সাতসৰী/চোৰ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
[ ১৬ ]

চোৰ।
(১)

 তেতিয়া চঞ্চল মিচিকিয়া হাহি বসুমতীৰ ৰঙ্গচুৱা ওঁঠ এৰি আতৰি গৈছিল; ফুল-বছা আকাশী ওৰণিৰ তলত গালৰ গোলাপী ৰহণ শেতা হৈ পৰিছিল; কলকণ্ঠ বিহগৰ কোমল সঙ্গীত ক্ৰমশঃ ক্ষীণ হৈ আহি নিস্তদ্ধতাত মাৰ গৈছিল; আৰতিৰ মধুৰ ধ্বনিয়ে ভক্তৰ প্ৰাণত ঈশ্বৰ-প্ৰেমৰ সোঁত বোৱাইছিল; হজুৱা মানুহে কামৰ সঁজুলি ভাৰ বান্ধি ঘৰলৈ খোজ লৈছিল, আৰু ভাল মানুহবিলাকে প্ৰকৃতিৰ অস্থিৰ আচলৰ জুৰ বতাহত গা ঘেলাইছিল।

 এই সমীৰণ-সেবীসকলৰ ভিতৰত এজন ডেকা অতি লাহে লাহে ফুৰিছিল। তেওঁৰ কপালত চিন্তাৰ ৰেখা জিলিকি পৰিছিল আৰু মূৰ দোঁ খাইছিল। ডেকাজনৰ গঢ়-পিত চকুত-লগা; মুখখন যদিও শেঁতা, তথাপি সুগঠিত আৰু ল-নি; কাপোৰ-কানি অলপীয়া মূল্যৰ হলেও পৰিষ্কাৰ আৰু পৰিপাটি। তেওঁ সেই একে খোজেৰে অলপ সময় ফুৰাৰ পিচত নন্দেশ্বৰ বৰুৱাৰ পদূলিয়েদি সোমাই গ'ল। নন্দেশ্বৰ বৰুৱা তেতিয়া ঘৰত নাছিল; তিৰুতা মানুহৰ লগত চ’ৰা ঘৰৰ সম্বন্ধ নাই বুলিলেই হয়। তেওঁ কাকো নেদেখি নিজে নিজে মাচিয়া এখন টানি লৈ চৰা ঘৰতে বহিল আৰু মেজৰ ওপৰত থকা বাতৰি কাকত এখন লৈ ওপৰে ওপৰে চকু ফুৰাবলৈ ধৰিলে। তেওঁ এনেকৈ থাকেঁতেই লাহে [ ১৭ ] লাহে দহ মিনিট, পোন্ধৰ মিনিট, কুৰি মিনিট, আধা ঘণ্টা পাৰ হৈ গ'ল; কিন্তু নন্দেশ্বৰ তেতিয়াও ঘূৰি নাহিল। তেওঁ কাকতখন আকৌ মেজৰ ওপৰতে থৈ যাবলৈ ওলাল। হঠাৎ তেওঁৰ চকুত পৰিল,—এটা জালমোনা; মোনাৰ ভিতৰৰ পৰা পৰিষ্কাৰ ৰৌপ্য মুদ্ৰাৰ শ্বেত ৰশ্মি বাহিৰ হৈ জিলিকি আছে। দেখা মাত্ৰেই তেওঁৰ গাত কিবা এটা অপূৰ্ব্ব উত্তেজনাৰ বিজুলী-সোঁত বৈ গ'ল; গোটেই শৰীৰ কঁপি উঠিল; কিবা এটা দৈৱিক শক্তিয়ে যেন তেওঁৰ সংজ্ঞা হৰণ কৰিল। তেওঁ মোনাটো হাতত লৈ লাহে লাহে বাহিৰ ওলাল; দোখোজমান যোৱাৰ পিচত কিবা এটা ভাবি হঠাৎ থমক খাই ৰ'ল; যেন কিবা এটা অদৃশ্য ছবি দেখি তেওঁ ভয় খালে। তাৰ পিচত তেওঁ আকৌ যাবলৈ ধৰিলে; লাহে লাহে বেগ বেচি হৈ আহিল আৰু শেহত প্ৰাণ-কাতৰে লৰিবলৈ ধৰিলে। তেতিয়া চাৰিওফালে আন্ধাৰ হৈছিল; অলপ পিচতে তেওঁ সেই আন্ধাৰৰ অঙ্গ হৈ পৰিল।

  ডেকাজন উচ্চবংশীয়। তেওঁৰ উপৰি পুৰুষসকল ধনী, মানী আৰু প্ৰতাপী আছিল; ⸻ এতিযাও তেওঁলোকৰ বংশৰ প্ৰতিপত্তি শুনিবলৈ পোৱা যায়। কি কালৰ কুটিলা গতি! চিৰকাল কাৰো সমানে নাযায়। তেওঁৰ পিতামহৰ দিনতে তেওঁলোকৰ পূৰ্ব্ব-গৌৰৱৰ অন্ত পৰল। তেওঁৰ পিতৃ-পুৰুষ যদুনাথ ফুকন যদিও সকলো পৈতৃক গুণৰ অধিকাৰী হৈছিল, তথাপি পৈতৃক ধন-সম্পত্তিৰ অধিকাৰী হবলৈ নাপালে। সেই কাৰণে ধনৰ লগে লগে তেওঁৰ মান-সম্মানৰ তাৰতম্য ঘটি আহিল। [ ১৮ ] যদুনাথে ত্ৰিচ টকীয়া আমোলা হৈ বৰ কষ্টেৰে কাল কটাবলৈ ধৰিলে। এনে দুখময় সংসাৰৰ বোজা লৈ তেওঁৰ একমাত্ৰ মাতৃহীন সন্তান ৰঘুনাথক 'এণ্ট্ৰেন্স পাচ’ কৰোৱা তেওঁৰ পক্ষে কিমান কস্টকৰ হৈছিল, তাক সহজে অনুমান কৰিব পাৰি। তথাপি তেওঁ পুতেকক কলেজলৈ পঠিয়ালে।

 কলেজত ৰঘুনাথৰ প্ৰায় এবছৰ হওঁ হওঁ; চহৰ বন্ধলৈ মুঠেই দুসপ্তাহ বাকী;⸺এনেতে তেওঁ বিদুলী-ডাকত বাতৰি পালে যে তেওঁৰ পিতাকৰ টান নৰিয়া, তেওঁৰ উপস্থিতিৰ নিতান্ত আৱশ্যক।

 বাতৰি পাই ৰঘুনাথৰ গোটেই শৰীৰ কঁপি উঠিল;— যেন তেওঁৰ দেহ-বন্ধন ছিন্ন হৈ গ'ল;— হৃদয়-তন্ত্ৰীত এটি শোকময় সুৰ বাজি উঠিল, বিষাক্ত চকু-লো টপ্‌-টপকৈ বাগৰি দুয়ো গাল তিয়াই পেলালে। তেতিয়াই তেওঁ ঘৰলৈ যাবলৈ প্ৰস্তুত হ’ল আৰু আবেলি জাহাজত উঠিল।

 পিচ দিনা ৰঘুনাথে ঘৰ পালেহি। কিন্তু ঘৰ পাই কি দেখিলে! দেখিলে,—সংসাৰৰ একমাত্ৰ আশ্ৰয় তেওঁৰ স্নেহময় পিতাৰ অন্তিম অৱস্থা। হায়! এয়েনে ৰঘুৰ ললাটৰ লিখন।

  *  *  *  *

 দুৰ্ভগীয়া ৰঘুক সংসাৰত আশ্ৰয়শূন্য আৰু সম্বলবিহীন কৰি তেওঁৰ পিতৃয়ে চিৰকালৰ নিমিত্তে চকু মুদিলে। ৰঘুৱে শ্ৰাদ্ধাদি [ ১৯ ] কাৰ্য্য যথানিয়মে সমাধা কৰি সংসাৰৰ গুৰু ভাৰ কান্ধত ললে। কিন্তু হায়! এই ভাৰত যে চাৰি শ টকা ধাৰৰ বোজা এটাও আছে! সেই যদুনাথ মৰিল, টকাৰ গৰাকীয়ে দিনৌ ৰঘুক আমনি কৰিবলৈ ধৰিলে , কিন্তু তেওঁ দিয়ে কৰ পৰা! তেওঁ যে কৰ্পদ্দক-হীন! তেওঁ নিৰুপা্য়, হৈ উত্তমৰ্ণক কাকূতি মিনতি কৰি দুবছৰমান বাট চাবলৈ ধৰিলে; কিন্তু দুখীয়াৰ প্ৰতি কোনে চকু মেলি চায়! তেওঁ সমূলি অপেক্ষা নকৰি আদালতৰ সাহায্যেৰে টকা ডিক্ৰী কৰালে। এতিয়া ৰঘুৰ মহা শঙ্কট উপস্থিত হল। টকা দিব নোৱাৰিলে যে পৈতৃক মাটি-ভেটিও যাৰ! তেওঁ ধনী মানুহৰ ঘৰে ঘৰে ধন বিচাৰি ফুৰিলে; কিন্তু ফলত অপমানৰ বাহিৰে আন একো নাপালে; ৰঘুৰ সজ চৰিত্ৰ, সজ গুণে একো কাম দিব নোৱাৰিলে। সেই দেখিহে দুখীয়া কবিযে দুখ আৰু অভিমানেৰে এদিন টানি কৈছিল, “দাৰিদ্ৰ্য-দোষো গুণৰাশিনাশী।”

 ৰঘুৰ ঘৰৰ পৰা অলপ দূৰৈতে নন্দেশ্বৰ বৰুৱাৰ ঘৰ। নন্দেশ্বৰ এজন ধনী মানুহ, কিন্তু অৰ্থ-পিশাচ। তেওঁৰ পুত্ৰ নাই; একমাত্ৰ কন্যা যমুনায়েই তেওঁৰ যথাসৰ্ব্বস্ব আৰু উত্তৰাধিকাৰিণী। তথাপি তেওঁক ধনকেহে লাগে; ধনেই তেওঁৰ সুখ- শান্তিৰ স্থান, ধনেই তেওঁৰ জীৱন-সঙ্গী। আৰ্চী যেন নিৰ্ম্মল ৰৌপ্য মুদ্ৰাৰ সংঘষত তেওঁ আপোন-পাহৰা হয়; তাৰ মধুৰ ধ্বনিয়ে তেওঁৰ শ্ৰৱনেন্দ্ৰিয়ৰ ওপৰত একাধিপত্য স্থাপন কৰে। নিজৰ গাৰ তেজ-মঙ্গহতকৈও টকাহে যেন তেওঁৰ প্ৰিয়। বয়স [ ২০ ] তিনি কুৰিৰ ওচৰ চাপিছে, দাঁত সৰহখিনি সৰিছে, মূৰৰ চুলি বগা হৈছে, কিন্তু ধন ঘটিবৰ হেপাহ হলে তেওঁৰ অলপপ কমা নাই। যেনে উপায়েৰেই হওক টকা পাবৰ সুবিধা দেখিলে তেওঁ নেৰে; যেন ধনেই তেওঁৰ ইহ-পৰকালৰ লগৰীয়া! এই নন্দেশ্বৰৰ পৰা সাহায্য পোৱা অসম্ভব বুলি ভাবিয়েই ইমান দিনলৈকে ৰঘু তেওঁৰ ওচৰ চপা নাছিল; কিন্তু সকলো ঠাইতে বিফল-মনোৰথ হৈ এবাৰ তেওঁৰ ওপৰলৈকো যাবলৈ ৰঘুৱে স্থিৰ কৰিলে। ৰঘুনাথে নন্দেশ্বৰৰ ওচৰত প্ৰথমে সাহায্য নিবিচৰাৰ আৰু এটা কাৰণ আছিল। কেইবা বছৰৰ আগৰে পৰা ৰঘুৰ অন্তৰত এটা বাসনাৰ অংকুৰ বাঢ়িব লাগিছে;—সেইটো হৈছে চিৰকালৰ নিমিত্তে যমুনা-সলিলত তেওঁৰ অৱগাহন। যমুনাৰ পৰাও সে তাৰ অনুকুল উচ্ছ্বাস উত্থিত হৈছিল, তাত সন্দেহ নাই। এতিয়া তেওঁৰ ভয়,—জানোচা তেওঁৰ দুদ্দশাৰ কথা শুনিলে যমুনাৰ মন সলনি হয়। তথাপি বহুত ভাবি-চিন্তি মৰ সাহ দি আজি তেওঁ নন্দেশ্বৰৰ ঘৰ পালেগৈ আৰু অৰক্ষিত ধনৰ মোনা তুলি লৈ প্ৰস্থান কৰিলে।

 ৰঘুৱে ঘৰ পাই পোনেই ধনৰ মোনাটো চন্দুকত ভৰালে; তাৰ পিচত পাটীত দীঘল দি পৰিল। তেওঁৰ গোটেই গা ঘামেৰে বুৰি গল; মনলৈ নানা চিন্তা আহিবলৈ ধৰিলে;—অতীত, বৰ্তমান আৰু ভবিষ্যতৰ কত মনোহাৰিণী আৰু বিভীষিকাময়ী মুৰ্ত্তি আহি [ ২১ ] সম্মুখত উপস্থিত হ’ল,—তাৰ সংখ্যা নাই। ক'ত সেই বাল্যকাল, যমুনাৰ লগত নিৰ্দ্দোষ ধেমালি! ক’ত এই দুখময় সাংসাৰিক জীৱন,—ঘৃণিত চৌৰ্য্যবৃত্তি! ক'ত সেই স্নেহময়ী জননীৰ স্বৰ্গীয় কোলা, জনকৰ স্নেহৰ চুম্বন, আৰু ক'ত এই সংসাৰৰ যন্ত্ৰণাময় কাৰাগাৰ,—পাপৰ আলিঙ্গন। ভাবোতে ভাবোতে মূৰ ঘূৰি গ'ল, তথাপি ভাবনাৰ অন্ত নপৰিল। এবাৰ ৰঘুৱে ভাবিলে, —“মই কি কৰিলোঁ? কিয় এক মুহুৰ্ত্ততে মোৰ মান-সম্ভ্ৰম, আত্ম-গৌৰৱত জলাঞ্জলি দিলোঁ? যাওক, সকলো যাওক, আকৌ টকাখিনি থৈ আহোঁগৈ। তেওঁ শোৱাৰ পৰা উঠি বহিল। আকৌ ভাবিলে—“নহয়, নিদিওঁ। এই টকাৰ অভাৱত নন্দেশ্বৰ বৰুৱাৰ একো কষ্ট নহয়; কিয়নো, তেওঁৰ হাতত থাকিলেও ই তেওঁৰ চন্দুকত নাইবা মাটিৰ তলত হে সোমাই থাকিব; তেওঁতো খৰচ নকৰে। আৰু মই তো চুৰ কৰা নাই, পৰম পিতাক সাক্ষী কৰি ধাৰলৈ আনিছোঁ; যিমান সোনকালে পাৰোঁ, পৰিশোধ কৰিবৰ চেষ্টাত থাকিম।”

 টকা গ্ৰহণ কৰিবলৈ ঠিক কৰি ৰঘুৱে চন্দুকটো মেলিলে; টকাখিনি উলিয়াই লেখিবলৈ ধৰিলে। মোনাত মুঠ ছশ টকা আছিল। তেওঁ লেখি বুজি টকাখিনি আকৌ চন্দুকত ভৰালে। সেই দিনা আৰু ৰঘুৰ খোৱা-বোৱা নহল, আকৌ পাটীত পৰি

চিন্তা-সাগৰত টলংভটং কৰিবলৈ ধৰিলে।। [ ২২ ]

(৪)

ৰাতিপুৱা যমুনাৰে সৈতে ৰঘুৰ সাক্ষাৎ হ’ল। যমুনাক দেখা মাত্ৰেই তেওঁৰ হৃৎপিণ্ড কঁপি উঠিল কিন্তু সেই কঁপনি আগৰ দৰে আবেগ-চকিত নহয়; তেওঁৰ মুখমণ্ডলত এটি বিষাদৰ কালিকাময়ী মুৰ্ত্তি। যমুনাৰ চকুতো আজি আগৰ দৰে বাসনা- বিহ্বল বিলোল কটাক্ষ নাই; ওঁঠত ফুটন্ত কুসুমৰ মধুৰিমাময়ী মিচিকিয়া হাঁহি নাই; বুকুত কঁপনি উঠিলেও তাৰ মূলত আবেগৰ নিৰ্ঝৰিণী নাই। যেন সম্মুখত কোনোবা প্ৰেত-যোনিৰ আবিৰ্ভাব দেখি তেওঁলোকৰ শিৰৰ তেজ গোট মাৰিছে!

 কপি কঁপি ৰঘুৱে মাতিলে,—“যমুনা!”

 যমুনা।—প্ৰিয়তম!

 ৰঘুৰ হিয়াত আকৌ এটা খুন্দা লাগিল; তেওঁ কোনো উত্তৰ দিব নোৱাৰিলে।

 যমুনাই কলে,—“প্ৰিয়তম, আজি আপোনাৰ অৱস্থাৰ এনে পৰিবৰ্ত্তন দেখি মোৰ প্ৰাণ কান্দি উঠিছে। বুজিছোঁ আপোনাৰ প্ৰতি দৈব প্ৰতিকূল। কিন্তু ধৈৰ্য্য ধৰক প্ৰিয়তম, সুযোগ বিচাৰি লৈ পুৰুষাৰ্থ কৰক; আকৌ আপোনাৰ সুখৰ সময় আহিব।”

 ৰঘুৱে ভাবিছিল যে, যমুনাই তেওঁৰ বিষয়ে একো শুনা নাই। এতিয়া তেওঁ যমুনাৰ কথা শুনি লাজতে মৰা প্ৰায় হল; মুখৰ মাত হৰিল। [ ২৩ ]  যমুনাই ক'লে—“প্ৰিয়তম, আপুনি বিপদত পৰি নিজক নিজে ঘিণ কৰিছে; কিন্তু সংসাৰত উঠা-পৰা স্বাভাবিক নিয়ম। আপুনি এতিয়া যেনে-তেনে বৰ্ত্তমান বিপদৰ পৰা উদ্ধাৰ পাবলৈ চেষ্টা কৰক। এনে সুদিন আহিব পাৰে, যি দিনা আপুনি আকৌ আগৰ ধন, মান, প্ৰতিপত্তি লাভ কৰিব পাৰিব।”

 ৰঘু।—“যমুনা, সংসাৰত নিৰাশ্ৰয় দীন-হীন এই অভাগাক তুমি এতিয়াও ভাল পাব পাৰিবা নে?”

 যমুনাৰ দুয়োখনি গাল ৰঙ্গা হৈ উঠিল, লাহেকৈ ক'লে— “যমুনা অসতী নহয়। যেনে অৱস্থাতে থাকোক আপুনিয়েই মোৰ প্ৰাণেশ্বৰ।”

 ৰঘু।—যমুনা, ক্ষমা কৰিবা। আজিহে মই তোমাৰ মহিমাময়ী মূৰ্ত্তি দেখিলোঁ। আজিৰ পৰা তুমিয়েই মোৰ জীৱনৰ ধ্ৰুব তৰা। তোমাৰ এই লাবণ্যময়ী প্ৰতিমা চকুৰ আগত ৰাখি তোমাৰ আদেশ-মতে সংসাৰৰ লগত যুদ্ধ কৰিম।

 তেতিয়া দুইৰো বিষণ্ণ বদনত ডাৱৰৰ মাজত বিজুলী-ৰেখাৰ দৰে এটি জিলিকনি পৰিল; দুয়ো দুইকো আলিঙ্গন কৰি মুখ- চুম্বনেৰে বিদায় ললে।

(৫)

 ৰঘুৱে চাৰিশ টকাৰে ধাৰ মাৰি বাকী টকা হাতত লৈ খেতি কৰিবলৈ মন মেলিলে। সেই সময়ত মৰাপাটৰ দাম বৰকৈ চৰিছিল। ৰঘুৱে প্ৰায় চাৰিপূৰামান মাটিত মৰাৰ খেতি আৰম্ভ [ ২৪ ] কৰিলে; অতি সুশৃঙ্খল ভাবে কাম চলিবলৈ ধৰিলে। দুবছৰৰ মূৰত ৰঘুৱে দেখিলে যে, তেওঁ এহেজাৰ টকাৰ গৰাকী। তেওঁ টকাখিনি উলিয়াই আনি নন্দেশ্বৰৰ মোনাটোত আঠ শ ভৰালে। তাৰ পিচত কাগজ এডোখৰত লিখিলে,—“এদিন ঠিক এই ঠাইৰে পৰা ঈশ্বৰক সাক্ষী ৰাখি মই ছশ টকা ধাৰ কৰিছিলোঁ, আজি বাঢ়িযে সৈতে তাক পৰিশোধ কৰিলোঁ। আশা কৰোঁ, ধনৰ গৰাকীযে মোৰ এই ধৃষ্টতা মাজ্জনা কৰিব।” লিখা হ'লত কাগজখনো মোনাতে ভৰালে! ঠিক আগৰ বাৰৰ সমান পৰতে হাতত মোনাটো লৈ নন্দেশ্বৰৰ ঘৰলৈ খোজ ললে; কিন্তু খোজে খোজে তেওঁৰ হিয়া কঁপিবলৈ ধৰিলে। লাহে লাহে ৰঘু গৈ নন্দেশ্বৰৰ ঘৰ পালে, চাৰিওফাললৈ চাই-চিন্তি চৰা ঘৰলৈ সোমাই গ'ল, ধীৰে ধীৰে ধনৰ মোনাটো যথাস্থানত স্থাপন কৰিলে। তাৰ পাচত তেওঁ লাহে লাহে তাৰ পৰা ওলাই আহিল। পদূলি মুখতে নন্দেশ্বৰৰ লগত ৰঘুৰ সাক্ষাৎ হ'ল; তেওঁৰ গোটেই গাটো বতাহত কলগছ কঁপা দি কঁপি উঠিল; মূৰ ওপৰলৈ তুলিব নোৱৰা হ’ল। নন্দেশ্বৰে মাত লগালে : —“কোন, ৰঘু নে?”

 সেপ ঢুকি ৰঘুৱে উত্তৰ দিলে,-“হয়।”

 ৰঘুৰ অৱস্থা দেখি নন্দেশ্বৰৰ মনত নানা প্ৰকাৰ সন্দেহ উপস্থিত হ'ল। ভাবিলে,—“নিশ্চয় ৰঘু কিবা এটা অসৎ উদ্দেশ্যেৰে তেওঁৰ ঘৰলৈ আহিছিল! অলপ পিচত তেওঁ আকৌ কলে,—“ যোৱা কলৈ? আহাঁ, অলপমান কথা বতৰাকে পাতোঁচোন।” [ ২৫ ]  ৰঘুৰ কঁপনি আগতকৈও বেচি হ’ল। সেপ ঢুকি ঢুকি ক'লে—“মোৰ এটা কাম আছে, বহিব নোৱাৰোঁ।” তাৰ পিচত আৰু অপেক্ষা নকৰি তাৰ পৰা আঁতৰি গল।

 ৰঘুৰ অৱস্থা আৰু গঢ়-গতি দেখি নন্দেশ্বৰৰ মনত বিষম সন্দেহ উপস্থিত হ'ল। তেওঁ পোনেই চৰা ঘৰত সোমাই সকলো বস্তু ঠিক আছেনে নাই চাবলৈ ধৰিলে। হঠাৎ তেওঁৰ চকুত পৰিল——হেৰোৱা টকাৰে সৈতে মেজৰ বুকত তেওঁৰ ধনৰ মোনাটো। তেওঁৰ অন্তৰাত্মা নাচি উঠিল। হায়! এই টকাৰ নিমিত্তেই তেওঁ কত দিন ভাত-পানী এৰি ব্যাকুল হ’ল! পুলিচৰ হতুৱাই কত অনুসন্ধান কৰালে! আজি দুবছৰ কত নিদ্ৰাহীন ৰজনী যাপন কৰিলে! আজি তেওঁ আনন্দত উত্ৰাবল হৈ উঠিল; এখন্তেকৰ নিমিত্তে আপোন-পাহৰা হ'ল। তাৰ পিছত ভাবিলে, -“ই নিশ্চয় ৰঘুৰ কাম : ঠিক কথা, সেই সময়ত ৰঘুৱে চাৰিওফালে ধাৰলৈ ধন বিচাৰি ফুৰিছিল আৰু আজিৰ ৰঘুৰ গঢ়-গতিয়েও তাকে প্ৰমাণ কৰে।”

 ধনৰ মোনাটো লৈ নন্দেশ্বৰ ভিতৰ সোমাল আৰু লেখি-বুজি টকাখিনি চন্দুকত ভৰালে। সেই সময়ত তেওঁৰ মনত কেনে ভাব খেলাইছিল, তাক আমি কোৱা অসম্ভৱেই, তেওঁ নিজেও বুজিব নোৱাৰিছিল। অলপ বেলি ৰ-লাগি থকাৰ পিচত তেওঁ বাহিৰ ওলাল আৰু প্ৰকৃত তথ্য জানিবৰ নিমিত্তে ৰঘুৰ ঘৰলৈ খোজ ললে। [ ২৬ ]  ৰঘুৰ কাৰ্য্য দেখি নন্দেশ্বৰে আচৰিত মানিলে। ৰাতি শোওঁতে তেওঁৰ টোপনি নাহিল, নানা প্ৰকাৰ চিন্তা-ভাবনাই অন্তৰত তোল পাৰ লগাবলৈ ধৰিলে; তেওঁৰ আৰু ৰঘুৰ চৰিত্ৰ ৰিজাই চাই, তেওঁ নিজক ধিক্কাৰ দিবলৈ ধৰিলে। হায়! তেওঁ অকল টকাৰ কাৰণেই কত পাশব কাৰ্য্যত মন-প্ৰাণ উছৰ্গা কৰিছে! কত দুখীয়াৰ মুখৰ টোপ কাঢ়ি আনিছে! কত কুট-নীতিৰ-কত ছল-চক্ৰান্তৰ আশ্ৰয় গ্ৰহণ কৰি, নিজক মানুহৰ শাৰীৰ পৰা তললৈ নমাইছে! অথচ তেওঁৰ একোৰে অভাব নাই। আন পক্ষে এটা সংসাৰত নিঃসম্বল ডেকাই অনায়াসে আঠ শ টকাৰ মায়া এৰি নিজৰ মান-সম্ৰম-মনুষ্যত্ব ৰক্ষা কৰিলে।

 যিমানেই ভাবিবলৈ ধৰিলে সিমানেই নন্দেশ্বৰৰ মন ঘূৰি আহিবলৈ ধৰিলে; জীৱনৰ অতীত বুৰঞ্জী তেওঁৰ মনত পৈশাচিক লীলা বুলি বোধ হ’ল, নিজক নিজে ঘিণাবলৈ ধৰিলে। ৰঘু-চৰিত্ৰৰ প্ৰবল আকৰ্ষণে তেওঁৰ আত্মাক চপাই নিলে; দিনে দিনে ৰঘুৰ প্ৰতি আপোন ভাব বাঢ়িবলৈ ধৰিলে। এটা কথা কিন্তু নন্দেশ্বৰে কেইবা দিনলৈকে স্থিৰ কৰিব পৰা নাছিল। তেওঁৰ টকা আছিল চন্দুকত, কিন্তু ৰঘুৰ কথা মতে তেওঁ সেই টকা মেজৰ ওপৰতহে পাইছিল। তেনেহলে তাক চন্দুকৰ পৰা মেজলৈ আনিলে কোনে? যমুনাৰো ইয়াত কিবা হাত আছে নে কি? যমুনাই পিতাকৰ অনুমান সঁচা বুলি স্বীকাৰ কৰিলে। [ ২৭ ]  ৰঘু আৰু যমুনাৰ ভালপােৱাৰ কথা নন্দেশ্বৰৰ কাণত বহুত দিনৰ আগেয়ে পৰিছিল; কিন্তু তেতিয়া তেওঁ ৰঘুৰ অৱস্থাক ইতিকিং কৰি যমুনাক ৰঘুৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিছিল। এই ঘটনাৰ পাচত তেওঁ বুজিলে তেওঁলোকৰ প্রণয় কিমান গাঢ়; সেই দিনাৰ পৰাই তেওঁ আপত্তি নকৰি তেনে সম্বন্ধৰ অনুকূলে চেষ্টা কৰিবলৈ ধৰিলে। ৰঘুৰ লগত দিনে দিনে তেওঁৰ ঘনিষ্ঠতা বাঢ়ি আহিল।।

  *  *  *  *  *

 নন্দেশ্বৰ, যমুনা, ৰঘু আৰু তেওঁলােকৰ মিতিৰ-কুটুম সকলােৰে ইচ্ছাত শুভক্ষণত যমুনা আৰু ৰঘুৰ বিবাহ স্থিৰ হ’ল, নন্দেশ্বৰে আধা সম্পত্তি যৌতুকত দি ৰং মনেৰে ৰঘুৰ হাতত তেওঁৰ একমাত্র চেনেহৰ জিয়াৰী-আলাসৰ লাড়ু যমুনাক সঁপি দিলে।

 বিবাহৰ পিচত এদিন ৰাতি ৰঘু আৰু যমুনা জুৰ লবলৈ চোতালত বহিছে। ওপৰৰ পৰা জোনে তেওঁলােকৰ গাত সুধাময় বগা পােহৰ ছটিয়াই দিছে আৰু তৰাৰােৰৰ ক্ষীণ হাঁহিৰ জিলিঙ্গনি আহি তাতে লয় গৈছে। ৰঘুৱে কলে,-“যমুনা, দুবছৰৰ আগেয়ে তুমি মােক 'চোৰ' বুলি জনা হলে ঘিণ নকৰাকৈ পাৰিলাহেতেন নে?”

 যমুনাই ফুলা পদুমৰ দৰে মুখখনিৰ হাঁহিৰে জেউতি চৰাই ক'লে,-“আপােনাৰ এতিয়াও জানিবলৈ বাকী যে মই গভাই'ত [ ২৮ ] নোহোৱা হলে আপুনি চোৰ হব নোৱাৰিলেহেঁতেন। ৰঘুৱে আচৰিত হৈ কলে:—“তুমি আকৌ গভাইত হ’লা কেনেকৈ?”

 যমুনা।—আপোনাৰ টকাৰ আৱশ্যক বুজি সেই টকা ময়েই চন্দুকৰ পৰা উলিয়াই আপুনি সোমোৱাৰ আগে আগে আনি তাত থৈছিলোঁ। পিচ দিনা যে সুযোগ নেৰিবলৈ কৈছিলোঁ, আপুনি জানো পাহৰিলে?

 “তুমি দেবী, তোমাৰ লগত থাকি মোৰো দেৱত্ব লাভ হব”, ⸺এই বুলি ৰঘুৱে সাদৰেৰে যমুনাক বুকত সুমুৱাই লৈ দুয়ো গালত চুমা দিলে।

<<পূৰ্বৱৰ্তী পৃষ্ঠা

পৰৱৰ্তী পৃষ্ঠা>>