যদুনাথে ত্ৰিচ টকীয়া আমোলা হৈ বৰ কষ্টেৰে কাল কটাবলৈ
ধৰিলে। এনে দুখময় সংসাৰৰ বোজা লৈ তেওঁৰ একমাত্ৰ
মাতৃহীন সন্তান ৰঘুনাথক 'এণ্ট্ৰেন্স পাচ’ কৰোৱা তেওঁৰ পক্ষে
কিমান কস্টকৰ হৈছিল, তাক সহজে অনুমান কৰিব পাৰি।
তথাপি তেওঁ পুতেকক কলেজলৈ পঠিয়ালে।
কলেজত ৰঘুনাথৰ প্ৰায় এবছৰ হওঁ হওঁ; চহৰ বন্ধলৈ মুঠেই দুসপ্তাহ বাকী;⸺এনেতে তেওঁ বিদুলী-ডাকত বাতৰি পালে যে তেওঁৰ পিতাকৰ টান নৰিয়া, তেওঁৰ উপস্থিতিৰ নিতান্ত আৱশ্যক।
বাতৰি পাই ৰঘুনাথৰ গোটেই শৰীৰ কঁপি উঠিল;— যেন তেওঁৰ দেহ-বন্ধন ছিন্ন হৈ গ'ল;— হৃদয়-তন্ত্ৰীত এটি শোকময় সুৰ বাজি উঠিল, বিষাক্ত চকু-লো টপ্-টপকৈ বাগৰি দুয়ো গাল তিয়াই পেলালে। তেতিয়াই তেওঁ ঘৰলৈ যাবলৈ প্ৰস্তুত হ’ল আৰু আবেলি জাহাজত উঠিল।
পিচ দিনা ৰঘুনাথে ঘৰ পালেহি। কিন্তু ঘৰ পাই কি দেখিলে! দেখিলে,—সংসাৰৰ একমাত্ৰ আশ্ৰয় তেওঁৰ স্নেহময় পিতাৰ অন্তিম অৱস্থা। হায়! এয়েনে ৰঘুৰ ললাটৰ লিখন।
* * * *
দুৰ্ভগীয়া ৰঘুক সংসাৰত আশ্ৰয়শূন্য আৰু সম্বলবিহীন কৰি তেওঁৰ পিতৃয়ে চিৰকালৰ নিমিত্তে চকু মুদিলে। ৰঘুৱে শ্ৰাদ্ধাদি