পৃষ্ঠা:সাহিত্য আৰু প্ৰেম.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
সৌন্দৰ্যৰ প্ৰতাৰণা

পুৰুষৰ অপ্ৰকাশিত প্ৰতিভাৰ ব্যৰ্থতাত কি নৈৰাশ্য, কি অশান্তি, কি ক্ষোভ! এই ব্যৰ্থতাৰ কাৰণ কোন? যাৰ ৰূপত মন-প্ৰাণ গৌৰৱ মৰ্যাদা সম্পদ সকলো বিসৰ্জন দিছে, কিন্তু যাৰ মনত তেওঁৰ মূল্য কেৱল ‘সম্বন্ধীয়া’সকলক দিব পৰা জোখাৰে টকা আৰ্জিব পৰা ক্ষমতা অনুসাৰে।

 ১৫২৩ খ্ৰীষ্টীয় শকত ফ্লোৰেন্স নগৰত প্লেগ মহামাৰিয়ে আহি দেখা দিলত এণ্ড্ৰিয়াই মুগলো নামক ঠাইলৈ সপৰিবাৰে যাত্ৰা কৰে। তাত মঠাধিশ্ৰিতা ভিক্ষু-ভিক্ষুণীসকলৰ বাবে যীশুখ্ৰীষ্ট চৰিতবিষয়ক কেতবোৰ ছবি আঁকে। মঠৰ কাম কৰি অঁতালত ৰং আৰু চিত্ৰৰ আহিলা-পাতি বহুত অতিৰিক্ত হৈ থাকিল। এণ্ড্ৰিয়াই এদিন লুক্ৰেজীয়াক মাতি ক’লে, “তুমি এখন্তেক ধীৰভাৱে মোৰ ওচৰত বহা; এইবোৰ ৰং যে বেছিকৈ আছে তাৰে তোমাৰ ছবি এখন আঁকিম। এই বয়সতো তোমাৰ চকুৰ জেউতি কেনেকৈ লৰচৰ নোহোৱাকৈ আছে মানুহে দেখক আৰু আগৰ ছবিবোৰতকৈ এইখনত তোমাৰ চেহেৰাৰ কি পৰিৱৰ্তন ঘটে সেইটোৱেই ৰিজাবলগীয়া।” কিন্তু লুক্ৰেজীয়াৰ মন আন কিবা ভাবত তোল-পাৰ— শান্তভাৱে বহি থাকিব নোৱাৰে।

 চিৰ-নৈৰাশ্যপীড়িত এণ্ড্ৰিয়াৰ মনত ভৱিষ্যদ্বাণীৰ দৰে উদয় হ’ল— তেওঁৰ আৰু সংসাৰত সৰহ দিন নাই। এহাতেৰে দাপোণ আৰু আন হাতেৰে তুলিকা ধৰি নিজৰ চিত্ৰ এনে হুবহু কৰি আঁকিলে— সেইটো যেনিবা তেওঁৰ জীৱন্ত-মূৰ্তি। তেওঁ মৰাৰ পিছত ছবিখন ভালেমান দিনলৈ লুক্ৰেজীয়াৰ হাতত আছিল।

 ইয়াৰ কিছুদিন পিছত এণ্ড্ৰিয়াৰ নৰিয়া হ’ল। তেওঁ শয্যাত পৰিয়েই ভাবিলে তেওঁৰ নিস্তাৰ নাই। তেওঁৰ নৰিয়াৰ কোনো ঔষধ বিচাৰি পোৱা নগ’ল। লুক্ৰেজীয়াই পাৰেমানে বেমাৰীৰ পৰা আঁতৰে আঁতৰে থাকে, কেনেবাকৈ তেওঁৰো গাত ব্যাধি সোঁচৰে বুলি। কোনোৱে গম নোপোৱাকৈয়ে মঠৰ ভিক্ষুসকলে তেওঁক সমাধিস্থ কৰে। সৰুকালত ভাৰাতীয়া হিছাপে যেতিয়া এণ্ড্ৰিয়াই কাম কৰি ফুৰে তেতিয়া তেওঁৰ প্ৰতিভাক লক্ষ্য কৰি মাইকেল এঞ্জেলোৱে এদিনাখন ৰাফেলক কৈছিল, “ৰাফেল, এই নগৰত যে অকণমানি ল’ৰা এটি ঘুৰ্মুটিয়াই ফুৰা দেখা, সি তোমাৰ দৰে ৰজা-মহাৰজাৰ আশ্ৰয়ত থাকি ডাঙৰ কামত হাত দিবৰ সুবিধা পোৱাহ’লে তোমাৰ কপালৰ ঘাম ভৰিত পৰিলহেঁতেন।”

 এণ্ড্ৰিয়াৰ ভাগ্যতো ৰজা-মহাৰজাৰ কৃপা লাভ ঘটিছিল। ‘স্বপ্নো নু মায়া নু মতিভ্ৰমো নু’ –কিন্তু সপোননে মায়ানে মতিভ্ৰম! কিহৰ বাবে তেওঁৰ জীৱন বিৰাট নিষ্ফলতাত পৰিণত হ’ল?