ঘৰৰ পৰা নুঠা হব কিয় আৰু স্বৰ্ণয়েই বা তেওঁক এনে দৰে
ঘনিষ্ঠতা ৰাখিবলৈ দিব কিয়? ৰমানাথৰ চৰিত্ৰৰ ওপৰত জয়ন্তীৰ
আগৰে পৰা সন্দেহ আছিল, এতিয়া সি ডাঠ হৈ আহিল।
জয়ন্তীয়ে জানিছিল ৰমানাথ আৰু তেওঁৰ বাপেক দুয়ো অৰ্থ-
পিশাচ। সংসাৰত এনে কোনো জঘন্য কাম নাই, যিটো
তেওঁলোকে ধনৰ লোভত কৰিব নোৱাৰে। এইবোৰ দেখি-শুনি
জয়ন্তীয়ে বুজিছিল ৰমানাথ স্বৰ্ণৰ উপাৰ্জনৰ প্ৰেমত পৰি পৰোক্ষ
ভাবে স্বৰ্ণৰ প্ৰেমতো পৰিছে। প্ৰকৃত নিঃস্বাৰ্থ প্ৰেমৰ অনুভূতি
যে ৰমানাথৰ কেতিয়াও নহয়, সেইটো জয়ন্তীৰে ভালকৈ জনা
আছিল।
(৪)
ইমান দিন জয়ন্তীয়ে দুৰ্ব্ব্যৱহাৰকেই পাই আহিছে, তাৰ ফলত তেওঁৰ শৰীৰ ৰুগ্ন⸺ জীৰ্ণ শীৰ্ণ। তথাপি লৰা-ছোৱালী দুটিলৈ চাই, স্বামীৰ মুখলৈ চাই, দিনৰ দিনটো কোনো আপত্তি নকৰাকৈ ঘৰুৱা কাৰ্য্য কৰি ফুৰিছিল। এনে অৱস্থাতো ৰমানাথে এদিনলৈকো জয়ন্তীৰ বিষয়ে চিন্তা কৰা নাছিল; জানোচা ঔষধ কিনিব লগা হয়, তেওঁৰ পইচা খৰছ কৰিব লগাত পৰে। পইচা খৰচৰ ভাৰটো ৰমনাথে মনলৈকে আনিব নোৱাৰে। অৱশ্যে পৰৰ পালে হলে জ্বৰৰ গাৰেও নেৰে; সেই কাৰণেই তেওঁৰ দৰে চৰিত্ৰৰ লগৰীয়াৰ লগত পৰৰ খৰচত পোৱা মদো দুই এটোপাকৈ ৰমাৰ পেটত সোমায় আৰু মাজে মাজে আলি খাৱৈত