তিনি কুৰিৰ ওচৰ চাপিছে, দাঁত সৰহখিনি সৰিছে, মূৰৰ চুলি
বগা হৈছে, কিন্তু ধন ঘটিবৰ হেপাহ হলে তেওঁৰ অলপপ কমা
নাই। যেনে উপায়েৰেই হওক টকা পাবৰ সুবিধা দেখিলে
তেওঁ নেৰে; যেন ধনেই তেওঁৰ ইহ-পৰকালৰ লগৰীয়া! এই
নন্দেশ্বৰৰ পৰা সাহায্য পোৱা অসম্ভব বুলি ভাবিয়েই ইমান
দিনলৈকে ৰঘু তেওঁৰ ওচৰ চপা নাছিল; কিন্তু সকলো ঠাইতে
বিফল-মনোৰথ হৈ এবাৰ তেওঁৰ ওপৰলৈকো যাবলৈ ৰঘুৱে
স্থিৰ কৰিলে। ৰঘুনাথে নন্দেশ্বৰৰ ওচৰত প্ৰথমে সাহায্য
নিবিচৰাৰ আৰু এটা কাৰণ আছিল। কেইবা বছৰৰ আগৰে
পৰা ৰঘুৰ অন্তৰত এটা বাসনাৰ অংকুৰ বাঢ়িব লাগিছে;—সেইটো
হৈছে চিৰকালৰ নিমিত্তে যমুনা-সলিলত তেওঁৰ অৱগাহন।
যমুনাৰ পৰাও সে তাৰ অনুকুল উচ্ছ্বাস উত্থিত হৈছিল, তাত
সন্দেহ নাই। এতিয়া তেওঁৰ ভয়,—জানোচা তেওঁৰ দুদ্দশাৰ
কথা শুনিলে যমুনাৰ মন সলনি হয়। তথাপি বহুত ভাবি-চিন্তি
মৰ সাহ দি আজি তেওঁ নন্দেশ্বৰৰ ঘৰ পালেগৈ আৰু অৰক্ষিত
ধনৰ মোনা তুলি লৈ প্ৰস্থান কৰিলে।
৩
ৰঘুৱে ঘৰ পাই পোনেই ধনৰ মোনাটো চন্দুকত ভৰালে; তাৰ পিচত পাটীত দীঘল দি পৰিল। তেওঁৰ গোটেই গা ঘামেৰে বুৰি গল; মনলৈ নানা চিন্তা আহিবলৈ ধৰিলে;—অতীত, বৰ্তমান আৰু ভবিষ্যতৰ কত মনোহাৰিণী আৰু বিভীষিকাময়ী মুৰ্ত্তি আহি