পৃষ্ঠা:সাতসৰী.djvu/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
সাতসৰী।


থোৱা কিছুমান মন্ত্ৰ ভুলকৈ মাতি টকাচেৰেক দক্ষিণা লৈ যজমানৰ অহিত চিন্তি আহে তেনে মানুহক বামুণ বুলি তেওঁ মানিব কিয়? আৰু মযেই বা মানিম কিয়? সিদিনা তুমি মোক হাকিমৰ জীয়েকক বিয়া কৰাবলৈ ধৰিছিলা, আৰু কৈছিলা যে তেওঁ এজন সদ্ব্ৰাহ্মণ। কিন্তু মই কওঁ, তেওঁতকৈ অব্ৰাহ্মণ কোনেৱেই হব নোৱাৰে। খাহী-পাঠাৰ ভেটী খাবলৈ পালে তেওঁ দোষীক নিৰ্দ্দোষ আৰু নিৰ্দ্দোষক দোষী কৰাটো মই নিজেই জানো।

 মোমায়েক।—সেই পাপিষ্ঠই তোক একেবাৰেই মুহিলে, তই শূদিৰ-শৰণীয়া হলি!

 হৰি।—দৰকাৰ দেখিলে হমেই। আগেয়েও ব্ৰাহ্মণ-শ্ৰেষ্ঠ ঋষিসকলে ব্ৰহ্মজ্ঞান ক্ষত্ৰিয় জনকৰ পৰাহে শিকিছিল। মনুৱেও তেনে শিক্ষাৰ বিধি দিছে আৰু মোৰ বিবাহো সমৰ্থন কৰিছে। আমাৰ শ্ৰুতি-স্মৃতিত মহা পণ্ডিত সকলে বোধ কৰো পোৱা নাই যে মনুৰ মতেই—

“শ্ৰদ্দধানঃ শুভাং বিদ্যামাদদীতাবৰাদপি।।
অন্ত্যাদপি পৰং ধৰ্ম্মং স্ত্ৰী দুষ্কুলাদপি॥” ২৩৮॥
প্ৰিয়ো ৰত্নান্যথো বিদ্যা ধৰ্ম্মঃ শৌচং সুভাষিতম্।
বিবিধানি ঢ শিল্পানি সমদেয়ানি সৰ্ব্বতঃ॥ ২৪০॥
    মনু—দ্বিতীয়োহধ্যায়ঃ

তাৰ উপৰি সেই মনুৰ ওচৰাউচৰি সময়তে চন্দ্ৰগুপ্তই গ্ৰীক সেনাপতি চিলিউকচৰ কন্যাক বিবাহ কৰাইছিল; তথাপি তেওঁৰ প্ৰধান সচিব মহা পণ্ডিত চাণক্যই দেখোন তাত ব্যাঘাত জন্মোৱা