তেওঁ তেতিয়া ৰোগিণীৰ ওচৰত বহি শুশ্ৰুষা কৰিবলৈ ধৰিলে,
দুপৰৰে পৰা তেনেকৈ থাকি সন্ধ্যা সময়ত ঘৰলৈ উলটিল।
স্বৰ্ণই ঘৰত সোমায়েই ৰমানাথক দেখা পালে। স্বৰ্ণৰ পেটে পেটে বৰ খং উঠিল। ৰমানাথৰ অদ্ভুত আচৰণ তেওঁৰ মনত কেনেবা লাগিল। ঘৰত তেওঁৰ ভাৰ্য্যাৰ আসন্ন মৃত্যু উপস্থিত, অথচ তেওঁ মানুহ নোহোৱা ঘৰত খাপ দি আছে। স্বৰ্ণৰ মনত আগৰে পৰা যি সন্দেহৰ ছাঁ পৰিছিল, সি আজি পূৰ্ণ হৈ উঠিল। স্বৰ্ণই বুজিলে কিবা এটা ভীষণ স্বাৰ্থৰ নিমিত্তে ৰমাই এনে কৰিছে। তেওঁ বিৰক্তিৰ সুৰেৰে ততালিকে কৈ উঠিল⸻ “ই কি কথা! ই তোমাৰ কেনে আচৰণ! তোমাৰ পত্নীৰ অন্তিম দশা উপস্থিত আৰু তুমি নিশ্চিন্ত মনে ইয়াত বহি আছাহি। যোৱা বেগাই যোৱা, ময়ো অলপ পিচতে যাব লাগিছোঁ।”
ৰমাই কলে⸻“যেতিয়া মৰাটোৱেই ঠিক, তাত আৰু লৰা- লৰিয়েই বা কি, আলম-বিলমেই বা কি?”
স্বৰ্ণ। মৰাটো ঠিক বুলিনো তুমি কেনেকৈ জানিলা? আৰু সেয়ে হলেও তুমি জানা নে স্বামীৰ মুখ চাই মৰাটো তিকতাই কিমান ভাগ্যৰ কথা বুলি ভাবে?
ৰমা। তোমাৰ নামটি যেনে মধুৰ কথাও তেনে সোৱাদ লগা। যি তোমাৰ এই মধুময় নামটি ৰাখিছিল তেওঁক লগ পোৱা হলে নিশ্চয় মই ধন্যবাদ দিলোহেঁতেন।
স্বৰ্ণ। যোৱাঁ, ই চুপতিৰ সময় নহয়। সি ফালে বা ইয়াৰ ভিতৰতে কি হৈছে।