সাতসৰী/একোছা চুলি

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

[  ]

সাতসৰী।

একোছা চুলি।

(১)

 তেতিয়া মই উমলি-ভাত খোৱা লৰা। বয়স সাত বছৰ। কিন্তু তেতিয়াই মোৰ স্বভাৱটো ইমান উগ্ৰ আছিল যে, মোৰ লগত কোনোবা উমলিবলৈ আহিলেই মই তাক কোবাই-কিলাই নগুৰ-নগতি কৰোঁ। সেই দেখি, পৰাপক্ষত, কোনো মোৰ লগত উমলিবলৈ নাহে। আহে মাথোন মোৰ লগৰী আৰু ক্ৰীড়াসঙ্গিনী মালতী।

(২)

 মালতী আমৰ চুুবুৰিৰে লক্ষ্মীধৰ শইকীয়াৰ নুমলীয়া চাৰি বছৰীয়া কন্যা। তেওঁৰ দেহৰ গঠনটি বৰ ধুনীয়া,—বৰ মৰম- লগা। যেতিয়া তেওঁ বতাহত নচা মাধৈমালতীৰ আগটিৰ দৰে বিবিধ অঙ্গি-ভঙ্গিৰে উমলিবলৈ ধৰে, যেতিয়া আধা ফুলা গোলাপ ফুল এপাহিৰ দৰে আনন্দ মনেৰে মিচিকিয়া হাঁহি মাৰে, তেতিয়া তেওঁৰ গাত কেনে মনোহৰ সৌন্দৰ্য্যৰ জেউতি জিলিকি উঠে! কেনে অপূৰ্ব্ব স্বৰ্গীয় প্ৰভা বিকসিত হয়! সংসাৰৰ কুটিলতা [ ১০ ] নজনা, ছলনাৰ ছাঁত নপৰা, পবিত্ৰতাময় সেই কোমল মুখখনিত কি যে অমিয়া সনা আছে কব নোৱাৰোঁ; কিন্তু যেতিয়াই এবাৰ সেই মাধুৰীপূৰ্ণ মুখখনি চাওঁ, যেতিয়াই এবাৰ ওমলাৰ ছলেৰে তেওঁৰ তুলা যেন হাতটিত মোৰ কাঠ যেন হাতটো থওঁ, তেতিয়া অতি ক্লান্ত হৈ থাকিলেও, মোৰ গাটো চেঁচা পৰি অহা যেন লাগে, মোৰ উগ্ৰতা লাহে লাহে আহি নম্ৰতাত পৰিণত হয়।

(৩)

 লাহে লাহে আমাৰ বন্ধুতা ইমান ডাঠ হ′ল, চেনেহৰ আকৰ্ষণ ইমান প্ৰবল হৈ উঠিল যে, ইটিয়ে সিটিক নেদেখিলে এখন্তকো থাকিব নোৱৰা হলোঁ। উভয়ৰ মাজত কত নিৰ্দ্দোষ খেলা, কত স্বৰ্গীয় ভাবে ঠাই ললেহি তাৰ সীমা-সংখ্যা নাই। কেতিয়াবা দুয়ো গৈ আমাৰ ঘৰৰ পিছ ফালে থকা নৈৰ বালিত উমলি ফুৰোঁ, বালিৰে ঘৰ সাজো আৰু পানীৰ তলত নাচি ফুৰা সৰু বৰ মাছবোৰ চাই চাই সিহঁতৰ গালৈ অকণি অকণি শিলগুটি দলিয়াই আনন্দ উপভোগ কৰোঁ। কেতিয়াবা ফুলনিত সোমাই, ফুল বুটলি একোচ একোচকৈ ভৰাই লৈ আহি চাকি আৰু মালা গাথোঁ আৰু দুয়ো সাল সলনি কৰি পিন্ধি আনন্দত মতলীয়া হওঁ। আকৌ, কেতিয়াবা মই মনে মনে গছৰ আঁৰত লুকাই থাকোঁ, তেওঁ মোক নেদেখি ব্যাকুল হৈ বিচাৰিবলৈ ধৰিলে সাউৎ কৰে ওলাই আহি পিচ ফালৰ পৰা চকু জিপাই ধৰোঁ আৰু হাত-তালি দি হেপাহ পলুৱাই হাঁহি লওঁ। কেতিয়াবা কিবা কাৰণত ৰোহ [ ১১ ] পাতি মোক নমৰা হলে, নাইবা চকু-লো টুকিলে, মই তেওঁৰ সুগোল বাহুটিত ধৰি বুকত মুখখনি সমুৱাই লৈ চকু-লো মচি দিওঁ, গাল মুখত হাত ফুৰাই কিচ-কচ কৰে ক'লা চুলিটাৰ পিলিকি পিলিকি সান্ত্বনা দিবলৈ চেষ্টা কৰোঁ। মই কেতিয়াবা তেনে কৰিলে, তেৱোঁ সেই পালি ঔষধৰেই ব্যৱস্থা কৰে। আহা, সেই বাল্য-খেলা কেনে মধুৰ, কেনে পবিত্ৰ। তাত বাসনাৰ সোঁত নবয়, ছলনাৰ চেঁকা নালাগে, স্বাৰ্থৰ বীৰত্ব নাখাটে; আগৰ পৰা গুৰিলৈকে নিঃস্বাৰ্থ স্বৰ্গীয় ভালপোৱা। সেই বাল্য- লীলাৰ কথা সুৱঁৰিলে, এতিয়াও শিৰে শিৰে সেই পবিত্ৰ ভাবৰ সোঁত ব’বলৈ ধৰে, এতিয়াও কল্পনাৰ সুখ-দৃশ্যই মন-প্ৰাণ নচুৱাই তোলে। ইচ্ছা হয়, যেন সেই পবিত্ৰ বাল্য জীৱন আকৌ লাভ কৰিম! আকৌ যেন সেই স্বগীয় বাল্য বন্ধুৰ লগত নিৰ্দ্দোষ খেলা খেলিম!

(৪)

 সময়ৰ সোঁতত আমাৰ জীৱন-নাও ভটীয়াবলৈ ধৰিলে। লাহে লাহে যৌৱনৰ ঢৌত উটি আমি টলবলাবলৈ ধৰিলোঁ আৰু লগে লগে মনোবিকাৰ ঘটি উঠিল। সেই নিঃস্বাৰ্থ ভাল পোৱা কিবা স্বাৰ্থৰ ঢাকোনে ঢাকি পেলালে। মনৰ মাজত কিবা এটা বাসনাৰ ঢৌৱে খুন্দিয়াবলৈ ধৰিলে। সেই স্বৰ্গীয় পবিত্ৰতাৰ মাজত কিবা এটা পাৰ্থিব ভাব প্ৰবেশ কৰিলে। অন্তৰত কিবা এটা ভবিষ্যত আশাৰ পুলি গজি উঠিল আৰু ডাল-পাত ধৰি দিনে [ ১২ ] দিনে সি ডেওফেও কৰে বাঢ়ি আহিবলৈ ধৰিলে। লাহে লাহে সেই নিঃস্বাৰ্থ বাল্য-প্ৰেম যৌৱন-সুলভ প্ৰণয়ত পৰিণত হ’ল।

 এতিয়া আমাৰ বাল্য-লীলাৰ অন্ত পৰিল। লগে লগে দুয়োৰে মাজত দূৰত্বও বাঢ়ি আহিবলৈ ধৰিলে। এতিয়া মালতী আগৰ দৰে মুকলি-মূৰীয়া হৈ ফুৰাত প্ৰতিবন্ধক ঘটিল। তথাপি সময়মতে আমাৰ দেখা-সাক্ষাৎ, মনৰ আবেগৰ সাল-সলনি, অতৃপ্ত ভাবৰ দান-প্ৰতিদান তেতিয়াও চলিয়েই থাকিল। কিন্তু কিয় ক'ব নোৱাৰোঁ, তেতিয়া আগৰ দৰে নিঃসঙ্কোচে মুখৰ পৰা কথা নোলোৱা হ'ল; কথাৰ লগে লগে লাজৰ ৰাঙ্গলী আভাই গোটেই মুখমণ্ডল বোলাই পেলায়।

(৫)

 মই প্ৰবেশিকা পৰীক্ষাত উঠি কলিকতাত পঢ়িবলৈ ওলালোঁ। যাবৰ আগদিনা আমাৰ দেখাদেখি হ'ল। সেই সময়ত যি ভাবে মনত তোলপাৰ লগাইছিল, সি অবৰ্ণনীয়। তেতিয়া অন্তৰৰ অপূৰ্ব্ব আবেগ আৰু বিদায়ৰ তপত চকুলো মিলি কি এটি অপূৰ্ব্ব সুখ-দুখৰ মিহলি ৰহণ সনা সৌন্দৰ্য্যৰ সৃষ্টি কৰিছিল! আজিও নৈশ নিস্তব্ধতাৰ মাজত সেই অশ্ৰুসিক্তনয়না মালতীৰ বিদায়- কালৰ কৰুণ কণ্ঠস্বৰ কাণত বাজি উঠা শুনো! মালতীয়ে মূৰৰ সেই ভোমোৰা-কলীয়া চুলিটাৰীৰ পৰা একোছা চুলি কাটি লৈ, মোৰ হাতত দি কলে—“সূৰ্য্য, সূৰ্য্য, তুমি যোৱাঁ, কিন্তু যদি অভাগিনীলৈ মনত থাকে, তেন্তে এই— [ ১৩ ]  মই—কিয় এনে হিয়া-ভগা কথা কোৱা? তোমাক পাহৰাৰ আগেয়ে—

 “সূয্য, সূয্য, ক্ষমা কৰা।" — এই বুলি তেওঁ মোৰ মুখত সোপা দি ধৰিলে; তেওঁৰ দুই চকু চকুলোৰে চল-চলীয়া হল। মই অনেক প্ৰবোধ দি তেওঁৰ ওচৰত বিদায় লৈ অতি হেপাহেৰে চুলি কেইডাল বুকত সুমুৱাই লৈ শূন্য-প্ৰাণেৰে ঘৰলৈ উলটি আহিলোঁ। আৰু পিচ দিনা কলিকতালৈ যাবলৈ জাহাজত উঠিলো।

(৬)

 কলিকতা পালোঁহি। নতুন ঠাইত নতুন উদ্দেশ্যত মনোযোগ দিব লগা হ'ল; সততে অপৰিচিত মানুহৰ লগত দিন কটাব লগাত পৰিলো। এই দূৰৈ ঠাইতো — এই ভাৰতৰ সুপ্ৰসিদ্ধ প্ৰধান ঠাইতো —মই মোৰ মনক স্থিৰ ৰাখিব নোৱাৰা হলোঁ; সততে চকুৰ আগত থকা অথচ ঢুকি নোপোৱা মালতীৰ চেনেহৰ আকৰ্ষণে মোক টানিবলৈ ধৰিলে। সময় বৰ দীঘল যেন লাগিল। কেতিয়া পৃজা আহিব, কেতিয়া কলেজ বন্ধ হব, ইয়াকেই মাথোন ভাবিবলৈ ধৰিলোঁ। যেতিয়া এনে চিন্তাই বেঢ়ি ধৰে, সেয়া নৈশ-নিস্তব্ধতা ভেদ কৰি মালতীৰ বিদায় কালৰ সেই কথাকেইষাৰ, মোৰ কাণত প্ৰতিধ্বনিত হৈ মোক ব্যাকুল কৰি তোলে, তেতিয়া তাৰ একমাত্ৰ মহৌষধ মালতীৰ সেই চুলি কেইডাল। আহা! সি যে মোৰ কিমান বন্ধুৰ কাম কৰে! চিন্তাৰ দহনত আধাপোৰা হিয়া কেনে শাঁত কৰে! [ ১৪ ]

(৭)

 পূজাৰ বন্ধ আহিল। বৰ হেপাহেৰে, বৰ উলাহেৰে ঘৰমুৱা হলো। মনত নবীন আনন্দৰ সোঁত ববলৈ ধৰিলে। ইমান দিনৰ মূৰত নিৰ্ব্বিঘ্নে আকৌ পিতৃ-মাতৃৰ চৰণত মূৰ দোঁৱাবলৈ পাম, মোৰ বাল্য-জীৱনৰ সুখ-দৃশ্য দেখিবলৈ পাম, বাল্য বন্ধু ভাবী জীৱন-সঙ্গিনী প্ৰাণৰ প্ৰতিমা মালতীৰ লগত দেখা হব, আকৌ সেই অতীতৰ মোহিনী প্ৰতিমাখনি আগত লৈ, তাৰ পোহৰত ভবিষ্যতৰ নিদ্দিষ্ট বাট বান্ধিবলৈ সুচল লাভ কৰিব পাৰিম! ভাবনাৰ সোঁতত মই নিজক উটুৱাই দিলোঁ, উলাহত প্ৰাণ কঁপিবলৈ ধৰিলে, অন্তৰ আনন্দত নৃত্য কৰি উঠিল।

(৮)

ঘৰ পালোঁহি। ঘৰ পায়েই শুনিলোঁ মালতীৰ টান নৰিয়া। হায়! এই বাতৰি শুনাৰ আগেয়ে মোৰ মূৰত বজ্ৰ-পাত নহল কিয়! মই তেতিয়াই মালতীৰ ঘৰলৈ খোজ ললোঁ। গৈ যি দৃশ্য দেখিলোঁ আৰু সেই দৃশ্যই মোৰ যি পৰিবৰ্ত্তন ঘটালে, তাক লেখনীৰ সাহায্যেৰে বৰ্ণনা কৰিব নোৱাৰোঁ। উঃ! কি ভীষণ যন্ত্ৰণা! কি ঘোৰ দাবানল! শত বৃশ্চিক দংশনতকৈও তীব্ৰ দংশন। মই দেখিলোঁ—নৰিয়া-পাটীত মালতীয়ে চটফটাব লাগিছে; ডাক্তৰে আশা নাই বুলি কৈছে। মোৰ প্ৰাণ শুকাই গ'ল। [ ১৫ ]  চাওঁতে চাওঁতে মালতীৰ অৱস্থা শোচনীয় হৈ আহিল। পিতাকে মোক ৰখীয়া থৈ ডাক্তৰৰ গুৰিলৈ লৰ দিলে। মই মালতীৰ সোঁ হাতটি মোৰ দুয়ো হাতৰ মাজত সুমুৱাই লৈ কাষতে বহিলোঁ। মালতীযে সেহাই সেহাই মাতিলে;⸺“সূৰ্য্য, প্ৰাণেশ্বৰ!” মই।—প্ৰাণৰ মা⸺

 মোৰ কথা সম্পূৰ্ণৰূপে বাহিৰ নোলাল।

 মালতী। বিদায় হৃদয়েশ্বৰ, বিদায়। এই জীৱনত এয়ে শে—ষ দে—এ—খা—আ।

 মালতীযে স্থিৰ দৃষ্টিৰে মোলৈ চাবলৈ ধৰিলে। মই প্ৰকাশ কৰিব নোবৰা দাৰুণ যন্ত্ৰণাত মৰ্দ্ধাস্ফুট হোৱাৰ দৰে হলোঁ।

 অলপ পিচতে শইকীয়া ডাক্তৰৰে সৈতে বেগা-বেগিকৈ ওলালহি। কিন্তু তেওঁলোক ঘৰ নৌ সোমাওঁতেই মালতীৰ দেহা-পিঞ্জৰৰ পৰা প্ৰাণ-পখী উৰি গ'ল। স্বৰ্গীয় প্ৰতিমা স্বৰ্গগামী হ’ল। হায়, ময়ো যদি তেওঁৰ লগৰীয়া হব পাৰিলোঁহেঁতেন!

(৯)

 মালতী এতিয়া নাই। কিন্তু তেওঁৰ ছবি⸺তেওঁৰ সেই মোহিনী প্ৰতিমা মোৰ হিয়াৰ মাজত প্ৰতিষ্ঠিত আছে। তেওঁৰ স্মৃতিচিহ্ন সেই কৃষ্ণ কেশগুচ্ছ মোৰ কায়াৰ লগত সততে ছায়াৰূপে ফুৰিছে। মালতী নাই, কিন্তু তেওঁৰ চুলিকোছাই তেওঁৰ আসন গ্ৰহণ কৰিছে। যিমান দিন দেহত প্ৰাণ থাকে, সিমান দিন এই চুলিকোছাই মোৰ জীৱনৰ গতি থিৰ ৰাখিব।

<<পূৰ্বৱৰ্তী পৃষ্ঠা

পৰৱৰ্তী পৃষ্ঠা>>