পৃষ্ঠা:সাহিত্য আৰু প্ৰেম.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
সৌন্দৰ্যৰ প্ৰতাৰণা

জীৱন, ওৰে জীৱন-প্ৰবাহ কেৱল হেমন্ত-সন্ধিয়াৰ মূৰ্তি-চিত্ৰ মাথোন! অ’ মোৰ প্ৰিয়ে, আমি ঈশ্বৰৰ হাতৰ পুতলা মাথোন! তেওঁ আমাক যেনেকৈ চলাইছে সেইটো কেনে অনাভুৱা যেন লাগে৷ নিজক এনে মুকলিমূৰীয়া ভাবো অথচ এনেকৈ শিকলিৰে মেৰ খাই আছে। তেঁৱেই শিকলি দিছে, বাৰু শিকলি থাকক।

 তুমি মোৰ শিল্প-কুশলতা বুজি নোপোৱা। বুজিবলৈয়ো চেষ্টা নকৰা কিন্তু আনে কি কয় বুজিব পাৰা। সৌ যে বেৰত আঁৰি থোৱা ৰাফেলৰ অঙ্কিত মাতৃ-মূৰ্তি দেখিছা— কি সুন্দৰ, কি অপৰূপ! চিত্ৰ তেনেকুৱাই হ’ব লাগে। কিন্তু তথাপি এই চিত্ৰৰো অকণমান দোষ আছে। মোক পেন্সিল এডাল দিয়া, বাহুখন এইদৰে থাকিব লাগিছিল। কিন্তু এই চিত্ৰৰ ভিতৰেদি যি তেজঃপুঞ্জ ফুটি ওলাইছে, যি বিশ্বমানৱ হৃদয়স্পৰ্শী সৌম্য কৰুণাৰ প্ৰভা বিৰিঙি ওলাইছে; সেই প্ৰভা, সেই তেজ মোৰ অনুভূতিৰ বহুত ওপৰত।

 “আনে যি চিত্ৰ কঠোৰ পৰিশ্ৰম কৰি মূৰৰ ঘাম মাটিত পেলায়ো আঁকিব নোৱাৰে, সেই চিত্ৰ অতি অৱলীলাক্ৰমে মই বাওঁহাতেৰে আঁকি দিব পাৰো। সেইটো অহঙ্কাৰ নহয় তথাপি মই সিহঁতৰ বহুত তলত। সিহঁতৰ কঠোৰ শ্ৰমত যি অন্তৰৰ সংযোগ, যি খৰতৰ তেজৰ চলাচল, আশা-নিৰাশাৰ যি তুমুল সংগ্ৰাম, তাৰ ভিতৰেদিয়েই সিহঁতে ঈশ্বৰে দিয়া শক্তিৰ সফলতা লাভ কৰে। সেই শক্তিৰ সহস্ৰ কণাৰ একণায়ো মোৰ হাত নচলায়। সিহঁতে কামত সম্পূৰ্ণতা লাভ কৰিব নোৱাৰে, কিন্তু শক্তিৰ সফলতা লাভ কৰিছে। মোৰ কাম অভ্ৰান্ত, সম্পূৰ্ণ, কিন্তু মোৰ শক্তি জড়, সুপ্ত।”

 “মোক কি লাগে, মই কি কৰিব পাৰো মই জানো জানিলেই বা কি হুমুনিয়া কাঢ়িলেই বা কি লাভ! মোৰ জীৱনত হেমন্তৰ সন্ধিয়াই বোল বেলাইছে। তুমি মোৰ কামত উদ্যম সঞ্চাৰ কৰাহেঁতেন, যদি কেতিয়াবা ক’লাহেঁতেন— ‘গৌৰৱ আৰু ঈশ্বৰৰ কৰুণাক লক্ষ্য কৰি কাম কৰা, লাভ-লোকচানৰ চিন্তা মনলৈ নানিবা’— কেতিয়াবা যদি তোমাৰ সুন্দৰ মুখেৰে এইদৰে ক’লাহেঁতেন, ৰাফেলৰ ওখ আসনত তুমি মই— দুয়ো উঠিব পাৰিলোহেঁতেন! তোমাৰ সৌন্দৰ্যৰ লগত যদি তোমাৰ হিয়া মনৰ যোগ থাকিলেহেঁতেন— কেতবোৰ তিৰোতাৰ থাকে, ৰাফেল, মাইকেল, এঞ্জেলো তেওঁলোকৰ আসন ল’ব পাৰিলোহেঁতেন। নহ’বও পাৰে, সকলো বিধাতাৰ নিৰ্দেশ।

 “তোমাৰেই বা দোষ কি? সকলো শক্তিৰ ভঁৰাল নিজৰ অন্তৰেই। ৰাফেল, এঞ্জেলো— তেওঁলোকৰ দেখো তিৰোতাই নাছিল। মই দেখিছো সংসাৰত যি ভাল কাম কৰিব পাৰে, সি নকৰে, যাৰ কৰিবলৈ একান্ত আগ্ৰহ, সি নোৱাৰে। তথাপি ইচ্ছা আৰু শক্তি ইয়ো আধা সফলতাই!

 “ফৰাছী ৰাজসভাত যেতিয়া আছিলো, ৰজা ফ্ৰান্সিছে যেতিয়া এখন ৰাজবাহু