পৃষ্ঠা:সাহিত্য আৰু প্ৰেম.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
সাহিত্য আৰু প্ৰেম


এণ্ড্ৰিয়াৰ নিষ্প্ৰভ প্ৰতিভাৰ আত্ম-লাঞ্ছনাত ব্যথিত হৈ ইংৰাজ কবি ব্ৰাউনিঙে এটি অপূৰ্ব কবিতা লিখিছে। তাৰ সাৰমৰ্ম তলত দিয়া হ’ল।

 হেমন্ত কাল। বাহিৰা প্ৰকৃতিত কোনো উন্মাদনা নাই। সন্ধিয়া সময়। এন্ধাৰ-পোহৰ মিহলি হৈ সমুখৰ মৰেলো পৰ্বতক পাতল ধোঁৱাই আগুৰিছে। এণ্ড্ৰিয়া চিত্ৰশালাৰ খোঁটালিত বহি আছে, ওচৰত ঘৈণীয়েক। বেৰত ৰাফেলৰ চিত্ৰ এখন আঁৰি থোৱা। বাটৰ পৰা সুহুৰিৰ শব্দ আহি মাজে মাজে কাণত পৰে। সুহুৰিৰ শব্দত লুক্ৰেজীয়া উচপিচকৈ চঞ্চল হৈ উঠে। গিৰিয়েকক আগেয়ে কৈ থোৱা হৈছে যে সুহুৰি বজোৱাজন লুক্ৰেজীয়াৰ সম্বন্ধীয়া ভায়েক। সম্বন্ধীয়াসকলক বিনা বানচে এন্ড্ৰিয়াই চিত্ৰ আঁকি দিব লাগে। আগেও দিছে। আজিও সেই লৈয়েই লুক্ৰেজীয়াৰ ঠেহ।

 বাহিৰৰ নিবিড় প্ৰকৃতিৰ নিস্তব্ধতাই আহি এণ্ড্ৰিয়াৰ মন আক্ৰমণ কৰিছে। মনত আশা নাই, উদ্বেগো নাই। মৰেলো পৰ্বতখন যেন চুঁচৰি আহি তেওঁৰ হিয়াত থিতাপি লৈছে। লুক্ৰেজীয়াৰ ঠেহত অতীত, বৰ্তমান, ভৱিষ্যৎ— আটাইবোৰ স্মৃতি, চেতনা আৰু সপোন লগ লাগি মনত এটি বিৰাট নিষ্ফলতা জগাই তুলিছে। স্বৰ্গতোক্তিৰ সুৰেৰে লুক্ৰেজীয়াক লক্ষ্য কৰি এণ্ড্ৰিয়াই ক’ব লাগিছে—

 “বাৰু আমি আৰু কাজিয়া নকৰোঁহঁক, নাই নকৰোঁ। অ’ মোৰ লুক্ৰেজীয়া এবাৰলৈ তুমি ধৈৰ্য ধৰি শুনা। এবাৰ শান্তভাৱে মোৰ ওচৰত বহা, মোৰ কথা শুনা। সকলো কাম তোমাৰ মতেই চলিব। বাৰু, মোৰ পিনে মুখ ঘূৰাইছা, তোমাৰ মনো ঘূৰিছেনে? তেনেহ’লে তোমাৰ বন্ধুৰ সম্বন্ধীয়াজনৰ কামো মই কৰি দিম, তেওঁৰ ইচ্ছামতে দিয়া বানচেই হ’ব আৰু সেইখিনি আনি তোমাৰ অকণিহঁতৰ মুঠিত সুমুৱাই দিম। হ’বনে? তোমাৰ বন্ধুৰ বন্ধুক সন্তুষ্ট কৰিম, কিন্তু কাইলৈ প্ৰিয়তমে! বহুত সময়ত মোৰ মনত ভাগৰ লাগে, আজি আন আন দিনতকৈয়ো মন বেছি ভাৰাক্ৰান্ত। মোৰ ভাব, যদি মই তোমাৰ ওচৰত বহিবলৈ পাওঁ, তোমাৰ হাত মোৰ মুঠিৰ ভিতৰত, দুয়োৰো, এক মন-প্ৰাণ, বিবাহিত পুৰুষ-তিৰোতাৰ দৰে সন্ধিয়া কালডোখৰ যদি এইদৰে নিয়াব পাৰো, নিবিড় শান্তিত কাইলৈ পুৱা কামলৈ মোৰ নতুন বল নতুন শক্তি সঞ্চাৰ হ’ব। দুয়ো চেষ্টা কৰি চাওঁহঁকচোন! মোৰ ওচৰত থকা সময়খিনি মিছাতে যোৱা যেন ভাবিছা? তোমাক আৰ্হি কৰিয়েই আমাক লগা পাঁচোখন চিত্ৰ আঁকিব পাৰিম। বেলেগ আৰ্হি নালাগে। ভাল, সেইদৰেই চাই থাকা, অ’ মোৰ নাগিনী নাগ-পাশধাৰিণী, তুমি মোৰ জোন, তুমি আটাইৰে জোন, সকলোৱে তোমাৰ আৰ্হিৰ গঢ়োৱা মূৰ্তিকেই নিজৰ বুলি সাবটি লয়। তুমি হাঁহিছা? এৰা, মোৰ চিত্ৰ সম্পূৰ্ণ হ’লেই!

 “এই যে হেমন্তৰ সন্ধিয়া দেখিছা, ই মোৰ জীৱন-প্ৰবাহৰ দৃশ্য-মূৰ্তি আৰু ওৰে