এই মানুহদলৰ প্ৰত্যেকেই স্বৰ্ণৰ প্ৰত্যেক কথা আৰু
প্ৰত্যেক খোজকেই লক্ষ্য কৰি নিজৰ সপক্ষে তাৰ ব্যাখ্যা কৰি
লৈছিল। এদিন হয়তো এজন কিবা ঔষধ বিচাৰি স্বৰ্ণৰ তালৈ
আহিল, তাৰ পিচত পথ্যৰ কথা সুধিবলৈ, তাৰ পিচত বেমাৰীৰ
অৱস্থাৰ কথা কবলৈ—এই অনুক্ৰমে চাৰি পাঁচবাৰ অহা-যোৱা
কৰি যেতিযা দেখিলে স্বৰ্ণই তেওঁৰ লগত কথা পাতি আমনি পোৱা
নাই, তেতিয়া নানা উপায়েৰে বন্ধুতা স্থাপনৰ দিহা উলিয়ালে।
যাৰ ঘৰত কোনো বেমাৰী নাই, সিও এনেয়েই কিবা এটা সাজি
পাৰি ব্যৱস্থা সুধিবলৈ অহা-যোৱা লগালে। আন কি দেশৰ
গণ্য মান্য স্বনাম প্ৰসিদ্ধ নেতা সকলেও এবাৰ স্বৰ্ণৰ লগত আলাপ
কৰিবলৈ চেলু নিবিচৰাকৈ নাছিল। দিনচেৰেকৰ পিচতে স্বৰ্ণৰ
তালৈ অহা-যোৱা কৰা মানুহৰ লেখ বহুতো হৈ পৰিল। যিবিলাক
মানুহ স্বৰ্ণৰ সৌন্দৰ্যyত মুগ্ধ অথচ নানা কাৰণত স্বৰ্ণৰ ওচৰ
চাপিবলৈ অসমৰ্থ, সিহঁতে স্বৰ্ণৰ বিৰুদ্ধে নানা প্ৰকাৰ কাহিনী
প্ৰচাৰ কৰিয়েই প্ৰবোধ মানিবলৈ ধৰিলে। তাৰ ফলত স্বৰ্ণ
দুশ্চৰিত্ৰা বুলি অলপ দিনতে জনাজাত হৈ পৰিল।
(২)
স্বৰ্ণৰ তালৈ ঘনাই অহা যোৱা কৰা মানুহবিলাকৰ ভিতৰত ৰমানাথ নামেৰে এজনৰ লগত স্বৰ্ণৰ বিশেষ সদ্ভাব থকা যেন দেখা গৈছিল।
ৰমানাথ এজন এন্ট্ৰেন্স ‘পাচ’ ডেকা। তেওঁ কাছাৰীৰ