পৃষ্ঠা:সাতসৰী.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
সাতসৰী।


লোকে আজি যি সমাজ পাতিলে, গোটেই বিশ্ব ব্ৰহ্মাণ্ড বিপক্ষে থিয় দিলেও তাক ভাঙ্গিবলৈ প্ৰস্তুত নহয়। তেওঁলোকৰ কথা শুনি হৰিচৰণ আনন্দত আপ্লুত হল। তাৰ পাচত সকলোৱে একেলগে একে ঠাইতে ৰঙ্গে-ধেমালিয়ে খাই-বৈ দৰাৰ লগত কন্যা ঘৰলৈ বাট ললে।

(৭)

 যথাবতে বিবাহ সমাধা হৈ গ'ল। ললিতা আৰু হৰিচৰণৰ দুটি আত্মা এটি হৈ অনন্ত পৰমাত্মাক লক্ষ্য কৰি ধাবমান হ'ল। দুয়োৰে মনত বিমল আনন্দ, পৰম সন্তোষ। আশা কৰোঁ তেওঁৰ বন্ধুসকলে প্ৰতিজ্ঞাত স্থিৰ থাকি আৰু আনন্দ দিব আৰু বিশ্বপ্ৰেমৰ এজোপা সুগন্ধি ফুল ফুলাই জগৎবাসীক সৌৰভ বিতৰণ কৰিব।

⸻⸻


ভুল

(১)

 মহিলা ডাক্তৰ স্বৰ্ণলতা যেতিয়া ঘৰ এৰি প্ৰবাসত চাকৰি কৰিবলৈ আহে, তেতিয়া তেওঁৰ লগত লিগিৰী এজনীৰ বাহিৰে আন কোনো নাছিল। এনেকৈ প্ৰবাস খাটিবলৈ ওলোৱা তিৰুতা আমাৰ দেশত সচৰাচৰ দেখা নাযায়, সেই দেখি কাউৰীৰ মাজত বগলীৰ দৰে স্বৰ্ণ ই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে; ফলত দুই