পৃষ্ঠা:সাহিত্য আৰু প্ৰেম.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
সৌন্দৰ্যৰ প্ৰতাৰণা


যাবৰ পৰা তেওঁৰ চকুৰ পানীৰ ছেদ নাই আৰু চৰাইৰ কুমলীয়া নোমৰ তলিচাতো কোনোবাই গজাল ভৰাই থৈছে যেন লাগে। চিঠি পোৱামাত্ৰেই যদি তেওঁ উভতি নাহে তেনেহ’লে লুক্ৰেজীয়াক আৰু জীয়াই থকা তেওঁ নেদেখে। খেলুৱৈ লুক্ৰেজীয়াই দুৰ্ভগীয়া শিল্পীৰ চিত্তৰ দুৰ্বলতাক লক্ষ্য কৰি এই নিৰ্মম নিষ্ঠুৰ শেল মাৰি পঠিয়ালে।

 এণ্ড্ৰিয়াই ফ্লোৰেন্স নগৰলৈ যাবলৈ ৰজাৰ অনুমতি খুজিলে। তেওঁ বাইবেল শাস্ত্ৰ চুই শপত খালে যে ঘৰুৱা কামৰ এটি সঙ্গতি লগাই ঘৈণীয়েকক লগত লৈ নিৰ্দিষ্ট সময়ৰ মূৰত আকৌ ৰাজসভালৈ ঘূৰি আহিব। ৰজাই এণ্ড্ৰিয়াৰ দৰে গুণী পুৰুষক অবিশ্বাস কৰিবলৈ কোনো কাৰণ নেদেখিলে আৰু ইটালি দেশৰ আন আন প্ৰসিদ্ধ চিত্ৰকৰসকলৰ চিত্ৰ কেতবোৰ লগত লৈ আহিবলৈ এণ্ড্ৰিয়াক আগধন স্বৰূপে বহুত সোণ-ৰূপ দিলে।

 ‘পতঙ্গবৎ বহ্নিমুখং বিবিক্ষুঃ।’— জুইত সোমাব খোজা পৰুৱাৰ দৰে এণ্ড্ৰিয়া আহি আকৌ ফ্লোৰেন্স নগৰত ওলাল। ঘৈণীয়েকৰ মন যোগাই পকী-ঘৰ সজাই অলপ দিনৰ মূৰতে এণ্ডিয়াই নিজৰ আৰ্জনৰ ধনৰ লগে লগে চিত্ৰ কিনিবলৈ দিয়া ৰজাৰ আগধনো ভগন কৰি হাত শুদা কৰিলে। তথাপি নিজেই ধৰ্মশাস্ত্ৰ চুই কঢ়া শপত মনত কৰি ফৰাছী দেশলৈ উভতি যাবলৈ মন বান্ধিলে। আকৌ লুক্ৰেজীয়াৰ কাকূতি, লুক্ৰেজীয়াৰ চকুৰ লোৰ ঢল-পানীত শিল্পীৰ সঙ্কল্প, শিল্পীৰ ধৰ্ম-শপত সকলো উটি গ’ল।

 এণ্ড্ৰিয়াৰ ফৰাছী দেশলৈ যোৱা নহ’ল। এই বিশ্বাসঘাতকতাত ৰজা ফ্ৰান্সিছ খঙত আপোন-পাহৰা হ’ল, কিছুমান দিনলৈ ফ্লোৰেন্স নগৰৰ কোনো শিল্পীৰ চিত্ৰকেই তেওঁ আগত উলিয়াবলৈ হাক দিলে আৰু কৈ পঠিয়ালে যে আগলৈ কেতিয়াবা যদি এণ্ড্ৰিয়া তেওঁৰ হাতত পৰে তেনেহ’লে তেওঁৰ প্ৰতিভাৰ মৰ্যাদা বজাই নেৰাখিব আৰু আগেয়ে যি উপকাৰ কৰিছিল তাৰ সলনি পাৰ্যমানে এণ্ড্ৰিয়াৰ অমঙ্গল সাধিবলৈ যত্ন কৰিব। সন্মানৰ উজ্জ্বল ওখ শিখৰৰ পৰা বাগৰি এণ্ড্ৰিয়া দুৰ্যশ আৰু দৰিদ্ৰতাৰ এন্ধাৰ বাটৰ বাটৰুৱা হ’ল।

 তিৰোতাৰ বাবে আদৰ্শ আকাঙ্ক্ষা সম্পদ ত্যাগ কৰিও যদি তিৰোতাৰ মন পালেহেঁতেন, তথাপি দুৰ্ভগীয়া মনলৈ শান্তি আহিলহেঁতেন। কিন্তু লুক্ৰেজীয়াৰ হিয়া মৌ-পিয়াসকলৰ গুঞ্জনত মতলীয়া; এণ্ড্ৰিয়া কেৱল ধন ঘটি অনা চপনীয়াহে মাথোন।

 দিন যাবলৈ ধৰিলে। নিজৰ অতীত, বিশেষতঃ ফৰাছী ৰজাৰ প্ৰতি নিজৰ অসজ ব্যৱহাৰৰ সোঁৱৰণিত শিল্পীৰ হিয়া বিদাৰি কেতিয়াবা দীঘল হুমুনিয়াহ উঠে। সোণৰ শিকলিত বান্ধ খোৱা অপ্ৰকাশিত প্ৰতিভাৰ কৰুণ বিননি কবিৰ কল্পনাগ্ৰাহ্য— চৰিতলেখকৰ বিশ্লেষণৰ সামগ্ৰী নহয়। ধূলিত লুটি-বাগৰ খোৱা পপীয়া তৰাৰ দৰে