পৃষ্ঠা:সাতসৰী.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
সাতসৰী।


 ৰঘু আৰু যমুনাৰ ভালপােৱাৰ কথা নন্দেশ্বৰৰ কাণত বহুত দিনৰ আগেয়ে পৰিছিল; কিন্তু তেতিয়া তেওঁ ৰঘুৰ অৱস্থাক ইতিকিং কৰি যমুনাক ৰঘুৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিছিল। এই ঘটনাৰ পাচত তেওঁ বুজিলে তেওঁলোকৰ প্রণয় কিমান গাঢ়; সেই দিনাৰ পৰাই তেওঁ আপত্তি নকৰি তেনে সম্বন্ধৰ অনুকূলে চেষ্টা কৰিবলৈ ধৰিলে। ৰঘুৰ লগত দিনে দিনে তেওঁৰ ঘনিষ্ঠতা বাঢ়ি আহিল।।

  *  *  *  *  *

 নন্দেশ্বৰ, যমুনা, ৰঘু আৰু তেওঁলােকৰ মিতিৰ-কুটুম সকলােৰে ইচ্ছাত শুভক্ষণত যমুনা আৰু ৰঘুৰ বিবাহ স্থিৰ হ’ল, নন্দেশ্বৰে আধা সম্পত্তি যৌতুকত দি ৰং মনেৰে ৰঘুৰ হাতত তেওঁৰ একমাত্র চেনেহৰ জিয়াৰী-আলাসৰ লাড়ু যমুনাক সঁপি দিলে।

 বিবাহৰ পিচত এদিন ৰাতি ৰঘু আৰু যমুনা জুৰ লবলৈ চোতালত বহিছে। ওপৰৰ পৰা জোনে তেওঁলােকৰ গাত সুধাময় বগা পােহৰ ছটিয়াই দিছে আৰু তৰাৰােৰৰ ক্ষীণ হাঁহিৰ জিলিঙ্গনি আহি তাতে লয় গৈছে। ৰঘুৱে কলে,-“যমুনা, দুবছৰৰ আগেয়ে তুমি মােক 'চোৰ' বুলি জনা হলে ঘিণ নকৰাকৈ পাৰিলাহেতেন নে?”

 যমুনাই ফুলা পদুমৰ দৰে মুখখনিৰ হাঁহিৰে জেউতি চৰাই ক'লে,-“আপােনাৰ এতিয়াও জানিবলৈ বাকী যে মই গভাই'ত