পৃষ্ঠা:সাতসৰী.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
সাতসৰী।


ই হঠাৎ উদয় হোৱা জন্মান্তৰৰ সোঁৱৰণিৰ কাৰণে নাইবা পদাৰ্থ-বিজ্ঞানৰ কোনো নিয়ম মতে হৈছিল কব নোৱাৰোঁ, কিন্তু আকৰ্ষণটো যে সময়ৰ লগে লগে বাঢ়ি আহিছিল সি নিশ্চয়।

(২)

 হৰিচৰণ এতিয়া এজন ধুনীয়া ডেকা। লিখা-পঢ়াত, সাংসাৰিক কাৰ্য্যত, আৰু পৰোপকাৰাদি সজ কামত আদৰ্শ স্বৰূপ। সংস্কৃত ইংৰাজী আৰু অসমীয়া সাহিত্যত ভাল ব্যুৎপত্তি আছে, দেশৰ কল্যাণ-সাধনত জীৱন উছৰ্গা কৰিবলৈকো প্ৰস্তুত। কিন্তু ইমানবোৰ সজ গুণ থকোতো বহুত মানুহে তেওঁক ভাল নাপায়। কাৰণ, তেওঁৰ মূৰত টিকনি নাই, কপালত ফোট নাই, উপবীত-বিহীন জাতিৰ লগত একে আসনতে বহে, জোতাৰ ভৰিৰে পানী⸻পানী কিয় জলপানো খায়। প্ৰেমৰ বিষয়তো তেওঁ শঙ্কটত উপস্থিত। তেওঁ প্ৰাণৰে সৈতে ভাল পায় শূদ্ৰ কন্যাক। সঁচাকৈয়ে শকুন্তলাৰ প্ৰতি দুষ্মন্তৰ, দময়ন্তীৰ প্ৰতি নলৰ, জুলিয়েটৰ প্ৰতি ৰোমিওৰ ভাল-পোৱা যেনে আছিল, ললিতাৰ প্ৰতি হৰিচৰণৰ ভাল-পোৱা তাতকৈ কোনো গুণেই কম নাছিল। পাৰ্থক্য মাথোন এয়েই যে তেওঁলোকে হা-হুমুনিয়াহ কাঢ়িছিল, মূৰ্চ্ছা গৈছিল আৰু কেতিয়াবা উন্মাদ হৈছিল; কিন্তু হৰিচৰণ নিশ্চল। বহুতো সজাতীয় ডাঙ্গৰ মানুহে তেওঁক ছোৱালী যাচিছিল, কিন্তু তেওঁ কোনো প্ৰস্তাবকেই গ্ৰহণ নকৰিলে।