পৃষ্ঠা:সাহিত্য আৰু প্ৰেম.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
সাহিত্য আৰু প্ৰেম


মোৰ কান্ধত থৈ কামত উৎসাহ দিছিল, মোৰ হৃদয়ৰ অন্তৰতম প্ৰদেশত যেতিয়া তোমাক গৌৰৱমণ্ডিত কৰাৰ ইচ্ছা ফল্গুনদীৰ দৰে বৈ আছিল, তেতিয়া ৰাফেলৰ তেজঃপুঞ্জৰ উষ্ণতা কেতিয়াবা কেতিয়াবা অনুভৱ কৰিছিলো। তুমি অধীৰ নোহোৱাহেঁতেন! থাওক, তুমি মাতি পঠিয়ালা, মই আহিলো।

 “মাজে-সময়ে ৰাতি যেতিয়া চিত্ৰ অঁকাৰ পৰা ক্লান্ত চকুৰে ঘৰৰ বেৰৰফালে চাওঁ, ইটাবোৰৰ পৰা প্ৰদীপ্ত জুই জ্বলি উঠা যেন দেখো। ইটাবোৰৰ পৰা যেন চূণ-চুৰকি খহি পৰিছে, তাৰ ঠাইত যেন প্ৰচণ্ড ভাস্কৰ বৰণীয়া সোণ লেও খাই আছে। ৰজা ফ্ৰান্সিছে ছবি কিনিবলৈ আগধন বুলি দিয়া সোণ!

 “তুমি ছট্‌ফটাইছা কিয়? তোমাৰ সম্বন্ধীয়া ভাইজন আহিছে? তোমাক বাহিৰলৈ মাতিছে। অকলে, মোৰ লগত নহয়? জুৱাখেলৰ ধাৰ সাধিবলৈ আহিছে? সেই কাৰণে হাঁহিছিলো? ভাল তোমাৰ হাঁহিৰেই নিজক বেচিছো। যেতিয়ালৈ হাত, চকু আৰু অকণমানিও হিয়াৰ স্পন্দন থাকে তেতিয়ালৈকে কামেই মোৰ গতি, মোৰ পুতলাৰ বেছ শোধাব লাগিব। সন্ধিয়াৰ বাকীখিনি তুমি কোৱাৰ দৰে এলাহতে বহি কটাওঁ, ফৰাছী দেশলৈ উভতিব পাৰিলে কি কৰিলোহেঁতেন তাৰেই সপোন দেখো!

 “আজি মই বুঢ়া বয়সৰ দৰে নিৰ্বিকাৰ নিস্তব্ধ। মোৰ অনুতাপ নাই, জীৱনত কোনো সালসলনিও ঘটাব নোখোজো, অতীত জীৱন ছায়া-পথৰ দৰে উদ্ভাসিত হৈ পৰি আছে, তাক আৰু সলাব লাগিছে কিয়? ফৰাছী ৰজাৰ টকা লৈছিলো, প্ৰলোভনত পৰি খৰচ কৰিছো, ঘৰ বান্ধিছো—পাপেই কৰিছো আৰু ক’বলগীয়া কি আছে? আই-বোপাই খাবলৈ নাপাই মৰিল, মোৰ ধন আছিল জানো? তুমিয়েই জানা ধন কেনেকৈ আহে। সকলোৱে নিজ নিজ ভাগ্যফল ভোগ কৰিব লাগে। তেওঁলোক জন্মত দুখীয়া, কৰ্মত দুখীয়া আৰু দুখতেই মৰিছে। মই পৰিশ্ৰম কৰিছিলো, সেই অনুসাৰে মোৰ উপাৰ্জন হোৱা নাই।

 “আজি ভাবিছো, তুমি মোক যথেষ্ট ভাল পাইছা। তাতে মই সন্তুষ্ট থকা উচিত। আৰু কি লাগে? হয়তো স্বৰ্গ ৰাজ্যত আকৌ মোৰ প্ৰতিভাৰ জোখাৰে কাম কৰিবলৈ সুচল আহিব। স্বৰ্গৰ দেৱ-মন্দিৰত চিত্ৰ আঁকিবলৈ দেৱদূতে ৰাফেল, এঞ্জেলো, লিওনাৰ্ডো আৰু মোক —চাৰিওকো চাৰিখন দেৱাল ভগাই দিব। প্ৰথম তিনিওজনৰেই তিৰোতা নাই, মোৰ আছে। তাতে সেইদেখি তেওঁলোকে মোক চেৰ পেলাব, কিয়নো তুমি মোৰ লুক্ৰেজীয়া আছা— মোৰে অভিমত অনুসাৰে।

 “আকৌ ‘সম্বন্ধীয়া’ ভাইৰ সুহুৰি, যোৱা মোৰ সোণাই!”

 ওপৰত তুলি দিয়া কথাবোৰ কবিৰ কল্পনাপ্ৰসূত হ’লেও এণ্ড্ৰিয়াৰ অন্তৰৰ পোৰণি সম্পূৰ্ণভাৱে প্ৰকাশ কৰে। নিজৰ শক্তিৰ সম্পূৰ্ণ; জোখ উপলব্ধি কৰিব পৰা প্ৰতিভাশালী