পৃষ্ঠা:সাহিত্য আৰু প্ৰেম.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
সাহিত্য আৰু প্ৰেম


সময়ে সময়ে তেওঁলোকৰ পিঠিত কিল-ভুকুও পৰিছিল। এইদৰে প্ৰপীড়িত হৈও এন্ড্ৰিয়াই নিজক সৌভাগ্যবান বুলি ভাবিছিল।

 ইন্দ্ৰিয়ৰ ক্ষোভ এনে মাদক বস্তু যে মদপীৰ মদৰ দৰেই ই জাগ্ৰত আত্ম-চৈতন্যৰ বল সঞ্চাৰ হ’বলৈ নিদিয়ে। সৌন্দৰ্যই এণ্ড্ৰিয়াক আমুৱাবলৈ ধৰিলে, জীৱন-পদ্ধতি তেওঁৰ পক্ষে দুৰ্বল হৈ উঠিছে। নিজৰ ভুল নিজৰ চকুত ধৰা পৰিল, পৰিশ্ৰমৰ অনুপাতে যথেষ্ট আয় হয় যদিও এণ্ড্ৰিয়া অভাৱগ্ৰস্ত হৈয়ে থাকিব লগাত পৰিল। আদৰ্শ আৰু আকাঙ্ক্ষাৰ সিদ্ধিলাভ কৰিব লাগিলে যি স্বৰ্গীয় সপোনত উটি ফুৰা ভাব মনত থাকিব লাগে তাৰ ঠাইত তেওঁৰ মন সাংসাৰিক অভাৱৰ পঙ্কিলতাত পোত খালে। ঘৈণীয়েকৰ বাপেক-ভনীয়েকে তেওঁৰ সকলো আৰ্জন খাই সাং কৰে, নিজে দৰিদ্ৰ হৈয়ে থাকিল। মানুহ হিছাপে নহ’লেও শিল্পী হিছাপে তেওঁৰ প্ৰতি শ্ৰদ্ধা ৰখা দুই-এজন বন্ধুৰ পৰামৰ্শ অনুসাৰে তেওঁ দুখন চিত্ৰ ফৰাছী দেশৰ ৰাজ্যসভালৈ পঠিয়াই দিলে। ফৰাছী ৰজা ফ্ৰান্সিছে চিত্ৰ দুখনৰ সৌন্দৰ্যত মুগ্ধ হৈ পাৰিষদসকলৰ মন্ত্ৰণা অনুসাৰে এণ্ড্ৰিয়াক ৰাজসভালৈ মাতি পঠিয়ালে আৰু ৰাজসভাত যাতে এণ্ড্ৰিয়াৰ কোনো অসুবিধা নঘটে সেইবাবে পাৰিষদসকলক আদেশ দি বাট খৰচৰ বাবে এণ্ড্ৰিয়ালৈ ভালেমান ৰূপ পঠিয়াই দিলে। বন্ধুসকলৰ পৰামৰ্শ অনুসাৰে কিছুমান দিনলৈ বুলি ঘৈণীয়েকক ফ্লোৰেন্সত এৰি এণ্ড্ৰিয়াই ফৰাছী দেশলৈ যাত্ৰা কৰিলে।

 ৰজা ফ্ৰান্সিছে অতি সন্মানেৰে প্ৰতিভাৰ মৰ্যাদা অনুসাৰে বিখ্যাত চিত্ৰকৰক গ্ৰহণ কৰিলে। চিত্ৰকৰে গৈয়ে কেঁচুৱা ৰাজকুমাৰৰ চিত্ৰ এখনি আঁকি ৰজা, পাৰিষদ সকলোৰে মন মুহি পেলালে আৰু বানচ বুলি তিনিশ সোণৰ মুদ্ৰা লাভ কৰিলে। এণ্ড্ৰিয়াৰ গুণ আৰু নিৰীহ স্বভাৱত প্ৰীত হৈ পাত্ৰ-মন্ত্ৰী, ৰজা সকলোৱে তেওঁক মৰম আৰু শ্ৰদ্ধাৰ চকুৰে চাবলৈ ধৰিলে। সোণ-ৰূপ বৰষুণৰ পানীৰ দৰে চিত্ৰকৰৰ কাষলৈ ব’বলৈ ধৰিলে। প্ৰতিভাৰ পূৰ্ণ বিকাশৰ বাবে ইয়াতকৈ সাৰুৱা ক্ষেত্ৰ পাবলৈ টান। কিন্তু বিধাতাৰ অভিসম্পাতে যাৰ অন্তৰত তিৰোতাৰ সৌন্দৰ্যৰ উন্মাদনা ৰূপে অতৰ্কিতভাৱে বিহ সঞ্চাৰ কৰি থাকে তাৰ পক্ষে বিধাতাৰ যুঁজত জয়-পৰাজয় নিজৰ কল্পনাৰ ওপৰত নিৰ্ভৰ কৰে। এণ্ড্ৰিয়াৰ উদ্ভ্ৰান্ত চিত্তই বিধাতাৰ শাও বেছি টনকিয়াল কৰিলে।

 এণ্ড্ৰিয়াই ঘৈণীয়েকৰ আন আন বহুত চিঠিৰ পিছত এদিন এখন চিঠি পালে। চিত্ৰকৰে লুক্ৰেজীয়াক কোনো অভাৱত ৰখা নাছিল। নতুনকৈ পকী ঘৰ এটি সজাবলৈ যোগাৰ-পাতিও দি আছিল। কিন্তু লুক্ৰেজীয়াই আত্মীয়-কুটুম আৰু চাৰিওফালে গুঞ্জৰি ফুৰা মৌ-পিয়া ভোমোৰাসকলক আগৰ দৰে হাত উবুৰিয়াই ৰূপ-বান দি বহতীয়া কৰি ৰাখিব নোৱৰাটো বৰ বিষম যেন পালে। লুক্ৰেজীয়াই চিঠি লিখিলে, এণ্ড্ৰিয়া