পৃষ্ঠা:সাতসৰী.djvu/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
সাতসৰী।


এদিনৰ ভিতৰতে স্বৰ্ণৰ চৰিত্ৰৰ সমালোচনা সকলোৰে মুখে মুখে হ'ল।

 স্বৰ্ণৰ চৰিত্ৰৰ সম্পৰ্কে কোনো মতামত দিবলৈ আমি সমৰ্থ নহওঁ; কাৰণ আমি নিজে তাৰ একোকে নাজানো, আৰু নানা মুনিৰ নানা মত একে মূলত মিলাবৰ কোনো উপায় নাই। অৱশ্যে, অনুমানৰ কথা ক'লে যদি দোষ নহয়, তেন্তে ক’ব পাৰোঁ যে এইবোৰ সমালোচনাৰ মূল স্বৰ্ণৰ সৌন্দৰ্য, চলন-ফিৰণৰ নতুনত্ব, আৰু সমালোচকৰ দুষ্প্ৰবৃত্তি।

 স্বৰ্ণৰ বযস মুঠেই উনৈচ কি কুৰি; দেখাত সুন্দৰী, মুখখন গঢ়িত, চকু দুটা অলপ দীঘলীয়া, গাল দুখন পূৰ, চুলিটাৰ ক'লা আৰু দীঘল। স্বৰ্ণ এতিয়াও অবিবাহিতা; তেওঁৰ মূৰত ওৰণি নাই, ফুৰা-চকাত লুকুঢুক নাই, আন কি যেই সেই মানুহৰ লগত কথা পাতিবলৈকো সঙ্কোচ নাই। তেওঁৰ ঘৰত প্ৰাযেই গান-বাজনাৰ ৰোল শুনিবলৈ পোৱা গৈছিল। এই খিনি কথাৰ ওপৰতে নিৰ্ভৰ কৰি স্বৰ্ণৰ চৰিত্ৰৰ ওপৰত নিৰ্ভুল মতামত প্ৰকাশ কৰিব পাৰি নে নোৱাৰি ক'ব নোৱাৰোঁ, কিন্তু ডেকা আৰু আদহীয়া বিলাকে হলে আবেলি ফুৰিবলৈ যাওঁতে নাইবা গধূলি তাচ-পাশাত বহোঁতে সততে তেওঁৰ সমালোচনাত মন-গা এৰি দিছিল। তেওঁলোকৰ সৰহ ভাগেই স্বৰ্ণৰ সৌন্দৰ্য্যত মুগ্ধ হৈছিল আৰু স্বৰ্ণৰ চৰিত্ৰ যেনে হ'লে, তেওঁলোকৰো উদ্দেশ্য সিদ্ধি হ’ব পাৰে, ঠিক তেনে ভাবেই গ্ৰহণ কৰিছিল। আমাৰ কিন্তু সন্দেহ হয়—স্বৰ্ণ দুশ্চৰিত্ৰা হোৱা হ'লে, এই মানুহবিলাকৰ অন্ততঃ কিছুমানে প্ৰাণত শান্তি পালেহেঁতেন।