পৃষ্ঠা:সাতসৰী.djvu/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাতসৰী।


ছিল। ৰঘুনন্দন আৰু পীতাম্বৰৰ দিনতে চিলাৰাযে মুছলমান ছোৱালী বিয়া কৰাই কেনেকৈ হিন্দু হৈ আছিল, কোৱাঁচোন।

 হৰিৰ কথা শুনি শাও-শপনি দি মোমায়েক গুচি গ'ল।

(৬)

 যথাসময়ত বিয়াৰ আয়োজন হল। নিমন্ত্ৰিতসকলৰ ভিতৰত দিনচেৰেক শিক্ষিত ডেকা মাথোন উপস্থিত আছিল। হৰিয়ে সকলোকে সম্বোধন কৰি কবলৈ ধৰিলে;⸺বন্ধুসকল! আজি আপোনাসকলৰ এই মহানুভবতা দেখি মই সচাঁকৈয়ে আনন্দ পাইছোঁ। আশা কৰোঁ আপোনালোকৰ এই সহানুভূতি আন্তৰিক। আপোনালোকে আজি মোৰ বিবাহত যোগ দিয়াটো মোৰ সৌভাগ্য; কিন্তু ইয়াৰ পিচত সমাজে আপোনালোকক দণ্ড দিবলৈ চেষ্টা কৰিব পাৰে, সভা-সমিতি পাতি আপোনালোকক সমাজ-চ্যুত কৰিবলৈ আগ বাঢ়িব পাৰে। সেই কাৰণে যদি আপোনালোকৰ কোনোবাই তেনে সমাজলৈ ভয় কৰিও বন্ধুতাৰ খাতিৰতহে আহিছে, তেন্তে মই মোৰ কাৰণে তেওঁক দণ্ডনীয় কৰিব নোখোজোঁ। আৰু যদি মোৰ কাৰ্য্য যুক্তি-যুক্ত বুলি ভাবিহে, আপোনাসকল আহিছে, তেন্তে আহক, আজিয়েই আমাৰ নতুন সমাজ গঠন কৰোঁ। তাৰ প্ৰথম পাতনি স্বৰূপে আজি জাতি-বৰ্ণ নিৰ্ব্বিশেষে সকলোৱে একেলগে একে পৰিয়ালৰ মানুহৰ দৰে জল-যোগ কৰক।

 সকলো মান্তি হল। সকলোৱে প্ৰতিজ্ঞা কৰিলে যে তেওঁ-