পৃষ্ঠা:সাহিত্য আৰু প্ৰেম.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
সৌন্দৰ্যৰ প্ৰতাৰণা


বিদ্যাৰ দ্বাৰা জীৱিকা অৰ্জনৰ পথ মোকলাবৰ চেষ্টা কৰিলে। মধ্যযুগত গিৰ্জাবোৰৰ বেৰত চিত্ৰ অঁকাৰ প্ৰথা আছিল আৰু এই কামত নামজ্বলা চিত্ৰকৰসকলহে নিয়োজিত হৈছিল। ইয়াৰ পৰা এফালে যেনেকৈ ধনাগম হৈছিল, আনফালে তেনেকৈ নিপুণ চিত্ৰকৰসকলৰ শিল্পনিপুণতাও সোনকালে চকুত পৰাৰ সুবিধা হৈছিল। ফ্লোৰেন্স নগৰত গিৰ্জাঘৰ এটিৰ বেৰত চিত্ৰ আঁকি সমসাময়িক চিত্ৰকসকলৰ মাজত এন্ড্ৰিয়াও এজন লেখত ল’বলগীয়া কলা-বিশাৰদ হৈ উঠিল। এণ্ড্ৰিয়াৰ ধন-মান কোনোটোৰে অভাৱ নাছিল আৰু দুখীয়া মাক-বাপেককো ধনেৰে পোহ-পাল দি সুখ-সন্তোষত ৰাখিব পাৰিছিল। ৰেখা-বিদ্যাত তেওঁ এনে সিদ্ধহস্ত আছিল যে তেওঁৰ নাম হ’ল ‘অভ্ৰান্ত চিত্ৰকৰ’ (faultless painter)।

 এনে সময়ত এণ্ড্ৰিয়াৰ ভাগ্য-আকাশত সৌন্দৰ্য-পিপাসাৰ কুঁৱলি উঠিবলৈ ধৰিলে। ফ্লোৰেন্স নগৰত সেই সময়ত লুক্ৰেজীয়া বুলি ছোৱালী এজনী আছিল। দুখীয়া আৰু অসজ বাপেকৰ ছোৱালী হ’লেও সৌন্দৰ্য আৰু আত্মম্ভৰি গুণত তেওঁ সকলোৰে চকুত পৰা ধৰণৰ আছিল। যদিও টুপিৱালা এজনৰ লগত তেওঁৰ বিয়া হৈছিল তথাপি বিবাহিতাৰ কৰ্তব্যৰ প্ৰতি বিমুখ হৈ ঘৰচীয়া মেকুৰীয়ে চৰাই-চিৰিকতি ধৰি ধেমালি কৰাৰ দৰে লুক্ৰেজীয়ায়ো নগৰৰ ডেকাসকলৰ মন ধৰি খেলা কৰাত অতিশয় পাৰ্গতালি দেখুৱাইছিল। প্ৰেমৰ ছলনাত এন্ড্ৰিয়া ভালকৈয়ে বিভোল হ’ল আৰু লুক্ৰেজীয়াৰ সৌন্দৰ্য আৰু চতুৰালিত বিমুগ্ধ হৈ শিল্প-চৰ্চাৰ প্ৰতি আওহেলা কৰিবলৈ ধৰিলে আৰু লাহে লাহে মাক-বাপেকক আগৰ দৰে পোহ-পাল দিবলৈকো এৰিলে। হঠাৎ এদিন টুপিৱালাই টান নৰিয়াত পৰি শয্যা ল’লে। এণ্ড্ৰিয়াই বন্ধু-বান্ধৱ কাৰো পৰামৰ্শ নোলোৱাকৈ, আত্মীয়-কুটুম কাকো নোসোধাকৈ সমাজত নিজৰ ঠাই, নিজৰ মান, শিল্প-বিদ্যাত নিজৰ গৌৰৱ, সন্মান একোৰে প্ৰতি ভ্ৰূক্ষেপ নকৰি লুক্ৰেজীয়াক স্ত্ৰীৰূপে চপাই ল’লে। ফ্লোৰেন্স নগৰত যেতিয়া এই কথা প্ৰচাৰ হ’ল, এন্ড্ৰিয়াৰ প্ৰতি আগেয়ে যিসকলে প্ৰীতি আৰু শ্ৰদ্ধাৰ ভাব ৰাখিছিল, তেওঁলোকে এতিয়া তেওঁৰ প্ৰতি ঘৃণা আৰু তাচ্ছিল্যৰ ভাব দেখুৱাবলৈ ধৰিলে।

 বন্ধুপ্ৰীতিৰ লগে লগে এণ্ড্ৰিয়াই মনৰ শান্তিও হেৰুৱালে। ঈৰ্ষাৰ জুয়ে মনত ভুমুকিয়ালে। তেওঁ বুজিলে, এজনী খেলুৱাই তিৰোতাৰ হাতত পৰিছে আৰু তাইৰ ইচ্ছামতে নিজে সকলো কামতে চলিব লাগে। এণ্ড্ৰিয়াই নিজৰ মাক-বাপেকক এৰি দি ঘৈণীয়েকৰ মাক আৰু ভনীয়েকহঁতক চপাই ল’ব লগাত পৰিল। এইবোৰ দেখি-শুনি আগেয়ে যিসকলে তেওঁৰ সংসৰ্গ গৌৰৱৰ কাৰণ বুলি ভাবিছিল সেইসকল আঁতৰি পৰিল। এণ্ড্ৰিয়াৰ প্ৰতিভাৰ গুণত কেতবোৰ ছাত্ৰ তেওঁৰ লগত থাকিল সঁচা; কিন্তু তেওঁলোকো লুক্ৰেজীয়াৰ কথা আৰু কামৰ দ্বাৰা নিৰ্যাতিত নোহোৱাকৈ নাছিল।