ৰঙ্গিলী/পঞ্চম অধ্যায়

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[ ১৫ ]

পঞ্চম অধ্যায়

⸺:০:⸺

ৰঙ্গিলীৰ বিহু-নিমন্ত্ৰণ

 আজি মাঘৰ প্ৰথম বিহু। ৰাতি পুৱাই ডেকাবিলাকে গা-পা ধুই মেজি পুৰি উঠি জলপান খাই দুপৰীয়া ঘৰে ঘৰে আছে। কেৱে কেৱে বা কঁড়ি খেলিছে। পথাৰলৈ বিহু গাবলৈ এতিয়াও নৌ যায়। এনেতে আমাৰ ৰঙ্গিলী আইটিয়ে দুপৰীয়া খাই বৈ উঠি সৎৰামহঁতৰ ঘৰলৈ আহি সখীয়েক কেতেকী আৰু সৎৰামক কলে— হেৰা ভনীটি! হেৰা সতাই কাই! আজি ভাটীবেলীয়া আমাৰ ঘৰত জলপান খাবিহি।

 সৎৰাম — ওঁহো আমি আজি তহঁতৰ ঘৰত খাবলৈ নাযাওঁ অ’ তহঁত দুয়ো ভায়েৰ ভনীয়েৰে আমাৰ ঘৰত খাই যাবিহি। কাইলৈ তহঁতৰ ঘৰতগৈ আমি খাম।

 ৰঙ্গিলী — সেইটো হব নোৱাৰে সতাই কাই! তহঁতে আজি আগেয়ে আমাৰ ঘৰত খাবহি লাগিব। তেহে কাইলৈ আমি তহঁতৰ ঘৰত খামহি।

 সৎৰাম — নহয়। তহঁতে আজি খাবহি লাগিব তেহে আমি গৈ কাইলৈ খাম। তহঁত যদি আজি নাহ, তেন্তে আমিও কাইলৈ নাযাওঁ, পৰহি মানলৈহে যাম।

 ৰঙ্গিলী — এ সতাই কা! কেলেই এনেকৈ কৱ? আমিতো তহঁতৰদৰে ধনী নহওঁ। আমি দুখীয়া মানুহ। দুই তিনদিনলৈ সাঁচি ৰাখি খুৱাবলৈ কৰপৰা চিৰা পিঠা পাম? সেইদেখি আজিয়েই আহ। [ ১৬ ]  সৎৰাম —যদি আজি লাগে তেন্তে তই এতিয়াই খাই যা।

 ৰঙ্গিলী —এ পায়! মই এই মাত্ৰ গলৰ গুৰিলৈকে এসোপা ভৰাই আহিছোঁ, ইয়াৰ ওপৰত নো কেনেকৈ খাম? কাবৌ কৰিছোঁ সতাই কা! এতিয়া নধৰিবি।

 সৎৰাম —তেন্তে ৰঙ্গিলি! আমিও আজি নাযাও আৰু কি জানি তহঁতৰ ঘৰলৈ খাবলৈ নাযামেই।

 ৰঙ্গিলী —সঁচা কৈছনে তাই কা?

 সৎৰাম — (মিচিককৈ হাঁহি) সঁচা কৈছোঁ।

 ৰঙ্গিলী — তেন্তে মইও কওঁ শুন। মইও আৰু তহঁতৰ ঘৰলৈ নাহিমেই তাৰ উপৰিও কেতেকী আৰু তোৰ লগত বিহু নাচিব গাবলৈ এৰিম।

 সৎৰাম — সঁচা কৈ নে ৰঙ্গিলি?

 ৰঙ্গিলী — মইনো কেতিয়া মিছা কওঁ তোৰ আগত সতাই কা?

 সৎৰাম — বাৰু তেন্তে আজি ভাটবেলীয়াই যাম, কিন্তু যদি আজি ভাটবেলীয়া পথাৰত বিহু হয় তেন্তে তই জানো নাচিবি?

 ৰঙ্গিলী — তহঁতে যদি আমাৰ ঘৰত খাৱ তেন্তে তহঁতক খুৱাই বুৱাই উঠি পাথাৰলৈ লগসমনীয়াৰে সৈতে বিহু গাবলৈ আৰু নাচিবলৈ যামতো।

 সৎৰাম— তেন্তে তহঁতৰ ঘৰত গৈ আজি খামগৈ অ। কিন্তু কচোন ৰঙ্গিলী আমাকনো কি কি খুৱাবি।

 ৰঙ্গিলী — খাবলৈ গৈ বহিলেই পাবি নহয়।

 সৎৰাম — নহয় এতিয়াই ক আকৌ। তেহে তৈয়াৰ হৈ যাব পাৰোঁ। বৰু আন দিয় বা নিদিয় এটুপি ভাল ফটিকা দিব পাৰিবিনে?

 ৰঙ্গিলী — এ আমি আকৌ দুখীয়া মানুহেনো ভাল ফটিকা কত পাম। যি আছে তাকে দিম। [ ১৭ ]  সৎৰাম— বাৰু তই এতিয়া এই বছৰেকৰ বিহুৰ দিনা আমাৰ ঘৰলৈ আহি এনেয়ে তিতা মুখে গলে জানো ভাল? অলপ মদকে পি যা। পিবই লাগিব।

 এই কথা কৈয়েই সৎৰাম তৎক্ষণাৎ ভিতৰলৈ গৈ এবাটি মদ আনিলে। সৎৰামৰ মাক বাপেকেও ৰঙ্গিলীক আথবেথ কৰি মদ দিলে। ৰঙ্গিলীয়েও ইচ্ছাতে হওক বা অনিচ্ছাতেই হওক মদ বাটি পিলে। তাৰ পিছত তামোল এখন খাই কেতেকীক কলে— হেৰ কেতেকি। আহিবি দেই।

 কেতেকী—মই হলে পাই নেযাওঁ।

 ৰঙ্গিলী— কেলেইনো নাহিবি ঐ?

 কেতেকী— কেলেইনো তই মোক আগেয়ে নামাতি দাদাক মাতিলি?

 ৰঙ্গিলী— অ সেইটোহে জগৰ! বাৰু পায়! তোকে আগেয়ে মাতিলো। তই জৰুৰ আহিবি। খাই বৈ আকৌ আমি বিহু নাচিবলৈ যাম নহয়!

 কেতেকী— (হাঁহি হাঁহি) মই হলে পায় তোৰ ঘৰত গৈ নাখাৱোঁ আৰু তোৰ লগত বিহুও নানাচোগৈ।

 ৰঙ্গিলী— নহয় কেতকি। আহিবি আহিবি—এই বুলি কৈয়েই কেতেকীৰ মুখত চুমা এটা খাই ৰঙ্গিলী উঠি একেলৰে গৈ ঘৰ পালে।

 ভাটাবেলীয়া কথা মতে সৎৰাম আৰু কেতেকীয়ে ৰঙ্গিলীহঁতৰ ঘৰত চিৰা-পিঠা ইত্যাদি খালেগৈ আৰু খাই বৈ উঠি পথাৰলৈ গৈ ডেকা গাভৰু সকলোৱে বিহু পাতিলে।

⸺:০:⸺