ইফালে ললিতা। আহা! কি সুন্দৰী গাভৰু! কি মনােহৰ
সুঠাম শৰীৰ! খােজ কঢ়াত, কথা কোৱাত কেনে লনী।
পিন্ধা-উৰাত, খােপ বন্ধাত কেনে পৰিপাটী অথচ সৰল! ৰন্ধা-
বঢ়াত বােৱা-কটাত কোনে আঁৰ ধৰে? সচাঁকৈয়ে ললিতা
সুন্দৰী। আন সুন্দৰীৰ লগত এয়ে মাথােন অমিল যে তেওঁৰ
কথাই কথাই মিচিকিয়া হাঁহি মৰা অভ্যাস নাই; নতুন মানুহক
বাৰ জুমি চোৱাৰ কৌতুহল নাই ; নিজৰ ৰূপ-গুণৰ প্রদর্শনী
পাতিবলৈ আগ্রহ নাই আৰু নাই কোনাে বিষয়তে বাহ্যিক
আড়ম্বৰ। তেওঁৰ পাণি-প্রার্থী বহুতো ধনী-মানী ডেকা
ওলাইছিল—কিন্তু তেওঁ কাকো গ্ৰহণ কৰিবলৈ মান্তি নহল।
বাপেকেও কন্যাৰ মততেই ভৰ দিলে। সুখৰ বিষয় ললিতাৰ
বাপেক লক্ষ্মীধৰ কন্যাৰ মত নােলোৱাকৈ যেনে তেনে পাত্ৰত
কেচুৱা ছােৱালী অর্পণ কৰি হাৰমাল আঁতৰােৱা বিধৰ মানুহ
নাছিল। হায় ! যদি আটাইবােৰ বাপেকিয়েই তেনে হল-
হেঁতেন।
(৩)
এই দৰেই গ'ল বছৰচেৰেক। ললিতা আৰু হৰিচৰণ দুয়ােৰে যৌৱন ভৰপূৰ, দুয়ো অবিবাহিত; দুয়ো দুইকো প্ৰাণৰে সৈতে আৰাধনা কৰে; কিন্তু কাৰ্যত দুয়ো নিমাত। এজনেও ইজনৰ আগত কেতিয়াও এই বিষয়ে উলিওৱা নাই, কোনেও কাকো দোষাৰােপ কৰা নাই। দুয়ােৰে দেখা হলেও সৰু কালত হােৱাৰ