সাতসৰী/ভুল

ৱিকিউৎসৰ পৰা

[ ৬৮ ]

ভুল

(১)

 মহিলা ডাক্তৰ স্বৰ্ণলতা যেতিয়া ঘৰ এৰি প্ৰবাসত চাকৰি কৰিবলৈ আহে, তেতিয়া তেওঁৰ লগত লিগিৰী এজনীৰ বাহিৰে আন কোনো নাছিল। এনেকৈ প্ৰবাস খাটিবলৈ ওলোৱা তিৰুতা আমাৰ দেশত সচৰাচৰ দেখা নাযায়, সেই দেখি কাউৰীৰ মাজত বগলীৰ দৰে স্বৰ্ণ ই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে; ফলত দুই [ ৬৯ ] এদিনৰ ভিতৰতে স্বৰ্ণৰ চৰিত্ৰৰ সমালোচনা সকলোৰে মুখে মুখে হ'ল।

 স্বৰ্ণৰ চৰিত্ৰৰ সম্পৰ্কে কোনো মতামত দিবলৈ আমি সমৰ্থ নহওঁ; কাৰণ আমি নিজে তাৰ একোকে নাজানো, আৰু নানা মুনিৰ নানা মত একে মূলত মিলাবৰ কোনো উপায় নাই। অৱশ্যে, অনুমানৰ কথা ক'লে যদি দোষ নহয়, তেন্তে ক’ব পাৰোঁ যে এইবোৰ সমালোচনাৰ মূল স্বৰ্ণৰ সৌন্দৰ্য, চলন-ফিৰণৰ নতুনত্ব, আৰু সমালোচকৰ দুষ্প্ৰবৃত্তি।

 স্বৰ্ণৰ বযস মুঠেই উনৈচ কি কুৰি; দেখাত সুন্দৰী, মুখখন গঢ়িত, চকু দুটা অলপ দীঘলীয়া, গাল দুখন পূৰ, চুলিটাৰ ক'লা আৰু দীঘল। স্বৰ্ণ এতিয়াও অবিবাহিতা; তেওঁৰ মূৰত ওৰণি নাই, ফুৰা-চকাত লুকুঢুক নাই, আন কি যেই সেই মানুহৰ লগত কথা পাতিবলৈকো সঙ্কোচ নাই। তেওঁৰ ঘৰত প্ৰাযেই গান-বাজনাৰ ৰোল শুনিবলৈ পোৱা গৈছিল। এই খিনি কথাৰ ওপৰতে নিৰ্ভৰ কৰি স্বৰ্ণৰ চৰিত্ৰৰ ওপৰত নিৰ্ভুল মতামত প্ৰকাশ কৰিব পাৰি নে নোৱাৰি ক'ব নোৱাৰোঁ, কিন্তু ডেকা আৰু আদহীয়া বিলাকে হলে আবেলি ফুৰিবলৈ যাওঁতে নাইবা গধূলি তাচ-পাশাত বহোঁতে সততে তেওঁৰ সমালোচনাত মন-গা এৰি দিছিল। তেওঁলোকৰ সৰহ ভাগেই স্বৰ্ণৰ সৌন্দৰ্য্যত মুগ্ধ হৈছিল আৰু স্বৰ্ণৰ চৰিত্ৰ যেনে হ'লে, তেওঁলোকৰো উদ্দেশ্য সিদ্ধি হ’ব পাৰে, ঠিক তেনে ভাবেই গ্ৰহণ কৰিছিল। আমাৰ কিন্তু সন্দেহ হয়—স্বৰ্ণ দুশ্চৰিত্ৰা হোৱা হ'লে, এই মানুহবিলাকৰ অন্ততঃ কিছুমানে প্ৰাণত শান্তি পালেহেঁতেন। [ ৭০ ]  এই মানুহদলৰ প্ৰত্যেকেই স্বৰ্ণৰ প্ৰত্যেক কথা আৰু প্ৰত্যেক খোজকেই লক্ষ্য কৰি নিজৰ সপক্ষে তাৰ ব্যাখ্যা কৰি লৈছিল। এদিন হয়তো এজন কিবা ঔষধ বিচাৰি স্বৰ্ণৰ তালৈ আহিল, তাৰ পিচত পথ্যৰ কথা সুধিবলৈ, তাৰ পিচত বেমাৰীৰ অৱস্থাৰ কথা কবলৈ—এই অনুক্ৰমে চাৰি পাঁচবাৰ অহা-যোৱা কৰি যেতিযা দেখিলে স্বৰ্ণই তেওঁৰ লগত কথা পাতি আমনি পোৱা নাই, তেতিয়া নানা উপায়েৰে বন্ধুতা স্থাপনৰ দিহা উলিয়ালে। যাৰ ঘৰত কোনো বেমাৰী নাই, সিও এনেয়েই কিবা এটা সাজি পাৰি ব্যৱস্থা সুধিবলৈ অহা-যোৱা লগালে। আন কি দেশৰ গণ্য মান্য স্বনাম প্ৰসিদ্ধ নেতা সকলেও এবাৰ স্বৰ্ণৰ লগত আলাপ কৰিবলৈ চেলু নিবিচৰাকৈ নাছিল। দিনচেৰেকৰ পিচতে স্বৰ্ণৰ তালৈ অহা-যোৱা কৰা মানুহৰ লেখ বহুতো হৈ পৰিল। যিবিলাক মানুহ স্বৰ্ণৰ সৌন্দৰ্যyত মুগ্ধ অথচ নানা কাৰণত স্বৰ্ণৰ ওচৰ চাপিবলৈ অসমৰ্থ, সিহঁতে স্বৰ্ণৰ বিৰুদ্ধে নানা প্ৰকাৰ কাহিনী প্ৰচাৰ কৰিয়েই প্ৰবোধ মানিবলৈ ধৰিলে। তাৰ ফলত স্বৰ্ণ দুশ্চৰিত্ৰা বুলি অলপ দিনতে জনাজাত হৈ পৰিল।

(২)

 স্বৰ্ণৰ তালৈ ঘনাই অহা যোৱা কৰা মানুহবিলাকৰ ভিতৰত ৰমানাথ নামেৰে এজনৰ লগত স্বৰ্ণৰ বিশেষ সদ্ভাব থকা যেন দেখা গৈছিল।

 ৰমানাথ এজন এন্ট্ৰেন্স ‘পাচ’ ডেকা। তেওঁ কাছাৰীৰ [ ৭১ ] আমোলা। ঘৰত মাক-বাপেক, ভায়েক-ভনীয়েকৰ উপৰিও নিজৰ ঘৈনীয়েক আৰু ল'ৰা-ছোৱালী আছিল। কিন্তু স্বৰ্ণ আহিবৰে পৰা তেওঁ কাছাৰীৰ পৰা বাজে বাজে আহি স্বৰ্ণৰ ঘৰত সোমায় আৰু ৰাতি হলেহে ঘৰলৈ ওলটে। দেওবাৰৰ দিনাও ফুৰিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈ স্বৰ্ণৰ ঘৰতে ভ্ৰমণ শেষ কৰে। স্বৰ্ণকো মাজে সমযে ৰমানাথৰ আগমনলৈ অপেক্ষা কৰা দেখা গৈছিল।

 স্বৰ্ণ ইয়ালৈ অহাৰ আগতে ৰমানাথৰ ঘৈনীয়েক জয়ন্তীৰ লগত তেওঁৰ পৰিচয আছিল; সেই কাৰণে ঘৰৰ বন্দবস্ত হৈ উঠাৰ আগতে এসপ্তাহমান তেওঁ ৰমানাথৰ ঘৰতে আলহী ৰৈছিল। সেয়েই হেনো তেওঁলোকৰ ঘনিষ্ঠতা আৰু সদ্ভাবৰ মূল আৰু সেই দেখিযেই হেনো ৰমাই এৰাব নোৱাৰি স্বৰ্ণৰ খবৰ-বাতৰি লৈ থাকে। স্বৰ্ণক কোনোবাই সুধিলে তেৱোঁ ঠিক সেই একে উত্তৰকে দিছিল।

 স্বৰ্ণ আৰু ৰমানাথে তেওঁলোকৰ মিলা-প্ৰীতিৰ যি কাৰণ দেখুৱাইছিল, সি অতি কম মানুহলৈহে সন্তোষজনক হৈছিল। ৰমানাথ আৰু তেওঁৰ ঘৰৰ আনবিলাকৰ স্বভাৱ-চৰিত্ৰ যি জানে, সি কেতিয়াও এই কথাত বিশ্বাস কৰা নাছিল। ঘাইকৈ ৰমানাথৰ ঘৈনীয়েক জয়ন্তীয়ে সেই কথা সমুল নামানিছিল।

(৩)

 জয়ন্তীৰ দুৰ্ভাগ্যৰ সীমা নাই। সৰুতে মাক-বাপেকৰ ঘৰত দুখ কাক বোলে নজনাকৈয়ে ডাঙ্গৰ হৈছিল কিন্তু স্বামীৰ [ ৭২ ] ঘৰত তাৰ বিপৰীত হৈ উঠিল। জয়ন্তীৰ বাপেকে ভাবিছিল— ৰমানাথৰ লগত বিয়া দিলে জয়ন্তীৰ সুখ হব; কিয়নো ৰমানাথ নিতান্ত অশিক্ষিত নহয় আৰু ঘৰুৱা অৱস্থাও স্বচ্ছল। ৰমাৰ চৰিত্ৰ কেনে, সিহঁতৰ ঘৰৰ ব্যৱহাৰেই বা কেনেকুৱা—তেওঁ তাৰ একো গমকে নল'লে।

 ৰমানাথৰ ঘৰলৈ আহি পোনতে দিনচেৰেকলৈ জয়ন্তীয়ে বিশেষ একো কষ্ট অনুভব কৰা নাছিল। যদিও খোৱা-লোৱাৰ দুখ অতিপাত হৈছিল, তথাপি স্বামীৰ আদৰ-সাদৰত তাক পাহৰি গৈছিল। কিন্তু হায়! সেই সুখো যে দুদিনীয়া! লাহে লাহে আন কষ্টৰ—শাহু-শহুৰৰ অত্যাচাৰৰ লগতে স্বামীৰ অৱহেলাও যোগ হ’ল; জয়ন্তীৰ সংসাৰখনেই নৰক যেন বোধ হ'ল। পতি-পৰায়ণা হিন্দু ৰমণীয়ে সকলো দুখ, সকলো যন্ত্ৰণা সহ্য কৰিৰ পাৰে, স্বামীৰ অত্যাচাৰকো মূৰ পাতি ল'ব পাৰে, কিন্তু যেতিয়া মনত দৃঢ় ধাৰণা হয় যে তেওঁৰ দৰেই আন কাৰবাক হিয়া উচৰ্গা কৰিহে তেওঁৰ স্বামীয়ে তেওঁক অবজ্ঞা কৰিছে, তেতিয়া তাক কোনো মতেই সহ্য কৰিব নোৱাৰে; আনৰ ওপৰত তাৰ প্ৰতিশোধ ল’ব নোৱাৰিলে নিজৰ ওপৰতে লয়। জয়ন্তীয়েও ঠিক তাকেই কৰিবলৈ স্থিৰ কৰিলে।

 স্বৰ্ণ যেতিয়া প্ৰথমে আহে, তেতিয়া জয়ন্তীয়ে তেওঁক যথেষ্ট সমাদৰ কৰিছিল, কিন্তু এতিয়া তেওঁক লগ পাবলৈ তেওঁৰ সেই আগ্ৰহ অলপো নোহোৱা হ'ল। জয়ন্তীয়ে ভাবিছিল যে স্বৰ্ণৰ লগত ৰমানাথৰ অবৈধ প্ৰণয় আছে। নহলে তেওঁ এনেকৈ স্বৰ্ণৰ [ ৭৩ ] ঘৰৰ পৰা নুঠা হব কিয় আৰু স্বৰ্ণয়েই বা তেওঁক এনে দৰে ঘনিষ্ঠতা ৰাখিবলৈ দিব কিয়? ৰমানাথৰ চৰিত্ৰৰ ওপৰত জয়ন্তীৰ আগৰে পৰা সন্দেহ আছিল, এতিয়া সি ডাঠ হৈ আহিল। জয়ন্তীয়ে জানিছিল ৰমানাথ আৰু তেওঁৰ বাপেক দুয়ো অৰ্থ- পিশাচ। সংসাৰত এনে কোনো জঘন্য কাম নাই, যিটো তেওঁলোকে ধনৰ লোভত কৰিব নোৱাৰে। এইবোৰ দেখি-শুনি জয়ন্তীয়ে বুজিছিল ৰমানাথ স্বৰ্ণৰ উপাৰ্জনৰ প্ৰেমত পৰি পৰোক্ষ ভাবে স্বৰ্ণৰ প্ৰেমতো পৰিছে। প্ৰকৃত নিঃস্বাৰ্থ প্ৰেমৰ অনুভূতি যে ৰমানাথৰ কেতিয়াও নহয়, সেইটো জয়ন্তীৰে ভালকৈ জনা আছিল।

(৪)

 ইমান দিন জয়ন্তীয়ে দুৰ্ব্ব্যৱহাৰকেই পাই আহিছে, তাৰ ফলত তেওঁৰ শৰীৰ ৰুগ্ন⸺ জীৰ্ণ শীৰ্ণ। তথাপি লৰা-ছোৱালী দুটিলৈ চাই, স্বামীৰ মুখলৈ চাই, দিনৰ দিনটো কোনো আপত্তি নকৰাকৈ ঘৰুৱা কাৰ্য্য কৰি ফুৰিছিল। এনে অৱস্থাতো ৰমানাথে এদিনলৈকো জয়ন্তীৰ বিষয়ে চিন্তা কৰা নাছিল; জানোচা ঔষধ কিনিব লগা হয়, তেওঁৰ পইচা খৰছ কৰিব লগাত পৰে। পইচা খৰচৰ ভাৰটো ৰমনাথে মনলৈকে আনিব নোৱাৰে। অৱশ্যে পৰৰ পালে হলে জ্বৰৰ গাৰেও নেৰে; সেই কাৰণেই তেওঁৰ দৰে চৰিত্ৰৰ লগৰীয়াৰ লগত পৰৰ খৰচত পোৱা মদো দুই এটোপাকৈ ৰমাৰ পেটত সোমায় আৰু মাজে মাজে আলি খাৱৈত [ ৭৪ ] বাগৰি নাইবা জয়ন্তীৰ ওপৰত পাশবিক অত্যাচাৰ কৰি তাৰ গৌৰব ঘোষণা কৰে।

 জয়ন্তীয়ে ইমান দিন ইমান অত্যাচাৰ নীৰবে সহ্য কৰিছিল; স্বামীৰ দৰ্শনতেই দুখৰ কিছু উপশম হৈছিল, কিন্তু এতিয়া সিও দুষ্কৰ হৈ পৰিল, তেওঁৰ প্ৰাণত সমূলি শান্তি নোহোৱা হ'ল। আবেলি বাটলৈ চাই চাই যেতিয়া ৰমাৰ প্ৰত্যাগমনৰ আশাত জলাঞ্জলি দি পাটীত পৰি নীৰৱে চকু-লো টোকে, তেতিয়া জগৎ তেওঁৰ পক্ষে অন্ধকাৰময় হৈ উঠে! সকলো অত্যাচাৰ-অবিচাৰৰ বোজাই দহ গুণ জোৰেৰে চেপি ধৰে। কিন্তু কি হ’ব! তেওঁৰ যন্ত্ৰণা তো তেওঁৰ স্বামীয়ে নুবুজে! শেহত তেওঁ সকলোৰে শপত দি ৰমাক অফিচ ছুটি হোৱাৰ পিচতে ঘৰলৈ আহিবলৈ খাটিলে, কিন্তু ৰমাই তেওঁৰ অনুৰোধ উপেক্ষা কৰিলে। জয়ন্তীৰ সকলো অনুনয়-বিনয় অৰণ্য-ৰোদনত পৰিণত হল।

 জয়ন্তীৰ আৰু সহ্য নহ'ল। আগেয়ে যি সামান্য আহাৰেৰে জীৱনধাৰণ কৰিছিল, এতিয়া তাৰ প্ৰতিও বিতৃষ্ণা জন্মিল; লগে লগে সেই ম্ৰিয়মানা কঙ্কালাবশিস্টা জয়ন্তীৰ জীৱনী শক্তি যিটি কণিকা অৱশিষ্ট আছিল, সিও লাহে লাহে ক্ষয় হৈ আহিল। অৱশেহত তেওঁ শয্যা এৰিব নোৱৰা হ'ল। ৰমানাথ কিন্তু এতিয়াও উদাসীন; এতিয়াও তেওঁ বেচি সময় স্বৰ্ণৰ ঘৰতে কটায়।

(৫)

এদিন স্বৰ্ণ ৰমানাথৰ ঘৰলৈ গৈছিল। গৈ দেখিলে জয়ন্তী [ ৭৫ ] শয্যাগতা। প্ৰথমে যি কাৰণতেই অসুস্থ হওক, এতিয়া তেওঁৰ শৰীৰত কেইবাটাও ব্যাধিৰ সম্মিলন। তেওঁ জয়ন্তীৰ বিশেষ তত্ত্বাবধান নোলোৱাৰ বাৱে ৰমানাথক ভৎৰ্সনা কৰিলে।

 ৰমাই ক'লে,⸺“এঃ! কিনো কৰিবা? সি কিবা আজিৰ অসুখ নে? সদাই লাগিয়েই আছে।”

 স্বৰ্ণই ক'লেঃ——হ’ব পাৰে বেমাৰ বেচি দিনীয়া, কিন্তু বৰ্ত্তমানে তাৰ অৱস্থা অতি শোচনীয়। ভালকৈ চিকিৎসা আৰু প্ৰতিপাল নকৰিলে বচোঁৱা টান হ’ব।

 কিন্তু স্বৰ্ণৰ কথাত ৰমাক বিশেষ মনোযোগ দিয়া দেখা নগ’ল। স্বৰ্ণই কিবা এটা ঔষধ ঘৰৰ পৰা নি জয়ন্তীক খাবলৈ দিলে, জয়ন্তীয়ে ঔষধ নাখাই ক'লেঃ⸺“মই ঔষধ নাখাওঁ, খাই লাভে নাই; বৰং মোৰ মৃত্যুত কাৰবাৰ লাভ আছে।”

 স্বৰ্ণই ঔষধ খুৱাব নোৱাৰি ৰমাক মাতিলে। ৰমাই ঔষধ এপালি লৈ জয়ন্তীক খাবলৈ দিলে। জয়ন্তীৰ যদিও ইচ্ছা নাছিল, তথাপি স্বামীৰ আদেশ-পালনত আৰু আপত্তি কৰিব নোৱাৰিলে।

 স্বৰ্ণই ৰমাক যথা নিয়মে ঔষধ পাতি আৰু পথ্য দিবলৈ কৈ বিদায় ল'লে।

(৬)

 জয়ন্তীৰ অৱস্থা দিনে দিনে অধিকতৰ শোচনীয় হৈ আহিবলৈ ধৰিলে; ৰমাই ইমানতো বিশেষ মনকাণ নিদিলে। এতিয়াও তেওঁক বেমাৰীৰ ওচৰতকৈ স্বৰ্ণৰ ওচৰতহে বেচিকৈ পোৱা যায়। [ ৭৬ ] স্বৰ্ণ মাজে সময়ে জয়ন্তীৰ বাতৰি ল’বৰৈ যায়, কিন্তু তেওঁক দেখিলেই জয়ন্তীৰ অসুখ বেচি হৈ পৰে। স্বৰ্ণই দেখিলে জয়ন্তীৰ নিয়মমতে চিকিৎসা হোৱা নাই। আন কি তেওঁ নিজৰ খৰচত নি দিয়া দৰবো তেওঁ আগত থাকি খুওৱা কেই পালিৰ বাহিৰে খুওৱা হোৱা নাই। তেওঁ তাৰ কাৰণ সুধিলত এজনীয়ে ক'লে—“আমি নো কি কৰিম আই? আমি দিলে আকৌ খালেহে! গিৰীয়েকে খুৱালে খুৱাব পাৰে, পিচে সি আকৌ ওচৰকে নাচাপে। আনহে নালাগে আজিকালি তাক ঘৰতে দেখিবলৈ নাই। এতিয়া এনেকৈ এৰিছে, পিচত ঢুকাব বা কাৰ?”

 ৰমাৰ আচৰণ দেখি স্বৰ্ণই কেইবা দিনো তেওঁক তীব্ৰ ভাবে তিৰস্কাৰ কৰিলে আৰু যেতিয়াই তেতিয়াই তেওঁৰ ঘৰলৈ নাহিবলৈ দঢ়াই দঢ়াই ক'লে। ইমানতে ৰমাৰ চেতনা নাহিল,—স্বৰ্ণৰ কথা তেওঁৰ একাণে সোমাই ইকাণে ওলাই গ'ল। স্বৰ্ণই মনে মনে কি ভাবিছিল কব নোৱাৰোঁ, কিন্তু তেতিয়াৰে পৰা তেওঁ ৰমাৰ লগত আগৰ দৰে ঘনিষ্ঠতা ৰাখিবলৈ ইচ্ছা নকৰা হল; ৰমাক অহা দেখিলেই তেওঁ আন কামত ব্যস্ত হবলৈ ধৰিলে।

(৭)

 এদিন জয়ন্তীৰ খবৰ লবলৈ গৈ স্বৰ্ণই দেখিলে যে তেওঁৰ জীৱন-লীলা প্ৰায় শেষ হওঁ হওঁ, কিন্তু ৰমানাথ ঘৰত নাই। [ ৭৭ ] তেওঁ তেতিয়া ৰোগিণীৰ ওচৰত বহি শুশ্ৰুষা কৰিবলৈ ধৰিলে, দুপৰৰে পৰা তেনেকৈ থাকি সন্ধ্যা সময়ত ঘৰলৈ উলটিল।

 স্বৰ্ণই ঘৰত সোমায়েই ৰমানাথক দেখা পালে। স্বৰ্ণৰ পেটে পেটে বৰ খং উঠিল। ৰমানাথৰ অদ্ভুত আচৰণ তেওঁৰ মনত কেনেবা লাগিল। ঘৰত তেওঁৰ ভাৰ্য্যাৰ আসন্ন মৃত্যু উপস্থিত, অথচ তেওঁ মানুহ নোহোৱা ঘৰত খাপ দি আছে। স্বৰ্ণৰ মনত আগৰে পৰা যি সন্দেহৰ ছাঁ পৰিছিল, সি আজি পূৰ্ণ হৈ উঠিল। স্বৰ্ণই বুজিলে কিবা এটা ভীষণ স্বাৰ্থৰ নিমিত্তে ৰমাই এনে কৰিছে। তেওঁ বিৰক্তিৰ সুৰেৰে ততালিকে কৈ উঠিল⸻ “ই কি কথা! ই তোমাৰ কেনে আচৰণ! তোমাৰ পত্নীৰ অন্তিম দশা উপস্থিত আৰু তুমি নিশ্চিন্ত মনে ইয়াত বহি আছাহি। যোৱা বেগাই যোৱা, ময়ো অলপ পিচতে যাব লাগিছোঁ।”

 ৰমাই কলে⸻“যেতিয়া মৰাটোৱেই ঠিক, তাত আৰু লৰা- লৰিয়েই বা কি, আলম-বিলমেই বা কি?”

 স্বৰ্ণ। মৰাটো ঠিক বুলিনো তুমি কেনেকৈ জানিলা? আৰু সেয়ে হলেও তুমি জানা নে স্বামীৰ মুখ চাই মৰাটো তিকতাই কিমান ভাগ্যৰ কথা বুলি ভাবে?

 ৰমা। তোমাৰ নামটি যেনে মধুৰ কথাও তেনে সোৱাদ লগা। যি তোমাৰ এই মধুময় নামটি ৰাখিছিল তেওঁক লগ পোৱা হলে নিশ্চয় মই ধন্যবাদ দিলোহেঁতেন।

 স্বৰ্ণ। যোৱাঁ, ই চুপতিৰ সময় নহয়। সি ফালে বা ইয়াৰ ভিতৰতে কি হৈছে। [ ৭৮ ]  স্বৰ্ণৰ মুখ-ভঙ্গীত এটা খং আৰু বিৰক্তৰ ভাব প্ৰকাশ হৈ পৰিল।

 ৰমাই ক'লেঃ⸺“মৰাটো কোনেও ধৰি ৰাখিব নোৱাৰে। তাৰ উপৰি নিজে যন্ত্ৰণা ভোগ কৰি আনকো যন্ত্ৰণা দি জীয়াই থকাতকৈ মৰাই ভাল। তেনে মানুহ মৰাত লোকচান নাই, বৰং লাভহে আছে?

 স্বৰ্ণৰ খং উঠিল; কঠুৱা মাতেৰে ক'লে⸺তাত তোমাৰ লাভহে আছে?

 ৰমা।⸺অকল মোৰ নহয় তোমাৰো।

 স্বৰ্ণ।⸺কাৰ? মোৰ লাভ?

 ৰমা।⸺নিশ্চয়। তেতিয়া আমাৰ বাটৰ পৰা কাঁইট গুচিব।

 স্বৰ্ণৰ মুখৰ বৰণ একেবাৰেই সলনি হ’ল; চকুৰ পৰা জুইৰ আঙ্গনি ওলাবলৈ ধৰিলে। অতি তীব্ৰ সুৰেৰে ক'লেঃ⸺“ওলা, এই মুহুৰ্ততে তই মোৰ ঘৰৰ পৰা বাহিৰ হ। সাৱধান। যেন তোৰ দৰে পাপীৰ স্পৰ্শত মোৰ ঘৰ আকৌ অপবিত্ৰ নহয়।”

 ৰমানাথ থৰ হ’ল। অলপ পিচত কিবা ক’ব খোজোঁতেই স্বৰ্ণই পদূলিৰ ফাললৈ আঙ্গুলিয়াই ক'লে –“ওলা বুলিছোঁ নতুবা ফল ভাল নহব।"

 ৰমানাথে একো ক'ব নোৱাৰিলে। ধীৰে ধীৰে ওলাই এখোজ এখোজকৈ আকাশ-পাতাল গুণি যাবলৈ ধৰিলে। [ ৭৯ ] সাতসৰী। ৭১ { দিন স্বর্ণ আহি যন্ত্ৰীৰ আহী হয়, সেই দিনাৰ পৰাই

  • এনে কুতাৰ মনত ৰাখিছিল। স্বর্ণই তেওঁৰ লগত বন্ধুভাবে
  • -ৰতৰা পক্স দেখি আৰু তেওঁৰ আগমনত আনন্দ পােৱ

বুজি দিনে দিনে ৰমাৰ আশা বাঢ়ি গৈছিল। স্বর্ণ ক বিয়া

  • পাৰিলেণ্ডৰ কেনে সুখ , ঘাইকৈ কিমান ধন লৈ

৫ ০ ১ । । । রুতি ভাবিছিল। স্বৰ্ণৰ লগত হমান

  • * * * খালজি নত খেলাইছিল যে স্বর্ণই তেওঁক

। গr । * * *। বাৰেহে তেওঁক নিলগাই | ৪ * * * আগঞ্জ উ স্থিত। ৰমাই জাহির

  • 1 * * । ৰ হানি নহৈ লাৰে ।

+ + + + জি , তাত তেওঁৰ অ পাস + + { - শনে আপুনি ভাবিবলৈ ধৰিলে - | পাতলে চাওঁতে এতিয়া এলো | *. জন তো মােৰ হাতৰ পৰা গলেই, জয়ন্তীৰে • * নাই। আকৌ এজনী বিয়া কৰালে যে কাকে

  1. , আজিৰ লাগিব। উ। স্বর্ণই মােক ইমান তুচ্ছ

২ খাওক, মই ইয়াৰ প্ৰতিশােধ ল’ম। তাই যদি মােৰু

  • বিলৈ ইচ্ছাই নাছিল ইমান দিন মােৰ লগত বন্ধু

কিয়? কোনাে সঙ্কোচ নৰখাকৈ মােৰ লগত কথা কাচ্চা কিয়? তাইৰ ছলনত পৰিয়েই মই জয়ন্তীক হেৰুৱাৰ

  • । তাইকো মই নেৰিছে, চাও তাই কিমান পানীৰ [ ৮০ ]

মাছ! তাইক মই দুশ্চৰিত্ৰা বুলি প্ৰচাৰ কৰিহে এৰিম। তেতিয়া দেখিম কোনে তাইক বিয়া কৰায়।"

 এনেকৈ ভাবি ভাবি ৰমানাথ গৈ আছে, এনেতে মানুহ এটা লৰি আহি তেওৰ ওচৰত ৰ'ল আৰু সেঁহাই-ফোঁপাই ক'লে⸺ "বেগাই আহাঁ, ঘৰত যি হ'ব লাগে হ'ল, জয়ন্তী ঢুকাল।

 ৰমানাথে মাথোন এটা দীঘল হুমুনিয়াহ কাঢ়িলে। তাৰ পিছত কপালত চপৰিয়াই কৈ উঠিলঃ⸺"কপাল।"

⸻⸻

<<পূৰ্বৱৰ্তী পৃষ্ঠা

[[|পৰৱৰ্তী পৃষ্ঠা>>]]