স্বৰ্ণৰ মুখ-ভঙ্গীত এটা খং আৰু বিৰক্তৰ ভাব প্ৰকাশ হৈ
পৰিল।
ৰমাই ক'লেঃ⸺“মৰাটো কোনেও ধৰি ৰাখিব নোৱাৰে। তাৰ উপৰি নিজে যন্ত্ৰণা ভোগ কৰি আনকো যন্ত্ৰণা দি জীয়াই থকাতকৈ মৰাই ভাল। তেনে মানুহ মৰাত লোকচান নাই, বৰং লাভহে আছে?
স্বৰ্ণৰ খং উঠিল; কঠুৱা মাতেৰে ক'লে⸺তাত তোমাৰ লাভহে আছে?
ৰমা।⸺অকল মোৰ নহয় তোমাৰো।
স্বৰ্ণ।⸺কাৰ? মোৰ লাভ?
ৰমা।⸺নিশ্চয়। তেতিয়া আমাৰ বাটৰ পৰা কাঁইট গুচিব।
স্বৰ্ণৰ মুখৰ বৰণ একেবাৰেই সলনি হ’ল; চকুৰ পৰা জুইৰ আঙ্গনি ওলাবলৈ ধৰিলে। অতি তীব্ৰ সুৰেৰে ক'লেঃ⸺“ওলা, এই মুহুৰ্ততে তই মোৰ ঘৰৰ পৰা বাহিৰ হ। সাৱধান। যেন তোৰ দৰে পাপীৰ স্পৰ্শত মোৰ ঘৰ আকৌ অপবিত্ৰ নহয়।”
ৰমানাথ থৰ হ’ল। অলপ পিচত কিবা ক’ব খোজোঁতেই স্বৰ্ণই পদূলিৰ ফাললৈ আঙ্গুলিয়াই ক'লে –“ওলা বুলিছোঁ নতুবা ফল ভাল নহব।"
ৰমানাথে একো ক'ব নোৱাৰিলে। ধীৰে ধীৰে ওলাই এখোজ এখোজকৈ আকাশ-পাতাল গুণি যাবলৈ ধৰিলে।