পৃষ্ঠা:সাতসৰী.djvu/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
সাতসৰী।


বাগৰি নাইবা জয়ন্তীৰ ওপৰত পাশবিক অত্যাচাৰ কৰি তাৰ গৌৰব ঘোষণা কৰে।

 জয়ন্তীয়ে ইমান দিন ইমান অত্যাচাৰ নীৰবে সহ্য কৰিছিল; স্বামীৰ দৰ্শনতেই দুখৰ কিছু উপশম হৈছিল, কিন্তু এতিয়া সিও দুষ্কৰ হৈ পৰিল, তেওঁৰ প্ৰাণত সমূলি শান্তি নোহোৱা হ'ল। আবেলি বাটলৈ চাই চাই যেতিয়া ৰমাৰ প্ৰত্যাগমনৰ আশাত জলাঞ্জলি দি পাটীত পৰি নীৰৱে চকু-লো টোকে, তেতিয়া জগৎ তেওঁৰ পক্ষে অন্ধকাৰময় হৈ উঠে! সকলো অত্যাচাৰ-অবিচাৰৰ বোজাই দহ গুণ জোৰেৰে চেপি ধৰে। কিন্তু কি হ’ব! তেওঁৰ যন্ত্ৰণা তো তেওঁৰ স্বামীয়ে নুবুজে! শেহত তেওঁ সকলোৰে শপত দি ৰমাক অফিচ ছুটি হোৱাৰ পিচতে ঘৰলৈ আহিবলৈ খাটিলে, কিন্তু ৰমাই তেওঁৰ অনুৰোধ উপেক্ষা কৰিলে। জয়ন্তীৰ সকলো অনুনয়-বিনয় অৰণ্য-ৰোদনত পৰিণত হল।

 জয়ন্তীৰ আৰু সহ্য নহ'ল। আগেয়ে যি সামান্য আহাৰেৰে জীৱনধাৰণ কৰিছিল, এতিয়া তাৰ প্ৰতিও বিতৃষ্ণা জন্মিল; লগে লগে সেই ম্ৰিয়মানা কঙ্কালাবশিস্টা জয়ন্তীৰ জীৱনী শক্তি যিটি কণিকা অৱশিষ্ট আছিল, সিও লাহে লাহে ক্ষয় হৈ আহিল। অৱশেহত তেওঁ শয্যা এৰিব নোৱৰা হ'ল। ৰমানাথ কিন্তু এতিয়াও উদাসীন; এতিয়াও তেওঁ বেচি সময় স্বৰ্ণৰ ঘৰতে কটায়।

(৫)

এদিন স্বৰ্ণ ৰমানাথৰ ঘৰলৈ গৈছিল। গৈ দেখিলে জয়ন্তী