমীয়াৰ অসমীয়াত্ব ৰক্ষা পৰিব।