ৰঙ্গিলী/সপ্তম অধ্যায়
[ ২৪ ]
সপ্তম অধ্যায়
⸺:০:⸺
নৈৰ ঘাটত
ফাগুণ মাহ। ভৰ বসন্তৰ কাল। গছবিলাকে দুই চাইটা কুঁহি পাত মেলিছে। ৰূপহ মদাৰ গছবিলাক ফুলি জক্মকীয়া হৈছে। বিৰহী কুলিয়ে ঠায়ে ঠায়ে ‘কুউ” “কুউ” কৰি ৰৈ ৰৈ মাতিছে। মাজে মাজে এছাটি আদছাটি বতাহ বইছে। এই সময়ত এদিন ভাটীবেলীয়া আমাৰ ডেকা শান্তিৰামে দিখৌ নৈৰ জয়সাগৰ গাঁৱৰ পানী অনা ঘাটৰ সোঁহাতে প্ৰায় পাঁচনল মানৰ আঁতৰত অকলৈ অকলৈ গৰাৰ তলত বহি বৰশী বাইছে। তেওঁ এইদৰে বৰশী বাই থাকোতে সিফালৰপৰা কাষত পিতলৰ কলহ এটা লৈ আমাৰ পদুমী আজি অকলৈ পানী নিবলৈ আহিল। আন আন দিনত হলে পদুমী অকলৈ কেতিয়াও নৈৰ ঘাটলৈ নাহিছিল। কিন্তু আজি কি ক্ষণত কি কাৰণত কব নোৱাৰি, তেওঁ অকলৈ নৈলৈ পানী নিবলৈ আহিল। বৰশী বোৱা শান্তিৰামে পদুমী অলপ ডাঙ্গৰ [ ২৫ ] হবৰেপৰা প্ৰায় নিতৌ ঠিক এনেকুৱা সময়ত দিখৌত বৰশী বাইছিল; আৰু তাৰ লগে লগে মাটিৰ আঠো আঙ্গুলিলৈকে জ্বলা ৰূপহী পদুমীৰ ৰূপ-মাধুৰী পান আৰু লাৱণ্য ধ্যান কৰিছিল। কিন্তু কোনো দিনেই আজিলৈকে পদুমীক অকলে নৈৰ ঘাটলৈ অহা নাপাইছিল। বৰশী বাওঁতে শান্তিৰামক গাঁৱৰ জীয়াৰী বোৱাৰীয়ে সদায় দেখিছিল আৰু তেওঁৰ প্ৰতি মাহীয়েকৰ ব্যৱহাৰৰ বিষয়ে কোৱা-কুইও কৰিছিল। তেওঁ প্ৰায় সকলোকে চিনিছিল আৰু তেওঁকো লৰা ছোৱালী-জীয়াৰী ডেকা গাভৰু সকলোৱে জানিছিল। মাজে সময়ে তেওঁ কাৰো কাৰো সৈতে কথা-বতৰাও হৈছিল; কিন্তু পদুমীৰ লগত হলে কোনো দিনেই তেওঁ কোনো কথা-বতৰা পাতিবৰ সুবিধা পোৱা নাছিল। ইয়াৰ কাৰণ তেওঁৰ নিজৰে লাজকুৰীয়া স্বভাৱ আৰু পদুমীৰ গহীন স্বভাৱ। হঠাতে পদুমীৰ লগত কথা কবলৈ চুপ-চুপতি কৰিবলৈ শান্তিৰামৰ সাহ নহৈছিল। গাঁৱব ৰাংঢালী দুই চাৰিজনী মাইকীয়ে শান্তিৰাক আমাৰ “বৰশী বোৱা কানাই” নামো দিছিল।
আজি নো কি ভাগ্যৰ গুণত পদুমী ঘাটলৈ অকলৈ আহিল! শান্তিৰামে অৱশ্যে সদায় ৰূপহী পদুমলৈ সতৃষ্ণ নয়নে চাইছিল। পদুমীয়েও আন আন মাইকীৰ মুখে শুনিছিল যে শান্তিৰামৰ মাহীয়েকে শান্তিৰামক কষ্ট দিছিল। কিন্তু এই কথা শুনি পদুমীৰ শান্তিৰামলৈ কোনো সহানুভূতি ভাব হৈছিল নে নাই আমি থিৰাং কৰি সদ্যহতে কব নোকাৰিছো। কিন্তু মনোবিজ্ঞানে কয় যে এজন সজিব ওলোৱা ভাবব ঢৌৱে আন এজনৰ মগজুত বিশেষ যাৰ বিষয়ে ভবা যায় সেইজনৰ মগজুত হেনো অলপ অচৰপ ক্ৰিয়া কৰে। যদি এই কথা সঁচা হয়, তেনেহলে শান্তিৰামে যদি পদুমীৰ বিষয়ে কিবা ভাবিছিল, তেনেহলে সেই ভাবৰ ঢৌৱে পদুমীকো শান্তিৰামৰ বিষয়ে অলপ [ ২৬ ] নহয় অলপ ভবাইছিল। যি কি নহওক এই বিষয়ে আমি লাহে লাহে পিছতহে সঠিককৈ জানিব পাৰিম।
পদুমীয়ে গৰাৰপৰা নামি আগে-পাছে, সোঁৱে-বাঁৱে কোনো ফাললৈ চাই পানীৰ জিয়লিলৈ নামি গৈ পোন প্ৰথমে হাতে মুখে একো চল পানী লৈ কলহটো অলপ ঘঁহি মাজি পানী ভৰাই গৰাৰ উপৰলৈ উঠি আহিব ধৰিলে। কিন্তু গৰাৰ ওপৰলৈ উঠি আহিবলৈ ধৰোতে ভৰি অলপ পিছলিল। কাষৰপৰা কলহটো লৈ দুয়োহাতে ধৰি ওপৰলৈ তুলিব খোজেহে খোজে, দেখোন নোৱাৰে। কাৰণটো কি? বৰশী বোৱা কানাইয়ে মন্ত্ৰ কৰি স্তম্ভন কৰিলেনে কি? নে চকুৰে নজৰ-বাণকে মাৰিলে! পাঠক! একো কব নোৱাৰোঁ। মানুহে কয় বোলো অসমত মন্ত্ৰৰ বৰ বল। অসমীয়া মানুহে আগেয়ে হেনো মৰণ, উচাটন, স্তম্ভন, বশীকৰণ, সন্মোহন ইত্যাদি বিষয় জানিছিল। হব পাৰে এই কথা। নহবও পাৰে। যি কি নহওক আজি আমাৰ পদুমী আইদেউ উপায়হীন সহায়হীন। তেওঁৰ এই বিপত্তি দেখি আমাৰ কানাইয়ে যৰে বৰশী ত’তে এৰি লৰি আহি কলে—“পদুমি! মোক কলহটো দিয়া। তুমি ওপৰলৈ উঠি যোৱা। মই কলহটো তুলি দিওঁ।” পদুমীয়ে কথাষাৰৰ একোকে উত্তৰ নিদি শান্তিৰামক কলহটো এৰি দি গৰাৰ ওপৰলৈ উঠিল। শান্তিৰামে কলহটো উলাই মাৰি গৰাৰ ওপৰলৈ তুলি ততাতৈয়াকৈ কলে – “পদুমি! খং নকৰা যদি কথা এষাৰ কওঁ। ওচৰত কোনো নাই। কম নে?” পদুমী –“কোৱা।” শান্তিৰাম – “তেন্তে মই কওঁ শুনা, খং নকৰিবা তুমি। মই তোমাক ভাল পাওঁ। মোৰ জীউটোতকৈও ভাল পাওঁ। তুমি মোক ভাল পোৱানে?” শান্তিৰামৰ এই কথাষাৰত পদুমীয়ে কোনো উত্তৰ নিদি, মুখতো ৰং বা খঙ, কোনো ভাবকে [ ২৭ ] নেদেখুৱাই, শান্তিৰামৰ মুখৰ ফালে এবাৰ মাথোঁ। গম্ভীৰ ভাৱে চাই কলহটো ডাঙি লৈ ঘৰৰ ফাললৈ খোজ ললে। পদুমীৰ এই আচৰণত শান্তিৰাম কিংকৰ্তব্যবিমূঢ় হ’ল!
⸻